ইৰানৰ ব্যক্তি
২০১ প্ৰবন্ধ
-
ছাত্তাৰ খান
ছাত্তাৰ খান (২০ অক্টোবৰ, ১৮৬৬ – ১৭ নৱেম্বৰ, ১৯১৪), যাক সন্মানীয়ভাৱে চৰ্দাৰ-এ মিল্লী (অৰ্থাৎ ৰাষ্ট্ৰীয় অধিনায়ক) উপাধিৰে জনা যায়, আছিল ইৰানী সাংবিধানিক বিপ্লৱৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি আৰু ইৰানী লোকসকলৰ দ্বাৰা এজন জাতীয় বীৰ হিচাপে গণ্য কৰা হয়।
-
ছিমিন বেহবাহনী
ছিমিন বেহবাহনী (২০ জুলাই ১৯২৭ – ১৯ আগষ্ট ২০১৪) আছিল ইৰাণী সমসাময়িক কবি, গীতিকাৰ আৰু সমাজকৰ্মী। পৰম্পৰাগত কাব্যিক ৰূপ গজলত আয়ত্ত কৰাৰ বাবে তেওঁ সুপৰিচিত৷ তেওঁ আধুনিক পাৰ্চী কবিতাৰ আইকন হৈ পৰিছিল। ইৰাণৰ বুদ্ধিজীৱী আৰু সাহিত্যিকসকলে তেওঁক মৰমেৰে "ইৰাণৰ সিংহিনী" বুলি উল্লেখ কৰিছিল।
-
ছেহলা লাহিজি
ছেহলা লাহিজি (জন্ম: ১৯৪২; شهلا لاهیجی; Shahla Lahiji) এগৰাকী ইৰানী লেখিকা, প্ৰকাশিকা আৰু নাৰী অধিকাৰ কৰ্মী। তেওঁ নাৰী বিষয়ক এটা প্ৰকাশন প্ৰতিষ্ঠান ৰোচনগৰনৰ সঞ্চালক।
-
ছৈয়দ হাদী মহাক্কেক
ছৈয়দ হাদী মহাক্কেক (ফাৰ্চী: سید هادی محقق; জন্ম ১৯৭৯) হৈছে এজন ইৰানী চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
-
জহৰা ৰহনাৱৰ্দ
জহৰা ৰহনাৱৰ্দ (জন্ম: জোহৰা কাজিমী; ১৯ আগষ্ট ১৯৪৫) এগৰাকী ইৰানীয়ান শিক্ষাবিদ, শিল্পী আৰু ৰাজনীতিবিদ। ৰহনাৱৰ্দ এগৰাকী বিশ্ববিদ্যালয়ৰ অধ্যাপক, শিল্পী আৰু বুদ্ধিজীৱী। তেওঁ ২০১১ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০১৮ চনৰ মে’ মাহলৈ গৃহবন্দী হৈ আছিল।
-
জাচমিন তাবাতাবাই
জাচমিন তাবাতাবাই (ফাৰ্চী: یاسمین طباطبائی, জন্ম ৮ জুন ১৯৬৭) হৈছে এগৰাকী জাৰ্মান অভিনেত্ৰী আৰু গায়িকা।
-
জালেহ এছফাহানী
জালেহ এছফাহানী ( Jaleh Esfahani); ( ১৯২১ – ২৯ নৱেম্বৰ ২০০৭) আছিল এগৰাকী ইৰাণী কবি আৰু সাহিত্যৰ পণ্ডিত।
-
জাহ্ৰা ডাউলাতাবাদী
জাহ্ৰা ডাউলাতাবাদী (ফাৰ্চী: زهرا دولت آبادی) এগৰাকী ইৰানী-আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজক। তেওঁ আমেৰিকান গায়ক-গীতিকাৰ এম বেইহোল্ডৰ মাতৃ।
-
জাহৰা এশৰাঘী
জাহৰা এশৰাঘী খোমেইনি (Zahra Eshraghi Khomeini) (জন্ম-১৯৬৪) এগৰাকী ইৰাণী কৰ্মী আৰু প্ৰাক্তন চৰকাৰী বিষয়া।
-
জিবা চিৰাজী
জিবা চিৰাজী (Ziba Shirazi) এগৰাকী ইৰাণী-আমেৰিকান লেখিকা, কবি, কণ্ঠশিল্পী, গীতিকাৰ, গল্পকাৰ আৰু ছদ্মনামধাৰী লেখিকা। এগৰাকী কবি আৰু সংগীত শিল্পী হিচাপে তেওঁ নিজৰ মৰ্মস্পৰ্শী গীত আৰু কবিতাৰ জৰিয়তে কৰা কাহিনী কথনৰ বাবে বিশেষভাৱে পৰিচিত।
-
জোহৰেহ জুয়া
জোহৰেহ জুয়া (ফাৰ্চী: زهره جویا) হৈছে ইৰানৰ মাশহাদৰ এগৰাকী কণ্ঠশিল্পী।
-
টিনা ঘৰাভী
টিনা ঘৰাভী (জন্ম: ১ জুলাই, ১৯৭২) এগৰাকী ইৰানত জন্মগ্ৰহণ কৰা ব্ৰিটিছ শিল্পী, পৰিচালক আৰু চিত্ৰনাট্যকাৰ। বৰ্তমান তেওঁ পেৰিছত বসবাস কৰে। তেওঁৰ ২০১৩ চনৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আই এম নাছৰিন বাফটা বঁটাৰ বাবে মনোনীত হৈছিল।
-
ডেলাৰা (গায়িকা)
আমাণ্ডা ডেলাৰা নিকমান (ফাৰ্চী: آماندا دلارا نیکمن; জন্ম ১৯৯৭), তেওঁৰ পেছাদাৰী নাম ডেলাৰা (পূৰ্বতে আমাণ্ডা ডেলাৰা) হিচাপে বেছি জনাজাত। তেওঁ এগৰাকী নৰৱেজিয়ান আৰু ইৰানী গায়িকা।
-
ডোনিয়া দাদ্ৰাছান
ডোনিয়া দাদ্ৰাছান (জন্ম: ১৫ মাৰ্চ ২০০১) হৈছে এগৰাকী ইৰানী কণ্ঠশিল্পী। ডোনিয়া বৰ্তমান অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত বসবাস কৰে। তেওঁ ৪ জনীয়া এটা পৰিয়ালত বাস কৰে আৰু বৰ্তমান "বৰদিয়া জাদেহ"ৰ সৈতে বিবাহপাশত আবদ্ধ। তেওঁৰ মাতৃৰ নাম নুচিন আৰু এজন সৰু ভাইেক আছে যাৰ নাম ডানিয়েল।
-
তায়ালা আছ
তালায়েহ আশ্ৰাফী (ফাৰ্চী: طلایه اشرفی; ), যাক পেচাগতভাৱে তায়ালা আছ বনামে জনা যায়, এগৰাকী ইৰানী-আমেৰিকান অভিনেত্ৰী। ২০২৪ চনত তেওঁ নাটকত শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ টনি বঁটাৰ বাবে মনোনীত হৈছিল।
-
তালাত বাছাৰী
তালাত বাছাৰী (Talat Basari, ইৰানী কবি আৰু লেখিকা, ১৯২৩ – ১৮ ছেপ্টেম্বৰ ২০২০) আছিল এগৰাকী ইৰানী বাহায়ী ধৰ্মাৱলম্বী কবি, নাৰীবাদী, শিক্ষাবিদ আৰু লেখিকা।
-
তাহেৰেহ ছাফৰ্জাদেহ
তাহেৰেহ ছাফৰ্জাদেহ (Tahereh Saffarzadeh) (জন্ম, ১৯৩৬ ইৰাণৰ কেৰমান প্ৰদেশৰ চিৰজানত – মৃত্যু,ইৰাণৰ তেহৰাণত ২৫ অক্টোবৰ, ২০০৮) এগৰাকী ইৰাণী কবি, লেখক, অনুবাদিকা আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আছিল।
-
তাৰানেহ আলিদুস্তি
তাৰানেহ আলিদুস্তি (ফাৰ্চী:ترانه عليدوستی; জন্ম: ১২ জানুৱাৰী, ১৯৮৪) এগৰাকী ইৰানী অভিনেত্ৰী। ২০১৬ চনৰ দ্য চেলছমেন চলচ্চিত্ৰখনত কৰা অভিনয়ৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষভাৱে পৰিচিত। এই ছবিখনে ৮৯সংখ্যক অস্কাৰ বঁটাত শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিল।
-
তুবা আজমুদেহ
টুবা আজমুদেহ (১৮৭৮–১৯৩৬) এজন ইৰাণী শিক্ষাবিদ যিয়ে ১৯০৭ চনত ইৰাণত ছোৱালীৰ বাবে প্ৰথমখন বিদ্যালয় স্থাপন কৰিছিল। সমাজৰ পৰা অহৰহ বিৰোধিতা হোৱাৰ পিছতো তেওঁ বিদ্যালয়খন ৰক্ষণাবেক্ষণ আৰু সম্প্ৰসাৰণ কৰিছিল।
-
নঈম ঘালিলী
নঈম ঘালিলী (জন্ম: ১৯৬২, ইছফাহান, ইৰান) এগৰাকী ইৰানীয় অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা। কেইবাখনো দেশলৈ প্ৰব্ৰজন কৰাৰ পাছত তেওঁ মালয়েছিয়াৰ কুৱালালামপুৰত স্থায়ীভাৱে বসবাস কৰিবলৈ লয় আৰু বৰ্তমান চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত হৈ আছে।
-
নাছৰোলা এণ্টেজাম
নাছৰোলা এণ্টেজাম (Nasrollah Entezam) পাৰ্চী ভাষাত নাছৰ-আল্লাহ এণ্টেজাম। (জন্ম,১৬ ফেব্ৰুৱাৰী ১৯০০ – মৃত্যু,১৯ ডিচেম্বৰ ১৯৮০) আছিল এগৰাকী কূটনীতিবিদ, ৰাজনীতিবিদ আৰু ইৰানৰ মন্ত্ৰী। তেওঁ আমেৰিকা আৰু ফ্ৰান্সত ইৰাণৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
নাজনীন বনিয়াদী
নাজনীন বনিয়াদী (ফাৰ্চী: نازنین بنیادی; জন্ম: ২২ মে’ ১৯৭৯) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু মানৱাধিকাৰ কৰ্মী। তেহৰাণত জন্মগ্ৰহণ কৰা আৰু লণ্ডনত ডাঙৰ-দীঘল হোৱা বনিয়াদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত বিশ্ববিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছিল।
-
নাজলি তাবাতাবাই-খাটামবখছ
নাজলি তাবাতাবাই-খাটামবখছ গিল্ডহল স্কুল অৱ মিউজিক এণ্ড ড্ৰামাৰ অপেৰা লিব্ৰেটিষ্ট প্ৰেকটিচ বেচডৰ উদ্বোধনী কলাত্মক ডক্টৰেট গৱেষক। ইয়াৰ উপৰি তেওঁ এই প্ৰতিষ্ঠানখনত এমএ অপেৰা মেকিং এণ্ড ৰাইটিং পাঠ্যক্ৰমৰ ড্ৰামেটিক ৰাইটিং বিষয়ৰ অধ্যাপক।
-
নাজানিন আফছিন-জাম
নাজানিন আফছিন-জাম (ফাৰ্চী: نازنین افشین جم; জন্ম: ১১ এপ্ৰিল ১৯৭৯) হৈছে এগৰাকী ইৰানীয়-কানাডীয় মানৱ অধিকাৰ কৰ্মী, লেখিকা, ৰাজহুৱা বক্তা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে 'মিছ ৱৰ্ল্ড কানাডা ২০০৩'ৰ মুকুট লাভ কৰিছিল।
-
নাদেৰ ইব্ৰাহিমী
নাদেৰ ইব্ৰাহিমী (জন্ম ৩ এপ্ৰিল, ১৯৩৬ মৃত্যু ৫ জুন, ২০০৮) এজন ইৰানী লেখক, চিত্ৰনাট্যকাৰ, ফটোগ্ৰাফাৰ, পৰিচালক, অভিনেতা, গীতিকাৰ আৰু ঔপন্যাসিক আছিল। কেৰমানৰ এক প্ৰখ্যাত পৰিয়ালৰ বংশধৰ আতা-অল-মোল্ক ইব্ৰাহিমীৰ পুত্ৰ নাদেৰে ফাৰ্চী সাহিত্যত ডিপ্লমা অৰ্জন কৰিছিল আৰু তাৰ পিছত ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী…
-
নাৰ্গিছ আবিয়াৰ
নাৰ্গিছ আবিয়াৰ (ফাৰ্চী: نرگس آبیار; জন্ম: ৮ আগষ্ট ১৯৭০) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক, লেখিকা আৰু চিত্ৰনাট্যকাৰ। তেওঁ মূলতঃ ট্ৰেক ১৪৩, ব্ৰেথ আৰু ৱেন দ্য মুন ৱাজ ফুল চলচ্চিত্ৰ পৰিচালনা কৰাৰ বাবে জনাজাত।
-
নাৰ্গেছ মহম্মদী
নাৰ্গেছ মহম্মদী (Narges Mohammadi; জন্ম: ২১ এপ্ৰিল ১৯৭২) এজন ইৰানী মানৱ অধিকাৰ কৰ্মী আৰু শান্তিৰ নোবেল বঁটা বিজয়ী। বৰ্তমান তেওঁ শান্তিৰ নোবেল বঁটা বিজয়ী শ্বিৰিন এবাডীৰ নেতৃত্বত গঠিত ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটছ চেণ্টাৰ (মানৱ অধিকাৰ ৰক্ষক কেন্দ্ৰ) চমুকৈ DHRCৰ উপ-সভানেত্ৰী।
-
নেগাৰ জাৱাহেৰিয়ান
নেগাৰ জাৱাহেৰিয়ান (ফাৰ্চী: نگار جواهریان; জন্ম: ১২ জানুৱাৰী, ১৯৮৩) এগৰাকী ইৰানী অভিনেত্ৰী। গোল্ড এণ্ড কপাৰ (২০১০), হিয়েৰ উইদাউট মি (২০১১), এ কিউব অব চুগাৰ (২০১১) আৰু দ্য পেইণ্টিং পুল (২০১৩) ছবিসমূহত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
পেয়মান মাডী
পেয়মান মাডী (ফাৰ্চী: پیمان معادی; জন্ম ৯ জুলাই ১৯৭০) হৈছে এগৰাকী ইৰানী-আমেৰিকান অভিনেতা, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ ইৰানৰ অস্কাৰ বঁটা বিজয়ী পৰিচালক আছগৰ ফাৰহাদীৰ এ চেপাৰেশ্যন (২০১১) আৰু এবাউট এলি (২০০৯), লাষ্ট নাইটছ (২০১৫) আৰু স্বতন্ত্ৰ ড্ৰামা চলচ্চিত্ৰ কেম্প এক্স-ৰে (২০১৪) ত কৰা…
-
পৌৰাণ ডেৰাখশান্দেহ
পৌৰাণ ডেৰাখশান্দেহ (ফাৰ্চী: پوران درخشنده; জন্ম ২৭ মাৰ্চ, ১৯৫১) এগৰাকী ইৰানী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু গৱেষক।