বাহৰাম আফজালি (Bahram Afzali) (জন্ম, ৬ ডিচেম্বৰ ১৯৩৭ –মৃত্যু, ২৫ ফেব্ৰুৱাৰী ১৯৮৪) আছিল এজন ইৰাণী এডমিৰেল। তেওঁ ১৯৮০ চনৰ মে'/জুনৰপৰা ১৯৮৩ চনৰ ২৪ এপ্ৰিললৈকে ইৰাণৰ নৌসেনাৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত ইৰাণৰ টুদেহ পাৰ্টিৰ গোপন সদস্যপদৰ বাবে তেওঁক ফাঁচি দিয়া হৈছিল।
কৰ্মজীৱন
আফজালিৰ জন্ম হৈছিল ১৯৩৭ চনত ১ ক'ম চহৰত। তেওঁৰ পিতৃ এজন ধৰ্মীয় নেতা আছিল। ১৯৫৭ চনত তেওঁ ইৰাণৰ সাম্ৰাজ্যিক নৌসেনাত যোগদান কৰে আৰু অধিক অধ্যয়নৰ বাবে ইটালীলৈ পঠিওৱা হয়।১ ১৯৬১ চনত তেওঁ ইটালীৰ নৌসেনা একাডেমীৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে, য'ত তেওঁ যান্ত্ৰিক অভিযান্ত্ৰিক আৰু জাহাজ নিৰ্মাণৰ প্ৰশিক্ষণ লয়।১ পিছলৈ ১৯৭০ চনত তেওঁ নাও আৰু চাবমেৰিন স্থাপত্যত পি এইচ ডি লাভ কৰে।
আফজালি ইৰাণী ইৰাণৰ সাম্ৰাজ্যিক নৌসেনাৰ অভিযন্তা আৰু কেপ্তেইন আছিল।২ ১৯৭৯ চনৰ বিপ্লৱৰ পিছত তেওঁ নৌসেনাত সেৱা আগবঢ়াই থাকে আৰু ইৰাণ-ইৰাক যুদ্ধত অংশগ্ৰহণ কৰে।২ তেতিয়াৰ ইৰানৰ ৰাষ্ট্ৰপতি আবুলহাছান বানি ছাদৰে ১৯৮০ চনৰ জুন মাহত তেওঁক নৌসেনাৰ অধিনায়ক নিযুক্তি দিয়ে। ৩ তদানীন্তন ইৰাণৰ সংসদৰ অধ্যক্ষ আলী আকবৰ হাশ্বেমী ৰাফছাঞ্জনীৰ বিশেষ উপদেষ্টাও আছিল।৪
গ্ৰেপ্তাৰ, বিচাৰ আৰু মৃত্যু
১৯৮৩ চনৰ আৰম্ভণিতে আফজালিক টুদেহ পাৰ্টিৰ হাজাৰতকৈ অধিক সদস্যৰ সৈতে আই আৰ পিয়ে গ্ৰেপ্তাৰ কৰে। ৫ ১৯৮৩ চনৰ ডিচেম্বৰ মাহত সামৰিক ন্যায়াধিকৰণৰ ৰূপত অনুষ্ঠিত হোৱা এই বিচাৰৰ ভিতৰত ৩২ জনক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। ৬তেওঁলোকৰ ন্যায়াধীশ আছিল হোজ্জাত আল ইছলাম মহম্মদ ৰেইশ্বাহৰী, যিয়ে ১৯৮৬ চনত মাহদি হাশ্বেমীকো জেৰা কৰিছিল।৭ ন্যায়াধিকৰণৰ স্থান কেতিয়াও প্ৰকাশ কৰা হোৱা নাই। ৭
এই টুদেহৰ দহজন সদস্যক মৃত্যুদণ্ড দিয়া হয়।৬ ১৯৮৪ চনৰ ২৫ ফেব্ৰুৱাৰীত ছোভিয়েট ইউনিয়নৰ বাবে চোৰাংচোৱাগিৰিৰ অভিযোগত আফজালিক ফাঁচি দিয়া হয়।২৬৮
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (1987). Iran Almanac and Book of Facts. Echo of Iran. পৃ. 304
- ↑ Mr. Bahram Afzali. OMID
- ↑ (2 June 1980). 30 persons dead, 80 injured in Iranian-Iraqi frontier clash. The Calgary Herald
- ↑ Shireen T. Hunter; Jeffrey L. Thomas; Alexander Melikishvili. (2004). Islam in Russia: The Politics of Identity and Security. M.E. Sharpe. পৃ. 506. ISBN 978-0-7656-1282-3
- ↑ George W. Breslauer. (1990). Soviet Strategy in the Middle East. Unwin Hyman. পৃ. 131. ISBN 978-0-04-445232-4
- ↑ Sepehr Zabir. (2012). The Iranian Military in Revolution and War (RLE Iran D). CRC Press. পৃ. 115. ISBN 978-1-136-81270-5
- ↑ Ervand Abrahamian. (1999). Tortured Confessions: Prisons and Public Recantations in Modern Iran. University of California Press. পৃ. 199. ISBN 978-0-520-21623-5
- ↑ Hunter, Shireen T. (Spring 1987). After the Ayatollah. Foreign Policy. পৃ. 77–97
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাহৰাম আফজালি” প্ৰবন্ধৰ সংশোধন ৬২৪০৮৪ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।