ফেৰেষ্টেহ হোছেইনী (ফাৰ্চী ভাষা: فرشته حسینی; জন্ম ২৬ এপ্ৰিল, ১৯৯৭) এগৰাকী আফগান-ইৰানীয় অভিনেত্ৰী। ফাৰ্চী ভাষাত তেওঁৰ নামটো ফ্ৰেশ্বটেহ হোছেইনী বুলি উচ্চাৰণ কৰা হয়। তেওঁ মুখ্যত পাৰ্টিং (২০১৬), দ্য ফ্ৰগ (২০২০-২০২১) আৰু ডুৱেলিং এমং দ্য গডছ (২০২৪) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত। পাৰ্টিং চলচ্চিত্ৰখনত আগবঢ়োৱা উৎকৃষ্ট অভিনয়ৰ বাবে হোছেইনীয়ে ১৬ সংখ্যক মাৰাকেচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।১
প্ৰাৰম্ভিক জীৱন
ফেৰেষ্টেহ হোছেইনীৰ জন্ম ১৯৯৭ চনৰ ২৬ এপ্ৰিলত ইৰানৰ তেহৰাণত হৈছিল।২৩৪ তেওঁৰ পিতৃ-মাতৃ আছিল আফগানিস্তানৰ যুদ্ধৰ বাবে তেওঁৰ জন্মৰ পূৰ্বেই ইৰানলৈ প্ৰব্ৰজন কৰা দুজন আফগান হাজাৰা শৰণাৰ্থী। হোছেইনীৰ মাছুমেহ, মৰিয়ম, হানিয়েহ আৰু জাহ্ৰা নামেৰে চাৰিগৰাকী ভগ্নী আৰু মহম্মদ নামেৰে এজন ভাতৃ আছে। তেওঁৰ ভগ্নী মৰিয়মও এগৰাকী অভিনেত্ৰী।
ব্যক্তিগত জীৱন

২০২০ চনত হোছেইনী আৰু ইৰানৰ অভিনেতা নবীদ মোহম্মদজাদেহৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠা বুলি উৰাবাতৰি ওলাইছিল। ২০২১ চনৰ এপ্ৰিল মাহত মোহম্মদজাদেহে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি এই বাতৰি সঁচা বুলি নিশ্চিত কৰে।৫ পৰৱৰ্তী সময়ত ২০২১ চনৰ জুলাই মাহত এই যুগল বিবাহপাশত আৱদ্ধ হয়।৬৭৮
থিয়েটাৰ
| বৰ্ষ | নাম (শীৰ্ষক) | নাট্যকাৰ | পৰিচালক | মঞ্চলৈ | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|---|---|
| — | আই এম এ ছালভাডৰ | ৯ | ||||
| ২০১৫ | মাই চিনেমাছ | মহম্মদ ৰহমানিয়ান | চাৰছৌ চিনেপ্লেক্স | |||
| ২০১৬ | এ মেমৰি, এ মনলগ, এ ৰেণ্ট, এণ্ড এ প্ৰেয়াৰ | বিভিন্ন | মেহৰদাদ খামেনেই | এন্তেজামি মিউজিয়াম | ||
| দ্য লিটল ব্লেক ফিশ্ব | সামাদ বেহৰাংগি | |||||
| ২০১৭ | দ্য লিটল প্ৰিন্স | আন্তোৱান দ্য ছেইণ্ট-এক্সুপেৰী | ||||
| ২০১৭–২০১৮ | আই এম এন ইম'শ্বনেল ক্ৰিয়েচাৰ: দ্য ছিক্ৰেট লাইফ অৱ গাৰ্লছ এৰাউণ্ড দ্য ৱৰ্ল্ড | ইভ এন্সলাৰ | ||||
| ২০২৪–২০২৫ | ফান্ফেয়াৰ | নবীদ মোহম্মদজাদেহ | লাবখান্দ থিয়েটাৰ কমপ্লেক্স | পোছাক সজ্জাকাৰী হিচাপে | ১০ |
বঁটা আৰু মনোনয়ন

| +বঁটা প্ৰদান অনুষ্ঠানৰ নাম, প্ৰদান কৰা বৰ্ষ, বিভাগ, মনোনীত কৰ্ম আৰু ফলাফলৰ তালিকা | |||||
| বঁটা | বৰ্ষ | বিভাগ | মনোনীত কৰ্ম | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ইউৰো-বালকান চলচ্চিত্ৰ মহোৎসৱ | ২০২৫ | শ্ৰেষ্ঠ অভিনেত্ৰী | ডুৱেলিং এমং দ্য গডছ | ১১ | |
| শ্ৰেষ্ঠ অভিনেতা বা অভিনেত্ৰীৰ বিশেষ উল্লেখ | |||||
| ফজৰ চলচ্চিত্ৰ মহোৎসৱ | ২০২২ | শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰী | স্কোয়াড অৱ গাৰ্লছ | ১২ | |
| হাফেজ বঁটা | ২০২১ | শ্ৰেষ্ঠ অভিনেত্ৰী – টেলিভিছন ধাৰাবাহিক ড্ৰামা | দ্য ফ্ৰগ | ১৩ | |
| ২০২৪ | The Asphalt Jungle | ১৪ | |||
| ইৰান চিনেমা চেলিব্ৰেশ্যন | ২০১৮ | শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰী | পাৰ্টিং | ১৫ | |
| হংকং লাইটছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ | ২০২৫ | শ্ৰেষ্ঠ অভিনেত্ৰী | ডুৱেলিং এমং দ্য গডছ | ||
| মাৰাকেচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ | ২০১৬ | শ্ৰেষ্ঠ অভিনেত্ৰী | পাৰ্টিং | ১৬ | |
| ওট্ৰাণ্টো চলচ্চিত্ৰ মহোৎসৱ | ২০২৪ | শ্ৰেষ্ঠ অভিনেত্ৰী | ডুৱেলিং এমং দ্য গডছ | ১৭ | |
| পুলা চলচ্চিত্ৰ মহোৎসৱ | ২০২৫ | ক্ৰৱেচিয়ান মাইনৰিটী ক'-প্ৰডাকচনৰ শ্ৰেষ্ঠ অভিনেত্ৰী | ডুৱেলিং এমং দ্য গডছ | ১৮ |
বাহ্যিক সংযোগ
- Fereshteh Hosseini On SourehCinema (in Persian)
তথ্যসূত্ৰ
- ↑ Full List Of Marrakech International Film Festival Award Winners. theplaylist.net
- ↑ (2021-04-27). مصاحبه تماشایی فرشته حسینی با تلویزیون افغانستان + ویدئو. روزیاتو
- ↑ بازیگر افغانستانی فیلم رفتن: الگوی دختران افغانستان هستم. Fars News Agency
- ↑ فرشته حسینی بازیگر سریال قورباغه کیست. نمناک
- ↑ تبریک تولد متفاوت "نوید محمدزاده" به "فرشته حسینی" در اینستاگرام. shahraranews.ir
- ↑ (2021-08-02). نوید محمدزاده از ابد و یک روز تا ازدواج با فرشته حسینی + بیوگرافی و عکس. ایمنا
- ↑ (2021-07-10). بیوگرافی فرشته حسینی بازیگر و همسرش نوید محمدزاده
- ↑ Janković, Zoran. PRODUCTION: Vuk Ršumović Shoots His Sophomore Feature Dwelling Among Gods - FilmNewEurope.com. ://filmneweurope.com
- ↑ (22 April 2019). بیوگرافی فرشته حسینی بازیگر افغانی و ماجرای ازدواجش با نوید محمدزاده. دلگرم
- ↑ (2024-12-12). سانس ویژه «شهر بازی» برای دانشجویان. Mehr News Agency
- ↑ (2025-11-07). Afterwar crowned Best Film at the Euro Balkan Film Festival in Rome. Cineuropa
- ↑ نامزدهای سیمرغ بلورین چهلمین جشنواره فیلم فجر معرفی شدند/ پیشتازی "موقعیت مهدی". ILNA
- ↑ نامزدهای بخش تلویزیون بیست و یکمین جشن حافظ چه کسانی هستند؟. Borna News
- ↑ بازیگران و سریالهای نامزد دریافت تندیس حافظ را بشناسید. Mehr News Agency
- ↑ (2018-09-01). پایان جشن سینما با رکوردداری "بدون تاریخ، بدون امضاء". ISNA
- ↑ Full List Of Marrakech International Film Festival Award Winners. theplaylist.net
- ↑ (2024-09-30). فرشته حسینی در نقش یک دختر افغان جایزه برد. Khabaronline
- ↑ Here Are the Winners of the 72nd Pula Film Festival
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেৰেষ্টেহ হোছেইনী” প্ৰবন্ধৰ সংশোধন ৬১৩৬৪৪ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।