উইডজি থুকুল (ইংৰাজী ভাষা: Widji Thukul; জন্ম: ২৬ আগষ্ট ১৯৬৩) এজন ইণ্ডোনেছিয়ান কবি আৰু সমাজকৰ্মী।১ তেওঁৰ ৰচনা ৰাজনৈতিক সমালোচনাত্মক আছিল। তেওঁ প্ৰায়েই ইণ্ডোনেছিয়া চৰকাৰ আৰু দেশৰ সামাজিক অৱস্থাৰ সমালোচনা কৰিছিল। ১৯৯৮ চনৰপৰা তেওঁ নিৰুদ্দেশ হৈ আছে।২৩৪
জীৱন
১৯৬৩ চনৰ ২৬ আগষ্টত জন্মগ্ৰহণ কৰা থুকুল জুনিয়ৰ হাইস্কুলত পঢ়িছিল যদিও পৰিয়ালৰ আৰ্থিক অভাৱৰ বাবে ১৯৮২ চনত মধ্যবিদ্যালয় এৰিছিল। থুকুল আছিল তিনিজন ভাতৃৰ ভিতৰত ডাঙৰ। সামান্য আৰ্থিক পৰিস্থিতিৰ সৈতে কেথলিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। দেউতাক ৰিক্সাচালক, মাকে কেতিয়াবা মছলাযুক্ত কুকুৰাৰ মাংস বিক্ৰী কৰি পৰিয়ালটোৰ আৰ্থিক সাহায্য চলাবলৈ সহায় কৰিছিল।৫ প্ৰথম অৱস্থাত তেওঁ বাতৰি কাকত বিক্ৰেতা, টিকট বিক্ৰেতা, আচ-বাবৰ দোকানৰ কৰ্মচাৰী আদি কাম কৰিছিল।
থুকুলে প্ৰাথমিক বিদ্যালয়ৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল, আৰু জুনিয়ৰ হাইস্কুলত পঢ়ি থাকোঁতে নাট্য জগতখনৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। কবি হোৱাৰ লগতে থুকুল এজন সংগীতজ্ঞও আছিল আৰু ছ'লোৰ আশে-পাশে থিয়েটাৰ জগত নামৰ নাট্যদল এটাৰ লগতো সংগ দিছিল।
তেখেতৰ এটা কবিতা, "ছাজাক ইবু" সংগীতত স্থাপন কৰিছিল বিশ্ববিখ্যাত সুৰকাৰ আৰু পিয়ানোবাদক আনন্দ সুকাৰলানে, যি ইণ্ডোনেছিয়াৰ শিল্প গীতৰ আগশাৰীৰ ব্যক্তি।
১৯৮৮ চনত থুকুলে দ্যাহ সুজিৰা ওৰফে ছিপনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৬৭ তেওঁলোকৰ দুটা সন্তান আছিল আৰু দুয়ো মিলি সাংগাৰ চুকা বঞ্জিৰ (Frequent Flooding Studio) নামৰ এটা কলা গোট প্ৰতিষ্ঠা কৰিছিল। তেওঁলোকৰ প্ৰথম সন্তানৰ নাম ফিত্ৰী ঙান্থী ৱানী। ১৯৯৩ চনৰ ২২ ডিচেম্বৰত তেওঁলোকৰ দ্বিতীয় সন্তানৰ জন্ম হয়, যাৰ নাম ফাজাৰ মেৰা।৮
থুকুলে শ্ৰমিক বিক্ষোভ আয়োজন কৰাত সহায় কৰিছিল আৰু পাৰ্টাই ৰক্যত ডেম’ক্ৰেটিক (পিপলছ ডেম’ক্ৰেটিক পাৰ্টি)ৰ সদস্য আছিল। ১৯৯৫ চনত শ্ৰমিকৰ বিক্ষোভত থুকুলৰ চকুত ৰাইফলৰ গুটিৰ আঘাতৰ ফলত তেওঁৰ দৃষ্টিশক্তিৰ স্থায়ী ক্ষতি হয়।
১৯৯৮ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁৰ পত্নীৰ সৈতে শেষ যোগাযোগ হৈছিল। চুহাৰ্টো বিৰোধী বিক্ষোভৰ সময়ত চৰকাৰী বাহিনীয়ে অপহৰণ কৰা বহু চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীৰ ভিতৰত তেওঁ অন্যতম বুলি সন্দেহ কৰা হৈছে। ২০১৪ চনত ৰাজনীতিবিদ এণ্ডি আৰিফে উল্লেখ কৰিছিল যে থুকুল এতিয়াও জীয়াই আছে আৰু প্ৰবোও চুবিয়ানটো আৰু তেওঁৰ সামৰিক দলটোৱে তেওঁক অপহৰণ কৰিছিল।৯ তাৰ পিছত তেওঁৰ পত্নী দ্যাহৰ ২০২৩ চনত মৃত্যু হয়।১০
প্ৰকাশন
- পুইচি পেলো (লিছপিং পয়েট্ৰি), তমন বুদয়া সুৰাকতাৰদ্বাৰা প্ৰকাশিত, একক, ১৯৮৪।
- ডাৰমান ডান লাইন-লাইন (ডাৰ্মন আৰু অন্যান্য), তমন বুদয়া সুৰাকাটাৰদ্বাৰা প্ৰকাশিত, একক, ১৯৯৪।
- মেনকাৰী তানাহ লাপাং (লুকিং ফৰ এ অ'পেন প্লট অৱ লেণ্ড), মানুছ আমিচিৰদ্বাৰা প্ৰকাশিত, ১৯৯৪।
- আকু ইংগিন জাডি পেলুৰু (আই ৱাণ্ট টু বি এ বুলেট), ইণ্ডোনেছিয়াটেৰাৰদ্বাৰা প্ৰকাশিত, মেগেলাং, ২০০০।
বঁটা
থুকুলৰ লুকিং ফৰ এণ অ’পেন প্লট অৱ লেণ্ডে নেদাৰলেণ্ডৰ ৱেৰথাইম ফাউণ্ডেশ্যনৰপৰা ‘উদ্দীপনা বঁটা’ লাভ কৰে।
তথ্যসূত্ৰ
- ↑ Thukul, Wiji. (1 September 2017). The people's poet: Nearly 20 years since Indonesia's famous poet disappeared, Eliza Vitri Handayani introduces the man and some new translations of his poems. Index on Censorship. পৃ. 99–103
- ↑ wawaney. (20 April 2014). (Translation) Warning – Wiji Thukul. Timbalaning
- ↑ Thukul, Wiji. (1 September 2017). The people's poet: Nearly 20 years since Indonesia's famous poet disappeared, Eliza Vitri Handayani introduces the man and some new translations of his poems. Index on Censorship. পৃ. 99–103
- ↑ wawaney. (20 April 2014). (Translation) Warning – Wiji Thukul. Timbalaning
- ↑ Tempo; Edisi Khusus: Tragedi Mei 1998-2013, Jakarta: Tempo, 2013
- ↑ Disappeared Poet Wiji Thukul's Family Invites Jokowi to See Biopic. Jakarta Globe
- ↑ Salinan arsip
- ↑ Salinan arsip
- ↑ Sholih, Mufti. Sejarah Kontroversi Andi Arief: Wiji Thukul, Prabowo, Kini Narkoba. tirto.id
- ↑ Afifa, Laila. (6 January 2023). Siti Diyah Sujirah, Wife of Missing Activist Wiji Thukul Passes Away. Tempo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উইডজি থুকুল” প্ৰবন্ধৰ সংশোধন ৫৬০০২৫ (২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।