চেৰিং ৱাংমো ধোমপা (ইংৰাজী ভাষা: Tsering Wangmo Dhompa; জন্ম ১৯৬৯১) হ'ল ইংৰাজী ভাষাত কাব্যগ্ৰন্থ প্ৰকাশ পোৱা প্ৰথমগৰাকী তিব্বতী মহিলা কবি।২ তেওঁ ভাৰত আৰু নেপালত ডাঙৰ-দীঘল হৈছিল আৰু বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত অধ্যাপিকা হিচাপে কৰ্মৰত।
প্ৰাথমিক জীৱন
তেওঁ ভাৰত আৰু নেপালত ডাঙৰ-দীঘল হৈছিল। চেৰিঙে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত লেডী শ্ৰী ৰাম কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ মাছাচুচেটছ বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু ছান ফ্ৰান্সিস্কো ষ্টেট ইউনিভাৰ্চিটিৰপৰা সৃজনমূলক লিখনিত এম.এফ.এ. (MFA) ডিগ্ৰী লাভ কৰে।৩ তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, চাণ্টা ক্ৰুজৰপৰা সাহিত্যত পিএইচডি ডিগ্ৰী লাভ কৰিছে আৰু বৰ্তমান ভিলানোভা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা হিচাপে কৰ্মৰত।
সাহিত্যিক কেৰিয়াৰ
২০০২ চনত এপোজী প্ৰেছৰপৰা প্ৰকাশিত তেওঁৰ প্ৰথমখন কবিতা পুথি ৰুলছ অফ দ্য হাউচ ২০০৩ চনত এছিয়ান আমেৰিকান লিটাৰেৰী এৱাৰ্ডছৰ চূড়ান্ত তালিকাত স্থান লাভ কৰিছিল।৪ তেওঁৰ অন্যান্য প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত আছে এখন চুটি কবিতা পুথি (chapbook) ৰিভলিউট (২০২১), মাই ৰাইচ টেষ্ট লাইক দ্য লেক (২০১১), ইন দ্য এবচেণ্ট এভৰিডে, আৰু আন দুখন চুটি কবিতা পুথি: ইন ৰাইটিং দ্য নেমচ আৰু ৰিকাৰিং জ্যেষ্ঠাৰ্ছ।
লেটাৰ ফৰ লাভৰ জৰিয়তে তেওঁ প্ৰথমবাৰৰ বাবে চুটিগল্প আগবঢ়াইছিল। ২০১৩ চনত পেংগুইন ইণ্ডিয়াই চেৰিংৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ গ্ৰন্থ এ হোম ইন টিবেট প্ৰকাশ কৰে, য’ত তেওঁ তিব্বতলৈ কৰা ধাৰাবাহিক যাত্ৰাৰ বৰ্ণনা কৰিছে আৰু তিব্বতৰ ভিতৰত থকা সাধাৰণ তিব্বতীসকলৰ নৃগোষ্ঠীয় বিৱৰণ আগবঢ়াইছে।৫
গ্ৰন্থপঞ্জী
গ্ৰন্থসমূহ
- The Politics of Sorrow: Unity and Allegiance Across Tibetan Exile, কলাম্বিয়া ইউনিভাৰ্চিটি প্ৰেছ ২০২৫ ৬
- Revolute, এলবিয়ন বুকছ, ২০২১৭
- Coming Home to Tibet, শাম্ভালা পাব্লিকেচনছ, ২০১৬৮
- A Home in Tibet, পেংগুইন ইণ্ডিয়া, দিল্লী ২০১৩৯
- My Rice Tastes Like the Lake, এপোজী প্ৰেছ, ২০১১৪
- In the Absent Everyday, এপোজী প্ৰেছ, ২০০৫৪
- Rules of the House, এপোজী প্ৰেছ, ২০০২
- Recurring Gestures, টানগ্ৰাম প্ৰেছ
- In Writing the Names, এবাকাচ, ২০০০
সংকলন
- Old Demons, New Deities: Twenty-One Short Stories from Tibet, সম্পাদনা- টেনজিন ডিকি, ২০২১।
- Contemporary Voices of the Eastern World: An Anthology of Poems, সম্পাদনা- টিনা চাং, নাথালি হেণ্ডেল আৰু ৰবি শংকৰ। ডব্লিউ. ডব্লিউ. নৰ্টন এণ্ড কোং ২০০৭
- The Wisdom Anthology of North American Buddhist Poetry সম্পাদনা- এণ্ড্ৰিউ শ্বেলিং, ২০০৫
- Muses in Exile: An Anthology of Tibetan Poetry সম্পাদনা- ভূচুং ডি. সোণম, ২০০৫।
- An Other Voice: English Literature from Nepal, সম্পাদনা- দীপক থাপা আৰু কেশাং চেটেন, ২০০২
প্ৰবন্ধসমূহ
- "This Wor(l)d as an Illusion", Evening will Come, মাৰ্চ ২০১১১০
- Letter For Love, কেৰাভান মেগাজিন, আগষ্ট ২০১০১১
- "After the Earthquake", ফায়ুল (Phayul), ২৯ এপ্ৰিল ২০১০১২
- Nostalgia in Contemporary Tibetan Writing১৩
বাহ্যিক সংযোগ
- চেৰিং ৱাংমো ধোমপা — Poets.org-ত
- চেৰিং ৱাংমো ধোমপা — Poetry Foundation-ত
- নিৰ্বাসন আৰু লিখনী: তিব্বতী কবি চেৰিং ৱাংমো ধোমপাৰ সৈতে এটা সাক্ষাৎকাৰ
- ৰুলছ অফ দ্য হাউচ
- চেৰিং ৱাংমো ধোমপা - তিব্বতী ইংৰাজী কবিতা
তথ্যসূত্ৰ
- ↑ (2009-11-28). Saturday Poetry Series Presents: Tsering Wangmo Dhompa
- ↑ Writings On Tibet The Tibetan Association of Northern California & The Oakland Asian Cultural Center
- ↑ Andrew Schelling, The Wisdom Anthology of North American Buddhist Poetry, Wisdom Publications 2005, S. 41
- ↑ Apogee Press - Authors
- ↑ Sonam, Bhuchung D. I Will Carry the Sky. Phayul.com
- ↑ Columbia University Press
- ↑ Shambhala.com
- ↑ Coming Home to Tibet, Shambhala.com
- ↑ Penguin India
- ↑ eveningwillcome.com
- ↑ Letter for Love The Caravan. A journal of politics and culture
- ↑ Phayul.com
- ↑ Tibet Writes Papers, Custom Papers, Essays, and Term Papers
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেৰিং ৱাংমো ধোমপা” প্ৰবন্ধৰ সংশোধন ৫৯৮৫৪১ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।