কবি
১৬১ প্ৰবন্ধ
-
আলাউদ্দিন আল আজাদ
আলাউদ্দিন আল আজাদ (Alauddin Al-Azad; জন্ম: ৬ মে' ১৯৩২ - মৃত্যু: ৩ জুলাই ২০০৯)) বাংলাদেশৰ এজন ঔপন্যাসিক, প্ৰবন্ধকাৰ, কবি, নাট্যকাৰ, গৱেষক আৰু অধ্যাপক। তেওঁৰ লিখনিবিলাক আছিল সংগ্ৰামী আৰু আশাবাদী। সমসাময়িক নাগৰিক জীৱনৰ সমস্যাসমূহ তেওঁ লিখিছিল। ১৯৫২ চনৰ ভাষা আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল তেওঁ।
-
আহমদ আলি
আহমদ আলি (Ahmed Ali; ১ জুলাই ১৯১০ দিল্লীত – ১৪ জানুৱাৰী ১৯৯৪) এগৰাকী পাকিস্তানী ঔপন্যাসিক, কবি, সমালোচক, অনুবাদক, কূটনীতিবিদ আৰু পণ্ডিত আছিল। আধুনিক উৰ্দু চুটি গল্পৰ তেওঁ আছিল এগৰাকী পথপ্ৰদৰ্শক।
-
ইয়াং ৱান
ইয়াং ৱান (প্ৰায় ১৬০২–১৬৪৪; সৰলীকৃত চীনা: 杨宛; পৰম্পৰাগত চীনা: 楊宛; পিনয়ন: Yáng Wǎn, সৌজন্যমূলক নাম: Wǎnshū 宛叔), মিং ৰাজবংশৰ শেষ সময়ত নানজিং চহৰৰ চিনহুৱাই বিনোদন অঞ্চলৰ এজন বিখ্যাত কৰ্টেছান (গণিকা) কবি আছিল।
-
ইয়েমোদিছ বেকেলে
ইয়েমোদিছ বেকেলে (Yemodish Bekele, জন্ম-১৯৬০) কবিতা, চুটিগল্প আৰু এখন উপন্যাসকে ধৰি সাতখনতকৈও অধিক গ্ৰন্থৰ প্ৰকাশিত লেখিকা আৰু নিজাকৈ চুটিগল্প সংকলন প্ৰকাশ কৰা প্ৰথমগৰাকী ইথিঅ'পিয়ান মহিলা।
-
ইলেনা ফ্ৰোলোভা
ইলেনা বৰিছোভনা ফ্ৰোলোভা (ইংৰাজী: Elena Borisovna Frolova; জন্ম: ১ অক্টোবৰ ১৯৬৯) এগৰাকী ৰাছিয়ান গায়ক-গীতিকাৰ, সুৰকাৰ আৰু কবি। তেওঁ বিংশ শতিকাৰ ৰাছিয়ান কবিতাৰ ওপৰত ভিত্তি কৰি গীত ৰচনা কৰিছে, যাৰ ভিতৰত মেৰিনা চভেটায়েভা, ছফিয়া পাৰ্নোক, জোচেফ ব্ৰডস্কি, আন্না বাৰ্কোভা, আন্দ্ৰেই বেলি, ভাৰলাম…
-
উইডজি থুকুল
উইডজি থুকুল (ইংৰাজী: Widji Thukul; জন্ম: ২৬ আগষ্ট ১৯৬৩) এজন ইণ্ডোনেছিয়ান কবি আৰু সমাজকৰ্মী। তেওঁৰ ৰচনা ৰাজনৈতিক সমালোচনাত্মক আছিল। তেওঁ প্ৰায়েই ইণ্ডোনেছিয়া চৰকাৰ আৰু দেশৰ সামাজিক অৱস্থাৰ সমালোচনা কৰিছিল। ১৯৯৮ চনৰপৰা তেওঁ নিৰুদ্দেশ হৈ আছে।
-
উন চিঅ’ চান
উন চিঅ’ চান মাকাউৰ এগৰাকী চীনা কবি আৰু লেখিকা। তেওঁৰ কবিতাৰ ছয়খন সংকলন প্ৰকাশ পাইছে। তেওঁৰ সাহিত্যিক কৰ্মৰাজিয়ে চীনৰ উদ্বোধনী 'নিউ ষ্টাৰ–পিপলছ লিটাৰেচাৰ প্ৰাইজ ফৰ পয়েট্ৰি' আৰু 'হেনৰী লুচ ফাউণ্ডেচন চাইনীজ পয়েট্ৰি ফেল’শ্বিপ'সহ কেইবাটাও সন্মান লাভ কৰিছে।
-
এডি এল বালো
এডি লুচিয়া বালো (Addie L. Ballou; ২৯ এপ্ৰিল, ১৮৩৮ – ১০ আগষ্ট, ১৯১৬)এগৰাকী আমেৰিকান ভোটাধিকাৰী, কবি, শিল্পী, লেখক আৰু প্ৰবক্তা আছিল। বালোৱে আধ্যাত্মিকতাবাদী আন্দোলনত লেখক আৰু প্ৰবক্তা হিচাপে সক্ৰিয় অংশগ্ৰহণ কৰিছিল। তেওঁৰ সংস্কাৰ আৰু দানশীলতাৰ আগ্ৰহৰ ভিতৰত আছিল কাৰাগাৰ, দুৰ্ভগীয়া আৰু পতিত মহিলা।
-
এণ্ড্ৰিউ মাৰ্ভেল
এণ্ড্ৰিউ মাৰ্ভেল (Andrew Marvell, 31 মাৰ্চ 1621-16 আগষ্ট 1678) এজন ইংৰাজ মেটাভিজিকেল কবি, ব্যংগলেখক আৰু ৰাজনীতিবিদ। তেখেত ১৬৫৯ চনৰ পৰা ১৬৭৮ চনৰ সময়ছোৱাত হাউচ অৱ কমন্সৰ আসনত বহিছিল। কমনৱেলথৰ সময়ছোৱাত তেওঁজন মিল্টনৰ সহকৰ্মী আৰু বন্ধু আছিল।
-
এন্নেমেট কুৰে এণ্ডাৰচন
এন্নেমেট কুৰে এণ্ডাৰছন ( Annemette Kure Andersen) এগৰাকী ডেনিছ কবি আৰু সাহিত্য সম্পাদক। তেওঁৰ কবিতা ইংৰাজীকে ধৰি কেইবাটাও ভাষালৈ অনুবাদ কৰা হৈছে। তেওঁৰ জন্ম হৈছিল ১৯৬২ চনত।
-
কাজল আহমদ
কাজল আহমদ ( Kajal Ahmad; জন্ম: ১৯৬৭) এগৰাকী কুৰ্দি কবি আৰু সাংবাদিক, কুৰ্দছেটৰ শ্ব' ডিজেবাউৰ বাবে তেওঁ পৰিচিত। কাজলে ১৯৮৭ চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰে।
-
কে. ভি. ডমিনিক
কান্নাপ্পিলিল ভাৰ্গিজ ডমিনিক (জন্ম: ১৩ ফেব্ৰুৱাৰী, ১৯৫৬) হৈছে এজন ভাৰতীয় কবি, লেখক, সম্পাদক আৰু সাহিত্য সমালোচক। তেওঁ কেৰালাৰ থোডুপুঝাস্থিত নিউমেন কলেজৰ ইংৰাজী স্নাতকোত্তৰ আৰু গৱেষণা বিভাগৰ এজন অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক।
-
কেথেৰিন মেন্সফিল্ড
কেথলিন মেন্সফিল্ড মাৰী (জন্মনাম: বিউচেম্প; ১৪ অক্টোবৰ ১৮৮৮ – ৯ জানুৱাৰী ১৯২৩) আছিল নিউজিলেণ্ডৰ এগৰাকী লেখিকা আৰু সমালোচক, যি আধুনিকতাবাদী সাহিত্য আন্দোলনৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি আছিল। তেওঁৰ ৰচনাসমূহ সমগ্ৰ বিশ্বতে সুপ্ৰসিদ্ধ আৰু ২৫টা ভাষাত প্ৰকাশ পাইছে।
-
কেৰী উইলিয়ামছ ক্লিফৰ্ড
কেৰী উইলিয়ামছ ক্লিফৰ্ড (Carrie Williams Clifford) আছিল এগৰাকী লেখিকা, ক্লাব মহিলা আৰু আমেৰিকাৰ মহিলা অধিকাৰ আৰু নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী।
-
ক্ৰিষ্টোফাৰ মাৰ্লো
ক্ৰিষ্টোফাৰ মাৰ্লো (২৬ ফেব্ৰুৱাৰী ১৫৬৪-৩০ মে ১৫৯৩), যাক কিট মাৰ্লো বুলিও জনা যায়, এলিজাবেথ যুগৰ এজন ইংৰাজ নাট্যকাৰ, কবি আৰু অনুবাদক। সমকালীন নাট্যকাৰসকলৰ ভিতৰত মাৰ্লো আছিল আটাইতকৈ বিখ্যাত।
-
গু হেংব'
গু মেই (ইংৰাজী: Gu Mei; ১৬১৯–১৬৬৪) এগৰাকী চীনা গেজী (Gējì), কবি আৰু চিত্ৰশিল্পী আছিল। তেওঁ নিজৰ শৈল্পিক নাম গু হেংব হিচাপে অধিক পৰিচিত আছিল। বিবাহৰ পিছত তেওঁ জু শানচি আৰু জু ঝিজু নামেৰেও জনাজাত হৈছিল।
-
গ্ৰেচ চিয়া
গ্ৰেচ চিয়া (জন্ম ১৯৭৩) এগৰাকী ছিংগাপুৰৰ লেখিকা, কবি, সাংবাদিক আৰু সম্পাদক।
-
গ্ৰেচ মেৰা মলিচা
গ্ৰেচ মেৰা মলিচা (ইংৰাজী: Grace Mera Molisa; জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৪৬, আওবা দ্বীপ – ৪ জানুৱাৰী ২০০২, পৰ্ট ভিলা) এগৰাকী নি-ভানুৱাটুৰ ৰাজনীতিবিদ, কবি আৰু ৰাজনীতিত মহিলাৰ সমঅধিকাৰৰ বাবে যুঁজ দিয়া এগৰাকী কৰ্মী আছিল।
-
চীমা কালবাচী
চীমা কালবাচী (ফাৰ্চী: شیما کلباسی; জন্ম: ২০ নৱেম্বৰ ১৯৭২, তেহৰান, ইৰান) এগৰাকী ইৰানী-ডেনীছ-আমেৰিকীয় কবি আৰু লেখিকা, যিয়ে মূলতঃ নাৰীবাদ, যুদ্ধ, শৰণাৰ্থী, মানৱ অধিকাৰ আৰু বাক-স্বাধীনতাৰ দৰে বিষয়সমূহৰ ওপৰত কাম কৰে।
-
চু পেই
চু পেই (ইংৰাজী: Xu Pei; জন্ম: ১৯৬৬) এগৰাকী চীনত জন্মগ্ৰহণ কৰা জাৰ্মান কবি, লেখিকা আৰু মানৱ অধিকাৰ কৰ্মী। ছিচুয়ানত জন্মগ্ৰহণ কৰা চুই ১৯৮৮ চনত চীন ত্যাগ কৰে আৰু জাৰ্মানীত অধ্যয়ন কৰে। চুৱে ২০০৪ চনত জাৰ্মান নাগৰিকত্ব লাভ কৰে আৰু বৰ্তমান জাৰ্মানীৰ কলনত বাস কৰে।
-
চেৰিং ৱাংমো ধোমপা
চেৰিং ৱাংমো ধোমপা (ইংৰাজী: Tsering Wangmo Dhompa; জন্ম ১৯৬৯) হ'ল ইংৰাজী ভাষাত কাব্যগ্ৰন্থ প্ৰকাশ পোৱা প্ৰথমগৰাকী তিব্বতী মহিলা কবি। তেওঁ ভাৰত আৰু নেপালত ডাঙৰ-দীঘল হৈছিল আৰু বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যাপিকা হিচাপে কৰ্মৰত।
-
ছামিনা ৰাজা
ছামিনা ৰাজা (জন্ম: ১১ ছেপ্টেম্বৰ ১৯৬১; মৃত্যু: ৩০ অক্টোবৰ ২০১২) এগৰাকী পাকিস্তানী উৰ্দু কবি, লেখিকা, সম্পাদিকা, অনুবাদক, শিক্ষাবিদ আৰু সম্প্ৰচাৰক। তেওঁ পাকিস্তানৰ ইছলামাবাদত বাস কৰিছিল আৰু নেচনেল লেংগুৱেজ অথৰিটি আৰু নেচনেল বুক ফাউণ্ডেচনত বিষয় বিশেষজ্ঞ হিচাপে কাম কৰিছিল।
-
ছামিৰা আলখাতিব
ছামিৰা আল-খাতিব (Samira Alkhatib)-ৰ জন্ম জেৰুজালেমত আৰু মৃত্যু ২০২১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত। ইজৰাইলৰ শাসনৰ বিৰুদ্ধে সাহিত্য আৰু সাংস্কৃতিক প্ৰতিৰোধ গঢি় তোলা বাবে সুপৰিচিত তেওঁ এগৰাকী পেলেষ্টাইনী কবি আৰু লেখিকা।
-
ছিবিলা আলেৰামো
ছিবিলা আলেৰামো (জন্ম মাৰ্টা ফেলিচিনা ফেচিঅ'; ১৪ আগষ্ট ১৮৭৬ – ১৩ জানুৱাৰী ১৯৬০) ১৯ শতিকাৰ শেষৰফালে ইটালীৰ নাৰী হিচাপে জীৱনৰ আত্মজীৱনীমূলক চিত্ৰণৰ বাবে পৰিচিত এগৰাকী ইটালীয় নাৰীবাদী লেখিকা আৰু কবি।
-
জন আডামছ্
জন আডামছ্ (John Adams; ২৬ মাৰ্চ, ১৭০৫ – ২২ জানুৱাৰী, ১৭৪০) এজন আমেৰিকান কবি।
-
জন ডান
জন ডান (John Donne) (১৫৭২-১৬৩১) এজন ইংৰাজ কবি, পণ্ডিত, সৈনিক। পিছলৈ তেখেত ইংলেণ্ডৰ গীৰ্জাৰ এজন ধৰ্মীয় যাজক হিচাপে নিয়োজিত হৈছিল। ৰাজকীয় পৃষ্ঠপোষকতাৰ দ্বাৰা তেওঁক লণ্ডনৰ ছেইণ্ট পলছ কেথেড্ৰেলৰ ডিন হিচাপে নিযুক্তি দিয়া হৈছিল (১৬২১-১৬৩১)।
-
জনাবাই
সন্ত জনাবাই ভাৰতৰ হিন্দু পৰম্পৰাৰ এজন মাৰাঠী ধৰ্মীয় সন্ত আৰু কবি আছিল। তেওঁৰ জন্ম সম্ভৱতঃ ত্ৰয়োদশ শতিকাৰ সপ্তম বা অষ্টম দশকত হৈছিল। ১৩৫০ চনত তেওঁৰ মৃত্যু হয়। জনাবাইৰ জন্ম হৈছিল ১২৫৮-১৩৫০ চনত মহাৰাষ্ট্ৰৰ গংগাখেদত প্ৰথম নাম দমা আৰু কৰুণ্ড নামৰ এহাল দম্পতীৰ ঘৰত।
-
জাইটুন বানো
জাইটুন বানো (Zaitoon Bano; ১৮ জুন ১৯৩৮ – ১৪ ছেপ্টেম্বৰ ২০২১) এগৰাকী পাকিস্তানী কবি, চুটিগল্প লেখক, ঔপন্যাসিক, সম্প্ৰচাৰক আৰু খাইবাৰ পখতুনখোৱাত নাৰী অধিকাৰৰ সমৰ্থক আছিল। তেওঁ মূলতঃ পাষ্টো আৰু উৰ্দু ভাষাত লিখিছিল।
-
জালেহ এছফাহানী
জালেহ এছফাহানী ( Jaleh Esfahani); ( ১৯২১ – ২৯ নৱেম্বৰ ২০০৭) আছিল এগৰাকী ইৰাণী কবি আৰু সাহিত্যৰ পণ্ডিত।
-
জিউচেপা বাৰ্বাপিকোলা
জিউচেপা এলেনোৰা বাৰ্বাপিকোলা (১৭০২ – ca ১৭৪০) ইটালীৰ এজন প্ৰাকৃতিক দাৰ্শনিক, কবি আৰু অনুবাদক আছিল। ১৭২২ চনত ৰেনে ডেকাৰ্টৰ দৰ্শনৰ নীতিসমূহ ইটালীয় ভাষালৈ অনুবাদ কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।