অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

লতাকটা ৰণ

লতাকটা ৰণ বুলিলে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত মণিপুৰলৈ চলোৱা অসফল প্ৰথম অভিযানক বুজোৱা হয়। চুখ্ৰংফা বা ৰুদ্ৰ সিংহৰ চতুৰ্থ পুত্ৰ চুৰাম্‌ফাই ৰাজেশ্বৰ সিংহ নাম লৈ ১৭৫১ চনত ৰাজপাটত উঠে। মানৰ আক্ৰমণত ৰাজ্য হেৰুওৱা মণিপুৰৰ ৰজা জয় সিংহ‌ই ১৭৬৫ চনত স্বৰ্গদেউক সহায়ৰ বাবে অনুৰোধ কৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

লতাকটা ৰণ বুলিলে আহোম স্বৰ্গদেউ চুৰেম্‌ফাৰ দিনত মণিপুৰলৈ চলোৱা অসফল প্ৰথম অভিযানক বুজোৱা হয়। চুখ্ৰংফা বা চুখ্ৰংফাৰ চতুৰ্থ পুত্ৰ চুৰাম্‌ফাই ৰাজেশ্বৰ সিংহ নাম লৈ ১৭৫১ চনত ৰাজপাটত উঠে। মানৰ আক্ৰমণত ৰাজ্য হেৰুওৱা মণিপুৰৰ ৰজা জয় সিংহ‌ই ১৭৬৫ চনত স্বৰ্গদেউক সহায়ৰ বাবে অনুৰোধ কৰে। বিষয়াসকলৰ লগত আলোচনা কৰি স্বৰ্গদেৱে জয় সিংহক সহায় কৰিবলৈ মান্তি হ'ল। এদল সৈন্য গোটোৱা হ'ল কিন্তু বহুকেইজন বিষয়াই গা বেয়াৰ অজুহাতত দলৰ নেতৃত্ব ল'বলৈ অপাৰগতা প্ৰকাশ কৰিলে। তেওঁলোকক বিষয়বাবৰ পৰা আঁতৰাই সম্পত্তি জব্দ কৰা হ'ল। অৱশেষত হৰনাথ ফুকনক সেনাপতি পাতি সৈন্যদলটোৱে চৰাইদেউ জিলাৰ দক্ষিণেদি মণিপুৰলৈ অভিযান আৰম্ভ কৰিলে।১ কিন্তু পথত ইমানেই ডাঠ হাবি আছিল যে তেওঁলোকে পথ মোকলাওঁতেই বহু শক্তি আৰু সময় যায়। বহু সৈন্য আহাৰৰ অভাৱত, নগাৰ আক্ৰমণত আৰু সৰ্পদংশনত মৃত্যু ঘটে। ৰজাৰ কাণত এই কথা পৰাত তেওঁ সৈন্যদলটোক ঘূৰি আহিবলৈ নিৰ্দেশ দিয়ে। মণিপুৰৰ দুৰ্গম পথেদি লতা কাটি আহোম সৈন্য আগবাঢ়িব লগা হোৱা বাবে এই অসফল অভিযানক "লতাকটা ৰণ" বোলা হয়।২

১৭৬৮ চনৰ নৱেম্বৰত দ্বিতীয় এদল সৈন্য কীৰ্তিচন্দ্ৰ বৰুবৰুৱাৰ নেতৃত্বত ৰহা আৰু কছাৰী ৰাজ্যৰ মাজেৰে পঠিওৱা হয়। মূল দলটো ৰহাত হয় আৰু দহ হাজাৰ সৈন্য জয় সিংহৰ লগত মিৰাপ নদীলৈকে আগবাঢ়ি যায়। জয় সিংহ‌ই নগাৰ এটি দল গঠন কৰি মানে সিংহাসনত প্ৰতিষ্ঠা কৰা কেলেম্বাক খেদি পঠিয়ায়। কৃতজ্ঞতাৰ চিনস্বৰূপে জয় সিংহ‌ই ৰাজেশ্বৰ সিংহক বহু উপহাৰ দিয়াৰ লগতে জীয়েক কুৰংগনয়নীক তেওঁলৈ বিয়া দিয়ে। কুঁৱৰীৰ লগত অহা বহু মণিপুৰী লোক দিছৈৰ ওচৰত থাকিবলৈ লোৱাত এই ঠাই মগলুহাট বা মণিপুৰী বজাৰ নামেৰে জনাজাত হয়।১

তথ্যসূত্ৰ

  1. ↑ Gait, E. A. (1906). A History of Assam. Thacker, Spink & Co. পৃ. 182
  2. ↑ Gogoi, Padmeswar. (1968). The Tai and the Tai kingdoms. Gauhati University. পৃ. 518

সম্পৰ্কিত শ্ৰেণী

আহোম ৰাজ্যযুদ্ধ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লতাকটা ৰণ” প্ৰবন্ধৰ সংশোধন ৬৩১২৫৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।