গ্ৰেচ মেৰা মলিচা (ইংৰাজী ভাষা: Grace Mera Molisa; জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৪৬, আওবা দ্বীপ – ৪ জানুৱাৰী ২০০২, পৰ্ট ভিলা) এগৰাকী নি-ভানুৱাটুৰ ৰাজনীতিবিদ, কবি আৰু ৰাজনীতিত মহিলাৰ সমঅধিকাৰৰ বাবে যুঁজ দিয়া এগৰাকী কৰ্মী আছিল। দ্য অষ্ট্ৰেলিয়ান কাকতে তেওঁক "মেলানেছিয়ান সংস্কৃতিৰ এগৰাকী অগ্ৰদূত আৰু ভানুৱাটুৰ জনসাধাৰণৰ, বিশেষকৈ মহিলাসকলৰ কণ্ঠস্বৰ" বুলি অভিহিত কৰিছিল।১ তেওঁক প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অন্যতম "আগশাৰীৰ ৰাজহুৱা বুদ্ধিজীৱী আৰু কৰ্মী" হিচাপেও বৰ্ণনা কৰা হৈছে।২
মলিচাৰ শিক্ষা আওবা দ্বীপৰ নিজ গাঁৱৰ বিদ্যালয়তে আৰম্ভ হৈছিল আৰু তাৰ পিছত টৰ্গিলৰ মিছন স্কুলত অব্যাহত আছিল। তাৰপৰা তেওঁ নিউজিলেণ্ডৰ অকলেণ্ডৰ কুইন ভিক্টোৰিয়া মাউৰী গাৰ্লছ স্কুলত পঢ়িবলৈ যায়। বিদ্যালয়ৰ শিক্ষা শেষ কৰি মলিচাই অকলেণ্ড টিচাৰ্ছ কলেজত অধ্যয়ন কৰে আৰু টৰ্গিলৰ পুৰণি স্কুলখনতে শিক্ষক হিচাপে যোগদান কৰে। ওমবাবুলু স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে নিযুক্ত হোৱাৰ সময়ত তেওঁ এখন ডাঙৰ, উচ্চ বৰ্গৰ সহ-শিক্ষামূলক আৱাসিক বিদ্যালয়ৰ নেতৃত্ব দিয়া ভানুৱাটুৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।৩ পৰৱৰ্তী সময়ত, মলিচাই ১৯৭৭ চনত ইউনিভাৰ্চিটি অৱ দ্য চাউথ পেচিফিকৰপৰা স্নাতক (BA) ডিগ্ৰী লাভ কৰি নিজ দেশৰ ভিতৰত বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিচিত হয়।১
মলিচা এগৰাকী এংলিকান খ্ৰীষ্টান আছিল। তেওঁ পাঁচটা ভাষা ক’ব পাৰিছিল।১
২০০৪ চনত প্ৰকাশিত প্ৰফাইলছ অৱ পেচিফিক উইমেন নামৰ এখন গ্ৰন্থত "প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ যিসকল মহিলাই লিংগ সমতা আৰু মানৱ অধিকাৰৰ পথ প্ৰশস্ত কৰিছে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনোৱা"ৰ উদ্দেশ্যৰে গ্ৰেচ মলিচাকো অন্তৰ্ভুক্ত কৰা হৈছিল।৪
সাহিত্যিক জীৱন
মলিচাই ১৯৮৩ চনত তেওঁৰ কবিতা সংকলন ব্লেকষ্টোন প্ৰকাশ কৰে। ১৯৮৭ চনত তেওঁৰ ক’লনাইজড পিপল: পয়েমছ প্ৰকাশ পায়। দ্য অষ্ট্ৰেলিয়ান কাকতে তেওঁৰ কবিতাসমূহক "পিতৃতান্ত্ৰিক, উত্তৰ-ঔপনিৱেশিক ভানুৱাটুৰ জীৱনৰ ওপৰত এক তীব্ৰ সামাজিক ভাষ্য" বুলি বৰ্ণনা কৰিছে।১ ১৯৯৫ চনত তেওঁ বিছলামা ভাষাত লিখিত পেচিফিক পাৰাডাইছ প্ৰকাশ কৰে।৫
নিউজিলেণ্ডৰ প্ৰাক্তন ৰাজকবি তথা অকলেণ্ড বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ৰ অধ্যাপিকা চেলিনা টুছিটালা মাৰ্ছে মলিচাক টংগাৰ কোনাই হেলু থামান আৰু হাৱাইৰ হাউনানি-কে ট্ৰাস্কৰ সৈতে "প্ৰশান্ত মহাসাগৰীয় কবিতাৰ তিনিগৰাকী মাতৃস্বৰূপা"ৰ অন্যতম বুলি অভিহিত কৰিছে।৬ মাৰ্ছৰ এক বিস্তৃত গৱেষণা প্ৰবন্ধ কৰ্ডাইট পয়েট্ৰী ৰিভিউত প্ৰকাশ পাইছে।৭
২০২০ চনৰ মাৰ্চ মাহত অকলেণ্ড আৰ্টছ ফেষ্টিভেলৰ অংশ হিচাপে চাইলো থিয়েটাৰত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হোৱা প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ লেখকসকলৰ ৰচনাৰ সংগ্ৰহ ইউপিইউত মলিচাৰ কবিতা অন্তৰ্ভুক্ত কৰা হৈছিল।৮ ২০২১ চনৰ জুন মাহত ৱেলিংটনত অনুষ্ঠিত হোৱা 'কিয়া মাউ ফেষ্টিভেল'ৰ অংশ হিচাপেও ইউপিইউ পুনৰ প্ৰদৰ্শিত হৈছিল।৯
ৰাজনৈতিক জীৱন
১৯৭৯ চনত ভানুৱাটুৰ স্বাধীনতাৰ প্ৰাকক্ষণত ভানুৱাআকু পাতিৰ সদস্য হিচাপে মলিচা সমাজ কল্যাণ মন্ত্ৰ্যালয়ৰ দ্বিতীয় সচিব নিযুক্ত হয়।১
তেওঁ ভানুৱাটুৰ ৰাষ্ট্ৰীয় কলা মহোৎসৱ সৃষ্টি কৰিছিল আৰু সেইখন কমিটী গঠন কৰিছিল যিয়ে দেশৰ ৰাষ্ট্ৰীয় পতাকা, ৰাষ্ট্ৰীয় সংগীত, ৰাজকীয় প্ৰতীক আৰু ৰাষ্ট্ৰীয় মটো "লং গড ইউমি ষ্টেনাপ" নিৰ্বাচন কৰিছিল। ৰাষ্ট্ৰীয় সংবিধান কমিটীৰ মাত্ৰ দুগৰাকী মহিলা সদস্যৰ ভিতৰত তেওঁ এগৰাকী আছিল আৰু ১৯৭৯ চনত তেওঁ নিজৰ স্বামী তথা সহ-ৰাজনীতিবিদ চেলা মলিচাৰ সৈতে ভানুৱাটুৰ সংবিধানত স্বাক্ষৰ কৰিছিল।১
১৯৮৭ চনৰপৰা ১৯৯১ চনলৈ তেওঁ প্ৰধানমন্ত্ৰী ৱাল্টাৰ লিনিৰ মুখপাত্ৰী আছিল।১
১৯৯০-ৰ দশকত তেওঁক ইউনিভাৰ্চিটি অৱ দ্য চাউথ পেচিফিকৰ কাউন্সিললৈ নিযুক্তি দিয়া হয় আৰু তেওঁ ট্ৰান্সপাৰেঞ্চি ইণ্টাৰনেশ্যনেলৰ সদস্য হয়। ১৯৯৭ চনত তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিব বিচৰা মহিলাসকলক সহায় কৰিবলৈ 'ভানুৱাটু উইমেন ইন পলিটিক্স' (VWIP) নামৰ এটা হেঁচা গোট (pressure group) প্ৰতিষ্ঠা কৰে। যেতিয়া ভানুৱাআকু পাতিয়ে ১৯৯৮ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে এগৰাকীও মহিলা প্ৰাৰ্থীক সমৰ্থন নিদিলে, তেতিয়া মলিচাই দল ত্যাগ কৰে আৰু ভিডব্লিউআইপিৰ বেনাৰত ছয়গৰাকী মহিলা প্ৰাৰ্থীৰ প্ৰাৰ্থিত্বৰ সমন্বয় কৰে। একে বছৰতে তেওঁ ৰাজহুৱা কৰ্তব্যৰ বাবে অৰ্হতাপ্ৰাপ্ত ৫৩০ গৰাকী নি-ভানুৱাটু মহিলাৰ তালিকা সম্বলিত এখন পুস্তিকা প্ৰকাশ কৰি চৰকাৰক অৰ্হতাপ্ৰাপ্ত মহিলাসকলক চৰকাৰী পদত নিযুক্তি দিবলৈ হেঁচা প্ৰয়োগ কৰে।১১০
২০০০ চনত ৰবাৰ্ট বৰ’ফস্কিৰ সম্পাদনাত প্ৰকাশিত শৈক্ষিক সংগ্ৰহ 'ৰিমেম্ব্ৰেন্স অৱ পেচিফিক পাষ্টছ: এন ইনভিটেশ্বন টু ৰিমেক হিষ্ট্ৰী'ত তেওঁ উত্তৰ-ঔপনিৱেশিক ৰাজনীতিৰ ওপৰত এটা অধ্যায় লিখিছিল।১১ এই গ্ৰন্থখনৰ অন্যান্য লেখকসকলৰ ভিতৰত আছিল এলবাৰ্ট ৱেণ্ডট, ভিলচনী হেৰেনিকো, মাৰ্শ্বাল ছালিন্স, জেমছ বেলিচ, জ্ঞান প্ৰকাশ, এডৱাৰ্ড ছাইড আৰু এপেলি হাউ’ফা।
তথ্যসূত্ৰ
- ↑ "Voice of Vanuatu's women", The Australian, 1 February 2002
- ↑ Slatter, Claire, "Treading Water in Rapids? Non-Governmental Organisations and Resistance to Neo-Liberalism in Pacific Island States", in Firth, Stewart (ed.), Globalisation and Governance in the Pacific Islands, Australian National University, 2006
- ↑ Macdonald-Milne, B. & Thomas, P. (eds)(1981), Yumi Stanap: Some People of Vanuatu. Institute of Pacific Studies, Suva
- ↑ (8 March 2004). New book celebrates Pacific women who fought for equal rights. RNZ International
- ↑ Grace Mera Molisa, Pasifik paradaes, 1995
- ↑ University of Auckland
- ↑ Black Stone Poetry: Vanuatu’s Grace Mera Molisa
- ↑ (March 2020). UPU. Silo Theatre
- ↑ (June 2021). UPU. Kai Mau Festival
- ↑ Grace Mera Molisa, Women's appointments file: A directory of experienced and qualified ni-Vanuatu women, 1998
- ↑ Grace Mera Molisa, "Colonised People", in Robert Borofsky (ed.), Remembrance of Pacific Pasts: An Invitation to Remake History, University of Hawaiʻi Press, 2000
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰেচ মেৰা মলিচা” প্ৰবন্ধৰ সংশোধন ৫৯৪৩৬৮ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।