আমিনা আল আদৱান,(Amina Al Adwan) এগৰাকী জৰ্ডানৰ লেখিকা, কবি আৰু সমালোচক। জৰ্ডানৰ লেখক সংস্থাৰ অন্যতম প্ৰতিষ্ঠাপক। সাংস্কৃতিক মন্ত্ৰালয়ত কাম কৰিছিল আৰু আফকাৰ আলোচনী, Swt Algeel magazine আৰু ফুনুন আলোচনীৰ মুখ্য সম্পাদক আছিল। জৰ্ডানৰ মহিলা সংঘৰ প্ৰাক্তন সদস্য হিচাপে তেওঁ জৰ্ডানৰ মহিলা আন্দোলনত অংশগ্ৰহণ কৰিছিল।১
জন্ম আৰু শিক্ষা
আমিনা আল আদৱানৰ জন্ম হৈছিল জৰ্ডানৰ আম্মানত। ইজিপ্তৰ ঈন শ্বামছ বিশ্ববিদ্যালয়(Ain Shams University)ত অধ্যয়ন কৰি ১৯৭০ চনত কলা শাখাৰ দৰ্শনত স্নাতক ডিগ্ৰী লাভ কৰে। এবছৰৰ পাছত কাইৰোৰ আমেৰিকান বিশ্ববিদ্যালয়ৰ পৰা সাহিত্য সমালোচনাত ডিপ্লমা লাভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ১৯৭১ চনৰ পৰা ১৯৮২ চনলৈকে আফকাৰ আলোচনী, Swt Algeel আলোচনী আৰু ফুনুন আলোচনীকে ধৰি কেইবাখনো আৰবী আলোচনীৰ মুখ্য সম্পাদক হিচাপে সাংস্কৃতিক মন্ত্ৰালয়ত কাম কৰে২। গোটেই জীৱন কালত তেওঁ আঠচল্লিশখন কবিতা গ্ৰন্থ প্ৰকাশ কৰিছিল। তদুপৰি সমসাময়িক আৰবী সাহিত্য আৰু উপন্যাসৰ ওপৰত প্ৰবন্ধ লিখা, আৰু সমসাময়িক জৰ্ডানৰ সাহিত্যৰ ওপৰত তেওঁ সাহিত্য আৰু সমালোচনাত্মক অধ্যয়ন কৰিছিল।৩
সাহিত্য-কৰ্ম
তেওঁৰ কিছু সাহিত্য হ’ল:
- এ হোম উইথ ন' ৱালছ (A Home with No Walls, ১৯৮২)১
- ইন ফ্ৰন্ট অৱ দ্য বেৰিয়াৰ (In Front of The Barrier, ১৯৮৩)১
- মেটালিক ৰুমছ অৱ বাপ্তিজম্ (Metallic Rooms of Baptism, ১৯৮৫)১
- লছ অৱ ৱেইট (Loss of Weight, ১৯৮৬)১
- ৰিবেলিয়াছ ভয়চ(Rebellious Voices, ১৯৮৬)১
- আৰব ফেচেচ (Arab Faces, ১৯৯১)১
- ডেথ চেণ্টেন্সেচ (Death Sentences, মূল: Aḥkam al-i'dām)১
- মুস্তাফা ছা’দ (Mustafa Sa’d, ১৯৯৩)১
- বিটাৰ কফি (Bitter Coffee, মূল: Qahwah murrah) (২০০৩)৪
- ডেষ্ট্ৰইড ৱাল (The Destroyed Wall, মূল: আল-ছুৰ আল-মাহদুম, ২০০৪)৫
- হিজ ব্লাড ইজ নট ব্লু (His Blood is Not Blue, মূল: Damuhu laysa azraq)৬
- ৰেড ব্লাড ছেলচ (Red Blood Cells, মূল: Kurayyāt dam ḥamrāʼ)৭
- ব্লেক স্মোক (Black Smoke, মূল: Dukhan aswad)৮
- ব্লাড চাৰ্কিটচ্ (Blood Circuits, মূল: Dawāʼir al-dam)৯১০
- এ পিল (A Pill, মূল: Ḥabbat dawāʼ)১১১২
কিতাপ
কেৰিয়াৰৰ সময়ছোৱাত তেওঁ লিখা কেইখনমান কিতাপ:
- সমসাময়িক জৰ্ডানীয় সাহিত্যৰ অধ্যয়ন (১৯৭৬)১
- সমসাময়িক আৰবী উপন্যাসৰ ওপৰত প্ৰবন্ধ (১৯৭৬)১৩
- সমালোচনাত্মক পঠন১
- আমিনা আল আদৱানৰ ৰচনাৰ সমালোচনাত্মক পঠন১৪
ইংৰাজী ভাষাত কবিতা সংকলন
তথ্যসূত্ৰ
- ↑ Amina Al Adwan. amina-al-adwan.net
- ↑ admin. (2014-03-18). أمينة العدوان. وزارة الثقافة
- ↑ (2020-06-18). "الحجر". جديد الشاعرة أمينة العدوان. Alrai
- ↑ ʻAdwān, Amīnah. (2002). Qahwah murrah. Ibdāʻāt ʻArabīyah. Shiʻr. Azminah. ISBN 978-9957-09-101-9
- ↑ ʻAdwān, Amīnah. (2003). al-Sūr al-mahdūm. Ibdāʻāt ʻArabīyah. Shiʻr. Azminah. ISBN 978-9957-09-153-8
- ↑ ʻAdwān, Amīnah. (2003). Damuhu laysa azraq. Ibdāʻāt ʻArabīyah. Shiʻr. Azminah. ISBN 978-9957-09-123-1
- ↑ ʻAdwān, Amīnah. (2003). Kurayyāt dam ḥamrāʼ. Ibdāʻāt ʻArabīyah: Shiʻr. Azminah. ISBN 978-9957-09-126-2
- ↑ ʼAdwān, Amīnah. (2007). Dukhkhān aswad. [s.n
- ↑ ʻAdwān, Amīnah. (2004). Dawāʼir al-dam: shiʻr. Ibdāʻāt ʻArabīyah. Shiʻr. Azminah. ISBN 978-9957-09-174-3
- ↑ ʼAdwān, Amīnah. (2007). Dawā'ir al-damm. [s.n
- ↑ ʻAdwān, Amīnah. (2005). Ḥabbat dawāʼ: shiʻr. Ibdāʻāt ʻArabīyah. Shiʻr. Azminah. ISBN 978-9957-09-198-9
- ↑ ʼAdwān, Amīnah. (2007). Ḥabbat dawā'. [s.n
- ↑ ʻAdwān, Amīnah. (1976). Maqālāt fī al-riwāyah al-ʻArabīyah al-muʻāṣirah. al-Muʼassasah al-Ṣuḥufīyah al-Urdunīyah
- ↑ Yāghī. (2004). Ārāʼ naqdīyah fī aʻmāl Amīnah al-ʻAdwān. Dirāsāt. Naqd adabī. Azminah. ISBN 978-9957-09-164-4
- ↑ Ashour, Radwa; Ghazoul, Ferial J.; Reda-Mekdashi, Hasna. (2008). Arab Women Writers: A Critical Reference Guide, 1873-1999. American Univ in Cairo Press. ISBN 978-977-416-146-9
- ↑ Aminah 'Adwan. (1990-01-01). Arab Faces: A Selection of Poems. Brill Archive. ISBN 978-90-04-09219-8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমিনা আল আদৱান” প্ৰবন্ধৰ সংশোধন ৬০৬৮৫০ (১৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।