কবি
১৬১ প্ৰবন্ধ
-
সুমন পোখৰেল
সুমন পোখৰেল (নেপালী: सुमन पोखरेल; জন্ম ২১ ছেপ্টেম্বৰ ১৯৬৭) এজন নেপালী কবি, গীতিকাৰ, নাট্যকাৰ, অনুবাদক আৰু শিল্পী। নেপাল আৰু ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ে তেওঁৰ কবিতা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। পোখৰেল হৈছে একমাত্ৰ সাহিত্যিক যিজনে দুবাৰ সাৰ্ক সাহিত্য পুৰস্কাৰ লাভ কৰিছে।
-
ৰুমি
জালাল-উদ্দিন-মহম্মদ ৰুমি (Jalāl al-Dīn Muḥammad Rūmī; জন্ম: ৩০ ছেপ্টেম্বৰ, ১২০৭-মৃত্যু:১৭ ডিচেম্বৰ, ১২৭৩) এগৰাকী ইৰাণীয়ান ৰহস্যবাদী চুফী কবি, যাক সাধাৰণতে ৰুমি নামেৰে জনা যায়। তেওঁ মৌলৱীয়্যা (Mawlawiyya) শীৰ্ষক ইছলামিক চুফীবাদৰ প্ৰতিষ্ঠাতা। তেওঁৰ পৰিয়ালৰ পুৰণি ঘৰ আছিল বালখত।
-
আতা উল হক কাচ্মি
আতা উল হক কাচ্মি (Ata ul Haq Qasmi) এগৰাকী উৰ্দু ভাষাৰ পাকিস্তানী স্তম্ভলেখক, নাট্যকাৰ আৰু কবি। তেওঁ প্ৰায় বিশখন কিতাপ লিখাৰ উপৰিও পাকিস্তানৰ আগশাৰীৰ বাতৰি কাকতৰ বাবে বিভিন্ন বিষয়ৰ ওপৰত বহুতো প্ৰবন্ধ লিখিছে।
-
আদিকবি পম্পা
পম্পা (অনুমানিক দশম শতিকা), সন্মানীয় আদিকবি (আদিনাথ পুৰাণৰ কবি)য়েও উল্লেখ কৰা এজন কানাড়া ভাষাৰ জৈন কবি আছিল, যাৰ ৰচনাসমূহে তেওঁৰ দাৰ্শনিক বিশ্বাসক প্ৰতিফলিত কৰিছিল। ৰাষ্ট্ৰকুট সম্ৰাট তৃতীয় কৃষ্ণৰ সামন্ত ভেমুলাবাদ চালুক্য ৰজা দ্বিতীয় অৰিকেছাৰীৰ ৰাজদৰবাৰ কবি আছিল।
-
আহমদ নাদিম কাচ্মি
আহমদ নাদিম কাচ্মি (Ahmad Nadeem Qasmi; ২০ নৱেম্বৰ ১৯১৬ - ১০ জুলাই ২০০৬; জন্ম নাম:আহমদ শ্বাহ আৱান) এগৰাকী উৰ্দু ভাষাৰ পাকিস্তানী কবি, সাংবাদিক, সাহিত্য সমালোচক, নাট্যকাৰ আৰু চুটি গল্প ৰচয়িতা আছিল। তেওঁ কবিতা, কল্প-কাহিনী, সমালোচনা, সাংবাদিকতা আৰু কলাৰ ওপৰত প্ৰায় ৫০ খন কিতাপ লিখিছিল।
-
আহমদ ফৰাজ
চৈয়দ আহমদ শ্বাহ (উৰ্দু: سید احمد شاہ; ১২ জানুৱাৰী ১৯৩১-২৫ আগষ্ট ২০০৮) তেওঁৰ পেন নেম অৰ্থাৎ কলম নাম আহমদ ফৰাজ ৰূপে জনপ্ৰিয়। তেওঁ এগৰাকী পাকিস্তানী উৰ্দু কবি, চিত্ৰনাট্যকাৰ আৰু পাকিস্তান একাডেমী অৱ লেটাৰচ্ৰ প্ৰতিষ্ঠাপক মহানিৰ্দেশক (পিছত অধ্যক্ষ)। তেওঁ ফৰাজ ছদ্মনামেৰে কবিতা লিখিছিল।
-
খলিল জিব্ৰান
খালিল জিব্ৰান (Khalil Jibran) এজন লেবাননীয়-আমেৰিকাৰ কবি আৰু লেখক আছিল। খালিল জিব্ৰানক দাৰ্শনিক বুলিও গণ্য কৰা হয় যদিও তেখেতে নিজকে দাৰ্শনিক হিচাপে পৰিচয় দিবলৈ ভাল নাপাইছিল।
-
গীতা ত্ৰিপাঠী
গীতা ত্ৰিপাঠী ( Geeta Tripathee; জন্ম: ২৮ জুন ১৯৭২) এগৰাকী নেপালী কবি, গীতিকাৰ, নিবন্ধকাৰ, সাহিত্য সমালোচক আৰু পণ্ডিত। নেপালী ভাষাৰ এগৰাকী উল্লেখযোগ্য লেখিকা গীতা ত্ৰিপাঠীৰ কৃতিত্ব দুটা খণ্ডৰ কবিতা সংকলন, এখন গীতি-কবিতাৰ আৰু সাতখন অন্যান্য সাহিত্য ধাৰাৰ গ্ৰন্থ।
-
জন মিল্টন
জন মিল্টন (ইংৰাজীঃ John Milton; ৯ ডিচেম্বৰ ১৬০৮-৮ নৱেম্বৰ ১৬৭৪) এজন ইংৰাজ কবি, তৰ্কবিশাৰদ আৰু অসামৰিক বিষয়া আছিল। বাৰখন কিতাপকে ধৰি তেওঁৰ ১৬৬৭ চনত লিখিত মহাকাব্য পাৰাডাইজ লষ্ট ইংৰাজী সাহিত্যলৈ অনবদ্য অৱদান। পেৰাডেইজ লষ্টে মিল্টনক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ কবি হিচাপে প্ৰতিষ্ঠা কৰে।
-
জীত থাইল
জীত থাইল (Jeet Thayil; জন্ম:১৯৫৯) এগৰাকী ভাৰতীয় কবি, ঔপন্যাসিক, লিব্ৰেট্টিছ তথা সংগীতকাৰ। তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰা ডিজ এৰ’জ আৰ কৰেক্ট (২০০৮)কে ধৰি কেইবাখনো কবিতা সংকলন লিখিছে। তেওঁৰ প্ৰথমখন উপন্যাস নাৰ্ক’পলিচ (২০১২)য়ে দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল।
-
তেনালি ৰাম
তেনালি ৰামকৃষ্ণ (জন্মনাম: গৰ্লাপতি ৰামকৃষ্ণ; তেনালি ৰামলিংগ আৰু তেনালি ৰাম বুলিও জনা যায়; জন্ম: ২২ ছেপ্টেম্বৰ ১৪৮০ – মৃত্যু: ৫ আগষ্ট ১৫২৮) এজন তেলুগু কবি, পণ্ডিত আৰু বিজয়নগৰ সাম্ৰাজ্যৰ শ্ৰীকৃষ্ণদেৱৰায়ৰ দৰবাৰৰ পৰামৰ্শদাতা আছিল।
-
দ্বিজেন্দ্ৰনাথ ঠাকুৰ
দ্বিজেন্দ্ৰনাথ ঠাকুৰ ( জন্ম,১১ মাৰ্চ ১৮৪০ – মৃত্যু,১৯ জানুৱাৰী ১৯২৬) এজন ভাৰতীয় কবি, গীতিকাৰ, দাৰ্শনিক, গণিতজ্ঞ আৰু চিত্ৰশিল্পী আছিল। তেওঁ বঙালী লিপিত শ্বৰ্টহেণ্ড আৰু স্বৰলিপিৰ অন্যতম পথপ্ৰদৰ্শক আছিল। তেওঁ দেবেন্দ্ৰনাথ ঠাকুৰৰ জ্যেষ্ঠ পুত্ৰ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জ্যেষ্ঠ ভাতৃ আছিল।
-
নাজিবা আহমদ
নাজিবা আহমদ ( Najiba Ahmad; জন্ম: ১৯৫৪ ) ( কুৰ্দিছ: ভাগিবা হাহাহাদ, নেচিবে এহমেদ) এজন সমসাময়িক কুৰ্দি লেখক, কবি আৰু অনুবাদক।
-
বেন জনচন
বেঞ্জামিন জনছন (Benjamin Jonson; ১১ জুন ১৫৭২ – ১৮ আগষ্ট, ১৬৩৭) এজন ইংৰাজ নাট্যকাৰ আৰু কবি আছিল। জনছনৰ শিল্পীত্বই ইংৰাজী কবিতা আৰু মঞ্চ কৌতুকৰ ওপৰত এক স্থায়ী প্ৰভাৱ পেলাইছিল।
-
মহিপতি দাস
মহিপতি দাস (১৬১১–১৬৮১), জনপ্ৰিয়ভাৱে কাখাণ্ডকীৰ মহিপতি বুলি কোৱা হয়, ভাৰতৰ কৰ্ণাটকৰ পৰা অহা দ্বৈত বেদান্তৰ হৰিদাস পৰম্পৰাৰ এজন মন্ত্ৰী, পণ্ডিত আৰু বিশিষ্ট সাধু আছিল।
-
লি বাই
লি বাই ( ৭০১ – ৭৬২), লি বো বুলি উচ্চাৰিত হ’বও পাৰে, তেওঁৰ উপনাম আছিল তাইবাই (太白), তেওঁ এজন চীনা কবি আছিল, যাক টাং যুগৰ তথা সমগ্ৰ চীনা ইতিহাসৰ অন্যতম মহান আৰু গুৰুত্বপূৰ্ণ কবি হিচাপে স্বীকৃতি দিয়া হয়।
-
লৰ্ড বায়ৰন
জৰ্জ গৰ্ডন বায়ৰন, ৬ষ্ঠ বাৰণ বায়ৰন (২২ জানুৱাৰী ১৭৮৮ – ১৯ এপ্ৰিল ১৮২৪) এজন ইংৰাজ কবি আছিল। তেওঁ ৰোমাণ্টিক আন্দোলনৰ অন্যতম মুখ্য ব্যক্তিত্ব আছিল আৰু যুক্তৰাজ্যৰ আটাইতকৈ জ্যেষ্ঠ কবিসকলৰ ভিতৰত এজন হিচাপে গণ্য কৰা হয়।
-
শামীম আজাদ
শামীম আজাদ (Shamim Azad; জন্ম:১১ নৱেম্বৰ, ১৯৫২) এগৰাকী বাংলাদেশী মূলৰ দ্বিভাষিক ব্ৰিটিছ কবি, কাহিনী কথক তথা লেখক।
-
শ্ৰী গুনসিংহে
শ্ৰী গুণসিংহে (Siri Gunasinghe; সিংহলী: සිරි ගුණසිංහ; ১৮ ফেব্ৰুৱাৰী ১৯২৫ – ২৫ মে’ ২০১৭) শ্ৰীলংকাৰ এগৰাকী শিক্ষাবিদ, কবি, সংস্কৃতিবিদ, শিল্পকলা ইতিহাসবিদ, লেখক তথা চলচ্চিত্ৰ নিৰ্মাতা আছিল। মুক্ত সিংহল কবিতাৰ সৃষ্টিশীলতাক নিখুঁত আৰু তীক্ষ্ণ কৰাত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
হুমায়ুন কবীৰ
হুমায়ুন কবীৰ(Humayun Kabir, ১৯০৬-১৯৬৯) এজন ভাৰতীয় শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেওঁ বাংলা-ভাষাৰ কবি, নিবন্ধকাৰ আৰু ঔপন্যাসিকো আছিল। তেওঁ আছিল এজন নামথকা ৰাজনৈতিক চিন্তাবিদ।
-
হৰভজন সিং (কবি)
হৰভজন সিং (Harbhajan Singh; ৮ আগষ্ট ১৯২০-২১ অক্টোবৰ ২০০২) এগৰাকী ভাৰতীয় কবি, সমালোচক, সাংস্কৃতিক পৰিৱেশক তথা পাঞ্জাৱী ভাষাৰ অনুবাদক। অমৃতা প্ৰীতমৰ সৈতে, তেওঁক পাঞ্জাৱী কাব্য সাহিত্যৰ লিখন শৈলীলৈ বিপ্লৱ কঢ়িয়াই অনাৰ কৃতিত্ব দিয়া হয়।
-
হৰ্হে লুইছ বৰ্হেছ
হৰ্হে লুইছ বৰ্হেছ (স্পেনিছ: Jorge Luis Borges, জন্মঃ ২৪ আগষ্ট ১৮৯৯ – মৃত্যুঃ ১৪ জুন ১৯৮৬) এগৰাকী বিশিষ্ট আৰ্জেণ্টাইন লেখক, কবি, প্ৰবন্ধকাৰ আৰু ভাবুক ব্যক্তি আছিল। তেওঁৰ সৃষ্টিত চেতনা, বাস্তৱতা, সময়, অসীমতা, পৰিচয় আদি বিষয়বোৰ গভীৰ দাৰ্শনিক দৃষ্টিৰে প্ৰকাশ পাইছে।
-
ৰুপি কৌৰ
ৰুপি কৌৰ (Rupi Kaur; জন্ম: ৪ অক্টোবৰ, ১৯৯২) হ'ল এগৰাকী ভাৰতীয় মূলৰ কানাডিয়ান কবি, ইলাষ্ট্ৰেটৰ আৰু লেখক। ইনষ্টাগ্ৰাম আৰু টাম্বলাৰৰ যোগেদি নিজৰ দৃশ্যমান চুটি কবিতাসমূহ প্ৰকাশ কৰি কৌৰ লোকচক্ষুলৈ আহে। ২০১৪ চনত, তেওঁৰ প্ৰথমখন কিতাপ 'মিল্ক এণ্ড হনি' প্ৰকাশৰ পাছতে তেওঁ অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে।
-
আদিত্য তিৱাৰী
আদিত্য তিৱাৰী এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক।
-
আন্না বুনিনা
আন্না পেট্ৰ'ভনা বুনিনা, জন্ম: ১৮ জানুৱাৰী, ১৭৭৪ চন আৰু মৃত্যু: ১৬ ডিচেম্বৰ, ১৮২৯চন; এগৰাকী ৰাছিয়ান কবি। তেওঁ আছিল প্ৰথম মহিলা ৰাছিয়ান লেখিকা, যিয়ে কেৱল সাহিত্য কৰ্মৰ দ্বাৰাই জীৱিকা নিৰ্বাহ কৰিছিল। ইভান বুনিন আৰু ভাচিলি জুকোভস্কি যিটো সম্ভ্ৰান্ত পৰিয়ালৰ আছিল, আন্নাও সেইটো পৰিয়ালে সন্তান।
-
আবু নুৱাছ
আবু নুৱাছ (أبو نواس) (৭৫৬-৮ – ) এগৰাকী শাস্ত্ৰীয় আৰবী কবি আছিল, যি আব্বাছীয় খিলাফতৰ আৰম্ভণিৰ বছৰত বিকাশ পোৱা আধুনিক (মুহ্দাছ) কবিতাৰ অন্যতম প্ৰতিনিধি আছিল। তেওঁ লোককথাৰ পৰম্পৰাতো প্ৰবেশ কৰিছিল, বিশেষকৈ এহেজাৰ এনিশা (One Thousand and One Nights)-ত কেইবাৰৰ বাবে আবিৰ্ভূত হৈছিল।
-
আমিনথ ফাইজা
আমিনথ ফাইজা (ইংৰাজী: Aminath Faiza; ২৯ ছেপ্টেম্বৰ ১৯২৪ – ২৫ ফেব্ৰুৱাৰী ২০১১), যি ডেইজীমা নামেৰেও অধিক জনপ্ৰিয় আছিল, মালদ্বীপৰ দিভেহি ভাষাৰ এগৰাকী কবি আৰু লেখিকা আছিল।
-
আমিনা আল আদৱান
আমিনা আল আদৱান,(Amina Al Adwan) এগৰাকী জৰ্ডানৰ লেখিকা, কবি আৰু সমালোচক। জৰ্ডানৰ লেখক সংস্থাৰ অন্যতম প্ৰতিষ্ঠাপক। সাংস্কৃতিক মন্ত্ৰালয়ত কাম কৰিছিল আৰু আফকাৰ আলোচনী, Swt Algeel magazine আৰু ফুনুন আলোচনীৰ মুখ্য সম্পাদক আছিল।
-
আমৰাণ মহম্মদ আহমেদ
আমৰাণ মহম্মদ আহমেদ ( Amran Mohamed Ahmed; জন্ম: ১২ এপ্ৰিল ১৯৫৪ চনত হাৰগেইছাত) এগৰাকী ছোমালি লেখিকা, কবি আৰু সাংবাদিক, যিয়ে ২০০৫ চনত ফিনলেণ্ডৰ শৰণাৰ্থী পৰিষদে "বছৰৰ শৰণাৰ্থী মহিলা" হিচাপে নিৰ্বাচিত হয়।
-
আল খাদ্ৰা মাব্ৰুক
আল খাদ্ৰা মিণ্ট মাব্ৰুক (ইংৰাজী: Al Khadra Mint Mabrook; প্ৰায় ১৯৩৪ – অক্টোবৰ ২০২১), যাক চমুকৈ আল খাদ্ৰা বুলি জনা যায়, এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত চহৰাৱী কবি আছিল।