কিমিয়া আলিজাদেহ জোনৌজি (Kimia Alizadeh Znouzi; জন্ম: ১০ জুলাই, ১৯৯৮) বুলগেৰিয়াক প্ৰতিনিধিত্ব কৰা এগৰাকী ইৰাণত জন্মগ্ৰহণ কৰা বুলগেৰিয়াৰ টাইকোৱাণ্ডো খেলুৱৈ। ২০১৬ চনৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ছুইডেনৰ খেলুৱৈ নিকিতা গ্লাসন'ভিকক পৰাস্ত কৰি টাইকোৱাণ্ডোৰ ৫৭ কেজি ওজনৰ শাখাত আলিজাদেহে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ যোগেদি তেওঁ গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ইৰানী মহিলা হিচাপে পৰিগণিত হয়।১ তেওঁ নানজিং ২০১৪ যুৱ অলিম্পিক গেমছত মহিলাৰ ৬৩ কেজি শাখাত সোণৰ পদক লাভ কৰিছিল।২৩ তেওঁ ২০১৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত লণ্ডন ২০১২ আৰু ৰিঅ' ডি জেনেৰিঅ' ২০১৬ চনৰ স্বৰ্ণ পদক বিজয়ী জেড জোন্সক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল।৪ দুবছৰৰ পিছত ২০১৭ চনৰ বিশ্ব টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক লাভ কৰিছিল।
২০২০ চনৰ জানুৱাৰীত আলিজাদেহে ঘোষণা কৰিছিল যে তেওঁ ইৰাণৰ ত্যাগ কৰি স্থায়ীভাৱে ইউৰোপলৈ বুলি ওলাইছে।৫ নিজৰ এই ঘোষণাৰ সমৰ্থনত তেওঁ কয়, "ইৰাণৰ লাখ লাখ নিপীড়িত মহিলাৰ ভিতৰত ময়ো এগৰাকী যাৰ সৈতে তেওঁলোকে বছৰ বছৰ ধৰি খেলিছে।" তেওঁ কয় যে, তেওঁ ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ইৰাণৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা কৰা নাছিল, আৰু তেওঁৰ বাসস্থান জাৰ্মানীৰ বাবে প্ৰতিদ্বন্দ্বিতাৰ ইচ্ছা প্ৰকাশ কৰিছিল।৬৭ তেওঁ অলিম্পিকত অংশগ্ৰহণ কৰাৰ অনুজ্ঞাপত্ৰ লাভ কৰাত অৱশেষত শৰণাৰ্থী অলিম্পিক দলৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। ২০২২ চনৰ ইউৰোপীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত আলিজাদেহে শৰণাৰ্থী দলটোক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
২০২৪ চনত আলিজাদেহে ২০২৪ চনৰ ইউৰোপীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰাৰ পূৰ্বে বুলগেৰিয়াৰ নাগৰিকত্ব লাভ কৰে আৰু ২০২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত বুলগেৰিয়াক প্ৰতিনিধিত্ব কৰে। এই প্ৰতিযোগিতাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
কিমিয়াৰ জন্ম হৈছিল কাৰাজত। তেওঁলোকৰ পৰিয়ালটো আজৰবাইজানী মূলৰ ইৰানী।৮ তেওঁৰ পিতৃ তাব্ৰিজৰ ওচৰৰ জোনুজৰ আৰু মাতৃ আৰদাবিলৰ।৯ ২০১৬ চনৰ অলিম্পিকৰ পিছলৈকে তেওঁৰ উপাধিটো ভুলকৈ জেনোৰিন হিচাপে লিপিৱদ্ধ কৰা হৈছিল।৯
টাইকোৱাণ্ডো কেৰিয়াৰ
১৮ বছৰ বয়সত আলিজাদেহে ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত ছুইডেনৰ খেলুৱৈ নিকিতা গ্লাসনোভিচকক পৰাস্ত কৰি টাইকোৱাণ্ডোৰ ৫৭ কেজিৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।১০ তেওঁৰ এই বিজয়েই তেওঁক গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা প্ৰথম ইৰানী মহিলালৈ পৰিগণিত কৰিলে।১
তেওঁ নানজিং ২০১৪ যুৱ অলিম্পিক মহিলাৰ ৬৩ কেজি শাখাতো সোণৰ পদক লাভ কৰিছিল।২৩ ২০১৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত লণ্ডন ২০১২ আৰু ৰিঅ' ডি জেনেৰিঅ' ২০১৬ৰ স্বৰ্ণ পদক বিজয়ী জেড জোন্সক পৰাস্ত কৰি তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল।৪ দুবছৰৰ পিছত অৰ্থাৎ ২০১৭ চনৰ বিশ্ব টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত তেওঁ ৰূপৰ পদক লাভ কৰিছিল।
বি. বি. চি.য়ে ২০১৯ চনৰ বাবে বিশ্বৰ এশগৰাকী অনুপ্ৰেৰণাদায়ক আৰু প্ৰভাৱশালী মহিলাৰ তালিকাত তেওঁক অন্তৰ্ভুক্ত কৰিছিল।১১
২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ সময়ত আলিজাদেহে শৰণাৰ্থী অলিম্পিক দলক প্ৰতিনিধিত্ব কৰিছিল। এই প্ৰতিযোগিতাত ইৰাণৰ খেলুৱৈ নাহিদ কিয়ানীক পৰাস্ত কৰিছিল আৰু ব্ৰঞ্জৰ পদক হেৰুওৱাৰ পূৰ্বে এক নম্বৰ স্থানৰ জেড জোন্সৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল।১২
২০২২ চনত আলিজাদেহে শৰণাৰ্থী দলটোক প্ৰতিনিধিত্ব কৰি ২০২২ চনৰ ইউৰোপীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০২৪ চনৰ মাৰ্চত বুলগেৰিয়াৰ টাইকোৱাণ্ডো ফেডাৰেচনে ঘোষণা কৰিছিল যে আলিজাদেহে ২০২৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত বুলগেৰিয়াক প্ৰতিনিধিত্ব কৰিব।১৩ ২০২৪ চনৰ মে' মাহত অলিম্পিকৰ পূৰ্বে, তেওঁ ২০২৪ চনৰ ইউৰোপীয় চেম্পিয়নশ্বিপত বুলগেৰিয়াক প্ৰতিনিধিত্ব কৰিছিল আৰু মহিলাৰ ৬২ কেজি শাখাত সোণৰ পদক লাভ কৰিছিল।১৪ পেৰিছ অলিম্পিকত আলিজাদেহে অলিম্পিকত বুলগেৰিয়াৰ প্ৰথমগৰাকী টাইকোৱাণ্ডো খেলুৱৈ হিচাপে ব্ৰঞ্জৰ পদক লাভ কৰিছিল১৫১৬
দেশত্যাগ
২০২০ চনৰ ১০ জানুৱাৰীত আলিজাদেহে ইৰাণৰ শাসন ব্যৱস্থাক তীব্ৰ সমালোচনা কৰি নিজৰ জন্মভূমি এৰি যোৱাৰ কথা ঘোষণা কৰিছিল। তেওঁ ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ইৰাণৰ হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাছিল, আৰু জাৰ্মানীৰ হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কথা বিবেচনা কৰিছিল, কিন্তু অৱশেষত শৰণাৰ্থী দলত অংশগ্ৰহণৰ বাবে বিবেচিত হৈছিল।১৭১৮
তেওঁ এক ইনষ্টাগ্ৰাম পোষ্টত লিখিছিল যে ইৰাণত মহিলাসকলৰ ওপৰত থকা বাধা-নিষেধৰ বাবেই তেওঁ দেশত্যাগ কৰিছিল। নিজকে "ইৰাণত লাখ লাখ নিপীড়িত মহিলাৰ ভিতৰৰ এগৰাকী যাক তেওেঁলাকে [ইৰাণৰ শাসকসকল] বছৰ বছৰ ধৰি খেলি আহিছে।" "তেওঁলোকে মোক য'তেই বিচাৰিছিল লৈ গৈছিল। তেওঁলোকে যি কৈছিল মই তাকেই পিন্ধিছিলোঁ। প্ৰতিটো বাক্যই তেওঁলোকে মোক ক'বলৈ নিৰ্দেশ দিছিল, মই পুনৰাবৃত্তি কৰিছিলোঁ। যেতিয়াই তেওঁলোকে উপযুক্ত বুলি অনুভৱ কৰিছিল, তেওঁলোকে মোক শোষণ কৰিছিল", তেওঁ লগতে লিখিছিল, এই কৃতিত্ব সদায় দায়িত্বভাৰত থকা লোকসকললৈ গৈছিল।১৯২০ তেওঁ আৰু লিখিছিল যে তেওঁ "ভণ্ডামি, মিছা, অন্যায় আৰু প্ৰশংসাৰ টেবুলত বহিব নিবিচাৰে", বা শাসনৰ "দুৰ্নীতি আৰু মিছা" ৰ সৈতে জড়িত হৈ থাকিব নিবিচাৰে।১৯
নিজৰ দেশ আৰু দেশৰ মহিলাসকলৰ প্ৰতি তেওঁ বহুবাৰ তেওঁৰ প্ৰেম প্ৰকাশ কৰিছে; তেওঁৰ সমস্যা অৱশ্যে শাসকসকলৰ সৈতেহে।
আব্দুলকাৰিম হোছেইনজাদেহ নামৰ ইৰাণৰ সংসদৰ এগৰাকী সদস্যই "অযোগ্য বিষয়াসকলক" ইৰাণৰ "মানৱ মূলধন পলায়ন কৰিবলৈ" অনুমতি দিয়াৰ বাবে অভিযুক্ত কৰিছিল।২১
তেওঁ দেশত্যাগ কৰাৰ পূৰ্বৰ মাহবোৰত, কেইবাজনো শীৰ্ষ ইৰাণৰ ক্ৰীড়া ব্যক্তিত্বই ইৰাণক প্ৰতিনিধিত্ব কৰা বন্ধ কৰা বা শাৰীৰিকভাৱে ইৰাণ এৰি যোৱাৰ সিদ্ধান্ত লৈছিল।১০ ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত জুডো অনুশীলনৰত বিশ্ব চেম্পিয়ন ছাইদ মোল্লাইক ইৰাণৰ বিষয়াসকলে ইজৰাইলীসকলৰ বিৰুদ্ধে প্ৰতিযোগিতা এৰাই চলিবলৈ চাপ দিয়াৰ অভিযোগৰ পিছত তেওঁ ইৰাণ এৰি জাৰ্মানীলৈ গৈছিল।১০২১ ইৰাণৰ শীৰ্ষ শ্ৰেণীৰ দবা চেম্পিয়ন আলিৰেজা ফিৰোজ্জাই ইজৰাইলৰ খেলুৱৈসকলৰ বিৰুদ্ধে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত অনানুষ্ঠানিক নিষেধাজ্ঞা জাৰি কৰাৰ বাবে ২০১৯ চনৰ ডিচেম্বৰত ইৰৰাণৰ হৈ খেলা বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল।১০
লগতে চাওক
- ইৰাণৰ দেশত্যাগকাৰীৰ তালিকা
বাহ্যিক সংযোগসমূহ
- অফিচিয়েল ৱেবছাইট 13 January 2020 at the Wayback Machine
- টেলিগ্ৰামত Kimia Alizadeh
অতিৰিক্ত উৎসসমূহ
- কিমিয়া আলিজাহেদ জেনোৰিন আৰু হেদায়া ৱাহবাই ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ টাইকোৱাণ্ডো অফিচিয়েল ৱেবছাইটত মুছলমান মহিলাৰ অগ্ৰগতিৰ সংবাদ। ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ অফিচিয়েল ৱেবছাইট
তথ্যসূত্ৰ
- ↑ (19 August 2016). روز تاریخی زنان ایران در المپیک؛ علیزاده اولین زن مدالآور از ایران شد. BBC
- ↑ (23 April 2018). Kimia Alizadeh Zenoorin of Iran after Winning Women's 63-kg Taekwondo. olympic.org
- ↑ Tasnim News Agency - Kimia Alizadeh to Carry Iran's Flag in Youth Olympics. tasnimnews.com
- ↑ Olympic champion Jones suffers world championship agony. gbtaekwondo.co.uk
- ↑ (12 January 2020). https://www.bbc.co.uk/news/world-middle-east-51084620
- ↑ (12 January 2020). Iran's sole female Olympic medalist says she's defected. Vasco Cotovio. CNN
- ↑ (2020-01-24). https://www.reuters.com/article/us-iran-defection-alizadeh-idUSKBN1ZN28K
- ↑ (30 August 2016). در خندوانه کیمیا علیزاده چه گذشت؟. Varzesh3
- ↑ شفاف سازی نام و اصالت کیمیا علیزاده از زبان پدرشان. kimiaalizadeh website
- ↑ Iranian Olympian Kimia Alizadeh Says She Has Defected. NPR
- ↑ (16 October 2019). BBC 100 Women 2019: Who is on the list?
- ↑ Kimia Alizadeh misses out on first Refugee Olympic Team medal
- ↑ (2024-03-27). Медалистка в таекуондото от Рио 2016 ще представя България на игрите в Париж. Dnevnik (Bulgarian newspaper)
- ↑ (2024-04-13). Иранката Кимия Ализадех получи български паспорт и ще участва на олимпийските игри. Dnevnik (Bulgarian newspaper)
- ↑ (2024-08-09). Two Friends Make Olympics History for Iran and Bulgaria. iranwire.com
- ↑ Kimia Alizadeh Secures Bulgaria’s First-Ever Olympic Medal in Taekwondo! - Novinite.com - Sofia News Agency. www.novinite.com
- ↑ Live. (1970-01-01). Iran's Alizadeh training in Dutch city after defecting: coach. France 24
- ↑ (19 January 2020). https://www.rferl.org/a/iran-olympian-alizadeh-defector-compete-germany/30385674.html
- ↑ (2020-01-12). The elite narrative on Iran brushes aside fury of Iranian people. New York Post
- ↑ Vasco Cotovio. (12 January 2020). Iran's sole female Olympic medalist says she's defected. CNN
- ↑ https://www.washingtonpost.com/world/2020/01/12/kimia-alizadeh-iran-olympian-defects/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিমিয়া আলিজাদেহ” প্ৰবন্ধৰ সংশোধন ৪৪৬৮৩৭ (২১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।