ইকো ইউলি ইৰাৱান(:Eko Yuli Irawan);( জন্ম: ২৪ জুলাই ১৯৮৯) এগৰাকী ইণ্ডোনেছিয়ান ভাৰোত্তোলক। তেওঁ ৬১ কিলোগ্ৰাম আৰু ৬২ কিলোগ্ৰামৰ ভাৰ উত্তোলন শাখাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ইৰাৱানে বৰ্তমানলৈকে অংশগ্ৰহণ কৰা তেওঁৰ নিজৰ খেল সমূহৰ ভিতৰত গ্ৰীষ্মকালীন অলিম্পিকত চাৰিটা পদক, বিশ্ব চেম্পিয়নশ্বিপত আঠটা পদক আৰু এছিয়ান গেমছত তিনিটা পদক লাভ কৰিছে। এই সমূহৰ লগত ২০১৮ চনত লাভ কৰা সমগ্ৰ ইণ্ডোনেছিয়া বাসীক গৌৰাম্বিত কৰা সোণৰ পদকটোও অন্তভুক্ত।১
ইৰাৱান হৈছে অলিম্পিকত দুটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰি খ্যাত হোৱা আটাইতকৈ বেছি সন্মানিত ইণ্ডোনেছিয়ান খেলুৱৈ।২ ইয়াৰ উপৰিও তেওঁৱেই হৈছে এতিয়ালৈকে একেৰাহে পাঁচখন অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন ইণ্ডোনেছিয়াৰ খেলুৱৈ।৩ ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰাৰ পিছত তেওঁ অলিম্পিকত সৰ্বাধিক অংশগ্ৰহণ কৰা ইণ্ডোনেছিয়ান খেলুৱৈ হিচাপে পৰিগণিত হয়।৪
প্ৰাৰম্ভিক জীৱন
ইকো ইউলি ইৰাৱান ১৯৮৯ চনৰ ২৪ জুলাইত ইণ্ডোনেছিয়াৰ লামপুঙ প্ৰদেশৰ মেট্ৰো চিটিত এটা দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰে।। তেওঁৰ পিতৃৰ নাম ছামন এজন ভৰিৰে চলোৱা ৰিক্সা চালক আৰু মাতৃ ৱাস্তিয়াহ শাক পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা মহিলা আছিল।
খেল জীৱন
২০০০ চনত ইৰাৱানে ভাৰোত্তোলনেৰে খেল জগতত আত্ম প্ৰকাশ কৰে।৫ ২০০৬ চনৰ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ ৫৬ কেজি শাখাত ৰূপৰ পদক লাভ কৰি মুঠ ২৬৯ কেজি ওজন উত্তোলন কৰে।৬ ২০০৭ চনৰ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ ৫৬ কেজি শাখাত মুঠ ২৭৩ কেজি ভাৰ উত্তোলন কৰি সোণৰ পদক লাভ কৰে।৭ ২০০৬ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ইৰাৱানে ৫৬ কেজি শাখাত অষ্টম স্থান লাভ কৰে।৭ ২০০৭ চনৰ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ ৫৬ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে আৰু মুঠ ২৭৮ কেজি ভাৰ উত্তোলন কৰে।৭ ইৰাৱানে ২০০৭ চনৰ ছি গেমছ আৰু ২০১৮ চনৰ এছিয়ান গেমছত সোণৰ পদক লাভ কৰে।৮
২০০৮ চনৰ এছিয়ান চেম্পিয়নশ্বিপত তেওঁ ৬২ কেজি শাখাত ৰূপৰ পদক লাভ কৰি মুঠ ৩০৫ কিলোগ্ৰাম ওজন দাঙ্গে।৭
ইৰাৱানে ২০০৮ চনত বেইজিঙত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ৫৬ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি মুঠ ২৮৮ কেজি ওজন দাঙ্গে। ২০০৯ চনৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ৬২ কেজি শাখাত তেওঁ মুঠ ৩১৫ কিলোগ্ৰাম ওজনৰ ভাৰ উত্তোলনেৰে ৰূপৰ পদক লাভ কৰে।৭ ২০১১ চনৰ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ ৬২ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে,যত তেওঁ মুঠ ৩১০ কেজি ওজন তুলে।
ইৰাৱানে ২০১২ চনত একেৰাহে দ্বিতীয়বাৰৰ বাবে অলিম্পিক ব্ৰঞ্জৰ পদক লাভ কৰি মুঠ ৩১৭ কিলোগ্ৰাম ওজন উত্তোলন কৰে। ২০১৬ চনৰ ৰিঅ' অলিম্পিকত তেওঁ ৰূপৰ পদক লাভ কৰে।৯ ইয়াৰ উপৰিও তেওঁ তুৰ্কমেনিস্তানৰ আছগাবাটত ২০১৮ চনৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত নতুনকৈ সৃষ্টি কৰা ৬১ কেজি শাখাত বিশ্ব চেম্পিয়ন হয়, লগতে ১৭৪ কেজিত ক্লিন এণ্ড জাৰ্কত বিশ্ব অভিলেখ গঢ়ে আৰু সেই শাখাত ৩১৭ কেজিত মুঠ উত্তোলনত বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।
২০২০ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ ইণ্ডোনেছিয়াক প্ৰতিনিধিত্ব কৰে।১০ ২০২০ চনত জাপানৰ টকিঅ'ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ পুৰুষৰ ৬১ কেজি ইভেণ্টত ৰূপৰ পদক লাভ কৰে।১১
যোৱা ২০২৪ চনৰ ৩ এপ্ৰিলত থাইলেণ্ডৰ ফুকেটত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন বিশ্বকাপত যোগ্যতা অৰ্জন কৰাৰ পিছত ইৰাৱানে ২০২৪ চনৰ ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত ইণ্ডোনেছিয়াক প্ৰতিনিধিত্ব কৰে।১২ ইকো ইউলি ইৰাৱনৰ লক্ষ্য আছিল ইতিহাসৰ প্ৰথমজন ভাৰোত্তোলক হিচাপে পাঁচটা অলিম্পিক পদক লাভ কৰা। ইৰাৱানৰ স্নেচত ১৩৫ কিলোগ্ৰাম ওজন আছিল আৰু লিফ্টৰ পিছত দ্বিতীয় স্থান লাভ কৰিছিল যদিও ক্লিন এণ্ড জাৰ্কত তেওঁ লিফ্ট কৰাৰ তিনিওটা প্ৰচেষ্টাত ব্যৰ্থ হয় আৰু এই দৰে তেওঁৰ ২০২৪ চনৰ ফ্ৰান্স অলিম্পিক যাত্ৰাৰ সামৰণি পৰে।১৩
তথ্যসূত্ৰ
- ↑ (on 26 March 2019.). "Profil Tokoh: Eko Yuli Irawan".. Archived from the original on 26 March 2019. Retrieved 22 September 2014.
- ↑ ((25 July 2021).). "Sejarah! Eko Yuli Irawan Jadi Atlet Indonesia Pertama dengan 4 Medali Olimpiade".. Retrieved 12 April 2024.
- ↑ (Retrieved 12 April 2024.). Lewokeda, Aloysius; Ihsan, Nabil (3 April 2024). Santoso, Anton (ed.).. "NOC Indonesia lauds lifter Irawan for fifth Olympic appearance". antaranews.com
- ↑ (5 April 2024. Retrieved 12 April 2024.). "Eko Yuli Irawan, The Athlete With The Most Appearances At The Olympics".. VOI - Waktunya Merevolusi Pemberitaan.
- ↑ (22 August 2018). asiangames2018. 22 August 2018 at the Wayback Machine.
- ↑ (on 27 May 2011). International Weightlifting Federation.. Archived from the original
- ↑ "IRAWAN Eko Yuli". International Weightlifting Federation.. Archived from the original on 27 May 2011. Retrieved 16 January 2010.
- ↑ (7 August 2008. Retrieved 21 January 2009.). "RI titans dominant at Games".. The Jakarta Post.
- ↑ Eko Irawan.
- ↑ (13 June 2021. Retrieved 24 June 2021.). "Five Indonesian Weightlifters Qualify for Tokyo Olympics". Tempo.co. 13 June 2021. Retrieved 24 June 2021.. Tempo.co. 13 June 2021.
- ↑ (Retrieved 25 July 2021.). "Second weightlifting gold for China - and heartbreak for Saudi Arabian - at Tokyo 2020". InsideTheGames. Oliver, Brian (25 July 2021)
- ↑ (Retrieved 7 August 2024.). "Indonesia Secures 10th Spot in Paris 2024 Olympics with Weightlifting Athlete Eko Yuli Irawa".. Bhwana, Petir (4 April 2024). Retrieved 7 August 2024.
- ↑ ((10 August 2024).). "Olimpiade 2024: Eko Yuli Ternyata Berlomba di Paris dengan Cedera". Detik.com (in Indonesian).. Detik.com (in Indonesian).. Raya, Mercy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইকো ইউলি ইৰাৱান” প্ৰবন্ধৰ সংশোধন ৫২৩৫৬৫ (১২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।