আহোম ৰাজ্য
৭৮ প্ৰবন্ধ
-
ফুলেশ্বৰী কুঁৱৰী
ফুলেশ্বৰী (ইংৰাজী ভাষা:Phuleswari) আহোম ৰজা শিৱ সিংহৰ প্ৰধান ৰাণী আছিল। আহোম ৰাজ্য প্ৰত্যক্ষভাৱে শাসন কৰা তেখেত প্ৰথম মহিলা। পূৰ্বে তেওঁ দেৰগাঁৱৰ শিৱ মন্দিৰৰ এগৰাকী নৰ্তকী আছিল। আচল নাম আছিল ফুলমতী। শিৱ সিংহই তেওঁক দেখি মুগ্ধ হৈ বিয়া কৰায়।
-
বৰগোহাঞি
বৰগোহাঞি বা চাও থাও লৌঙ (ইংৰাজী ভাষা:Chao Thao Lung or Borgohain, আহোম ভাষা: 𑜌𑜧𑜨 𑜉𑜢𑜤𑜂𑜫 𑜏𑜤𑜂𑜫) আহোম সাম্ৰাজ্যৰ দ্বিতীয়জন পৰামৰ্শদাতা ৰাজমন্ত্ৰী। তেওঁক আহোম চাওফাই চাওফা হ’বৰ অযোগ্য সাতঘৰীয়া ফৈদৰ আহোম পৰিয়ালৰ পৰা নিৰ্বাচিত কৰিছিল। অন্যজন পৰামৰ্শদাতা ৰাজমন্ত্ৰী আছিল বুঢ়াগোহাঞি।
-
দেহ'ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্ত
দেহ'ঙ টাই আৰু চিংফৌ স্বায়ত্ব প্ৰান্ত (Dehong Dai and Jingpo Autonomous Prefecture; টাই-নুৱা: ᥖᥬᥳ ᥑᥨᥒᥰ) চীনদেশৰ য়ুন্নান প্ৰদেশত অৱস্থিত আঠটা স্বায়ত্তপ্ৰান্তৰ ভিতৰত এখন স্বায়ত্তপ্ৰান্ত, ইয়াৰ পূবে বাওছান আৰু পশ্চিমে মানদেশৰ কাচিন ৰাজ্যৰ সীমা আছে।
-
ৰিক খ্বন
ৰিক খ্ৱন (ইংৰাজী ভাষা:Rik Khwan)হৈছে আহোমসকলে আয়োজন কৰা আহোম ধৰ্মৰধৰ্মীয় অনুষ্ঠান। ইয়াত খ্ৱন নামৰ বিশেষ শক্তি (সাধাৰণতে দীৰ্ঘ আয়ুস বুলি ধৰা হয়) স্মৰণ কৰা হয় যিটো চীন, শান,থাইলেণ্ড আৰু লাওছৰ তাঈ সকলৰ মাজতো দেখা যায়।
-
লেংডন
চাই ৰে ফা চাং ডাম ঙি ৰিং লেংডন (চমুকৈ: লেংডন, বা ফা নুৰু ফুৰা লেংডন, ইংৰাজী: Lengdon) আহোমসকলৰ পূৰ্বপুৰুষ আৰু চাং বংশৰ সম্ৰাট আছিল যি মৌঙ ফি বা চুং কোৱ (মধ্য সাম্ৰাজ্য প্ৰাচীন চীনদেশৰ) সাম্ৰাজ্যখনৰ শাসক আছিল। তেখেতৰ পিতৃ সম্ৰাট চেং নুঙ এজন মহান শাসক আছিল।
-
ৰমণী গাভৰু
নাং-ছেং ওৰফে ৰমণী গাভৰু (জন্ম- আনুমানিক ১৬৫৬) আছিল আহোম চাওফা চুতাম্লা আৰু পত্নী নাং পাখৰি গাভৰুৰ একমাত্ৰ জী, আহোম ৰাজ্যৰ ৰাজকুঁৱৰী। বিবাহ সূত্ৰে তেওঁৰ নাম ৰহমত বানু বেগম (رحمت بانو بیگم) হয় যি মোগল সম্ৰাট মহম্মদ আজম শ্বাহৰ প্ৰথমগৰাকী পত্নী হৈছিল।
-
চকলং
চক-লং (𑜋𑜨𑜀𑜫 𑜎𑜨𑜂𑜫) হ'ল টাই আহোম সকলৰ ফ্ৰা-লুং ধৰ্ম নিয়ম অনুসৰি প্ৰাচীন পুথি লাই লিট নাঙ হুন ফাত উল্লিখিত নিয়ম অনুসৰি পালন কৰা বৈবাহিক অনুষ্ঠান যি আহোম বিবাহ পৰম্পৰা তিনিদিনীয়া কাৰ্যসূচীৰ তৃতীয় দিনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মুখ্য অনুষ্ঠান।
-
টিংখং
টিংখং ডিব্ৰুগড় জিলাৰ এখন বিধান সভা সমষ্টি। টিংখং চাহ উৎপাদনকাৰী আৰু তৈলক্ষেত্ৰ অঞ্চল। টিংখং ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ৮০ কিঃমিঃ দক্ষিণ পূবত আৰু তিনিচুকীয়া চহৰৰ পৰা প্ৰায় ৭০ কিঃমিঃ দূৰত অৱস্থিত।
-
টিপাম
টিপাম বা তিপাম অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া মহকুমাৰ টিপাম ফাকিয়াল গাঁও পঞ্চায়তৰ এখন ঐতিহাসিক গাঁও। ডিন বুৰঞ্জীৰ মতে টিপামক অসম ৰাজ্য বা মুং দুন চুন খামৰৰ দ্বিতীয় ৰাজধানী। ঐতিহাসিকভাৱে টিপামৰ নাম ১২২৮ খ্ৰীষ্টাব্দৰ পৰাই লিপিবদ্ধ হৈ আছে।
-
তুংখঙিয়া
তুংখঙিয়া বা তিংখঙিয়া ফৈদ(ইংৰাজী ভাষা:Ting Khang Clan or Tungkhangiya ) আছিল আহোম ৰাজবংশৰ এটি শাখা। এই বংশৰ চাওফাই 1681 ৰ পৰা আৰম্ভ কৰি ন শতিকাৰ আৰম্ভণি লৈকে আহোম ৰাজ্যত শাসন কৰিছিল। তিংখং ঠাইখনৰ পৰা তুংখঙিয়া শব্দটো সৃষ্টি হৈছে বুলি জনা যায়।
-
মু'ঙ
মু'ঙ (,আহোম ভাষা:𑜉𑜢𑜤𑜂𑜫 চীনা ভাষা:勐,থাই ভাষা: เมือง,লাও ভাষা: ເມືອງ,শান ভাষা: မိူင်း,ইংৰাজী: Mueng) টাইসামাজিক প্ৰথা অনুসৰি টাইজনগোষ্ঠীৰে বসবাস কৰা অঞ্চল যি উত্তৰ-পূব ভাৰত আৰু দক্ষিণ চীন সংলগ্ন হৈ থাইলেণ্ড, লাওছ, বাৰ্মা, কম্বোডিয়া, উত্তৰ ভিয়েতনাম দেশলৈকে বিয়পি আছে।
-
শিৱসাগৰ পুখুৰী
স্বৰ্গদেও শিৱসিংহৰ ৰাজত্ব কালত তেওৰ দ্বিতীয় গৰাকী কুৱৰীয়ে বৰৰজাৰ ৰাজদণ্ড হাতত লৈ সাগৰ সদৃশ শিৱসাগৰ পুখুৰী খন্দোৱাৰ কাৰ্য আৰম্ভ কৰিছিল৷ ১৬৫৫ শকৰ ১৮ জেঠত খনন আৰম্ভ হোৱা এই পুখুৰীৰ খনন সম্পূৰ্ণ হৈছিল একেটা বৰ্ষৰ ৬ বহাগত৷ পুখুৰীটোৰ সম্পূৰ্ণ মাটিকালি ১৯৪ পুৰা ২ বিঘা ২ কঠা ৬ লেচা৷ পুখুৰীটো আয়তকাৰ৷…
-
ৰংপুৰ (আহোম ৰাজধানী)
ৰংপুৰ (চে'-মুন (𑜋𑜦𑜧 𑜉𑜤𑜃𑜫) ইংৰাজী ভাষা:Rangpur,) আছিল আহোম ৰাজ্যৰ চতুৰ্থ ৰাজধানী, যি স্বৰ্গদেউ ৰুদ্ৰ সিংহই ১৭০৭ চনত "মেটেকা" নামৰ ঠাইত স্থাপন কৰিছিল। বৰ্তমানে এই ঠাইটো শিৱসাগৰ চহৰৰ এখন অংশ।
-
গমধৰ কোঁৱৰ
গমধৰ কোঁৱৰ (ইংৰাজী ভাষা:Gamadhar Konwar) অসম তথা ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামী সকলৰ এজন। তেখেতৰ পিতৃৰ নাম আছিল ফেনা কোঁৱৰ। ১৮২৮ চনত গমধৰ কোঁৱৰৰ নেতৃত্বত ধনজয় বৰগোহাঁই আদি কৰি বহুকেইজন আহোম কোঁৱৰে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল।
-
চুতীয়া–আহোম ৰাজ্যৰ যুদ্ধ
চুতীয়া–আহোম ৰাজ্যৰ যুদ্ধসমূহ আছিল উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত চুতীয়া ৰাজ্য আৰু আহোম ৰাজ্যৰ মাজত সংঘটিত এক শৃংখল সামৰিক সংঘাত, যাৰ পৰিণতিত চুহুংমুংৰ শাসনকালত চুতীয়া ৰাজ্য আহোমসকলৰ দ্বাৰা বিজিত হয়।
-
মালৌ আলি
মালৌ আলি (Malow ali) হৈছে অসমৰ যোৰহাট জিলাৰ এটা পথ। এই পথটো ১৭৯৫-১৮১৮ চনত আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল। এই পথটোৱে জিলাখনৰ পশ্চিমৰ বহুতো গাঁৱক যোৰহাট নগৰৰ লগত সংযোগ কৰিছে।
-
য়াচিংফা
য়াচিংফা (𑜊𑜡 𑜏𑜢𑜂𑜫 𑜇𑜡,Ya Sing Pha, অন্য উচ্চাৰণ: যাছিংফা) হৈছে তাঈ আহোমসকলৰ বাবে এগৰাকী পূজনীয় পূৰ্বপুৰুষ যাক জ্ঞান, ব্যাকৰণ প্ৰণেতা, শিল্পী আৰু সাহিত্যৰ প্ৰণেতা বুলি ধৰা হয়। তেওঁ উচ্চ সাহিত্যৰ প্ৰণেতা আছিল। তাঈ সাহিত্যৰ বৃদ্ধি আৰু বিকাশত তেখেতৰ যথেষ্ট বৰঙনি আছে বুলি ধৰা হয়।
-
হেংদান
হেংদান হল আহোমসকলৰ পৰম্পৰাগত এবিধ অস্ত্ৰ। আহোম সকলৰ মতে হেং-দান্ অকল যুদ্ধৰ অস্ত্ৰই নহয়, ই বশ্যতা স্বীকাৰ কৰোৱাত, ৰাজকাৰ্য চলোৱাত, কৰ-কাটল আদি আদায় কৰাত দিগ্বিজয় কৰাত সাৰথি হোৱা এবিধ আপুৰুগীয়া আহিলা। হেং-দান্ টাই-আহোম ভাষাৰ শব্দ।
-
আহোম বিবাহ পৰম্পৰা
আহোম বিবাহ পৰম্পৰা (চীনা ভাষা:傣 阿洪 婚姻传统,থাই ভাষা:การแต่งงานแบบดั้งเดิม ไทอาหม, ইংৰাজী ভাষা:Tai Ahom Marriage Tradition) মুখ্য তিনিদিনীয়াকৈ পতা ফুৰালুং ধৰ্ম নিয়মেৰে পালন কৰা আহোমসকলৰ একমাত্ৰ বিবাহ পৰম্পৰা।আহোম বিবাহ পৰম্পৰাৰ ৰীতি-নীতি মতে ৰিক্ খ্বান উৎসৱ বিবাহৰ প্ৰথম দিনা চাওৱান উৎসৱ বিবাহৰ…
-
আহোম মুদ্ৰা
আহোমসকল বৃহত্তৰ টাই জাতিৰ এটা ঠাল। আহোমসকলৰ প্ৰথমজন ৰজা চুকাফা সেইসময়ৰ বৰ্ত্তমানৰ দক্ষিণ-পশ্চিম চীনদেশৰ মৌঙ মাও ৰাজ্যৰ পৰা ১২২৮ খ্ৰীষ্টাব্দত আহিছিল বুলি কোৱা হয়।
-
কাজলীচকী
কাজলীচকী(𑜀𑜠𑜊𑜡𑜎𑜣,Kajali fort) আহোম ৰাজ্য (মু'ঙ দুন চুন খাম,𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪)ৰ সুৰক্ষাৰ বাবে স্থাপন কৰা আহোম সেনাছাউনী আছিল যি বৰ্তমান প্ৰত্নতত্ব বিভাগৰ দ্বাৰা এখন সংৰক্ষিত প্ৰত্নতাত্ত্বিক ক্ষেত্ৰ। এই সেনা চাউনী কলং নৈৰ পশ্চিম মুখত স্থাপন কৰা হৈছিল।
-
গোলাঘৰ
গোলাঘৰ বা খাৰঘৰ হৈছে শিৱসাগৰ নগৰৰ ভিতৰত থকা পুৰণি কীৰ্ত্তিচিহ্নসমূহৰ ভিতৰত এটা উল্লেখযোগ্য ইটাৰ ঘৰ। ইয়াতে ৰজাঘৰীয়া খাৰ-বাৰুদ, অস্ত্ৰ-শস্ত্ৰ, বন্দুক-বৰটোপ আদি মজুত কৰি ৰখা হৈছিল। স্বৰ্গদেও চক্ৰধ্বজ সিংহৰ (১৬৬৩-১৬৬৯) ৰাজত্বকালত এই ঘৰটো নিৰ্মাণ কৰা হৈছিল। এই খাৰঘৰটো বৰ্তমানেও অক্ষত অৱস্থাতেই আছে।
-
চাওদাং
চাওডাং(𑜋𑜰𑜫 𑜓𑜂𑜫 অৰ্থ: শাস্তি বিহা বিষয়া,Tsāo-Dāng) হৈছে টাই-আহোম সকলৰ এটা ফৈদ যি ৰাজধানী নগৰৰ ৰক্ষণা বেক্ষণ আৰু দোষীক শাস্তি দিয়া কামত নিয়োজিত আছিল। বৰ কাকত মহুং পুথি অনুসৰী চাওদাং ফৈদ অসমৰ ৰাজধানী গড়গাওৰ ৰক্ষণাবেক্ষণত নিয়োজিত আছিল। এই ফৈদ চাওফাৰ অতি বিশ্বাসী ফৈদ আছিল।
-
ডালিমী
নেপী ৱাংচা ওৰফে ডালিমী ৱাংচু ৰাজ্যৰ ৰাজকুমাৰী আৰু আহোমৰ স্বৰ্গদেউ গদাধৰ সিংহৰ পত্নী আছিল। আহোম ৰাজত্বৰ অন্যতম প্ৰতাপী ৰজা স্বৰ্গদেউ গদাধৰ সিংহই ৱাংচু ৰাজকন্যা নেফে ৱাংচাক বিয়া কৰাইছিল। পৰৱৰ্তী সময়ত নেপী ৱাংচা ডালিমী হিচাপে পৰিচিত হয়।
-
নামদাঙৰ শিলৰ সাঁকো
নামদাঙৰ শিলৰ সাঁকো (Namdang Stone Bridge) অসমৰ এখন বুৰঞ্জীপ্ৰসিদ্ধ দলং। এই দলংখন শিৱসাগৰ জিলাত অৱস্থিত।
-
বঙাল পুখুৰী
বঙাল পুখুৰী (Bangal Pukhuri) হৈছে অসমৰ যোৰহাট জিলাত অৱস্থিত এটা ঐতিহাসিক পুখুৰী। এই পুখুৰীটো যোৰহাট নগৰৰ দক্ষিণত ন-আলিৰ ওচৰত অৱস্থিত।
-
ইটাখুলিৰ ৰণ
ইটাখুলিৰ ৰণ ১৬৮২ চনত আহোম ৰাজ্য আৰু মোগল সম্ৰাজ্যৰ মাজত গুৱাহাটীত সংঘটিত হৈছিল। আহোমসকলে এই যুদ্ধত মোগলৰ বিৰুদ্ধে জয় লাভ কৰে। আহোম সৈন্যয়ে মোগল সকলক পিছ হুহুকাই পশ্চিমৰ মানস নদীৰ পৰ্যন্ত খেদি দিয়ে।
-
কীৰ্তিচন্দ্ৰ বৰুবৰুৱা
কীৰ্তিচন্দ্ৰ বৰুবৰুৱা ওৰফে গেন্ধেলা আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আৰু স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালত বৰবৰুৱা আছিল। কলিয়াবৰ নদীৰ পূব অঞ্চল আৰু যিবোৰ অঞ্চল বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁইয়ে নিয়ন্ত্ৰণ কৰা নাছিল, সেইবোৰ অঞ্চল বৰবৰুৱাই নিয়ন্ত্ৰণ কৰিছিল।
-
চাওলুং
চাওলুং(আহোম ভাষা:𑜋𑜧𑜨 𑜏𑜤𑜂𑜫) হ’ল আহোম চাওফা সকলক উদ্দেশ্যি ব্যৱহাৰ কৰা এটা উপাধি। আহোম ভাষাত ইয়াৰ অৰ্থ হল মহান দেৱতা, চাও= দেৱতা, লুং= মহান।
-
লতাকটা ৰণ
লতাকটা ৰণ বুলিলে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত মণিপুৰলৈ চলোৱা অসফল প্ৰথম অভিযানক বুজোৱা হয়। চুখ্ৰংফা বা ৰুদ্ৰ সিংহৰ চতুৰ্থ পুত্ৰ চুৰাম্ফাই ৰাজেশ্বৰ সিংহ নাম লৈ ১৭৫১ চনত ৰাজপাটত উঠে। মানৰ আক্ৰমণত ৰাজ্য হেৰুওৱা মণিপুৰৰ ৰজা জয় সিংহই ১৭৬৫ চনত স্বৰ্গদেউক সহায়ৰ বাবে অনুৰোধ কৰে।