কবি
১৬১ প্ৰবন্ধ
-
হাব্বা খাতুন
হাব্বা খাতুন জন্ম জোন ৰাথাৰ (কাশ্মীৰী উচ্চাৰণ: [zuːn])। যাক সন্মানীয় উপাধি দ্য নাইটিংগেল অফ কাশ্মীৰ বুলিও জনা যায়। ষোড়শ শতিকাৰ এগৰাকী কাশ্মীৰী মুছলমান কবি আৰু তপস্বী আছিল। তেওঁ ৰজা ইউছুফ শ্বাহ চাকৰ সহধৰ্মিনী আছিল, কিন্তু গীতৰ ৰাণী হিচাপে অমৰত্ব লাভ কৰিছিল।
-
হালা (ৰজা)
হালা ( ২০–২৪ খ্ৰীষ্টাব্দ) আছিল এজন সাতবাহন ৰজা যিয়ে বৰ্তমানৰ দাক্ষিণাত্য অঞ্চলত শাসন কৰিছিল। মৎস্য পুৰাণত তেওঁক সাতবাহন বংশৰ ১৭সংখ্যক শাসক হিচাপে উল্লেখ কৰা হৈছে।
-
হুমা চফদাৰ
হুমা চফদাৰ ( Huma Safdar, উৰ্দু: ہما صفدر) এগৰাকী শিক্ষক, নাট্য শিল্পী, পাঞ্জাবী ভাষাৰ সমাজ সচেতক কৰ্মী তথা নাৰীবাদী নাট্য “সংগত”ৰ পৰিচালক। এগৰাকী শিল্পী হিচাপে তেওঁ পঞ্জাৱ লোক ৰহছৰ সৈতে কাম কৰিছিল। লাহোৰ ব্যাকৰণ বিদ্যালয়ত কলা আৰু পাঞ্জাবী ভাষাৰ শিক্ষয়িত্ৰী হিচাপে অধ্যাপনা কৰি আহিছে।
-
হুমায়ুন আজাদ
হুমায়ুন আজাদ (Humayun Azad, ২৮ এপ্ৰিল ১৯৪৭ – ১২ আগষ্ট ২০০৪) এজন বাংলাদেশী কবি, ঔপন্যাসিক, চুটিগল্প লেখক, সমালোচক, ভাষাবিদ, স্তম্ভলেখক আৰু ঢাকা বিশ্ববিদ্যালয়ৰ অধ্যাপক। ১৯৮৬ চনত বাংলা ভাষাবিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক বাংলা একাডেমী সাহিত্য বঁটাৰে সন্মানিত কৰা হয়।
-
হেণ্ড্ৰিক আডামছন
হেণ্ড্ৰিক আডামছন ( Hendrik Adamson); (জন্ম: ৬ অক্টোবৰ, ১৮৯১ – মৃত্যু: ৭ মাৰ্চ, ১৯৪৬) এজন ইষ্টোনিয়ান কবি আৰু শিক্ষক আছিল। তেওঁ ভিলজাণ্ডি কাউন্টিৰ কাৰ্ষ্টনা পেৰিছৰ (বৰ্তমান ভিলজাণ্ডি পেৰিছৰ ভেইছজাৰ্ভে গাঁৱত) মেটছাকুৰু গাঁৱৰ পাট্সি ফাৰ্মষ্টেডত এজন দৰ্জীৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিছিল।
-
হেলেন ডানম’ৰ
হেলেন ডানম’ৰ (ইংৰাজী: Helen Dunmore; ১২ ডিচেম্বৰ ১৯৫২ – ৫ জুন ২০১৭) এগৰাকী ব্ৰিটিছ কবি, ঔপন্যাসিক, চুটিগল্প লেখিকা আৰু শিশু সাহিত্যিক আছিল। তেওঁৰ আটাইতকৈ পৰিচিত কৰ্মসমূহৰ ভিতৰত আছে উপন্যাস জেৰ্ণ’ৰ ইন ডাৰ্কনেছ, এ স্পেল অৱ উইণ্টাৰ আৰু দা ছিজ, আৰু তেওঁৰ শেষ কাব্যগ্ৰন্থ ইনচাইড দা ৱেভ।
-
হোদা হাদাদি
হোদা হাদাদি (Hoda Hadadi) ( জন্ম ২ ফেব্ৰুৱাৰী, ১৯৭৭) এজন ইৰাণী চিত্ৰশিল্পী, লেখিকা আৰু কবি। তেওঁৰ সাহিত্য আৰু দৃশ্যগত ৰচনাসমূহে প্ৰায়ে প্ৰকৃতি আৰু নাৰীবাদৰ পোষকতা প্ৰতিফলিত কৰে, য'ত নাৰীক নিজৰ জীৱনৰ কথক আৰু নায়িকা হিচাপে চিত্ৰিত কৰা হয়।
-
ৰাজা ৰাজেশ্বৰী ছেঠা ৰমন
ৰাজা ৰাজেশ্বৰী ছেঠা ৰমন (ইংৰাজী: Raja Rajeswari Seetha Raman; জন্ম: ১৯ আগষ্ট, ১৯৬১) এগৰাকী মালয়েছিয়ান কবি আৰু অনুবাদক। তেওঁ মূলতঃ তামিল বংশৰ ভাৰতীয় মহিলা আৰু মালয় ভাষা কেম্পাছৰ শিক্ষক শিক্ষা প্ৰতিষ্ঠানৰ প্ৰবক্তা। তেওঁ মালয় ভাষাত কবিতা ৰচনা কৰা একমাত্ৰ অনা-মালয় ব্যক্তি।
-
ৰাজিয়া খান
ৰাজিয়া খান আমিন (Razia Khan Amin; জন্ম:১৯৩৬ – ২৮ ডিচেম্বৰ ২০১১) হৈছে এগৰাকী বাংলাদেশী লেখক, কবি আৰু শিক্ষাবিদ। ইয়াৰ উপৰিও তেওঁ আছিল; বাতৰি কাকতৰ এগৰাকী সাংবাদিক, থিয়েটাৰ অভিনেতা আৰু স্তম্ভলেখক। অন্যান্য সন্মানৰ লগতে খানে ১৯৫৬ চনত পি.ই.এন. ড্ৰামা বঁটা আৰু ১৯৭৫ চনত বাংলা একাডেমী বঁটা লাভ কৰিছিল।
-
ৱাং ইউয়েলিয়ান
ৱাং ইউয়েলিয়ান (১৭৭৮–১৮২৭; চীনা: 王嶽蓮), যাক জিংলিয়ান (淨蓮) বুলিও কোৱা হয়, চিং ৰাজবংশৰ সময়ছোৱাৰ এগৰাকী চীনা দাওবাদী সন্ন্যাসিনী আছিল। তেওঁ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী, কবি আৰু কলিগ্ৰাফাৰ হিচাপে পৰিচিত আছিল।
-
ৱাং কিংহুই
ৱাং কিংহুই (চীনা: 王清惠; ১২৬৪–১২৮৮) ছং ৰাজবংশৰ সম্ৰাট ডু়জোঙৰ উপপত্নী আছিল আৰু একে সময়তে এগৰাকী দক্ষ কবি আৰু গীতিকাৰ হিচাপে পৰিচিত আছিল। তেওঁ ৰাজদৰবাৰৰ অন্তঃপুৰত থাকিও সাহিত্য আৰু সংগীতৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন কৰিছিল।