অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডেন ব্ৰাউন

ডেনিয়েল গেৰাৰ্ড "ডেন" ব্ৰাউন (Dan Brown, জন্ম:২২ জুন,১৯৬৪ চন) এজন আমেৰিকান ৰহস্য ঔপন্যাসিক। ২০০৩ চনত প্ৰকাশ পোৱা উপন্যাস দ্য ডা ভিঞ্চি কোড ৰ বাবে তেওঁ বিখ্যাত।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৩৮৬ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ডেনিয়েল গেৰাৰ্ড "ডেন" ব্ৰাউন (Dan Brown, জন্ম:২২ জুন,১৯৬৪ চন) এজন আমেৰিকান ৰহস্য ঔপন্যাসিক। ২০০৩ চনত প্ৰকাশ পোৱা উপন্যাস দ্য ডা ভিঞ্চি কোড ৰ বাবে তেওঁ বিখ্যাত। ব্ৰাউনৰ উপন্যাসৰ ঘাই উপজীব্য হৈছে ২৪ ঘণ্টাত শেষ হোৱা এটা কাহিনী, পৌণঃপৌণিক গোপন সংকেতৰ অৱতৰণ, ৰহস্যৰ ছাবি, গোপন চিহ্ন, সংকেত আৰু ষড়যন্ত্ৰৰ থিয়ৰি।১ তেওঁৰ উপন্যাসমূহ পৃথিৱীৰ প্ৰায় ৫২টা ভাষালৈ অনূদিত হৈছে আৰু ২০১২ চনলৈ প্ৰায় ২০০ মিলিয়ন কপি বিক্ৰী হৈছে। ইয়াৰে The Da Vinci Code আৰু Angels & Demons উপন্যাস দুখনৰ কাহিনীৰে একে নামৰ কথাছবি দুখনো নিৰ্মাণ হৈছে।

ব্ৰাউনৰ উপন্যাস সমূহৰ মুখ্য চৰিত্ৰ হ'ল ৰবাৰ্ট লেংডন। খ্ৰীষ্টান ধৰ্মৰ কিছুমান (বাস্তৱ আৰু কাল্পনিক) ঐতিহাসিক প্ৰথা, সংগঠন আদিক সমল হিচাপে লৈ ৰচনা কৰা এই শিহৰণকাৰী ৰোমাঞ্চকৰ উপন্যাস সমূহে কিছু পৰিমাণে বিতৰ্কৰ সূত্ৰপাত নকৰাকৈ থকা নাই। ব্ৰাউনে তেওঁৰ ৱেৱচাইটত কৈছে যে তেওঁৰ উপন্যাস সমূহ খ্ৰীষ্টান বিৰোধী নহয়, তেওঁৰ মতে তেওঁৰ উপন্যাস The Da Vinci Code কেৱল এটা মনোৰঞ্জনধৰ্মী কাহিনী যিয়ে আধ্যাত্মিক আলোচনা আৰু বিতৰ্কক উৎসাহিত কৰে।

প্ৰায় ২০০ মিলিয়ন কপি বিক্ৰীৰে মাত্ৰ ৬খন কিতাপ লিখিয়ে সৰ্বাধিক বিক্ৰী হোৱা লিখক সকলৰ মাজৰ হিচাপে স্বীকৃতি পাবলৈ ব্ৰাউন সক্ষম হৈছে। তেওঁৰ এই ৰবাৰ্ট লেংডন শৃংখলাটো সৰ্বাধিক বিক্ৰী হোৱা শৃংখলাবোৰৰ ভিতৰত বৰ্তমান সপ্তম স্থানত আছে।

প্ৰাৰম্ভিক জীৱন

আমেৰিক যুক্তৰাষ্ট্ৰৰ নিউ হাম্পশ্বায়াৰৰ এক্সিটাৰত জন্ম আৰু ডাঙৰ দীঘল হোৱা ডেন ব্ৰাউন পৰিয়ালটোৰ তিনিজন সন্তানৰ ভিতৰত আটাইতকৈ ডাঙৰ আছিল। তেওঁ ফিলিপচ্‌ এক্সিটাৰ একাডেমীৰ চৌহদত ডাঙৰ দীঘল হৈছিল,য'ত তেওঁৰ দেউতাক ৰিছাৰ্ড ব্ৰাউন এজন গণিতৰ শিক্ষক আছিল আৰু লগতে তেওঁ ১৯৬৮ চনৰ পৰা ১৯৯৭ চনত তেওঁৰ অৱসৰৰ সময়লৈকে গণিতৰ পাঠ্যপুথি লিখিছিল।২৩ ব্ৰাউনৰ মাক-দেউতাক দুয়ো সংগীতজ্ঞ আছিল আৰু গীৰ্জাত সমৱেত সংগীত পৰিৱেশন কৰিছিল।৪ ব্ৰাউন Episcopalian হিচাপে ডাঙৰ-দীঘল হৈছিল, কিন্তু তেওঁ কোৱা মতে ধৰ্ম বিষয়ত ৰস পোৱাৰ আগতেই তেওঁ খ্ৰীষ্টানৰ পৰা আঁতৰি আহিছিল।

গোপন সংকেত, পাজল আদিলৈ ব্ৰাউনৰ আকৰ্ষণ ল'ৰালিতে গঢ় লৈ উঠিছিল। ব্ৰাউনৰ ঘৰত কোড, গোপন সাংকেতিক বাৰ্তা আদিয়ে তেওঁৰ পিতৃ-মাতৃৰ কৰ্মক্ষেত্ৰ গণিত,ভাষা আৰু সংগীতক বান্ধি ৰাখিছিল। ব্ৰাউনে ঘণ্টাৰ পিছত ঘণ্টা এনাগ্ৰাম আৰু শব্দৰ পাজল সমাধান কৰি কটাইছিল। তেওঁ আৰু সহোদৰ কেইজন বন্ধৰ দিন বা জন্মদিনবোৰত দেউতাকে আয়োজন কৰা গোপন খাজনা সন্ধান কৰা অভিযানত অংশগ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে দেউতাকে বৰদিনত উপহাৰ পোনপটীয়াকৈ নিদি লুকাই ৰাখিছিল আৰু তেওঁ তৈয়াৰ কৰা আৰু গোটেই ঘৰ বা চহৰৰ কিছু অংশত লুকাই ৰখা পাজল,ক্লু, খাজনাৰ মেপ আদি অনুসৰণ কৰি বিচাৰি উলিয়াব লগা হৈছিল। The Da Vinci Codeৰ ছফী ন্যেভু (Sophie Neveu) আৰু জ্যাকাচ চ'নিয়ে (Jacques Sauniere) চৰিত্ৰ দুটাত ব্ৰাউন আৰু তেওঁৰ দেউতাকৰ মাজৰ সম্পৰ্কৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে আৰু ২৩ নং অধ্যায়টো শৈশৱৰ এটি খাজনা সন্ধান অভিযানৰ দ্বাৰা প্ৰভাৱিত হৈছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Brown. Witness statement; Pages 17 & 21
  2. ↑ Paulson, Michael. "Dan Brown on religion and writing" Boston.com; September 20, 2009
  3. ↑ Kaplan, James. (September 13, 2009). Life after 'The Da Vinci Code'
  4. ↑ "Da Vinci Code Author Dan Brown and Siblings, Valerie Brown '85 and Gregory Brown '93 Establish New Fund in Honor of their Father" The Exeter Initiatives. November 1, 2004

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান লেখকআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেন ব্ৰাউন” প্ৰবন্ধৰ সংশোধন ৬৩৭২১১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।