কবি
১৬১ প্ৰবন্ধ
-
ভিট্টৰিয়া আগানুৰ
ভিট্টৰিয়া আগানুৰ ( ২৬ মে' ১৮৫৫ – ৯ এপ্ৰিল ১৯১০) আৰ্মেনিয়ান বংশৰ এগৰাকী ইটালীয় কবি আছিল। তেওঁক "ঊনবিংশ শতিকাৰ কবিতাৰ সৰু কিন্তু গুৰুত্বপূৰ্ণ ব্যক্তিত্ব" বুলি গণ্য কৰা হয়।
-
মনোৰমা মহাপাত্ৰ
মনোৰমা মহাপাত্ৰ (ইংৰাজী: Manorama Mohapatra; জন্ম: ১০ জুন ১৯৩৪ – ১৮ ছেপ্টেম্বৰ ২০২১) এগৰাকী ভাৰতীয় লেখিকা, কবি আৰু সম্পাদক আছিল, যিয়ে মুখ্যত ওড়িয়া ভাষাত সাহিত্য চৰ্চা কৰিছিল। তেওঁ উপন্যাস আৰু কবিতা সংকলন সামৰি মুঠ ৪০খন গ্ৰন্থ ৰচনা কৰিছিল আৰু ওড়িয়া বাতৰি কাকত দ্য সমাজৰ সম্পাদনা কৰিছিল।
-
মহম্মদ বাহৰানী
মহম্মদ বাহৰানী (ফাৰ্চী: محمد بحرانی; জন্ম ১১ ছেপ্টেম্বৰ, ১৯৮১) এজন ইৰানী কণ্ঠ অভিনেতা, পুত্ৰ নাচনী (পাপেটিয়াৰ), অভিনেতা, পৰিচালক, উপস্থাপনকাৰী আৰু কবি।
-
মহম্মদ ৰেজা আচলানী
মহম্মদ ৰেজা আচলানী (ফাৰ্চী:محمدرضا اصلانی; জন্ম: ৯ ডিচেম্বৰ ১৯৪৩) এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা, কলা তত্ত্ববিদ, গ্ৰাফিক ডিজাইনাৰ আৰু কবি। তেওঁ মূলতঃ তেওঁৰ পৰীক্ষামূলক চলচ্চিত্ৰ আৰু তথ্যচিত্ৰসমূহৰ বাবে জনাজাত।
-
মাফিকা গ্ৱালা
মাফিকা পাস্কেল গ্ৱালা (৫ অক্টোবৰ ১৯৪৬ – ৫ ছেপ্টেম্বৰ ২০১৪) এজন সমকালীন দক্ষিণ আফ্ৰিকাৰ কবি আৰু সম্পাদক আছিল, যিয়ে ইংৰাজী আৰু জুলু ভাষাত লিখা-মেলা কৰিছিল।
-
মাৎসু বাসো
মাৎসু বাসো (松尾 芭蕉; ১৬৪৪ – ২৮ নবেম্বৰ, ১৬৯৪) আছিল এডো যুগৰ আটাইতকৈ প্ৰসিদ্ধ জাপানী কবি। জন্মত তেওঁৰ নাম আছিল মাৎসু কিনছাকু (松尾 金作), আৰু পাছত মাৎসু চুয়েমন মুনেফুচা (松尾 忠右衛門 宗房) হিচাপে জনাজাত হৈছিল। জীৱিত অৱস্থাত বাসো মূলতঃ হাইকাই নো ৰেংগা নামৰ সহযোগিতামূলক কাব্যৰ বাবে জনাজাত আছিল।
-
মাৰিয়া ডি ভেণ্টাডৰ্ন
মাৰিয়া ডি ভেণ্টাডৰ্ন (বা ভেণ্টেডৰ্ন) দ্বাদশ শতিকাৰ শেষৰ ফালে ট্ৰুবাড'ৰ(Troubadour) কবিতাৰ পৃষ্ঠপোষক আছিল। মাৰিয়া টুৰিণৰ ভিচকাউণ্ট ৰেমণ্ড দ্বিতীয় আৰু এলিচ ডি চেভেৰাকৰ তিনিজনী কন্যাৰ ভিতৰৰ এগাৰকী আছিল॥ তিনিওগৰাকী জীয়েক বাৰ্ট্ৰান ডি বৰ্ণৰ মতে “সমগ্ৰ বিশ্বৰ সৌন্দৰ্য্যৰ’’ অধিকাৰী আছিল।
-
মাৰ্টা ৰেপুলো ই গ্ৰাউ
মাৰ্টা ৰেপুলো ই গ্ৰাউ (জন্ম ১৯৭৬) এণ্ডোৰাৰ এগৰাকী কাটালান ভাষাৰ লেখিকা তথা কবি। বাৰ্চিলোনাত জন্মগ্ৰহণ কৰা ৰেপুলো শীঘ্ৰেই লা ছেউ দ’ উৰ্গেললৈ স্থানান্তৰিত হয়। তেওঁ স্বায়ত্তশাসিত বাৰ্চিলোনা বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰে।
-
মিগেল দে চেৰ্ভানটেচ
মিগেল দে চেৰ্ভানটেচ (Miguel de Cervantes Saavedra; ২৯ ছেপ্টেম্বৰ ১৫৪৭ – ২২ এপ্ৰিল ১৬১৬) আছিল এজন স্পেনিছ ঔপন্যাসিক, নাট্যকাৰ আৰু কবি। তেওঁক স্পেনৰ সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিত্ব হিচাপে গণ্য কৰা হয়। তেওঁৰ অমৰ ৰচনা "ডন কিহ’ত" (Don Quixote) বিশ্বসাহিত্যৰ প্ৰথম আধুনিক উপন্যাস হিচাপে স্বীকৃত।
-
মিনা দস্তঘেইব
মিনা দস্তঘেইব (Mina Dastgheib) এগৰাকী সমসাময়িক কবি; ১৯৪৩ চনত শ্বিৰাজত জন্মগ্ৰহণ কৰা মিনাই শ্বিৰাজ বিশ্ববিদ্যালয় আৰু তেহৰাণ বিশ্ববিদ্যালয়ৰপৰা ডিগ্ৰী লাভ কৰিছে। মিনাই তেহৰাণ আৰু শ্বিৰাজৰ বিভিন্ন হাইস্কুলত ইংৰাজী আৰু পাৰ্চী সাহিত্যৰ পাঠদান কৰি আহিছে।
-
মিয়েক' কাৱাকামি
মিয়েক' কাৱাকামি (Mieko Kawakami; জন্ম: ২৯ আগষ্ট, ১৯৭৬) অ’ছাকাৰ এগৰাকী জাপানীজ লেখক আৰু কবি। সাহিত্যৰ কেইবাটাও ধাৰাত তেওঁ সন্মানীয় জাপানী সাহিত্য বঁটা লাভ কৰিছে।
-
মুচ বুলেঞ্জাৰ
মুচ বুলেঞ্জাৰ (ইংৰাজী: Mousse Boulanger; জন্মতে: বাৰ্থ ছফি নিউয়েনশ্বাণ্ডাৰ; ৩ নৱেম্বৰ ১৯২৬ – ১৬ জানুৱাৰী ২০২৩) এগৰাকী চুইজাৰলেণ্ডৰ কবি, অভিনেত্ৰী আৰু টেলিভিছন প্ৰযোজক আছিল।
-
মুয়েচাৰ আব্দুল্লাহেদ
মুয়েচাৰ আব্দুল্লাহেদ এগৰাকী উইগুৰ কবি আৰু শিক্ষয়িত্ৰী। তেওঁ চীন চৰকাৰৰ কৰ্তৃপক্ষৰদ্বাৰা উইগুৰ লোকসকলক আবদ্ধ কৰি ৰখাৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি আহিছে। তেওঁ প্ৰবাসী উইগুৰ শিশুসকলক উইগুৰ ভাষা শিক্ষাদান কৰে।
-
মৰিয়ম ছাইদ
মৰিয়ম ছাইদ (ইংৰাজী: Mariyam Saeed; ২৭ মাৰ্চ ১৯৩৩ – ২৬ এপ্ৰিল ২০১৮) মালদ্বীপৰ এগৰাকী কবি আছিল। তেওঁ মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম নাছিৰৰ দ্বিতীয় পত্নী হিচাপে ১৯৬৮ চনৰ নৱেম্বৰৰ পৰা ১৯৬৯ চনৰ মে' মাহলৈকে মালদ্বীপৰ 'ফাৰ্ষ্ট লেডী' আছিল।
-
য়'হান ৱল্ফগাং ফন গ্যটে
য়’হান ৱল্ফগাং ফন গ্যটে (Johann Wolfgang von Goethe,; ২৮ আগষ্ট ১৭৪৯ – ২২ মাৰ্চ ১৮৩২) আছিল এজন জাৰ্মান কবি, ঔপন্যাসিক, নাট্যকাৰ, বিজ্ঞানী আৰু চিন্তাবিদ। তেওঁ ইউৰোপৰ সাহিত্য, দৰ্শন, আৰু বিজ্ঞানৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল।
-
লল্লেশ্বৰী
লল্লেশ্বৰী, (প্ৰায় ১৩২০–১৩৯২) সাধাৰণতে লাল ডাড নামেৰেও জনাজাত হিন্দু দৰ্শনৰ কাশ্মীৰ শৈৱ ধৰ্মৰ বিদ্যালয়ৰ কাশ্মীৰী ৰহস্যবাদী কবি আছিল। তেওঁ ৰহস্যময় কবিতাৰ শৈলীৰ সৃষ্টিকৰ্তা আছিল যাৰ অৰ্থ "বাক্য" (সংস্কৃত vāc ৰ পৰা)।
-
লায়লা সাৰাহাত ৰুশানী
লায়লা সাৰাহাত ৰুশানী (প্ৰায় ১৯৫২-৫৪ – ২১ জুলাই ২০০৪) এগৰাকী আফগান কবি আছিল। তেওঁৰ প্ৰথম নাম লায়লা ৰূপেও পোৱা যায়। আৰু কাবুল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁৰ ভগ্নী অষ্ট্ৰেলিয়াত মৃত্যু মুখত পৰিছিল আৰু তাৰ পাছতেই তেওঁৰ মাতৃৰো মৃত্যু হয়। তেওঁ প্ৰধানকৈ আধুনিক ফাৰ্চী কবিতাৰ সংকলন প্ৰকাশ কৰিছিল।
-
লি য়ে
লি য়ে (ইংৰাজী: Li Ye; মৃত্যু ৭৮৪), তেওঁৰ সন্মানীয় নাম লি জিলান বুলিও জনাজাত, টাং বংশৰ শাসনকালৰ এগৰাকী চীনা সংগীতজ্ঞ, সন্ন্যাসিনী আৰু কবি আছিল। তেওঁ নিজৰ কাব্যিক প্ৰতিভাৰ লগতে সৌন্দৰ্যৰ বাবেও পৰিচিত আছিল।
-
লিউ কিংয়ুন
লিউ কিংয়ুন (চীনা: 刘清韵; পিনয়ন: Liú Qīngyùn; প্ৰায় ১৮৪১ – প্ৰায় ১৯০০; সৌজন্যত নাম গুচিয়াং) এগৰাকী চীনা নাট্যকাৰ আৰু কবি। তেওঁক "ঊনবিংশ শতিকাৰ আটাইতকৈ উৎকৃষ্ট মহিলা নাট্যকাৰ" বুলি অভিহিত কৰা হৈছে।
-
লিউ ছাইছুন
লিউ ছাইছুন (চীনা: 劉采春; পিনইন: Liú Cǎichūn) আছিল চীনৰ টাং ৰাজবংশৰ সময়ছোৱাৰ এগৰাকী গেজি (দৰবাৰী নৰ্তকী), অভিনেত্ৰী আৰু কবি। তেওঁ শ্বুই ত্বো, য়ু জুৱাঞ্জি আৰু লি য়েৰ সৈতে টাং ৰাজবংশৰ আটাইতকৈ বিখ্যাত মহিলা কবিসকলৰ অন্যতম হিচাপে পৰিচিত।
-
লু বিচেং
লু বিচেং (চীনা: 呂碧城 / 吕碧城; পিনইন: Lǚ Bìchéng; ১৮৮৩–১৯৪৩), যি পি. চি. লি, পি-চেং লি, এলিছ (পি.) লি বা এলিছ পিচেন লি নামেৰেও পৰিচিত, এগৰাকী চীনা লেখিকা, সমাজসেৱী, সংবাদপত্ৰ সম্পাদক, কবি আৰু বিদ্যালয় প্ৰতিষ্ঠাপক আছিল।
-
লুইচ মেক
মেৰী লুইচ হেমিল্টন মেক (১০ অক্টোবৰ ১৮৭০ – ২৩ নৱেম্বৰ ১৯৩৫) এগৰাকী অষ্ট্ৰেলিয়ান কবি, সাংবাদিক আৰু ঔপন্যাসিক আছিল। লেখা আৰু ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ সৈতে জড়িত হোৱাৰ বাবে বেলজিয়ামৰ প্ৰথম মহিলা যুদ্ধ সংবাদদাতা হিচাপে তেওঁ বেছিকৈ পৰিচিত।
-
লেইলা ওতাদী
লেইলা ওতাদী (ফাৰ্চী: لیلا اوتادی) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী, কবি আৰু স্থপতিবিদ।
-
শকুন্তলা সচিতানন্দন
শকুন্তলা সচিতানন্দন (ইংৰাজী: Sakuntala Sachithanandan) এগৰাকী শ্ৰীলংকান কবি, অধিবক্তা আৰু গল্পকাৰ। তেওঁৰ সাহিত্যিক কৰ্মৰাজীত প্ৰায়ে দৰিদ্ৰতা, সামাজিক অসমতা, প্ৰাণী, শিশু আৰু শ্ৰমিকৰ শোষণৰ দৰে বিষয়সমূহে প্ৰাধান্য পায়।
-
শেহনাজ মুন্নী
শেহনাজ মুন্নী (Shahnaz Munni, জন্ম ১৯৬৯) এগৰাকী বাংলাদেশী সাংবাদিক, কবি আৰু লেখক। ২০১৬ চনৰ জানুৱাৰী মাহৰপৰা তেওঁ ঢাকাস্থিত টেলিভিছন চেনেল নিউজ ২৪ৰ মুখ্য নিউজ এডিটৰ ৰূপে কৰ্মৰত। শেহনাজ শিশু কল্যাণমূলক কাম-কাজৰ সৈতে জড়িত।
-
শ্বিফায় ইছফাহানী
শ্বিফায় ইছফাহানী (Shifa'i Isfahani) (জন্ম, ১৫৪৯ বা ১৫৫৮/৫৯ – মৃত্যু,৯ মে' ১৬২৮) ১৬ আৰু ১৭ শতিকাত ছাফাৱী ইৰাণৰ এজন চিকিৎসক আৰু কবি আছিল আৰু প্ৰথম শ্বাহ আব্বাছ (১৫৮৭–১৬২৯ চনত ৰাজত্ব কৰিছিল)ৰ কবি বঁটা বিজয়ী আছিল।
-
শ্বু টিং
শ্বু টিং (চীনা: 舒婷; জন্ম ১৯৫২, জিনজিয়াং, ফুজিয়ান) হৈছে গং পেইয়ু (龚佩瑜)ৰ কলম নাম। তেওঁ কুঁৱলীময় কবি আন্দোলনৰ সৈতে জড়িত এগৰাকী আধুনিক চীনা কবি। তেওঁ ১৯৭০ দশকত কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁৰ ৰচনাসমূহ প্ৰকাশ পায়।
-
শ্ৰীকান্ত বাৰ্মা
শ্ৰীকান্ত বাৰ্মা (১৯৩১ চনৰ ১৮ ছেপ্টেম্বৰ – ১৯৮৬ চনৰ ২৫ মে') ভাৰতীয় কবি আৰু ১৯৭৬ চনৰপৰা ১৯৮২ চন আৰু ১৯৮২ চনৰপৰা ১৯৮৬ চনলৈকে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মধ্যপ্ৰদেশৰ সংসদ সদস্য আছিল। ১৯৮৬ চনত নিউয়ৰ্কত কৰ্কট ৰোগত আক্ৰান্ত বাৰ্মাৰ মৃত্যু হয়
-
সাহাৰ আজদমসানি
সাহাৰ আজদমসানি (ফাৰ্চী:سحر اژدم ثانی; জন্ম ২৬ মাৰ্চ ১৯৯৬) হৈছে এগৰাকী ইৰানী গায়িকা, সুৰকাৰ, কবি, গীতিকাৰ, লেখিকা আৰু ফটোগ্ৰাফাৰ।
-
স্বৰাজবীৰ সিং
স্বৰাজবীৰ সিং (জন্ম ২৪ এপ্ৰিল ১৯৫৮) এজন ভাৰতীয় পাঞ্জাবী নাট্যকাৰ, কবি, প্ৰশাসক আৰু সম্পাদক। মছিহা দি ৰাত (২০১৬) নাটকৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰে। ২০১৮ চনৰ ৩১ আগষ্টৰপৰা ২০২৪ চনৰ ১৩ জানুৱাৰীলৈকে তেওঁ দৈনিক কাকত পাঞ্জাবী ট্ৰিবিউনৰ সম্পাদক আছিল।