ইৰানৰ ব্যক্তি
২০১ প্ৰবন্ধ
-
প্ৰথম চাইৰাছ
প্ৰথম চাইৰাছ (Cyrus I) পুৰণি পাৰ্চী ভাষাত:কুৰুছ বা আনছানৰ প্ৰথম চাইৰাছ বা পাৰস্যৰ প্ৰথম চাইৰাছ, খ্ৰীষ্টপূৰ্ব ৬০০ চনৰপৰা ৫৮০ চনলৈকে বা আন কিছুমানৰ মতে খ্ৰীষ্টপূৰ্ব ৬৫২ চনৰপৰা ৬০০ চনলৈকে পাৰস্যৰ আনচানৰ ৰজা আছিল। আনছানৰ প্ৰথম চাইৰাছ মহান চাইৰাছ বা দ্বিতীয় চাইৰাছ ককাদেউতাক আছিল।
-
পৰস্তু আহমদী
পৰস্তু আহমদী (জন্ম: ২১ মাৰ্চ ১৯৯৭) ইৰানৰ এগৰাকী শিল্পী তথা কণ্ঠশিল্পী। ইৰানৰ এটা কাৰাভাৰেনচেৰাইত ঐচ্ছিক হিজাব পৰিধান কৰি তেওঁ পৰিৱেশন কৰা কাৰাভাৰেনচেৰাই কনচাৰ্ট আৰু তেওঁৰ ইউটিউব চেনেলত ইয়াৰ পোনপটীয়া সম্প্ৰচাৰে বহুল চৰ্চা লাভ কৰিছিল।
-
পৰ্দিছ আহমদীহ
পৰ্দিছ আহমদীহ (ফাৰ্চী: پردیس احمدیه; জন্ম ২৯ জুন, ১৯৯২) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ ৰেড নেইল পলিচ (২০১৬) আৰু দ্য লায়ন স্কিন (২০২২–২০২৩) বোলছবি তথা ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে আটাইতকৈ বেছি পৰিচিত।
-
পৰ্দীছ পৌৰাবেদীনি
পৰ্দীছ পৌৰাবেদীনি (ফাৰ্চী: پردیس پورعابدینی; জন্ম ১০ এপ্ৰিল ২০০০) এগৰাকী ইৰানী অভিনেত্ৰী। আঘাজাদেহ (ব্লু ব্লাড; ২০২০–২০২১) ধাৰাবাহিকত ৰাজিয়ে মোগাদ্দাম আৰু ফেৰেশতেহছ চিন (২০২৩–২০২৪) ধাৰাবাহিকত ফেৰেশতেহ খাদেম চৰিত্ৰত কৰা মুখ্য অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
ফাতহুল্লা আমিৰী
ফাতহুল্লা আমিৰী (ফাৰ্চী:فتح الله امیری; জন্ম: ১৯৮১) এগৰাকী ইৰানী তথ্যচিত্ৰ নিৰ্মাতা, যাৰ কৰ্মজীৱন মূলতঃ ইৰানৰ পৰিৱেশ আৰু বন্যপ্ৰাণীৰ ওপৰত কেন্দ্ৰিত। তেওঁৰ পৰিচালিত তথ্যচিত্ৰ ৰেঞ্জাৰ এণ্ড লিপাৰ্ড-এ ২০১৮ চনত জাৰ্মানীত গ্ৰীণ স্ক্ৰীণ চলচ্চিত্ৰ উৎসৱ বঁটা লাভ কৰিছিল।
-
ফাতেমা পাহলৱী
ফাতেমা পাহলৱী (Fatemeh Pahlavi) (জন্ম, ৩০ অক্টোবৰ ১৯২৮ – মৃত্যু,২৭ মে' ১৯৮৭) আছিল পাহলৱী বংশৰ এগৰাকী ইৰাণী ৰাজকুমাৰী। ৰেজা শ্বাহৰ দশম সন্তান আৰু মহম্মদ ৰেজা পাহলৱীৰ সতীয়া ভগ্নী। তেহৰাণত জন্মগ্ৰহণ কৰা তেখেতে ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পূৰ্বে ইৰাণ এৰি থৈ যায়।
-
ফাৰামাৰ্জ ঘৰিবিয়ান
ফাৰামাৰ্জ ঘৰিবিয়ান (জন্ম: ১৮ নৱেম্বৰ, ১৯৪১) এগৰাকী অৱসৰপ্ৰাপ্ত ইৰানী অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ ট্ৰেইন (১৯৮৮), মিষ্টি হাৰ্বাৰ (১৯৯২) আৰু দা ৰেইন মেন (১৯৯৮) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তিনিবাৰকৈ ক্ৰিষ্টেল চিমৰ্ঘ বঁটা লাভ কৰিছে।
-
ফাৰুখ গাফ্ফাৰী
ফাৰুখ গাফ্ফাৰী (জন্ম: ২৬ ফেব্ৰুৱাৰী, ১৯২২ – মৃত্যু: ১৭ ডিচেম্বৰ, ২০০৬) এগৰাকী ইৰানীয় চলচ্চিত্ৰ পৰিচালক, অভিনেতা, সমালোচক আৰু লেখক আছিল। ইব্ৰাহিম গোলেস্তান আৰু ফেৰেডাউন ৰাহনেমাৰ সৈতে তেওঁ ইৰানৰ নতুন ঢৌৰ চলচ্চিত্ৰ আন্দোলনৰ অন্যতম প্ৰতিষ্ঠাপক আছিল।
-
ফাৰ্জান আথাৰী
ফাৰ্জান আথাৰী (ফাৰ্চী: فرزان اطهری; জন্ম ২৬ জুন ১৯৮৪) এগৰাকী ছুইডিছ ইৰানী টিভি হিষ্ট, মডেল আৰু অভিনেতা। তেওঁ ২৩খন বিভিন্ন দেশৰ ফেশ্বন আৰু মনোৰঞ্জন জগতত কাম কৰিছে আৰু ১০০ টাতকৈও অধিক ব্ৰেণ্ডৰ সৈতে সহযোগিতা কৰিছে। ইয়াৰ উপৰি তেওঁ চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু টেলিভিছন শ্ব'ৰ আঁত ধৰিছে।
-
ফাৰ্জানেহ কাবোলী
ফাৰ্জানেহ কাবোলী (জন্ম ২ মে' ১৯৪৯) এগৰাকী ইৰানী নৃত্যশিল্পী, ক'ৰিওগ্ৰাফাৰ আৰু অভিনেত্ৰী। তেওঁ ইৰানী লোক-নৃত্য আৰু ৰাষ্ট্ৰীয় নৃত্যকলাৰ এগৰাকী অগ্ৰণী ব্যক্তি। ইয়াৰ উপৰি তেওঁ ইৰানী থিয়েটাৰ জগতৰ এগৰাকী দক্ষ ক'ৰিওগ্ৰাফাৰ।
-
ফিৰদৌসী
ফিৰদৌসী (Ferdowsi) ৰ জন্মগত নাম আছিল আবোলকাচেম মনছুৰ বিন হাছান ফিৰৰ্দৌছি তুছি। কিন্তু তেওঁ ছদ্মনাম ফিৰদৌসী বা ফেৰদৌসী হিচাপে বেছি বিখ্যাত। ফিৰদৌসীৰ বিশ্ববিখ্যাত সৃষ্টি শ্বাহনামা বিশ্বৰ অন্যতম দীঘলীয়া মহাকাব্য আৰু পাৰ্চী ভাষী দেশসমূহৰ সৰ্বশ্ৰেষ্ঠ মহাকাব্য।
-
ফেৰেইডুন ফাৰোখজাদ
ফেৰেইডুন ফাৰোখজাদ (Fereydoun Farrokhzad) তেওঁৰ টেলিভিছন ভেৰাইটি শ্ব' দ্য ছিলভাৰ কাৰ্নেচনৰ বাবে বেছিকৈ পৰিচিত, এই শ্ব'য়েই বহু শিল্পীক চিনাকি কৰাই দিছিল আৰু অভিনয় জগতখনত; যেনে এবি, লেইলা ফ'ৰৌহাৰ, শ্বোহৰেহ, ছাত্তাৰ, হায়েদেহ, আৰু বহুতো।
-
ফেৰেষ্টেহ হোছেইনী
ফেৰেষ্টেহ হোছেইনী (ফাৰ্চী: فرشته حسینی; জন্ম ২৬ এপ্ৰিল, ১৯৯৭) এগৰাকী আফগান-ইৰানীয় অভিনেত্ৰী। ফাৰ্চী ভাষাত তেওঁৰ নামটো ফ্ৰেশ্বটেহ হোছেইনী বুলি উচ্চাৰণ কৰা হয়। তেওঁ মুখ্যত পাৰ্টিং (২০১৬), দ্য ফ্ৰগ (২০২০-২০২১) আৰু ডুৱেলিং এমং দ্য গডছ (২০২৪) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
ফৰুগ ফাৰোখজাদ
ফৰুগ ফাৰোখজাদ (ফাৰ্চী: فروغ فرخزاد; ২৯ ডিচেম্বৰ ১৯৩৪ – ১৪ ফেব্ৰুৱাৰী ১৯৬৭) এগৰাকী প্ৰভাৱশালী ইৰানী কবি আৰু চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁ এগৰাকী বিতৰ্কিত আধুনিকতাবাদী কবি আৰু পৰম্পৰা বিৰোধী নাৰীবাদী লেখিকা আছিল। মাত্ৰ ৩২ বছৰ বয়সতে এটা পথ দুৰ্ঘটনাত ফাৰোখজাদৰ মৃত্যু হয়।
-
বশ্ৰা দস্তুৰনেজাদ
বশ্ৰা দস্তুৰনেজাদ (জন্মগত নাম: বশ্ৰা দস্তুৰনেজাদ হাকীকাৰী; জন্ম ১৯৮৫) হৈছে এগৰাকী ইৰানী মডেল আৰু অভিনেত্ৰী। তেওঁ ২০০৬ চনৰ ৰেডিঅ’ ড্ৰিমছ চলচ্চিত্ৰখনত অভিনয় কৰিছিল।
-
বাহমন আহমদী আমৌই
বাহমন আহমদী আমৌই (Bahman Ahmadi Amouee) ১৯৬৭ চনত জন্মগহণ কৰা এজন ইৰানী সাংবাদিক। তেওঁ সংস্কাৰবাদী দৈনিক ব্যাৱসায়িক বাতৰি চাৰ্মেয়হ ৰ সম্পাদকৰ দায়িতত আছিল। ২০০৯ চনৰপৰা কাৰাবন্দী জীৱন কটাবলগীয়া হয়। সংবাদকৰ্মী জিলা বানিয়াঘুবক তেওঁ বিয়া কৰে।
-
বাহমান গোবাদী
বাহমান গোবাদী (জন্ম: ১ ফেব্ৰুৱাৰী, ১৯৬৯) এজন ইৰানীয় কুৰ্দিশ চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু লেখক। তেওঁ ইৰানীয় চিনেমাৰ "নতুন ঢৌ" আন্দোলনৰ সৈতে জড়িত।
-
বাহাৰ দেহকোৰ্ডি
বাহাৰ দেহকোৰ্ডি (জন্ম ১৯ নৱেম্বৰ ১৯৯০), তেওঁৰ পেছাদাৰী নাম বাহাৰ আতিশ হিচাপে বেছি জনাজাত। তেওঁ এগৰাকী ইৰানী ৰেপাৰ, থিয়েটাৰ অভিনেত্ৰী আৰু নাৰী অধিকাৰ কৰ্মী। ফাৰ্চী ৰেপ সংগীতৰ ক্ষেত্ৰখনত সক্ৰিয় হৈ কাৰাবাস খাটিবলগীয়া হোৱা মহিলাসকলৰ ভিতৰত বাহাৰ অন্যতম আছিল।
-
বাহাৰেহ ৰহনামা
বাহাৰেহ ৰহণামা (ফাৰ্চী: بهاره رهنما; জন্ম ১ ডিচেম্বৰ, ১৯৭৩) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী আৰু লেখিকা। তেওঁ টাম্বুৰিন (২০০৮) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে হাফেজ বঁটা লাভ কৰিছিল।
-
বাহৰাম আফজালি
বাহৰাম আফজালি (Bahram Afzali) (জন্ম, ৬ ডিচেম্বৰ ১৯৩৭ –মৃত্যু, ২৫ ফেব্ৰুৱাৰী ১৯৮৪) আছিল এজন ইৰাণী এডমিৰেল। তেওঁ ১৯৮০ চনৰ মে'/জুনৰপৰা ১৯৮৩ চনৰ ২৪ এপ্ৰিললৈকে ইৰাণৰ নৌসেনাৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত ইৰাণৰ টুদেহ পাৰ্টিৰ গোপন সদস্যপদৰ বাবে তেওঁক ফাঁচি দিয়া হৈছিল।
-
বাৰান কোছাৰী
বাৰান কোছাৰী (ফাৰ্চী: باران کوثری; জন্ম ১৬ ছেপ্টেম্বৰ, ১৯৮৫) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী। চলচ্চিত্ৰ নিৰ্মাতা জাহাংগীৰ কোছাৰী আৰু ৰাখশান বাণী-এতেমাদৰ ঘৰত জন্মগ্ৰহণ কৰা বাৰানে তেওঁৰ মাতৃৰ চলচ্চিত্ৰত অভিনয় কৰিয়েই কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
বিতা ইলাহিয়ান
বিতা ইলাহিয়ান (ফাৰ্চী: بیتا الهیان) এগৰাকী ইৰানী-আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেত্ৰী, যিয়ে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত বসবাস কৰে। তেওঁ নিউয়ৰ্ক ফিল্ম একাডেমীৰপৰা চলচ্চিত্ৰ নিৰ্মাণৰ শিক্ষা গ্ৰহণ কৰিছিল। ইলাহিয়ানে ড্ৰামা চলচ্চিত্ৰসমূহৰ পৰিচালনাৰ বাবে বিভিন্ন বঁটা লাভ কৰিছে।
-
বিতা ফাৰাহী
বিতা লাহৰাখানী (ফাৰ্চী: بیتا لهارخانی; ৩ জানুৱাৰী ১৯৫৮ – ২৫ নৱেম্বৰ ২০২৩), যিগৰাকী বিতা ফাৰাহী (ফাৰ্চী: بيتا فرهی) নামেৰে অধিক পৰিচিত, এগৰাকী ইৰানী অভিনেত্ৰী আছিল।
-
বেঞ্জামিন ইব্ৰাহিমজাদেহ
বেঞ্জামিন "বেনী" ইব্ৰাহিমজাদেহ (ফাৰ্চী: بنیامین ابراهیمزاده; জন্ম ৩ জানুৱাৰী ১৯৮০) হৈছে এজন প্ৰাক্তন ইৰানী-জাৰ্মান পেছাদাৰী টেনিছ খেলুৱৈ। তেওঁ ২০০৮ চনত ইৰান ডেভিছ কাপ দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল আৰু একে বছৰতে তেওঁৰ প্ৰশিক্ষক জীৱন আৰম্ভ কৰিছিল।
-
বেনিয়ামিন বাহাদোৰী
বেনিয়ামিন বাহাদোৰী হৈছে ইৰানৰ তেহৰাণৰ এগৰাকী ইৰানী পপ কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ আৰু অভিনেতা। তেওঁৰ প্ৰথমটো এলবাম ৮৫ ২০০৬ চনত মুক্তি পাইছিল আৰু ই ইৰানৰ ভিতৰত তথা বিদেশত থকা ইৰানী প্ৰব্ৰজনকাৰীসকলৰ মাজত এক বিশাল ব্যাৱসায়িক সফলতা লাভ কৰিছিল।
-
বেহনাম বেহজাদী
বেহনাম বেহজাদী (ফাৰ্চী: بهنام بهزادی; জন্ম ২৪ জুলাই, ১৯৭২) এজন ইৰানী পৰিচালক, চিত্ৰনাট্যকাৰ, সম্পাদক আৰু প্ৰযোজক। তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসিত ইৰানী পৰিচালকসকলৰ ভিতৰত অন্যতম আৰু তেওঁৰ চলচ্চিত্ৰসমূহে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পৰা একাধিক বঁটা লাভ কৰিছে।
-
বেহনৌছ টাবাটাবেই
বেহনৌছ টাবাটাবেই (ফাৰ্চী: بهنوش طباطبایی; জন্ম ১৭ মে' ১৯৮১) হৈছে এখন ইৰানী অভিনেত্ৰী। তেওঁ দুটাকৈ হাফেজ বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰিছে। ২০১৯ চনৰ মিডডে এডভেঞ্চাৰ: ট্ৰেচ অৱ ব্লাড চলচ্চিত্ৰখনত কৰা অনৱদ্য অভিনয়ৰ বাবে তেওঁ ক্ৰিষ্টাল চিমৰ্গ মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল।
-
বেহৰুজ ঘৰিবপুৰ
বেহৰুজ ঘৰিবপুৰ (জন্ম: ১৯৫০, ছানান্দাজ) এগৰাকী ইৰানীয় নাট্য পৰিচালক আৰু পৰম্পৰাগত ফাৰ্চী পুতলা নাটকৰ পথপ্ৰদৰ্শক। তেওঁ তেহৰাণ বিশ্ববিদ্যালয় আৰু ৰোমৰ ড্ৰামেটিক আৰ্টছ একাডেমী (ছিলভিঅ' ডি আমিকো)-ত নাট্যশাস্ত্ৰ অধ্যয়ন কৰিছিল।
-
ভেৰিছেহ মোৰাদি
ভেৰিচেহ মোৰাদি (Verisheh Moradi) এগৰাকী কুৰ্দি ৰাজনৈতিক বন্দী আৰু ইৰাণ ৰাষ্ট্ৰই মৃত্যুদণ্ড দিয়া মহিলা অধিকাৰ কৰ্মী। ২০২৩ চনৰ ১ আগষ্টত ছানন্দজত চোৰাংচোৱা মন্ত্ৰালয়ে গ্ৰেপ্তাৰ কৰি তেওঁক তেহৰাণৰ ইভিন কাৰাগাৰত বন্দী কৰি ৰাখিছিল।
-
মজতবা মিৰতাহমাছব
মজতবা মিৰতাহমাছব (ফাৰ্চী: مجتبی میرطهماسب; জন্ম ১৯৭১) হৈছে এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজক। তেওঁ জাফৰ পানাহীৰ সৈতে যুটীয়াভাৱে দিছ ইজ নট এ ফিল্ম (২০১১) পৰিচালনা কৰিছিল।