ছিবিলা আলেৰামো (জন্ম মাৰ্টা ফেলিচিনা ফেচিঅ'; ১৪ আগষ্ট ১৮৭৬ – ১৩ জানুৱাৰী ১৯৬০) ১৯ শতিকাৰ শেষৰফালে ইটালীৰ নাৰী হিচাপে জীৱনৰ আত্মজীৱনীমূলক চিত্ৰণৰ বাবে পৰিচিত এগৰাকী ইটালীয় নাৰীবাদী লেখিকা আৰু কবি।
জীৱন আৰু কেৰিয়াৰ
আলেৰামোৰ জন্ম হৈছিল মাৰ্টা ফেলিচিনা ফেচিঅ' (a.k.a. "ৰিনা") নামেৰে পিডমণ্টৰ আলেছান্দ্ৰিয়াত আৰু ডাঙৰ-দীঘল হৈছিল মিলানত। ১১ বছৰ বয়সত তেওঁ পৰিয়ালৰ সৈতে চিভিটানোভা মাৰ্চেলৈ গুচি যায়, য’ত তেওঁৰ পিতৃক কাঁচৰ কাৰখানাৰ মেনেজাৰ নিযুক্তি দিয়া হৈছিল। প্ৰাথমিক বিদ্যালয়ৰ বাহিৰেও শিক্ষা গ্ৰহণ কৰিব নোৱাৰি আলেৰামোৱে কি পঢ়িব লাগে সেই বিষয়ে তেওঁৰ প্ৰাক্তন শিক্ষকৰপৰা পৰামৰ্শ বিচাৰি জানি লৈ নিজাববীয়াকৈ অধ্যয়ন কৰি থাকিল। দেউতাকে কাম কৰা একেটা কাৰখানাতে কৰ্মৰত হৈ থকাৰ সময়তে মাত্ৰ ১৫ বছৰ বয়সত তেওঁতকৈ দহ বছৰ ডাঙৰ সহকৰ্মী উল্ডেৰিকো পিয়েৰাংগেলিয়ে খালী অফিচৰ কোঠা এটাত ধৰ্ষণ কৰিছিল। ৰিনাই মাক-দেউতাকক এই ঘটনাৰ কথা কোৱা নাছিল আৰু পিয়েৰাংগেলিয়ে যেতিয়া তাইৰ হাত বিচাৰিছিল, তেতিয়া পৰিয়ালে তাইক বিয়া কৰাবলৈ বুজাইছিল। ডেৰ বছৰৰ পাছত ১৭ বছৰ বয়সত তেওঁৰ প্ৰথম আৰু একমাত্ৰ সন্তান ৱালটাৰ জন্ম হয়।১
পিয়েৰাংগেলি উৎপীড়ক আৰু হিংস্ৰ আছিল আৰু ১৯০১ চনত আলেৰামোৱে ৬বছৰীয়া পুত্ৰক এৰি ৰোমলৈ গুচি যায়।২ বোধহয় তেওঁ বাৰে বাৰে জিম্মাত লোৱাৰ চেষ্টাত বিফল হৈছিল আৰু তেওঁলোকৰ মাজৰ সকলো সম্পৰ্ক দেউতাকে বিচ্ছিন্ন কৰি পেলাইছিল। প্ৰায় ৩০ বছৰৰ পাছত তাই আকৌ লগ পাইছিল ঠিকেই, কিন্তু তাই তাক পৰিত্যাগ কৰাৰ বাবে সি তাইক নাকচ কৰিছিল। এগৰাকী যুৱ শিল্পী ফেলিচ ডামিয়ানীৰ সৈতে চমু সম্পৰ্কৰ অন্তত তেওঁ কিছু বছৰ ধৰি জিওভানি চিনা নামৰ লেখক আৰু সাংবাদিকৰ সৈতে একেলগে থাকিছিল আৰু তেওঁৰ জীৱন-কাহিনীক কাল্পনিক স্মৃতিগ্ৰন্থলৈ ৰূপান্তৰিত কৰিবলৈ (আৰু চিবিলা আলেৰামোৰ ছদ্মনাম ল’বলৈ) উৎসাহিত কৰিছিল। ১৯০৬ চনত তেওঁৰ প্ৰথম উপন্যাস উনা ডোনা (এগৰাকী মহিলা) প্ৰকাশ পায়, যিখন এগৰাকী মহিলাই নিজৰ নিষ্ঠুৰ স্বামীক এৰি যোৱাৰ সিদ্ধান্তৰ বুৰঞ্জী। ৰাজনৈতিক আৰু কলাত্মক মহল বিশেষকৈ ভৱিষ্যতবাদতো সক্ৰিয় হৈ পৰিছিল আৰু ৰোমৰ আশে-পাশে থকা দৰিদ্ৰতাগ্ৰস্ত গ্ৰাম্য অঞ্চল এগাৰ ৰোমানছত স্বেচ্ছাসেৱী কামত লিপ্ত হৈছিল। সেই বছৰবোৰত তেওঁ উম্বাৰ্ট' বচিওনি আৰু ডিনো কেম্পানাৰ সৈতেও উত্তাল প্ৰেমৰ সম্পৰ্কত লিপ্ত হয় (২০০২ চনৰ মিচেল প্লাচিডোৰ Un viaggio chiamato amore ছবিখনত আলেৰামোৰ পিছৰজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক দেখুওৱা হৈছে)।
১৯০৮ চনত চিনাৰ সৈতে জড়িত হৈ থকাৰ সময়তে তেওঁ ছফ্ৰেজেটৰ কংগ্ৰেছত কৰ্ডুলা "লিনা" পলেট্টিক লগ পায়। দুয়োগৰাকী মহিলাৰ মাজত সম্পৰ্ক আৰম্ভ হয়, পিছলৈ ইল পাছাজিঅ’ (দ্য ক্ৰছিং, ১৯১৯) উপন্যাসত বৰ্ণনা কৰা হয়, যিখন কিতাপত আলেৰামোৱে উনা ড’নাত কোৱা কিছুমান পৰিঘটনাকো সংশোধন কৰিছিল, যুক্তি দিছিল যে জিওভানি চিনাই প্ৰথমে তেওঁক নিজৰ কাহিনী অলপ সলনি কৰিবলৈ পতিয়ন নিয়াইছিল। আলেৰামো আছিল ফ্ল'ৰেন্স ভিত্তিক আলোচনী ইল মাৰ্জোকো৩ আৰু লিডেলৰ অন্যতম অৱদানকাৰী, যিখন ১৯১৯–১৯৩৫ চনৰ সময়ছোৱাত প্ৰচলিত আছিল।৪
পিছৰ বছৰবোৰত আলেৰামো ইটালীৰ অন্যতম আগশাৰীৰ নাৰীবাদী হিচাপে পৰিগণিত হয়। ১৯২৫ চনত তেওঁ ফেচিষ্ট বিৰোধী বুদ্ধিজীৱীসকলৰ ইস্তাহাৰক সমৰ্থন কৰে। জীৱনৰ পিছৰ কালছোৱাত আলেৰামোৱে মহাদেশখন ভ্ৰমণ কৰিছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কমিউনিষ্ট ৰাজনীতিত সক্ৰিয় আছিল। ১৯৪৮ চনত তেওঁ ৱ্ৰকলত অনুষ্ঠিত হোৱা শান্তিৰ প্ৰতিৰক্ষাৰ বিশ্ব বুদ্ধিজীৱী কংগ্ৰেছত অংশগ্ৰহণ কৰে।৫
আলেৰামোৱে বিখ্যাতভাৱে কৈছিল যে তাই তিনিটা জীৱন কটোৱা যেন অনুভৱ কৰিছিল। প্ৰথমটোৰ ৰূপৰেখা মাতৃ আৰু পত্নী হিচাপে তেওঁৰ উপন্যাস উনা ডোনাত উল্লেখ কৰা হৈছিল। তেওঁৰ দ্বিতীয়টো আছিল যেতিয়া তেওঁ ইউনিয়ন ফেমিনাইলৰদ্বাৰা পৰিচালিত ৰোমৰ গৃহহীন লোকৰ আশ্ৰয় শিবিৰত স্বেচ্ছাসেৱক হিচাপে কাম কৰিছিল আৰু নাৰীবাদী সংগঠনত সক্ৰিয় আছিল।৬তেওঁৰ 'তৃতীয় জীৱন'ত তেওঁৰ কামত জীৱনৰ অভিজ্ঞতাৰ বিষয়ে লিখি কটোৱা ৩০ বছৰটোৱেই আছিল।৬ ৮৩ বছৰ বয়সত ৰোমত আলেৰামোৰ মৃত্যু হয়।
উত্তৰাধিকাৰ
আলেৰামোৰ জীৱন বেছিভাগেই তাৎপৰ্যপূৰ্ণ কাৰণ এগৰাকী স্বাধীন মহিলা আৰু শিল্পী হিচাপে তেওঁৰ ট্ৰেইল-ব্লেজিং ট্ৰেজেক্টৰীৰ বাবে, আৰু সদায় সাংস্কৃতিক আৰু ৰাজনৈতিক দৃশ্যমানতা বজাই ৰাখি বিভিন্ন যুগৰ মাজেৰে (উদাৰবাদী ইটালী, ফেচিবাদ, দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ, ইটালীয় গণৰাজ্যৰ আগমন) জীয়াই থকা ব্যক্তি হিচাপে। সমকামী সম্পৰ্কৰ ওপৰত তেওঁলোকৰ মুকলি মনৰ দৃষ্টিভংগীৰ বাবে পলেট্টিৰ সৈতে তেওঁৰ ব্যক্তিগত চিঠি-পত্ৰৰ বিষয়ে অধিক শেহতীয়া বছৰবোৰত অধ্যয়ন কৰা হৈছে। বিশেষকৈ আলেৰামোৰ প্ৰথমখন কিতাপ উনা ডনাক ইটালীৰ সাহিত্যৰ ক্লাছিক বুলি গণ্য কৰা হয়, আৰু ইটালীৰ এজন লেখকে লিখা প্ৰথমখন স্পষ্টভাৱে নাৰীবাদী উপন্যাস।
তথ্যসূত্ৰ
- ↑ Drake, Richard. (Apr. – Jun. 1990). Sibilla Aleramo and the Peasants of the Agro Romano: A Writer's Dilemma. Journal of the History of Ideas, 51(2):255–272
- ↑ Disease as Metaphor in Sibilla Aleramo's Una Donna. academic.brooklyn.cuny.edu
- ↑ Laura Scuriatti. (July 2017). Transnational Modernist Encounters in the Provinces: Lacerba, Mina Loy and International Debates on Sexual Morality in Florence. Forum for Modern Language Studies. পৃ. 303–313
- ↑ Eugenia Paulicelli. (2002). Fashion, the Politics of Style and National Identity in Pre-Fascist and Fascist Italy. Gender & History. পৃ. 552
- ↑ Kłos, Anita. (2017). Breslavia – Bassa Slesia e la cultura mediterranea. Edizioni dell'Orso. পৃ. 81–93. ISBN 978-88-6274-772-1
- ↑ Pickering-lazzi, Robin. (1995). Mothers of Invention: Women, Italian Fascism, and Culture. University of Minnesota Press. পৃ. 137–165
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিবিলা আলেৰামো” প্ৰবন্ধৰ সংশোধন ৫৯২৯২৭ (২৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।