অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফুলেশ্বৰী কুঁৱৰী

ফুলেশ্বৰী (ইংৰাজী ভাষা:Phuleswari) আহোম ৰজা শিৱ সিংহৰ প্ৰধান ৰাণী আছিল। আহোম ৰাজ্য প্ৰত্যক্ষভাৱে শাসন কৰা তেখেত প্ৰথম মহিলা। পূৰ্বে তেওঁ দেৰগাঁৱৰ শিৱ মন্দিৰৰ এগৰাকী নৰ্তকী আছিল। আচল নাম আছিল ফুলমতী। শিৱ সিংহই তেওঁক দেখি মুগ্ধ হৈ বিয়া কৰায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩০৬ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ফুলেশ্বৰী (ইংৰাজী ভাষা:Phuleswari) আহোম ৰজা চুতণফাৰ প্ৰধান ৰাণী আছিল। আহোম ৰাজ্য প্ৰত্যক্ষভাৱে শাসন কৰা তেখেত প্ৰথম মহিলা।১ পূৰ্বে তেওঁ দেৰগাঁৱৰ শিৱ মন্দিৰৰ এগৰাকী নৰ্তকী আছিল। আচল নাম আছিল ফুলমতী। শিৱ সিংহই তেওঁক দেখি মুগ্ধ হৈ বিয়া কৰায়। পাছত জ্যোতিষীৰ ভৱিষ্যতবাণীত শংকিত হৈ শিৱ সিংহই শাসনভাৰ ফুলেশ্বৰীৰ হাতত অৰ্পণ কৰিছিল। কঠোৰ শাক্ত-ধৰ্মী ফুলেশ্বৰীয়ে শাক্ত ধৰ্মক ৰাজ্যৰ প্ৰধান ধৰ্ম কৰিবলৈ বিচাৰিছিল আৰু ইয়াৰ বাবে গ্ৰহণ কৰা পদক্ষেপবোৰে বৈষ্ণৱ-মোৱামৰীয়াসকলৰ মনত অসন্তোষ জগাইছিল। ইয়েই হয়তো পাছলৈ মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত ঘটায়।

সিংহাৰোহণ

চুখ্ৰংফাৰ ইচ্ছা অনুসৰি তেওঁৰ মৃত্যুৰ পাছত জ্যেষ্ঠ পুত্ৰ চুতানফা (১৭১৪-১৭৪৪) ৰাজপাটত উঠে। ৰজা হৈ তেওঁ হিন্দু শিৱ সিংহ নাম গ্ৰহণ কৰে। শিৱ সিংহ ঘোৰ শাক্ত আছিল আৰু ব্ৰাহ্মণ-জ্যোতিষীসকলৰ কথা বৰ বিশ্বাস কৰিছিল। ১৭২২ চনত তেওঁৰ জ্যোতিষীসকলে ৰজাক কয় যে ছত্ৰ-ভংগ যোগৰ বাবে তেওঁৰ শাসনকাল অচিৰেই শেষ হ'ব। তেতিয়া ৰজাই ব্ৰাহ্মণ আৰু মন্দিৰসমূহলৈ নানা দান-দক্ষিণা দিয়াৰ লগতে নিজৰ প্ৰধান ৰাণী ফুলেশ্বৰীক বৰ ৰজা ঘোষণা কৰে।২ ৰজা হৈ ফুলেশ্বৰীয়ে প্ৰমথেশ্বৰী দেৱী নাম লয় আৰু ৰজাৰ লগত যুটীয়াভাৱে নিজৰ নামৰ মোহৰ প্ৰচলন কৰে।

ফুলেশ্বৰী চুতানফাতকৈও অধিক শাক্ত ধৰ্মত বিশ্বাসী আছিল আৰু পৰ্বতীয়া গোসাঁইৰ ভক্ত আছিল। পৰ্বতীয়া গোসাঁইৰ কথামতেই তেওঁ ৰাজ্যত শাক্ত ধৰ্মৰ প্ৰসাৰ কৰিবলৈ বিচাৰিছিল। আন দেৱ-দেৱীৰ পূজা বাৰণ কৰি তেওঁ আনকি বৈষ্ণৱ গোসাঁইসকলকো দুৰ্গা পূজা কৰিবলৈ নিৰ্দেশ দিছিল। শূদ্ৰ মহন্তসকল একশৰণ ধৰ্মত ঘোৰ বিশ্বাসী বাবে ফুলেশ্বৰীয়ে ৰংপুৰত দুৰ্গা পূজাৰ আয়োজন কৰে। পূজাত মোৱামৰীয়া আৰু আন গোসাঁইসকলক সেৱা কৰিবলৈ বাধ্য কৰি কপালত বলিৰ তেজৰ ফোটো দিয়ায়। এই কথাত মোৱামৰীয়াসকল অপমানিত হয়। তেওঁলোকৰ মনত পুহি ৰখা অসন্তোষেও ইয়াৰ আধা শতিকাৰ পাছত হোৱা মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত কৰে।২ কোনো কোনো লেখক আৰু বুৰঞ্জীবিদে অৱশ্যে মোৱামৰীয়া বিদ্ৰোহৰ বাবে ফুলেশ্বৰীক দোষাৰূপ কৰা নাই।৩

সামাজিক কৰ্ম

ফুলেশ্বৰীয়ে শকুন্তলা কাব্যখন অসমীয়ালৈ অনুবাদ কৰাইছিল। তেওঁ ৰাজপ্ৰসাদৰ চৌহদত সংস্কৃত টোল এখন স্থাপন কৰিছিল। তেওঁ শিৱসাগৰত গৌৰীসাগৰ পুখুৰী খন্দায় আৰু ইয়াৰ পাৰত শিৱ, বিষ্ণু আৰু দেৱী তিনিটা দৌল নিৰ্মাণ কৰোৱায়। কেইবাটাও মন্দিৰলৈ তেখেতে মাটি দান কৰিছিল। সৰু সৰু ছোৱালীবোৰক বোৱা-কটা শিকাবলৈও তেখেতে নানা প্ৰয়াস কৰিছিল।১

মৃত্যু

১৭৩১ চনত ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যু হয়। ইয়াৰ পাছত চুতানফাই ফুলেশ্বৰীৰ ভনীয়েক দেওপদীক বিয়া কৰায় আৰু অম্বিকা নাম দি বৰ ৰজা পাতে॥

তথ্যসূত্ৰ

  1. ↑ Baruah, Mrs. S. L. Women’s Role in Administration and Politics in Early Assam. Indian Review
  2. ↑ Gait, E. A. (1906). A History of Assam. Thacker, Spink & Co. পৃ. 177-78
  3. ↑ Gogoi, Debo Prasad. (2016). Bar Raja Phuleswari Kunwari: The Centre or the Periphery in Case of Moamoaria Rebellion- a Study from Gender Perspective, and Some Issues.. International Journal of Arts, Humanities and Management studies. পৃ. 58

সম্পৰ্কিত শ্ৰেণী

আহোম ৰাজ্যঅসমৰ ব্যক্তিভাৰতীয় ৰাণী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফুলেশ্বৰী কুঁৱৰী” প্ৰবন্ধৰ সংশোধন ৬৩১৫১৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।