অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পৰস্তু আহমদী

পৰস্তু আহমদী (জন্ম: ২১ মাৰ্চ ১৯৯৭) ইৰানৰ এগৰাকী শিল্পী তথা কণ্ঠশিল্পী। ইৰানৰ এটা কাৰাভাৰেনচেৰাইত ঐচ্ছিক হিজাব পৰিধান কৰি তেওঁ পৰিৱেশন কৰা কাৰাভাৰেনচেৰাই কনচাৰ্ট আৰু তেওঁৰ ইউটিউব চেনেলত ইয়াৰ পোনপটীয়া সম্প্ৰচাৰে বহুল চৰ্চা লাভ কৰিছিল।

হালনাগাদ: ১৮ জুন ২০২৬ ৩৩৯ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

পৰস্তু আহমদী (জন্ম: ২১ মাৰ্চ ১৯৯৭) ইৰানৰ এগৰাকী শিল্পী তথা কণ্ঠশিল্পী।১ ইৰানৰ এটা কাৰাভাৰেনচেৰাইত ঐচ্ছিক হিজাব পৰিধান কৰি তেওঁ পৰিৱেশন কৰা কাৰাভাৰেনচেৰাই কনচাৰ্ট আৰু তেওঁৰ ইউটিউব চেনেলত ইয়াৰ পোনপটীয়া সম্প্ৰচাৰে বহুল চৰ্চা লাভ কৰিছিল।২৩

জীৱনী আৰু কৰ্মৰাজি

আহমদীয়ে চুৰে বিশ্ববিদ্যালয়ৰপৰা চলচ্চিত্ৰ পৰিচালনা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।১ তেওঁ ১৪ বছৰ বয়সৰপৰাই চলফেজ আৰু কণ্ঠ প্ৰশিক্ষণৰ (লোকসংগীত আৰু ধ্ৰুপদী সংগীত) পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল।৪

গীত: "আজ খুন-এ জাভানান-এ ভাতান"

২০২২ চনত ইৰানত হোৱা মাহচা আমিনীৰ মৃত্যুকেন্দ্ৰিক প্ৰতিবাদৰ সময়ত, আহমদীয়ে আজ খুন-এ জাভানান-এ ভাতান লালেহ দমিদেহ (দেশৰ যুৱকসকলৰ তেজৰ পৰা) নামৰ গীতটো পৰিৱেশন কৰিছিল।৫

দ্য এয়াৰ অৱ ফ্ৰীডম

২০২৩ চনৰ জুন মাহত ফাতেমেহ দোগোহাৰাণীৰ ৰচিত 'দ্য এয়াৰ অৱ ফ্ৰীডম' (মুক্ত বতাহ) নামৰ এটা গীত মুক্তি পায়। আহমদীৰ মতে, এই গীতটো ৱমেন, লাইফ, ফ্ৰীডম (মহিলা, জীৱন, স্বাধীনতা) আন্দোলনৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি আছিল। ইয়াৰ পিছতে ২০২৩ চনৰ অক্টোবৰ মাহত তেওঁৰ বিৰুদ্ধে এক ন্যায়িক গোচৰ ৰুজু কৰা হয়।৬১ তেহৰানৰ নিৰাপত্তা আদালতলৈ তেওঁক চমন জাৰি কৰা আৰু তেওঁৰ ব্যক্তিগত সামগ্ৰী জব্দ কৰাৰ ঘটনাই তেওঁৰ শৈল্পিক চৰ্চাত বাধাৰ সৃষ্টি কৰিছিল।৭৮

কাৰাভাৰেনচেৰাই কনচাৰ্ট

২০২৪ চনৰ শৰৎকালত, আহমদীয়ে এটা কাৰাভাৰেনচেৰাইত ইৰানৰ ইছলামিক গণৰাজ্যত বাধ্যতামূলক ইছলামিক হিজাব আৰু শালীনতাৰ নিয়ম উলংঘা কৰি কাৰাভাৰেনচেৰাই কনচাৰ্ট পৰিৱেশন কৰিছিল। এই পোনপটীয়া অনুষ্ঠানে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰে। নিজৰ এই কনচাৰ্ট সন্দৰ্ভত তেওঁ লিখিছিল:৯

"মই পৰস্তু, যিগৰাকী ছোৱালীয়ে মই ভালপোৱা মানুহবোৰৰ বাবে গান গাব বিচাৰো। এইটো এনে এটা অধিকাৰ যাক মই আওকাণ কৰিব নোৱাৰিলোঁ— মই গভীৰভাৱে ভালপোৱা দেশখনৰ বাবে গান গোৱা। আমাৰ মৰমৰ ইৰানৰ এই ভূ-খণ্ডত, য’ত ইতিহাস আৰু কিংবদন্তি একাকাৰ হৈ পৰিছে, এই কাল্পনিক কনচাৰ্টত মোৰ কণ্ঠ শুনক আৰু এই ধুনীয়া জন্মভূমিক কল্পনা কৰক..."

কাৰাভাৰেনচেৰাই কনচাৰ্টত আহমদীয়ে চাৰ কুয়ে দুস্ত, আজিজ জুন, কমৰ বাৰীক, মাৰা বেবছ, লাহজে দিদাৰ, চেহ চাজম আৰু আজ খুন-এ জাভানানে ভাতান আদি গীতসমূহ পৰিৱেশন কৰিছিল। তেওঁৰ সৈতে বাদ্যযন্ত্ৰী হিচাপে পিয়ানোত এহচান বেইৰাঘদৰ, গীটাৰত চোহেইল ফাগিহ-নাচিৰী, ড্ৰামত আমিন তাহেৰী আৰু বেছ গীটাৰত আমিৰ আলী পিৰ্নিয়া আছিল।১০

আইনী ব্যৱস্থা

ইৰানৰ ন্যায়পালিকা বিভাগে ঘোষণা কৰে যে অনুমতি অবিহনে সংগীত পৰিৱেশন কৰা আৰু "আইনী তথা ধৰ্মীয় নীতি" মানি নচলাৰ বাবে আহমদীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মিজান নিউজ এজেন্সীৰ মতে, এই ঘটনাৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু এই অনুষ্ঠানৰ সৈতে জড়িত আন ব্যক্তিসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব।১ ২০২৪ চনৰ ১৪ ডিচেম্বৰত মাজান্দাৰান প্ৰদেশৰপৰা আহমদীক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ দুজন বাদ্যযন্ত্ৰী এহচান বিৰঘিদাৰ আৰু চোহেইল ফাকীহ নাচিৰীকো আটক কৰা বুলি জানিব পৰা গৈছে।১১ ২০২৪ চনৰ ১৫ ডিচেম্বৰত আহমদীৰ অধিবক্তাগৰাকীয়ে জনায় যে তেওঁৰ গ্ৰেপ্তাৰক লৈ সৃষ্টি হোৱা তীব্ৰ অসন্তুষ্টিৰ বাবে আহমদীক মুকলি কৰি দিয়া হৈছে।১২

সাংসদ বানকিপুৰে হিজাব পিন্ধা আৰু "শালীনতা" বজাই ৰখাৰ বাধ্যবাধকতাৰ কথা উল্লেখ কৰি আহমদীক কৰা গ্ৰেপ্তাৰক সমৰ্থন কৰিছিল।১৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2024-12-12). Parastoo Ahmadi and the "Hypothetical Concert" at Caravanserai; The Judiciary Announces Legal Action. BBC News Persian
  2. ↑ (12 December 2024). Parastoo Ahmadi's Concert Gains Attention; "Judicial Case Opened". Euronews
  3. ↑ Wide Reactions to Parastoo Ahmadi's Concert; "A Judicial Case Opened". Deutsche Welle
  4. ↑ (2024-12-12). Who Is Parastoo Ahmadi?. Ivna News
  5. ↑ News Station; Saturday, 1 October 2023. BBC News Persian
  6. ↑ (2024-12-12). Reactions to Parastoo Ahmadi's Concert; A Singer Performing Without Compulsory Hijab in Iran. Radio Farda
  7. ↑ Continued Pressure on Javad Heydari's Family and Sentencing Protesters – 2 October 2023. Deutsche Welle
  8. ↑ Confiscation of Parastoo Ahmadi's Personal Belongings by Government Agents. IranWire
  9. ↑ (2024-12-12). Unprecedented Reception of Parastoo Ahmadi's Concert Without Compulsory Hijab in Iran. Radio Zamaneh
  10. ↑ (2024-12-12). A Voice from the Heart of History: Parastoo Ahmadi's Concert Without Hijab in the Heart of Iran. VOA News
  11. ↑ (2024-12-14). Iranian singer Parastoo Ahmadi arrested after performing concert without hijab. Euronews
  12. ↑ Makoii, Akhtar. (2024-12-15). Iran 'bows to pressure' to release singer who defied regime by performing solo without a hijab. The Telegraph
  13. ↑ (17 December 2024). قانون حجاب در پی مقابله با برهنگی، بدپوششی و بی‌حجابی است؛ بدپوششی یعنی بدن‌نمایی، یعنی همان لباس خانم احمدی در کنسرت فرضی. اعتمادآنلاین ('Trust Online')

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰস্তু আহমদী” প্ৰবন্ধৰ সংশোধন ৬১২৮২৬ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।