অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফাৰামাৰ্জ ঘৰিবিয়ান

ফাৰামাৰ্জ ঘৰিবিয়ান (জন্ম: ১৮ নৱেম্বৰ, ১৯৪১) এগৰাকী অৱসৰপ্ৰাপ্ত ইৰানী অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ ট্ৰেইন (১৯৮৮), মিষ্টি হাৰ্বাৰ (১৯৯২) আৰু দা ৰেইন মেন (১৯৯৮) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তিনিবাৰকৈ ক্ৰিষ্টেল চিমৰ্ঘ বঁটা লাভ কৰিছে।

হালনাগাদ: ৩১ মে’ ২০২৬ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ফাৰামাৰ্জ ঘৰিবিয়ান (জন্ম: ১৮ নৱেম্বৰ, ১৯৪১) এগৰাকী অৱসৰপ্ৰাপ্ত ইৰানী অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ ট্ৰেইন (১৯৮৮), মিষ্টি হাৰ্বাৰ (১৯৯২) আৰু দা ৰেইন মেন (১৯৯৮) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তিনিবাৰকৈ ক্ৰিষ্টেল চিমৰ্ঘ বঁটা লাভ কৰিছে।

কৰ্মজীৱন

তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্কুল অৱ ভিজুৱেল আৰ্টছত চলচ্চিত্ৰ অভিনয় শিক্ষা গ্ৰহণ কৰিছিল (১৯৭১)। মাছৌদ কিমিয়াই পৰিচালিত কাম ষ্ট্ৰেঞ্জাৰ (১৯৬৮) চলচ্চিত্ৰখনত এটি চুটি চৰিত্ৰত অভিনয় কৰাৰ জৰিয়তে তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল। তেওঁৰ প্ৰথম পেছাদাৰী অভিনয় আছিল ছইল (১৯৭৩, মছুদ কিমিয়াই) চলচ্চিত্ৰখনত।

তেওঁৰ বেছিভাগ চলচ্চিত্ৰতে তেওঁ এজন দৃঢ় সংকল্পবদ্ধ মানুহৰ চৰিত্ৰত অভিনয় কৰে, যিয়ে নিজৰ লক্ষ্যত উপনীত হ’বলৈ বা নিজৰ আদৰ্শ ৰক্ষা কৰিবলৈ সংঘাত আৰু বিপদৰ সন্মুখীন হ’বলগীয়া হয়। তেওঁৰ কৰ্মজীৱনত কেইখনমান দুঃসাহসিক অভিযান মূলক চলচ্চিত্ৰ আছে আৰু তেওঁ তিনিখন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ ক্ৰমে— ডুৱেল ইন তাসুকি (১৯৮৬), ল' (১৯৯৫) আৰু হাৰ আইজ (১৯৯৯) পৰিচালনাও কৰিছিল। ঘৰিবিয়ানে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰ বাবে কেইবাবাৰো মনোনীত হৈছে আৰু ফজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰপৰা ট্ৰেইন (১৯৮৭), মিষ্টি হাৰ্বাৰ (১৯y২) আৰু দা ৰেইন মেন (১৯৯৯) চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে।

শেহতীয়া বছৰবোৰত তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তৰপৰা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ডান্সিং ইন দা ডাষ্ট চলচ্চিত্ৰৰ বাবে তেওঁ ২৫সংখ্যক মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু এছিয়া পেচিফিক চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল।১ ইয়াৰ উপৰি দা বিউটিফুল চিটি চলচ্চিত্ৰখনৰ বাবে তেওঁ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ বিশেষ বঁটা লাভ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ 25th Moscow International Film Festival (2003). MIFF

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিঅভিনেতাচলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাৰামাৰ্জ ঘৰিবিয়ান” প্ৰবন্ধৰ সংশোধন ৬১০৬০০ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।