পৰ্দিছ আহমদীহ (ফাৰ্চী ভাষা: پردیس احمدیه; জন্ম ২৯ জুন, ১৯৯২) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী।১২ তেওঁ ৰেড নেইল পলিচ (২০১৬) আৰু দ্য লায়ন স্কিন (২০২২–২০২৩) বোলছবি তথা ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে আটাইতকৈ বেছি পৰিচিত। ইৰান চিনেমা চেলিব্ৰেশ্যন বঁটাৰ মনোনয়ন লাভ কৰাৰ উপৰি তেওঁ এখন হাফেজ বঁটা আৰু এখন অৰ্বান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বঁটা আদিকে ধৰি বিভিন্ন সন্মান লাভ কৰিছে।
কৰ্মজীৱন
২০০৭–২০১৫: কেৰিয়াৰৰ আৰম্ভণি
১৫ বছৰ বয়সত পৰিচালক হামিদ নেমতুল্লাহৰ জৰিয়তে আফচিন চাদেঘীৰ সৈতে তেওঁৰ চিনাকি হয় আৰু তেওঁ ইমিটেটৰ অৱ দ্য ডেভিল (২০০৭) বোলছবিত অভিনয় কৰাৰ সুযোগ পায়।
পিছলৈ ২০১০ চনত তেওঁ বাটাৰফ্লাইজ আৰু ব্ৰোকেন নামৰ দুখন ছবিত অভিনয় কৰে।
তেওঁ ২০১১ চনৰ ড্ৰামা ধাৰাবাহিক দ্য ৰিকল-ত ফেৰেষ্টেহ চৰিত্ৰত অভিনয় কৰিছিল।
২০১২ চনৰপৰা ২০১৫ চনলৈকে তেওঁ তিনিখন ছবি আৰু এখন চুটি ছবিত অভিনয় কৰে, সেইসমূহ আছিল—হ্লাইডিং ইন দ্য অপেন (চুটি ছবি, ২০১২), এক্টৰ্চ ষ্টুডিঅ' (২০১৩), হেইল এণ্ড চান, আৰু দ্য গাৰ্লচ হাউচ (দুয়োখন ২০১৫)।৩৪
২০১৬: প্ৰথম মুখ্য চৰিত্ৰ
চৈয়দ জামাল চৈয়দ হাতামীৰ ৰেড নেইল পলিচ (২০১৬) বোলছবিত তেওঁ প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয়ৰ সুযোগ পায়, য’ত অডিচন দিয়া ৫০০ গৰাকী অভিনেত্ৰীৰ মাজৰপৰা তেওঁক বাছনি কৰা হৈছিল।
এই ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে তেওঁ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সমালোচকৰ প্ৰশংসাও বুটলিবলৈ সক্ষম হয়। ইয়াৰ ফলস্বৰূপে তেওঁ অৰ্বান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে আৰু ইয়াৰ উপৰি এখন হাফেজ বঁটা তথা ইৰান চিনেমা চেলিব্ৰেশ্যন বঁটাৰ বাবে মনোনীত হয়।
২০১৭–২০১৯: গুৰুত্বপূৰ্ণ ভূমিকা
তেওঁ ফেৰেডাউন জেইৰানীৰ এচফিক্সিয়া (২০১৭) বোলছবিত নৱীদ মহম্মদজাদেহ আৰু এলনাজ শাকীৰদোষ্টৰ সৈতে অভিনয় কৰিছিল, যিয়ে তেওঁলৈ দ্বিতীয়টো হাফেজ বঁটাৰ মনোনয়ন কঢ়িয়াই আনিছিল।
২০১৯ চনত তেওঁ বাৰণ কোচাৰী, সাৰা বাহৰামী আৰু জামছিদ হাশেমপুৰৰ সৈতে ড্ৰামা ছবি ৰিপ্ৰেচন-ত অভিনয় কৰে।
২০১৯ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ দাৰিউশ মেহৰজুয়ী পৰিচালিত এ মাইনৰ ছবিৰ অভিনয় শিল্পী দলত যোগ দিয়ে। এই ছবিখন ২০২২ চনত প্ৰদৰ্শিত হৈছিল।
২০২০–বৰ্তমান: ব্যাপক স্বীকৃতি
২০২০ চনত তেওঁ মৰ্তেজা ফাৰ্ছবাফ পৰিচালিত তুমান বোলছবিত অভিনয় কৰি সমালোচকৰ ভূয়সী প্ৰশংসা লাভ কৰে আৰু ২১সংখ্যক হাফেজ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আঁজুৰি আনিবলৈ সক্ষম হয়।
পিছলৈ তেওঁ ৰেজা দৰমিচিয়ানৰ নো চয়েছ (২০২০) বোলছবিত গোলবাহাৰ নামৰ এগৰাকী ১৬বছৰীয়া গৃহহীন ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে ১১ বছৰ বয়সৰপৰাই কেঁচুৱা জন্ম দি বিক্ৰী কৰাৰ কাম কৰি আহিছে। এই ছবিখন ৩৩সংখ্যক টকিঅ' আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হৈছিল।
তেওঁ ২০২১ চনৰ হৰৰ ড্ৰামা ধাৰাবাহিক দেম-ৰ পঞ্চমটো খণ্ডত তেওঁৰ নিয়মীয়া সহ-অভিনেতা মুজতবা পীৰজাদেহৰ সৈতে অভিনয় কৰিছিল।
২০২১ চনৰ ৩ ছেপ্টেম্বৰত ঘোষণা কৰা হৈছিল যে ৰূহুল্লাহ হেজাজী পৰিচালিত ফেণ্টাচী ড্ৰামা ধাৰাবাহিক লিলিজ টাৰ্ন-ত আহমদীহে লিলিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব।
২০২২ চনৰ ১০ জুনত ঘোষণা কৰা হয় যে জম্শিদ মেহমুদী পৰিচালিত অপৰাধধৰ্মী ড্ৰামা ধাৰাবাহিক দ্য লায়ন স্কিনত আহমদীহে শ্বাহাব হুছেইনী, হাদী হেজাজীফৰ আৰু পাণ্টেয়া বাহৰামৰ সৈতে সাহেল চৰিত্ৰত অভিনয় কৰিব।
বঁটা আৰু মনোনয়ন
| +বঁটা প্ৰদান অনুষ্ঠানৰ নাম, প্ৰদান কৰা বছৰ, শ্ৰেণী, মনোনীত কৰ্ম আৰু মনোনয়নৰ ফলাফল | |||||
| বঁটা | বছৰ | শ্ৰেণী | মনোনীত কৰ্ম | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| হাফেজ বঁটা | ২০১৭ | শ্ৰেষ্ঠ অভিনেত্ৰী – চলচ্চিত্ৰ | ৰেড নেইল পলিচ | ৫ | |
| ২০১৮ | এচফিক্সিয়া | ||||
| २०२১ | তুমান | ৬ | |||
| ২০২৩ | শ্ৰেষ্ঠ অভিনেত্ৰী – ড্ৰামা টেলিভিছন ধাৰাবাহিক | দ্য লায়ন স্কিন | ৭ | ||
| ইৰান চিনেমা চেলিব্ৰেশ্যন | ২০১৭ | শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰী | ৰেড নেইল পলিচ | ৮ | |
| অৰ্বান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ | ২০১৭ | শ্ৰেষ্ঠ অভিনেত্ৰী | ৰেড নেইল পলিচ | ৯ |
তথ্যসূত্ৰ
- ↑ .: Iranian Movie DataBase پرديس احمديه:.. ://sourehcinema.com
- ↑ پردیس احمدیه در "لامینور". خبرگزاری ایلنا
- ↑ (2021-01-06). بیوگرافی پردیس احمدیه، بازیگر، با عکس و ناگفتههای زندگی
- ↑ (19 December 2018). بیوگرافی جدید پردیس احمدیه و همسرش ستاره نوظهور + تصاویر. نازوب
- ↑ filcin.com. همه جوایز پردیس احمدیه. filcin.com · فیلسین
- ↑ (2021-11-16). اعلام نامزدهای بخش سینمای بیست و یکمین جشن حافظ. خبرگزاری مهر · اخبار ایران و جهان · Mehr News Agency
- ↑ اعلام نامزدهای بخش تلویزیون بیست و دومین مراسم سینمایی تلویزیونی دنیای تصویر- اخبار سینما و تئاتر - اخبار فرهنگی تسنیم · Tasnim. خبرگزاری تسنیم · Tasnim
- ↑ (2017-09-03). جشن خانه سینما نامزدهایش را شناخت + فیلم. ایسنا
- ↑ (2017-08-05). برندگان ششمین جشنواره فیلم شهر اعلام شد/ تولد ۹۰ سالگی ژاله علو. خبرگزاری مهر · اخبار ایران و جهان · Mehr News Agency
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰ্দিছ আহমদীহ” প্ৰবন্ধৰ সংশোধন ৬১২৮২৭ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।