আহোম ৰাজ্য
৭৮ প্ৰবন্ধ
-
শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহ
শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউ সকলৰ দিনত খন্দা ডাঙৰ ডাঙৰ পুখুৰী আৰু তাৰ কাষত নিৰ্মান কৰা দ’ল দেৱালয়ৰে ভৰপূৰ এখন ঐতিহাসিক চহৰ। ইংৰাজী ১৭৩৪ চনত ৰানী অম্বিকাই কলুঞ্চপাৰ (পুৰনি শিৱসাগৰ জিলাৰ নাম) শিৱদেৱতাৰ নামত উৎসৰ্গা কৰি এটা পুখুৰী খন্দাইছিল। শিৱদেৱতাৰ নামত উৎৰ্সগা কৰাৰ বাবে পুখুৰীটোৰ নাম ৰাখে শিৱসাগৰ।
-
আহোম স্বৰ্গদেউসকলৰ নাম তালিকা
কাৰ্যকাল অনুসৰি আহোম ৰজা বা স্বৰ্গদেউসকলৰ নাম তালিকা। উল্লেখযোগ্য যে, বুৰঞ্জীবিদ কাসিনাথ তামুলি ফুকনৰ আসাম বুৰঞ্জী পুথি অনুসৰি কেইবাজনো ৰজাৰ সিংহাসন আৰোহণৰ সময় বেলেগ।
-
আহোমৰ মণিপুৰলৈ অভিযান
আহোমৰ মণিপুৰলৈ অভিযান আছিল ১৮শ শতিকাৰ এটা উদ্ধাৰ অভিযান যি ১৭৬৫ আৰু ১৭৬৭ চনত চিং-থাঙ খম্বাৰ অনুৰোধত আহোম ৰজা চুৰেম্ফাৰ দ্বাৰা মণিপুৰৰ পৰা কনবাউং বংশৰ অধিকাৰ আঁতৰাবলৈ পঠিওৱা হৈছিল। ইয়াৰ ফলত আহোম-মণিপুৰ মিত্ৰতা বিজয় হৈছিল, আৰু মণিপুৰৰ সিংহাসন চিং-থাঙ খম্বালৈ উভতি আহিছিল।
-
কুঁৱৰী মেল
কুঁৱৰী মেল( Kunwari Mel) আহোম যুগত কুঁৱৰীসকলক ভোগ কৰিবলৈ দিয়া ৰাজকীয় মৰ্যাদা৷ আহোম শাসন কালত যিসকল ৰাজকোঁৱৰে প্ৰশাসনিক দায়িত্ব নাপাইছিল, তেওঁলোকক ৰাজকীয় মৰ্যাদাৰে জীৱন অতিবাহিত কৰাৰ সুযোগ দি একোখণ্ড মাটি দি তাত উৎপাদন কৰিবৰ বাবে ৰজাঘৰৰ পৰা পাইক আৰু বিষয়া নিযুক্ত কৰা হৈছিল৷ এই ভূমিখণ্ডক “মেল’’…
-
খেউন ৰৌণ মাই ক্ব
খেউন ৰৌণ মাই ক্ব(Kheun Rwan Mai Kwa' or Singarigharutha) বা চিঙ্গাড়ীঘৰুথা হ'ল মধ্যযুগীয় অসমত ৰাজত্বকাৰী আহোম ৰাজ্যৰ চাওফাৰ ঐতিহাসিক ৰাজ্যভিষেক অনুষ্ঠান।
-
গগৈ
গগৈ (ইংৰাজী ভাষা:Gogoi, 𑜕𑜥𑜕𑜩𑜨Gu-Goi) হৈছে টাই-আহোমসকলৰ এটা বংশ বিভাজন তথা বৰ্তমানৰ এটা আহোম উপাধি। চুখ্ৰুংফাই টাই-আহোম বংশ স্পষ্ট কৰিবলৈ সাতঘৰীয়া টাই-আহোমক গগৈ আৰু গোহাঁই বুলি ভাগ কৰিছিল। গগৈ শব্দটো গোগৈ (𑜕𑜥𑜕𑜩𑜨 Gu-Goi) টাই-আহোম ভাষাৰ "আহোম বুৰঞ্জী"ত উল্লেখ কৰা হৈছে।
-
চুবেদাৰ ৰূপসিং
চুবেদাৰ ৰূপসিং চুবেদাৰ ৰূপসিং আছিল ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন হিন্দুস্থানী চিপাহী। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহক সহায় কৰাৰ উদ্দেশ্যেৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়া কেপ্তেইন ৱেলছৰ তত্বাৱধানত কিছুমান ইংৰাজ চিপাহী আৰু কিছুমান দেশীয় চিপাহী মোৱামৰীয়া বিদ্ৰোহ দমন…
-
চোম-ফা
চোম-ফা ৰুং-ছেঙ-মুং(𑜋𑜪𑜤 𑜇𑜡 𑜍𑜤𑜂𑜫 𑜏𑜢𑜂𑜫 𑜉𑜢𑜤𑜂𑜫,chum-phā-Reung-Cheng-Mueang) বা চোমদেও হৈছে আহোমসকলৰ ইষ্টদেৱতা বা ফুৰালুং প্ৰথাত আহোমসকলৰ স্বৰ্গৰ দেৱতা ‘ফ্ৰা’ৰ প্ৰতিনিধি। আহোম ৰজাসকলে ৰাজপ্ৰাসাদৰ কাষত দেওঘৰত ৰাখি পূজা-পাতল কৰিছিল।
-
টাই ভেটি
টাই ভেটি (ইংৰাজী ভাষা:Tai Bheti) হ'ল চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰা আগতে খেতি কৰি থাকি যোৱা এটা অঞ্চল। বৰ্তমান ঠাইখন আহোম জনসংখ্যাৰে আবৃত আৰু পৌৰাণিক পৰ্যটন স্থলী ৰূপে পৰিণত হৈছে। মুখ্য পৰ্যটনৰ আকৰ্ষণ হল স্থানীয় ম'চাম আৰু ফুৰালুং সংঘৰ দ্বাৰা পৰিচালিত হাবুং হ'ফি বা ৰু'এন চাও ছেঙখন।
-
দৰবাৰ হাউছ শিলালিপি
দৰবাৰ হাউছ শিলালিপি ১৬৬০ শক (১৭৩৮ খ্ৰীষ্টাব্দত) খোদিত হৈছিল, য’ত বৰফুকনৰ দৰবৰ (কাৰ্যালয়)-ৰ দক্ষিণ জয়াদুৱাৰ নিৰ্মাণৰ ঘটনা তৰুণ দুৱৰা বৰফুকনৰ পৰ্যবেক্ষণত আৰু শিৱ সিংহৰ আদেশত কৰা হৈছিল বুলি লিখিত আছে।
-
নামজানী বৰফুকনৰ বিজয় শিলালিপি স্তম্ভ
নামজানী বৰফুকনৰ বিজয় শিলালিপি স্তম্ভ বা বৰফুকনৰ জয়স্তম্ভ, এটা শিলালিপি-স্তম্ভ, য’ত আহোম সেনাৰ ১৬৬৭ খ্ৰীষ্টাব্দত গুৱাহাটী জয়ৰ ঘটনা খোদিত কৰা হৈছে। এই লিপিত নামজানী বৰফুকন বা লাচিত বৰফুকনৰ গুণৰ বৰ্ণনা কৰা হৈছে, যি বৰবৰুৱাৰ পুত্ৰ আছিল।
-
ম'হগড় ৰণ
ম'হগড় ৰণ আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ সেনা আৰু মানৰ মাজত ১৮২২ চনৰ ১৯ এপ্ৰিলত হৈছিল। যোৰহাটৰ উত্তৰৰ ম'হগড় (বৰ্তমানৰ ককিলামুখ) নামে ঠাইত হোৱা বাবে এই যুদ্ধক ম'হগড় ৰণ বোলা হয়। আহোম ৰাজ্য ৰক্ষাৰ এইখনেই আছিল শেষ গুৰুত্বপূৰ্ণ ৰণ।
-
মাজুলীৰ সন্ধি
মাজুলীৰ সন্ধি (১৫৬৩, ইংৰাজী ভাষা:Treaty of Majuli) কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুখাম্ফাৰ মাজত স্বাক্ষৰিত হৈছিল। নৰনাৰায়ণৰ ভাতৃ আৰু কোচ সেনাপতি চিলাৰায়ে আহোম ৰাজ্যত চলোৱা আক্ৰমণত আহোমৰ ৰাজধানী গড়গাঁৱৰ পতন হয়।
-
শদিয়া সৰ্প স্তম্ভ
শদিয়া সৰ্প স্তম্ভ, ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশৰ ঐতিহাসিক শদিয়া অঞ্চলত স্থাপিত এক প্ৰাচীন অষ্টকাতৰ শিল স্তম্ভ। এই স্তম্ভটো চুতীয়া ৰাজ্যৰ দিনত দিবাং আৰু দিক্ৰং নৈৰ মাজৰ এখন নগৰৰ মুখত আন কিছু ভগনাৱশেষৰ লগত দেখা পোৱা গৈছিল।
-
সোণামতী
সোণামতী ( Sonamoti) অসম বুৰঞ্জীৰ সততে চৰ্চা নোহোৱা এক নাৰী, যাক গদাপাণি বা গদাধৰ সিংহই আত্মগোপন কালত লগ পাইছিল আৰু তেওঁক পলুৱাই পঠিওৱা বাবে চাওদাঙৰ দ্বাৰা সোণামতী নিৰ্যাতিতা হৈছিল৷ ড° মঞ্জু বৰাই পৰিচালনা কৰা অসমীয়া চলচ্চিত্ৰ জয়মতীত (২০০৬) সোণামতী চৰিত্ৰটি চিত্ৰায়িত কৰা হৈছে৷
-
হাবুং মৈদাম
হাবুং মৈদাম হৈছে আহোমসকলৰ পঞ্চমৰাজধানী হাবুংৰ টাইভেটিত অৱস্থিত দুটা প্ৰাচীন মৈদাম।
-
ৰহাৰ ৰহদৈ
ৰহাৰ ৰহদৈ ( Rohar Rohdoi) নামে পৰিচিত ৰহদৈ নামৰ নাৰীগৰাকী নগাঁও জিলাৰ ৰহাৰ বাসিন্দা আছিল বাবে তেওঁক “ৰহাৰ ৰহদৈ’’ নামে জনা যায়৷ এওঁ আহোম ৰজা গদাধৰ সিংহৰ সময়ৰ আছিল৷ ল’ৰাৰজাৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ আহোম ৰাজকোঁৱৰ গদাপাণি নানা ঠাইত আত্মগোপন কৰি থাকিবলগীয়া হৈছিল৷ ইয়াৰ বাবেই নগা পৰ্ব্বতত কিছুদিন…
-
ৰাধা আৰু ৰুক্মিণী
ৰাধা আৰু ৰুক্মিণী( Radha and Rukmini) আহোম ৰাজত্বকালত হোৱা মোৱামৰীয়া বিদ্ৰোহৰ দুই মহিলা ৰণুৱা৷ এওঁলোক দুয়ো মৰাণ সেনাপতিৰ পত্নী আছিল৷এই দুই নাৰীক লৈ ৰজনীকান্ত বৰদলৈয়ে “অসম হিতৈষী’’ নামৰ কাকতত “ৰাধা-ৰুক্মিণীৰ ৰণ’’ নামৰ এখন উপন্যাস ৰচনা কৰিছিল৷ আন এখন অসমীয়া উপন্যাস দণ্ডিনাথ কলিতাৰ “গণবিপ্লৱ’’তো…