ইৰানৰ ব্যক্তি
২০১ প্ৰবন্ধ
-
মেৰিলা জাৰেই
মেৰিলা জাৰেই (ফাৰ্চী: مریلا زارعی; জন্ম: ১৪ এপ্ৰিল ১৯৭৪) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ এটি চিলভাৰ বিয়েৰ, তিনিটাকৈ ক্ৰিষ্টেল চিমৰ্ঘ বঁটা, চাৰিটা হাফেজ বঁটা, চাৰিটা ইৰান চিনেমা চেলিব্ৰেশ্বন বঁটা আৰু এটা ইৰানছ ফিল্ম ক্ৰিটিক্স এণ্ড ৰাইটাৰ্ছ এছ’চিয়েশ্বন বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰিছে।
-
মোজতাবা আমানি
মোজতাবা আমানি (ইংৰাজী: Mojtaba Amani; জন্ম ২১ মাৰ্চ ১৯৬৩) এজন ইৰানী কূটনীতিবিদ, যিয়ে ২০২২ চনৰ পৰা ২০২৬ চনলৈ লেবাননত ইৰানৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ২০০৯ চনৰ পৰা ২০১৪ চনলৈ মিছৰত ইৰানৰ স্বাৰ্থ ৰক্ষা শাখাৰ মুৰব্বী আছিল।
-
মোৰ্তেজা আলীজাদেহ
মোৰ্তেজা আলীজাদেহ (ফাৰ্চী:مرتضی علیزاده; জন্ম: ১৯৯০) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ। আলীজাদেহে শ্ৰেষ্ঠ অভিযোজিত চলচ্চিত্ৰৰ বাবে তেহৰাণ আন্তৰ্জাতিক চুটি ছবি উৎসৱ বঁটা লাভ কৰিছিল। তেওঁ ফাজৰ চলচ্চিত্ৰ উৎসৱত শ্ৰেষ্ঠ নবাগত পৰিচালকৰ বঁটাৰ বাবেও মনোনীত হৈছিল।
-
মৰিয়ম জাকাৰিয়া
মৰিয়ম জাকাৰিয়া হৈছে ইৰানত জন্মগ্ৰহণ কৰা এগৰাকী অভিনেত্ৰী আৰু মডেল, যিয়ে প্ৰধানকৈ ভাৰতীয় চলচ্চিত্ৰত কাম কৰে। তেওঁ হিন্দী, তেলেগু আৰু তামিল ভাষাৰ বোলছবিত অভিনয় কৰিছে। তেওঁ বিশেষকৈ মদথা কাজা, এজেণ্ট বিনোদ আৰু গ্ৰেণ্ড মাষ্টি দৰে বোলছবিত কৰা অভিনয়ৰ বাবে জনাজাত।
-
মৰিয়ম মিৰবাগেৰী
মৰিয়ম মিৰবাগেৰী (ফাৰ্চী: مریم میرباقری; জন্ম ১৮ ফেব্ৰুৱাৰী), তেওঁৰ পেছাদাৰী নাম মাৰিয়ামা হিচাপে বেছি জনাজাত। তেওঁ লছ এঞ্জেলছত বসবাস কৰা এগৰাকী ইৰানী-আমেৰিকান সংগীতজ্ঞ, সংগীত প্ৰবন্ধক আৰু উদ্যোগী।
-
লালেহ্ (গায়িকা)
লালেহ্ পোৰকাৰিম (ফাৰ্চী: لاله پورکریم, জন্ম ১০ জুন ১৯৮২), কেৱল লালেহ্ নামেৰে পৰিচিত, এগৰাকী ইৰানত জন্মগ্ৰহণ কৰা ছুইডিছ গায়িকা, গীতিকাৰ, ৰেকৰ্ড প্ৰযোজক, গীটাৰবাদক, পিয়ানোবাদক আৰু ৰেকৰ্ড কোম্পানী পৰিচালক। তেওঁৰ মূল ভাষা হৈছে ফাৰ্চী।
-
লেইলা ওতাদী
লেইলা ওতাদী (ফাৰ্চী: لیلا اوتادی) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী, কবি আৰু স্থপতিবিদ।
-
লেইলা ফৰোহৰ
লেইলা ফৰোহৰ (পাৰ্চী: لیلا فروهر; Leilâ Foruhar; জন্ম ২৩ ফেব্ৰুৱাৰী ১৯৫৯) এগৰাকী ইৰানী গায়িকা। তেওঁ প্ৰথমতে এগৰাকী অভিনেত্ৰী হিচাপে কেৰিয়াৰ গঢ়ি তুলিছিল আৰু ১৯৭৯ চনৰ ইৰান বিপ্লৱৰ সাত বছৰ পাছত, ১৯৮৬ চনত প্ৰথমে তুৰস্কৰপৰা লছ এঞ্জেলছলৈ প্ৰব্ৰজন কৰে আৰু তাৰ পিছত ১৯৮৮ চনৰপৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ…
-
লেইলা হাতামি
লেইলা হাতামি (ফাৰ্চী: لیلا حاتمی; জন্ম: ১ অক্টোবৰ ১৯৭২) এগৰাকী ইৰানী অভিনেত্ৰী। ইৰানী চিনেমাৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী আৰু একবিংশ শতিকাৰ এগৰাকী আগশাৰীৰ শিল্পী হিচাপে পৰিগণিত হাতামি ড্ৰামা ছবিসমূহহত কৰা বাস্তৱসন্মত অভিনয়ৰ বাবে বিশেষভাৱে পৰিচিত।
-
লেয়লা মিলানি
লেয়লা মিলানি খোশবিন (জন্ম ২ এপ্ৰিল, ১৯৮২) হৈছে এগৰাকী ইৰানী-কানাডিয়ান-আমেৰিকান মডেল, দূৰদৰ্শন তৰণী আৰু অৱসৰপ্ৰাপ্ত অভিনেত্ৰী। মিলানিৰ জন্ম ইৰানত হৈছিল আৰু মাত্ৰ ৪ বছৰ বয়সতে তেওঁ কানাডাৰ টৰণ্টোলৈ স্থানান্তৰিত হৈছিল।
-
লোৱাত ভালা
লোৱাত ভালা(Lobat Vala; জন্ম: ১৯৩০ চনত তেহৰাণত) এগৰাকী ইৰাণী কবি৷ তেওঁ ইৰাণৰ মহিলা মুক্তিৰ সপক্ষে সততে মাত মাতি আহিছে৷ ইয়াৰ উপৰি তেওঁ উভয় লিংগৰ মাজত সম অধিকাৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগত ওতপ্ৰোতভাৱে জড়িত।
-
শকিলা
শকিলা মহছেনী চেদাঘাট (ফাৰ্চী: شکیلا محسنی صداقت), এককভাৱে শকিলা (ফাৰ্চী: شکیلا; জন্ম ৩ মে', ১৯৬২) নামেৰে পৰিচিত, হৈছে কেলিফৰ্নিয়াৰ ছান ডিয়েগোত বাস কৰা এগৰাকী ইৰানী কণ্ঠশিল্পী আৰু গীতিকাৰ।
-
শাহাব হোছেইনী
চিয়্যেদ শাহাবেদিন হোছেইনী তূনেকাবোনী (জন্ম: ৩ ফেব্ৰুৱাৰী, ১৯৭৪), যাক পেছাদাৰীভাৱে শাহাব হোছেইনী বুলি জনা যায়, হৈছে এগৰাকী ইৰানী অভিনেতা আৰু প্ৰযোজক। এ কেণ্ডেল ইন দ্য উইণ্ড (২০০৩) আৰু ৰিডেম্পচন এট ৮:২০ (২০০৪) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ ফাজৰ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ সহকাৰী অভিনেতাৰ ক্ৰিষ্টাল…
-
শাৰমীন শ্বাহৰিভাৰ
শাৰমীন শ্বাহৰিভাৰ (ফাৰ্চী: شرمینه شهریور; জন্ম ১৭ ছেপ্টেম্বৰ ১৯৮২) হৈছে এগৰাকী ইৰানী-জাৰ্মান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ইউৰোপ ২০০৫ৰ খিতাপ অৰ্জন কৰিছিল।
-
শিৱা আহমদী
শিৱা আহমদী ( Shiva Ahmadi; জন্ম: ১৯৭৫; পাৰ্চী: শিৱা احمدی) ইৰাণত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান শিল্পী, তেওঁৰ চিত্ৰকলা, ভিডিঅ' আৰু ইনষ্টলেচনৰ বাবে পৰিচিত। উত্তৰ আমেৰিকা আৰু মধ্যপ্ৰাচ্যৰ গেলেৰী আৰু সংগ্ৰহালয়ত তেওঁৰ কৰ্মৰাজি প্ৰদৰ্শিত হৈছে।
-
শ্ববনাম কোলিখানি
শ্ববনাম কোলিখানি (জন্ম: ৯ নৱেম্বৰ, ১৯৭৭) হৈছে এগৰাকী ইৰানীয় টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী, পৰিচালক তথা লেখিকা।
-
শ্ববনাম ঘোৰবানী
শ্ববনাম ঘোৰবাণী (জন্ম: ১০ জুলাই, ১৯৮৯) হৈছে এগৰাকী ইৰানীয় অভিনেত্ৰী। তেওঁ মূলতঃ এনী ডে নাও (২০২০), কুইন অৱ বেগৰ্চ (২০২২), দ্য লুজাৰ মেন (২০২২), এলিগেটৰ ব্লাড (২০২৪) আৰু টুবা (২০২৪) আদি চলচ্চিত্ৰ আৰু ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
শ্ববনাম মোগাদ্দামী
শ্ববনাম মোগাদ্দামী (জন্ম: ২৩ মাৰ্চ, ১৯৭২) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ দুটা ক্ৰিষ্টাল চিমৰ্গ বঁটা, তিনিটা হাফেজ বঁটা আৰু ইৰানৰ ফিল্ম ক্ৰিটিক্স এণ্ড ৰাইটাৰ্চ এছ’চিয়েচন বঁটা আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সন্মান লাভ কৰিছে।
-
শ্বাহৰখ (গায়ক)
শ্বাহৰখ শ্বাহিদ (ফাৰ্চী: شاهرخ شاهید; ২৭ নৱেম্বৰ ১৯৪৯ — ৩ ডিচেম্বৰ ২০২৩), তেওঁ মঞ্চ নাম শ্বাহৰখ নামেৰে পৰিচিত, এগৰাকী ইৰানী গায়ক, গীতিকাৰ আৰু ফাৰ্চী শাস্ত্ৰীয় আৰু পপ সংগীতৰ সুৰকাৰ আছিল। তেওঁৰ মূল ভাষা আছিল ফাৰ্চী। ২০২৩ চনৰ ৩ ডিচেম্বৰত ৭৪ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ শ্বাহৰখৰ মৃত্যু হয়।
-
শ্বাহৰাম আলিদী
শ্বাহৰাম আলিদী (ফাৰ্চী: شهرام علیدی; জন্ম ১১ ডিচেম্বৰ, ১৯৭১, সানান্দাজ, কুৰ্ডিষ্টান, ইৰান) হৈছে এজন ইৰানী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক। ইয়াৰ উপৰি তেওঁ এজন চিত্ৰশিল্পী, ইলাষ্ট্ৰেটৰ আৰু গ্ৰাফিক ডিজাইনাৰ।
-
শ্বিৰিন আবেদীনিৰাদ
শ্বিৰিন আবেদীনিৰাদ (জন্ম: ১৯৮৬) হৈছে এগৰাকী ইৰানীয় সমসাময়িক শিল্পী আৰু ইউটাহ ভেলী ইউনিভাৰ্চিটীৰ সহকাৰী অধ্যাপক। তেওঁ মূলতঃ প্ৰকৃতি, আধ্যাত্মিকতা আৰু অপটিকেল ইলিউচন (দৃষ্টিভ্ৰম)ৰ বিষয়সমূহ অন্বেষণ কৰা বৃহৎ পৰিসৰৰ দাপোনভিত্তিক ইনষ্টলেশ্যন আৰ্ট, কনচেপচুৱেল আৰ্ট আৰু লেণ্ড আৰ্ট প্ৰকল্পৰ বাবে পৰিচিত।
-
শ্বিৰিন এবাদি
শ্বিৰিন এবাদি(Shirin Ebadi; জন্ম: ২১ জুন ১৯৪৭) ইৰাণৰ এগৰাকী নোবেল বঁটা বিজয়ী, অধিবক্তা, লেখক, শিক্ষক আৰু ইৰাণৰ ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটছ চেণ্টাৰৰ প্ৰাক্তন ন্যায়াধীশ আৰু প্ৰতিষ্ঠাপক।
-
শ্বোজা আজাৰী
শ্বোজা আজাৰী (ফাৰ্চী:شجاع آذری) হৈছে নিউয়ৰ্ক চহৰত বসবাস কৰা ইৰানত জন্মগ্ৰহণ কৰা এজন দৃশ্যকলা শিল্পী আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ মূলতঃ তেওঁৰ চলচ্চিত্ৰ আৰু মাল্টিমিডিয়া ইনষ্টলেশ্যনসমূহৰ বাবে জনাজাত।
-
সমীৰা আব্বাছি
সমীৰা আব্বাছি ( Samira Abbassy; জন্ম: ১৯৬৫) এগৰাকী ইৰাণত জন্মগ্ৰহণ কৰা ব্ৰিটিছ চিত্ৰশিল্পী আৰু আৰব ঐতিহ্যৰ খচৰা প্ৰস্তুতকাৰক। তেওঁৰ কামে পৌৰাণিক কাহিনী, নাৰী দেৱতা, মনোজগত, স্মৃতিশক্তি আৰু প্ৰব্ৰজনকাৰীসকলৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰে।
-
সাহাৰ আজদমসানি
সাহাৰ আজদমসানি (ফাৰ্চী:سحر اژدم ثانی; জন্ম ২৬ মাৰ্চ ১৯৯৬) হৈছে এগৰাকী ইৰানী গায়িকা, সুৰকাৰ, কবি, গীতিকাৰ, লেখিকা আৰু ফটোগ্ৰাফাৰ।
-
সাহাৰ ঘোৰেইচি
সাহাৰ ঘোৰেইচি (জন্ম: ২৭ ডিচেম্বৰ ১৯৮৭) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ ২০০৯ চনত লাজ ও লাজবাজিক নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে আৰু একে বছৰতে দেলনাভাজান নামৰ দূৰদৰ্শন ধাৰাবাহিকখনত কৰা অভিনয়ৰ বাবে বিশেষ জনপ্ৰিয়তা লাভ কৰে।
-
সাহাৰ জাকাৰিয়া
সাহাৰ জাকাৰিয়া (জন্ম: ১৯ ডিচেম্বৰ ১৯৭৩) এগৰাকী ইৰানী দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। জাকাৰিয়াৰ জন্ম ইৰানৰ আৰাক চহৰত হৈছিল। তেওঁ মেহৰান মোডিৰিৰ শ্ব’ আৰু ধাৰাবাহিক যেনে পাভাৰচিন, মাৰ্ডে দোহাজাৰ চেহৰেহ আৰু গাহভে-য়ে টালখ আদিত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰিছিল।
-
সোৰয়া কাছেমী
সোৰয়া কাছেমী (ফাৰ্চী: ثریا قاسمی; জন্ম ১৯ ডিচেম্বৰ ১৯৪০) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁৰ জন্ম তেহৰাণত হৈছিল আৰু তেওঁৰ মাতৃ হামিদেহ খেইৰাবাদীক ইৰানী চলচ্চিত্ৰৰ মাতৃ হিচাপে জনা গৈছিল।
-
হাজিৰ দাৰিয়ুচ
হাজিৰ দাৰিয়ুচ (ফাৰ্চী: هژیر داریوش; জন্ম ১১ আগষ্ট, ১৯৩৮ মৃত্যু ২ অক্টোবৰ, ১৯৯৫) এজন ইৰানী চলচ্চিত্ৰ নিৰ্মাতা আছিল, যাক ১৯৮২ চনত জাভেদ জব্বাৰে "সংগঠিত প্ৰগতিশীল ইৰানী চিনেমাৰ নেতা" হিচাপে বৰ্ণনা কৰিছিল। দাৰিয়ুচে পেৰিছৰ আই.ডি.এইচ.ই.চি.ত চলচ্চিত্ৰ বিষয়ত অধ্যয়ন কৰিছিল।
-
হানা মাখমালবাফ
হানা মাখমালবাফ (ফাৰ্চী: حنا مخملباف; জন্ম ৩ ছেপ্টেম্বৰ ১৯৮৮) হৈছে এগৰাকী ইৰানী চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ চলচ্চিত্ৰ নিৰ্মাতা ছমীৰা মাখমালবাফৰ কনিষ্ঠ ভগ্নী আৰু চলচ্চিত্ৰ নিৰ্মাতা মহচেন মাখমালবাফ আৰু ফাতেমেহ মেশ্কিনীৰ কন্যা।