এণ্ড্ৰিউ মাৰ্ভেল (Andrew Marvell, 31 মাৰ্চ 1621-16 আগষ্ট 1678) এজন ইংৰাজ মেটাভিজিকেল কবি, ব্যংগলেখক আৰু ৰাজনীতিবিদ। তেখেত ১৬৫৯ চনৰ পৰা ১৬৭৮ চনৰ সময়ছোৱাত হাউচ অৱ কমন্সৰ আসনত বহিছিল। কমনৱেলথৰ সময়ছোৱাত তেওঁজন মিল্টনৰ সহকৰ্মী আৰু বন্ধু আছিল।
চমু জীৱনী আৰু সাহিত্যিক অৱদান
মাৰ্ভেলৰ জন্ম ১৬২১ চনৰ ৩১ মাৰ্চত ইয়ৰ্কশ্বায়াৰৰ ইষ্ট ৰাইডিংৰ ৱিনষ্টেডত হৈছিল। তেওঁ এণ্ডু মাৰ্ভেল নামৰ এজন ইংলেণ্ডৰ গীৰ্জাঘৰৰ ধৰ্মাৱলম্বী লোকৰ পুত্ৰ আছিল।১ যেতিয়া তেওঁৰ দেউতাক হ 'লি ট্ৰিনিটি গীৰ্জাৰ যাজক হিচাপে নিযুক্ত হৈছিল, তেতিয়া পৰিয়ালটো হাললৈ স্থানান্তৰিত হৈছিল, আৰু মাৰ্ভেলে হাল গ্ৰামাৰ স্কুল শিক্ষা গ্ৰহণ কৰিছিল। ১৩ বছৰ বয়সত মাৰ্ভেল কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজত নামভৰ্তি কৰে আৰু অৱশেষত বি. এ ডিগ্ৰী লাভ কৰিছিল।২ পঢ়া জীৱনতে তেখেতৰ ৰোমান ধ্ৰুপদী কবিসকল আৰু ব্যঙ্গ ৰচকসকলৰ লেখাৰ সৈতে পৰিচিত হয়। ১৬৪৮ চনৰ পৰা কবিতা লিখিবলৈ লয়। জন মিল্টনৰ সৈতে বন্ধুত্বৰ সূত্ৰে ১৬৫৩ চনত কাউন্সিল অৱ্ ষ্টেইটৰ সহকাৰী সচিবৰ পদত পদত নিযুক্ত হয় আৰু ১৬৫৯ চনত সংসদলৈ সদস্য হিচাপে নিৰ্বাচিত হয়। ৩
ৰাজনৈতিক আৰু ধৰ্মীয় বিষয়ক আধাৰ কৰি তেখেতে কেইবাটাও ব্যঙ্গ কবিতা ৰচনা কৰে। এইবোৰৰ ভিতৰত উল্লেখযোগ্য হ'ল 'ক্লাৰিগুনচ হাউচ বৰ্মিং', 'The Loyal Scott' আৰু 'The Statue in the Stocks Market'। বাঙ্গ কবিতাৰ সঙ্কলন Poems on the Affairs of the State(১৬৮৯-১৭১৬)এ তেওঁৰ ৰাজনৈতিক সচেতনৰ সাক্ষ্য বহন কৰে। গীৰ্জাৰ উৎপত্তি সম্পৰ্কে জনাৰ বাবে আগ্ৰহী হৈ মাৰ্ভেলে যি অনুসন্ধান চলাইছিল তাৰ ফলশ্ৰুতি হ'ল A Short Historical Essay Touching General Councils, Creeds and Impositions Matters of Religion (১৬৮০)। তেওঁৰ অতি বিখ্যাত মেটাফিজিকেল প্ৰেমৰ কবিতা হ'ল 'To His Coy Mistress'! আধ্যাত্মিক ভাবনা নিহিত কবিতাৰ ভিতৰত 'The Garden' উল্লেখযোগ্য সৃষ্টি।৩
তথ্যসূত্ৰ
- ↑ Roberts. (2023). The History of Parliament: The House of Commons 1640-1660. Boydell & Brewer. পৃ. 1–1014. ISBN 978-1-80010-966-7
- ↑ A Cambridge Alumni Database. University of Cambridge
- ↑ মদন শৰ্মা, সম্পা.(২০০৩), বিশ্বকোষ, পঞ্চম খণ্ড, অসম সাহিত্য সভা, ৪১৪-ক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এণ্ড্ৰিউ মাৰ্ভেল” প্ৰবন্ধৰ সংশোধন ৪৩৯৮৫২ (২১ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।