অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিতা ফাৰাহী

বিতা লাহৰাখানী (ফাৰ্চী: بیتا لهارخانی; ৩ জানুৱাৰী ১৯৫৮ – ২৫ নৱেম্বৰ ২০২৩), যিগৰাকী বিতা ফাৰাহী (ফাৰ্চী: بيتا فرهی) নামেৰে অধিক পৰিচিত, এগৰাকী ইৰানী অভিনেত্ৰী আছিল।

হালনাগাদ: ১১ জুন ২০২৬ ৩৮২ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বিতা লাহৰাখানী (ফাৰ্চী ভাষা: بیتا لهارخانی; ৩ জানুৱাৰী ১৯৫৮ – ২৫ নৱেম্বৰ ২০২৩), যিগৰাকী বিতা ফাৰাহী (ফাৰ্চী: بيتا فرهی) নামেৰে অধিক পৰিচিত, এগৰাকী ইৰানী অভিনেত্ৰী আছিল।

কৰ্মজীৱন

বিতা ফাৰাহীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জন পাৱাৰ্ছ স্কুলত কলা অধ্যয়ন কৰিছিল। তেওঁ কেলিফৰ্ণিয়াৰ কলা আলোচনীবোৰৰ বাবে এগৰাকী পেছাদাৰী মডেল হিচাপে কাম কৰিছিল। ১৯৮৫ চনত তেওঁ আমেৰিকা এৰি ইৰানলৈ ঘূৰি আহে। এগৰাকী অভিনেত্ৰী হিচাপে তেওঁৰ প্ৰতিভা পৰিচালক দাৰিয়ুছ মেহৰ্জুয়ীৰ চকুত পৰিছিল। তেওঁ ১৯৮৯ চনত হামোন১২ চলচ্চিত্ৰৰ জৰিয়তে নিজৰ অভিনয় জীৱনৰ আৰম্ভণি কৰে। পাৰিবাৰিক আৰু মানসিক সমস্যাৰ সৈতে যুঁজি থকা বুদ্ধিজীৱী, স্বতন্ত্ৰ মহিলাৰ চৰিত্ৰত কৰা অনৱদ্য অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত আছিল।

জীৱন

বিতা ফাৰাহী লাহৰাখানীৰ জন্ম ১৯৫৮ চনৰ ৩ জানুৱাৰীত ইৰানৰ তেহৰাণত হৈছিল। তেওঁ মণিৰ ফাৰাহী আৰু চাইৰাছ লাহৰাখানী দিনবালীৰ কন্যা তথা ফাৰহাং ফাৰাহীৰ ভতিজী আছিল। বিতাৰ মাতৃ ১৯৩০-ৰ দশকত কলাত্মক কাৰ্যকলাপৰ সৈতে জড়িত আছিল আৰু থিয়েটাৰৰ মঞ্চত অভিনয় কৰিছিল। আনহাতে তেওঁৰ পিতৃয়ে ৰেডিঅ’ তেহৰাণৰ বাবে সাংস্কৃতিক আৰু কলাত্মক কাৰ্যসূচী প্ৰযোজনা কৰিছিল।

১৯৭৩ চনত বিতা ফাৰাহীয়ে কেইহান পাব্লিকেশ্যনৰ মুৰব্বী হাচান ঘৰেইশ্বীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁ ১৯৭৩ চনত মিছ ৱৰ্ল্ড বঁটা লাভ কৰিছিল। ১৯৭৭ চনত বিতা ফাৰাহীয়ে পঢ়া-শুনা অব্যাহত ৰাখিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় আৰু কেলিফৰ্ণিয়াৰ জন ৰবাৰ্ট পাৱাৰ্ছ স্কুলত নাম ভৰ্তি কৰে। ১৯৮১ চনত তেওঁ পুনৰ ইৰানলৈ ঘূৰি আহে।

নাছেৰ চেশ্মাজাৰে তেওঁক হামোন (১৯৮৯) চলচ্চিত্ৰত 'মহশ্বিদ' চৰিত্ৰটোৰ বাবে দাৰিয়ুছ মেহৰ্জুয়ীৰ সৈতে পৰিচয় কৰাই দিছিল, যাৰ জৰিয়তে ৩১ বছৰ বয়সত বিতা ফাৰাহীৰ অভিনয় জীৱনত অভিষেক ঘটিছিল। হামোনত আগবঢ়োৱা অভিনয়ৰ বাবে তেওঁ ৮ম ফাজৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীৰ ডিপ্লমা অৱ অনাৰ লাভ কৰে। পৰৱৰ্তী বছৰবোৰত ফাৰাহীয়ে আহমদ ৰেজা দৰকাৰীীশ, বাহমান ফাৰমান আৰা, মাছৌদ কিমিয়ায়ী আৰু ৰাখ্শান বনী-এতেমাদৰ দৰে পৰিচালকৰ সৈতে কাম কৰে। তেওঁ কিমিয়া (১৯৯৪), এ হাউচ অন ৱাটাৰ (২০০১) আৰু ব্লাড প্লে (২০০৬) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে ক্ৰিষ্টেল চিমৰ্ঘ বঁটাৰ মনোনয়ন লাভ কৰিছিল।

২০১৭ চনত তেওঁ মেহৰান মোদিৰীৰ পৰিচালনাত নিৰ্মিত টেলিভিছন শ্ব’ দোৰেহামিত অতিথি হিচাপে উপস্থিত হৈছিল আৰু ২০১৮ চনত ৰামবদ জাভানৰ পৰিচালনাত নিৰ্মিত খাণ্ডেভানেহতো অংশগ্ৰহণ কৰিছিল।

ব্যক্তিগত জীৱন

বিতা ফাৰাহী পৰিয়ালৰ একমাত্ৰ সন্তান আছিল আৰু তেওঁ বাহাৰেস্তান স্কোৱাৰৰ ওচৰতে শৈশৱ অতিবাহিত কৰিছিল। তেওঁৰ দদাইদেউ ফাৰহাং ফাৰাহীৰ উৎসাহত বিতািয়ে ১৯৭৩ চনত "বেষ্ট ডটাৰ" প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। এই অনুষ্ঠানৰ সময়তে তেওঁ কেইহান পাব্লিকেশ্যনৰ মুৰব্বী হাচান ঘৰেইশ্বীক লগ পায় আৰু এই পৰিচয়েই হাচান ঘৰেইশ্বীৰ সৈতে বিতাৰ বিবাহৰ পথ প্ৰশস্ত কৰে।

জীৱনৰ শেষৰ বছৰবোৰত বিতা ফাৰাহীয়ে পেৰিছ আৰু তেহৰাণৰ মাজত সময় অতিবাহিত কৰিছিল। তেওঁৰ মাহছা ঘৰেইশ্বী নামেৰে এগৰাকী কন্যা আছিল, যিয়ে বৰ্তমান ফ্ৰান্সত বসবাস কৰে।

মৃত্যু

২০২৩ চনৰ ২৫ নৱেম্বৰত ৬৪ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ Bita Farrahi (بیتا فرهی). Sekans
  2. ↑ Mahrjui, Darish. Hamoun · Film Review · Spirituality & Practice. baghestannews.ir/

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিতা ফাৰাহী” প্ৰবন্ধৰ সংশোধন ৬১১৮৫৯ (১১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।