কান্নাপ্পিলিল ভাৰ্গিজ ডমিনিক (জন্ম: ১৩ ফেব্ৰুৱাৰী, ১৯৫৬) হৈছে এজন ভাৰতীয় কবি, লেখক, সম্পাদক আৰু সাহিত্য সমালোচক। তেওঁ কেৰালাৰ থোডুপুঝাস্থিত নিউমেন কলেজৰ ইংৰাজী স্নাতকোত্তৰ আৰু গৱেষণা বিভাগৰ এজন অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক।
সাংস্কৃতিক আৰু সাহিত্যিক জীৱন
ডমিনিকৰ বৰ্তমানলৈকে ৫৫খন গ্ৰন্থ প্ৰকাশ পাইছে। ইয়াৰ ভিতৰত আঠখন ইংৰাজী ভাষা কবিতা পুথি, হিন্দী ভাষা, ফৰাচী ভাষা, বঙালী ভাষা, তামিল ভাষা, মালয়ালম ভাষা আৰু গুজৰাটী ভাষা ভাষালৈ অনূদিত একোখনকৈ কবিতা পুথি আৰু ৮টা চুটিগল্প সংকলন (চাৰিখন ইংৰাজী আৰু ফৰাচী, হিন্দী, মালায়ালম আৰু বাংলা ভাষাত একোখনকৈ) অন্তৰ্ভুক্ত হৈ আছে।১২৩ কানাডাৰ হিডেন ব্ৰুক প্ৰেছৰদ্বাৰা প্ৰকাশিত৪ দ্য ডান্স অৱ দ্য পিকক: এন এনথ’লজী অৱ ইংলিছ পয়েত্ৰী ফ্ৰম ইণ্ডিয়া নামৰ কবিতা সংকলনখনত তেওঁৰ কবিতাই স্থান লাভ কৰিছে।৫ তেওঁৰ বহুসংখ্যক গৱেষণা পত্ৰ, কবিতা, চুটিগল্প, গ্ৰন্থ সমালোচনা আৰু একাংকিকা নাট আদি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পত্ৰিকা আৰু সম্পাদিত সংকলনত প্ৰকাশ পাইছে। তেওঁৰ কবিতাৰ ওপৰত পাঁচখন আৰু চুটিগল্পৰ ওপৰত এখন সমালোচনামূলক গ্ৰন্থ প্ৰকাশ হৈছে। তেওঁ ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত দহখন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্য সন্মিলন আয়োজন কৰাৰ লগতে দেশ-বিদেশৰ অসংখ্য কৰ্মশালা, আলোচনাচক্ৰ আৰু সন্মিলনত অংশগ্ৰহণ কৰিছে। ইংৰাজী ভাষা আৰু সাহিত্যৰ দুখনকৈ আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰিকাৰ সম্পাদক হিচাপে তেওঁ গৱেষণা পদ্ধতি আৰু ডকুমেণ্টেচন শৈলীৰ এজন বিশেষজ্ঞ আৰু এই বিষয়ত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত বহু কৰ্মশালা পৰিচালনা কৰিছে। ভাৰত তথা বিদেশৰ বহু গৱেষক আৰু লেখকে ডমিনিকৰ কবিতাৰ ওপৰত অধ্যয়ন কৰিছে।৬ ২০১৬ চনত আমেৰিকাৰ এন আৰ্বৰস্থিত মডাৰ্ন হিষ্ট্ৰী প্ৰেছৰপৰা কে. ভি. ডমিনিকৰ কবিতাৰ এক সম্পূৰ্ণ সংকলন প্ৰকাশ পায়।৭
কাৰ্যকলাপ আৰু স্বীকৃতি
ডমিনিক ‘গিৱেক’ (GIEWEC - Guild of Indian English Writers Editors and Critics)ৰ সচিব। তেওঁ প্ৰতি বছৰে ভাৰতৰ বিভিন্ন প্ৰান্তত গৱেষণা পদ্ধতি আৰু এমএলএ (MLA) ডকুমেণ্টেচন শৈলীৰ ওপৰত কৰ্মশালা পৰিচালনা কৰে।৮৬
- ২০০৯ চনৰ ৯ জুলাইত চেন্নাইৰ চেম্মেনচেৰীস্থিত বিশ্ব শান্তি কেন্দ্ৰত অনুষ্ঠিত বিশ্ব কবিতা দিৱস উদ্যাপন অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় কবি একাডেমী, চেন্নায়ে তেওঁক "বিশ্ব কবিতালৈ আগবঢ়োৱা বিশিষ্ট অৱদান আৰু বিশ্ব শান্তি, গোলকীয় সম্প্ৰীতি তথা মহাজাগতিক মানৱতাবাদৰ দিশত মানৱ জাতিক প্ৰভাবিত কৰাৰ অগ্ৰগামী প্ৰয়াসৰ স্বীকৃতি স্বৰূপ" ‘জীৱনজোৰা সাধনা বঁটা’ (LIFETIME ACHIEVEMENT AWARD) প্ৰদান কৰে।
- ২০১৪ চনৰ ২৮ ডিচেম্বৰত তিৰুৱনন্তপুৰম (কেৰালা)ত অনুষ্ঠিত ১০ম আন্তঃৰাষ্ট্ৰীয় লেখক মহোৎসৱত চান্দিগড়ৰ ইণ্ডিয়া ইণ্টাৰ-কণ্টিনেণ্টেল কালচাৰেল এছ’চিয়েশ্যনে সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে ‘কাফ্লা ইণ্টাৰ-কণ্টিনেণ্টেল সন্মানীয় বঁটা: সাহিত্য শিৰোমণি’ প্ৰদান কৰে।
- ২০২০ চনৰ ১ ছেপ্টেম্বৰত বেংগালুৰুৰ আন্তঃৰাষ্ট্ৰীয় ছুফী কেন্দ্ৰই ভাৰতীয় ইংৰাজী কবিতালৈ আগবঢ়োৱা বিশিষ্ট অৱদান আৰু সাম্প্ৰদায়িক সম্প্ৰীতি তথা মহাজাগতিক মানৱতাবাদৰ দিশত মানৱ জাতিক প্ৰভাবিত কৰাৰ প্ৰয়াসৰ স্বীকৃতি স্বৰূপে তেওঁক ‘ব্ৰাইটেষ্ট অনাৰ’ (Brightest Honour) সন্মানেৰে ভূষিত কৰে।
- ২০২৫ চনৰ ২৯ জুনত ত্ৰিপুৰাৰ আগৰতলাস্থিত চিলড্ৰেনছ লিটাৰেচাৰ ৰিচাৰ্চ চেণ্টাৰে (CLRC) কবিতা আৰু সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে অধ্যাপক ড° কে. ভি. ডমিনিকক গৌৰৱেৰে ‘চিএলআৰচি সাহিত্য বঁটা ২০২৫’ (CLRC LITERARY AWARD 2025) প্ৰদান কৰে।
সম্পাদনা
ডমিনিক ইণ্টাৰনেচনেল জাৰ্নেল অন মাল্টিকালাচাৰেল লিটাৰেচাৰ (IJML)ৰ সম্পাদক আৰু প্ৰকাশক,৯ আৰু উক্ত গিল্ডৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা পত্ৰিকা ৰাইটৰ্ছ এডিটৰ্ছ ক্ৰিটিক্স (WEC)ৰ মুখ্য সম্পাদক।১০
সাক্ষাৎকাৰ
ডমিনিকক কেইবাজনো গৱেষক আৰু সাহিত্যিকে সাক্ষাৎকাৰ লৈছে।
- অধ্যাপক এলিচাবেটা মেৰিনোৰদ্বাৰা ড° কে. ভি. ডমিনিকৰ সাক্ষাৎকাৰ; ২০১২ চনৰ ফেব্ৰুৱাৰী সংখ্যাৰ MOSAICO (ইটালীয়ানত প্ৰকাশিত আৰু ইয়াৰ ইংৰাজী অনুবাদ ২০১২ চনৰ এপ্ৰিলত গোৱালিয়ৰ, ভাৰতৰ Labyrinth-ত প্ৰকাশিত।১১ খণ্ড-৪, সংখ্যা-২।
- ড° ৰোহিত ফুট্টীলাৰদ্বাৰা ড° কে. ভি. ডমিনিকৰ সাক্ষাৎকাৰ; ২০১৭ চনৰ জানুৱাৰীত কেৰালা, ভাৰতৰ International Journal on Multicultural Literature-ত প্ৰকাশিত।১২১৩ খণ্ড-৭, সংখ্যা-১।
- পাৰ্থজিৎ ঘোষৰ সৈতে ড° কে. ভি. ডমিনিকৰ বাৰ্তালাপ; ২০১৭ চনৰ জুলাইত হিমাচল প্ৰদেশ, ভাৰতৰ Poetcrit-ত প্ৰকাশিত।১৪ খণ্ড-৩০, সংখ্যা-২।
- গৌতম কৰ্মকাৰৰদ্বাৰা গ্ৰহণ কৰা সাক্ষাৎকাৰ "Revelations of a Pantheistic Poet: Dr K.V. Dominic in Conversation"; ১৫ ২০১৭ চনৰ আগষ্টত অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰ্ছ বিশ্ববিদ্যালয়ৰ জাৰ্নেল Writers in Conversation-ত প্ৰকাশিত।১৬ খণ্ড-৪, সংখ্যা-২।
- ড° জাৰ্নাইল সিং আনন্দৰদ্বাৰা ড° কে. ভি. ডমিনিকৰ সাক্ষাৎকাৰ। ‘Interviews with Poets, Critical Thinkers and Scholars, 21st CENTURY CRITICAL THOUGHT, A DIALOGUE WITH POSTMODERN VOICES’ (খণ্ড ৩)-ত প্ৰকাশিত। প্ৰকাশক: আৰ্থ ভিজন পাব্লিকেচন্স, গুৰুগ্ৰাম, হাৰিয়ানা, ভাৰত, ২০২১।
- ড° এছ বৰাথীৰদ্বাৰা গ্ৰহণ কৰা সাক্ষাৎকাৰ; ড° এছ বৰাথীৰদ্বাৰা সম্পাদিত ‘A Conversation with Contemporary Indian English Poets’ গ্ৰন্থত অন্তৰ্ভুক্ত আৰু বুক লিফ পাব্লিচিং (Book Leaf Publishing)দ্বাৰা ২০২৩ চনৰ ছেপ্টেম্বৰত প্ৰকাশিত।১৭
প্ৰকাশিত গ্ৰন্থসমূহ
কবিতা সংকলন
- উইংড ৰিজন (Winged Reason) (২০১০), অৰ্থৰ্ছ প্ৰেছ, নতুন দিল্লী
- ৰাইট ছন, ৰাইট (Write Son, Write) (২০১১), গ্নোচিচ, নতুন দিল্লী
- মাল্টিকালাচাৰেল চিম্ফনী (Multicultural Symphony) (২০১৪), গ্নোচিচ, নতুন দিল্লী
- কণ্টেম্পৰেৰী কনচাৰ্নছ এণ্ড বিয়ণ্ড (Contemporary Concerns and Beyond) (২০১৬), অৰ্থৰ্ছ প্ৰেছ, নতুন দিল্লী
- কে. ভি. ডমিনিক এছেন্সিয়েল ৰিডিঙছ এণ্ড ষ্টাডী গাইড (K. V. Dominic Essential Readings and Study Guide) (২০১৬), মডাৰ্ন হিষ্ট্ৰী প্ৰেছ, এন আৰ্বৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ
- অভীপ্সা (Abheepsa) (২০১৬), অনুবাদক: ড° সন্তোষ আলেক। অৰ্থৰ্ছ প্ৰেছ, নতুন দিল্লী
- আপনী অভীপ্সা (Aapni Abheepsa) (২০১৬), অনুবাদক: ফাডাৰ ভাৰ্গিজ পল আৰু যোচেফ মেকৱান। ৰেন্নাডে প্ৰকাশন, আহমেদাবাদ১৮
- কেটাৰেক্টছ অৱ কম্পেছন (Cataracts of Compassion) (২০MT১৭), অৰ্থৰ্ছ প্ৰেছ, নতুন দিল্লী৩
- Poèmes Philosophiques de K V Dominic: Poèmes sur la justice sociale, les droits des femmes et de lenvironnement (ফৰাচী সংস্কৰণ) (২০১৯) কিণ্ডল সংস্কৰণ১৯ * Winged Reason--A Bilingual Anthology of Poems (দ্বিভাষিক কবিতা সংকলন); বৰাথী শ্ৰীনিবাসনৰদ্বাৰা অনূদিত। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০১৯। * Write My Son, Write (বাংলা অনুবাদ); ড° সবিতা চক্ৰৱৰ্তীৰদ্বাৰা অনূদিত। আণ্ডাৰগ্ৰাউণ্ড লিটাৰেচাৰ, কলকাতা, ২০১৯। * মিউজিঙছ অন ক’ভিড পেণ্ডেমিক এণ্ড বিয়ণ্ড (Musings on Covid Pandemic and Beyond) (২০২১) অৰ্থৰ্ছ প্ৰেছ, নতুন দিল্লী * Ezhuthoo Makane, Ezhuthoo (নিৰ্বাচিত ইংৰাজী কবিতাৰ মালায়ালম অনুবাদ); মধু এছ.ৰদ্বাৰা অনূদিত। অৰ্থৰ্ছ প্ৰেছ, নতুন দিল্লী, ২০২১ ডিচেম্বৰ। * থৰ্নছ এণ্ড এগনীজ'' (Thorns and Agonies) (২০২৪) অৰ্থৰ্ছ</ref>
- পি. চি. কে. প্ৰেমছ হিষ্ট্ৰী অৱ কণ্টেম্পৰেৰী ইণ্ডিয়ান ইংলিছ পয়েত্ৰী: এন এপ্ৰাইজেল (খণ্ড ১ আৰু ২)। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০১৯।
- টেলছ আনৰেভেলড: ছাফাৰিংস এণ্ড পেংছ অৱ দা ডাউনট্ৰডন ইন দা শৰ্ট ষ্ট’ৰীজ অৱ কে. ভি. ডমিনিক। সম্পাদক: ড° এছ. বৰাথী। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০২৩।২০
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ BOOKS - Prof. K V Dominic. Profkvdominic.com
- ↑ K. V. Dominic. (1 January 2016). Contemporary Concerns and Beyond. authorspress. পৃ. 86. ISBN 9789352074006
- ↑ (January 2017). Cataracts of Compassion: A Collection of Poems. ISBN 978-93-87281-37-0
- ↑ Press, Hidden Brook. Hidden Brook Press. Hidden Brook Press
- ↑ Grove, Richard. The Dance of the Peacock:An Anthology of English Poetry from India. Hidden Brook Press, Canada
- ↑ Kumaran. (1 February 2016). Philosophical Musings for a Meaningful Life: An Analysis of K.V. Dominics Poems''. Modern History Press
- ↑ Dominic, K. V. (15 July 2016). K. V. Dominic Essential Readings and Study Guide: Poems about Social Justice, Womens Rights, and the Environment''. Modern History Press
- ↑ Marino, Elisabetta. (April 2013). Interview with Prof. K. V. Dominic. Labyrinth. পৃ. 208
- ↑ Home. ijmljournal.com
- ↑ Home. writerseditorscriticsjournal.com
- ↑ Welcome to UGC, New Delhi, India. Ugc.ac.in
- ↑ Welcome to UGC, New Delhi, India. Ugc.ac.in
- ↑ International Journal on Multicultural Literature
- ↑ Welcome to UGC, New Delhi, India. Ugc.ac.in
- ↑ Karmakar, Goutam. (August 2017). Revelations of a Pantheistic Poet: Dr K.V. Dominic in Conversation. Writers in Conversation
- ↑ Writers in Conversation. journals.flinders.edu.au
- ↑ www.amazon.in/Conversation-Contemporary-Indian-E
- ↑ Prof. K V Dominic - Prof.K V Dominic. Profkvdominic.com
- ↑ {{Cite book|url=https://www.amazon.in/Po%C3%A8mes-Philosophiques-Dominic-justice-lenvironnement-ebook/dp/B07PRB4926/ref=sr_1_32?qid=1554618895&refinements=p_27%3AK.+V.+Dominic&s=books&sr=1-32|title = Poèmes Philosophiques de K V Dominic: Poèmes sur la justice sociale, les droits des femmes et de l''environnement}}
- ↑ Tales Unraveled Sufferings and Pangs of the Downtrodden in the Short Stories of K. V. Dominic
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে. ভি. ডমিনিক” প্ৰবন্ধৰ সংশোধন ৬২৮৭২৪ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।