অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

বি. এফ. স্কিনাৰ

বুৰ্হ ফ্ৰেডৰিক স্কিনাৰ (ইংৰাজী: Burrhus Frederic Skinner; ২০ মাৰ্চ, ১৯০৪ – ১৮ আগষ্ট, ১৯৯০) এজন আমেৰিকান মনোবিজ্ঞানী, আচৰণবিদ, উদ্ভাৱক আৰু সমাজ দাৰ্শনিক আছিল। ১৯৫৮ চনৰ পৰা ১৯৭৪ চনত অৱসৰ লোৱালৈকে তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ এডগাৰ পিয়ৰ্ছ অধ্যাপক (Edgar Pierce Professor) আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫১৩ শব্দ · ৩ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বুৰ্হ ফ্ৰেডৰিক স্কিনাৰ (ইংৰাজী: Burrhus Frederic Skinner; ২০ মাৰ্চ, ১৯০৪ – ১৮ আগষ্ট, ১৯৯০) এজন আমেৰিকান মনোবিজ্ঞানী, আচৰণবিদ, উদ্ভাৱক আৰু সমাজ দাৰ্শনিক আছিল।১২৩৪ ১৯৫৮ চনৰ পৰা ১৯৭৪ চনত অৱসৰ লোৱালৈকে তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ এডগাৰ পিয়ৰ্ছ অধ্যাপক (Edgar Pierce Professor) আছিল।৫

মুক্ত ইচ্ছাক ভ্ৰম বুলি বিবেচনা কৰি স্কিনাৰে মানুহৰ কাৰ্য্যক পূৰ্বৰ কাৰ্য্যৰ পৰিণতিৰ ওপৰত নিৰ্ভৰশীল বুলি প্ৰতিপন্ন কৰিছিল। এই তত্ত্বটো তেওঁ শক্তিশালীকৰণৰ নীতি (principle of reinforcement) হিচাপে উল্লেখ কৰিছিল: যদি কোনো কাৰ্য্যৰ পৰিণতি বেয়া হয়, তেন্তে সেই কাৰ্যটো পুনৰাবৃত্তি নোহোৱাৰ সম্ভাৱনা অতি বেছি; যদি পৰিণতি ভাল হয়, তেন্তে কাৰ্য্যটো পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা অধিক শক্তিশালী হৈ পৰে।৬

স্কিনাৰে আচৰণৰ বিশ্লেষণ বিশেষকৈ আমূল আচৰণবাদৰ দৰ্শন৭ বিকশিত কৰিছিল আৰু আচৰণৰ পৰীক্ষামূলক বিশ্লেষণ নামৰ পৰীক্ষামূলক গৱেষণা মনোবিজ্ঞানৰ এটা ধাৰা প্ৰতিষ্ঠা কৰিছিল। তেওঁ সঁহাৰিৰ শক্তি জুখিবৰ বাবে সঁহাৰিৰ হাৰক আটাইতকৈ ফলপ্ৰসূ বুলি বিবেচনা কৰি আচৰণ শক্তিশালী কৰিবলৈ অপাৰেণ্ট কণ্ডিচনিং (operant conditioning) ব্যৱহাৰ কৰিছিল। অপাৰেণ্ট কণ্ডিচনিং অধ্যয়ন কৰিবলৈ তেওঁ অপাৰেণ্ট কণ্ডিচনিং চেম্বাৰ (operant conditioning chamber) আৱিষ্কাৰ কৰে,৬ আৰু হাৰ জুখিবলৈ তেওঁ ক্ৰমবৰ্ধমান ৰেকৰ্ডাৰ উদ্ভাৱন কৰে। এই সঁজুলিসমূহ ব্যৱহাৰ কৰি তেওঁ আৰু চাৰ্লছ ফাৰ্ষ্টাৰে ১৯৫৭ চনত স্কিনাৰৰ আটাইতকৈ প্ৰভাৱশালী পৰীক্ষামূলক গ্ৰন্থ “Schedules of Reinforcement” প্ৰকাশ।৮৯

স্কিনাৰ এজন লেখকো আছিল, তেওঁ ২১ খন কিতাপ আৰু ১৮০ টা প্ৰবন্ধ প্ৰকাশ কৰিছিল।১০ ১৯৪৮ চনত প্ৰকাশিত তেওঁৰ ইউটোপিয়ান উপন্যাস ৱাল্ডেন টুত (Walden Two) তেওঁৰ ধাৰণাসমূহ প্ৰয়োগ কৰি কল্পনা কৰা এখন মানৱ সমাজৰ বিষয়ে বৰ্ণনা কৰিছিল,২ আনহাতে ১৯৫৮ চনত প্ৰকাশিত গ্ৰন্থ ভাৰ্বেল বিহেভিয়াৰত (Verbal Behavior) তেওঁ কৰা মানৱ আচৰণৰ বিশ্লেষণৰ প্ৰভাৱ পৰিছিল।১১

স্কিনাৰ, জন বি. ৱাটছন আৰু ইভান পাভলভক আধুনিক আচৰণবাদৰ পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। সেইদৰে ২০০২ চনৰ জুন মাহত কৰা এক সমীক্ষাত বিংশ শতিকাৰ আটাইতকৈ প্ৰভাৱশালী মনোবিজ্ঞানী হিচাপে স্কিনাৰক তালিকাভুক্ত কৰা হৈছিল।১২

জীৱনী

পেনচিলভেনিয়াৰ ছাছকেহানাত গ্ৰেচ আৰু উইলিয়াম স্কিনাৰৰ ঘৰত স্কিনাৰৰ জন্ম হৈছিল। উইলিয়াম স্কিনাৰ এজন উকীল আছিল। আইতাকে বৰ্ণনা কৰা নৰকৰ প্ৰতি থকা তেওঁৰ ভয়ক দূৰ কৰিবলৈ নিয়োগ কৰা এজন খ্ৰীষ্টান শিক্ষকৰ প্ৰভাৱত স্কিনাৰ নাস্তিক হৈ পৰিছিল।১৩ তেওঁতকৈ ডেৰ-দুবছৰ সৰু ভাতৃ এডৱাৰ্ড, ১৬ বছৰ বয়সত মস্তিষ্কৰ ৰক্তক্ষৰণৰ ফলত মৃত্যু হৈছিল।১৪

সৰুতে স্কিনাৰৰ আটাইতকৈ ঘনিষ্ঠ বন্ধু আছিল ৰাফেল মিলাৰ, যাক তেওঁ ডক বুলি মাতিছিল কাৰণ তেওঁৰ পিতৃ চিকিৎসক আছিল। পিতৃ-মাতৃৰ ধৰ্মীয়তাৰ বাবেই ডক আৰু স্কিনাৰৰ বন্ধুত্ব গঢ় লৈ উঠিছিল আৰু যন্ত্ৰপাতি আৰু সঁজূলিৰ প্ৰতি দুয়োৰে খুব আগ্ৰহ আছিল। ইজনে সিজনক বাৰ্তা পঠিয়াবলৈ ঘৰৰ মাজত টেলিগ্ৰাফ লাইন স্থাপন কৰিছিল যদিও কেতিয়াবা পঠোৱা কিছুমান বিভ্ৰান্তিকৰ বাৰ্তাৰ বাবে ইজনে সিজনক টেলিফোনত কথা পতিবলগীয়া হৈছিল। এবাৰ গ্ৰীষ্মকালত ডক আৰু স্কিনাৰে জামুক পাৰি ঘৰে ঘৰে বিক্ৰী কৰা ব্যৱসায় আৰম্ভ কৰিছিল। তেওঁলোকে লক্ষ্য কৰিছিল যে পকা জামুকবোৰ ছিঙোতে কেঁচা জামুকবোৰো ডালৰ পৰা সৰি যায়, গতিকে তেওঁলোকে জামুকবোৰ পৃথক কৰা এটা যন্ত্ৰ নিৰ্মাণ কৰি উলিয়ালে। সেই যন্ত্ৰটো তেওঁলোকে এডাল বেঁকা ধাতুৰ টুকুৰাৰ পৰা এটা পাত্ৰৰ দৰে সাজি উলিয়াইছিল। সেই পাত্ৰটোত জামুকবোৰ থৈ তেওঁলোকে এটা বাল্টিৰে পানী ঢালি দিছিল আৰু পকা জামুকবোৰ ডুব গৈছিল আৰু কেঁচাবোৰ ধাৰৰ ওপৰেৰে আঁতৰি গৈছিল।১৫

শিক্ষা

স্কিনাৰে লেখক হোৱাৰ উদ্দেশ্যেৰে নিউয়ৰ্কৰ ক্লিণ্টনস্থিত হেমিল্টন কলেজত অধ্যয়ন কৰিছিস। তেওঁৰ বৌদ্ধিক মনোভাৱৰ বাবে তেওঁ কলেজখনত সামাজিক অসুবিধাৰ সন্মুখীন হৈছিল।১৬ তেওঁ লেমডা চি আলফা (Lambda Chi Alpha) সংঘৰ সদস্য আছিল।১৫

বিদ্যালয়ৰ কাকতত তেওঁ লিখা-মেলা কৰিছিল যদিও, এজন নাস্তিক হিচাপে তেওঁ নিজৰ কলেজৰ পৰম্পৰাগত আচাৰ-ব্যৱহাৰৰ সমালোচনা কৰিছিল। ১৯২৬ চনত ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু পিছলৈ তেওঁ তাতে গৱেষণা আৰু অধ্যাপনা কৰিছিল। হাৰ্ভাৰ্ডত পঢ়ি থকাৰ সময়তে এজন সহপাঠী ফ্ৰেড এছ. কেলাৰে স্কিনাৰক পতিয়ন নিয়াইছিল যে তেওঁ আচৰণৰ অধ্যয়নৰ পৰীক্ষামূলক বিজ্ঞান তৈয়াৰ কৰিব পাৰিব। ইয়াৰ ফলতে তেওঁ স্কিনাৰ বাকচৰ এটা প্ৰাথমিক আৰ্হি উদ্ভাৱন কৰে আৰু কেলাৰৰ সৈতে লগ লাগি সৰু সৰু পৰীক্ষাৰ বাবে অন্যান্য সঁজুলিৰ বিকাশ কৰে।১৬

স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত স্কিনাৰে পিতৃ-মাতৃৰ সৈতে থাকি উপন্যাস চেষ্টা কৰে, কিন্তু সফল নহয়। এই সময়কছোকাক তেওঁ পিছলৈ "ডাৰ্ক ইয়াৰ্ছ" (ক’লা অধ্যায়) বুলি অভিহিত কৰিছিল।১৬ প্ৰখ্যাত কবি ৰবাৰ্ট ফ্ৰষ্টৰ পৰা উৎসাহ পোৱাৰ পিছতো তেওঁ নিজৰ সাহিত্যিক দক্ষতাৰ প্ৰতি মোহভংগ হৈ পৰে, এই সিদ্ধান্তত উপনীত হয় যে তেওঁৰ বিশ্ব অভিজ্ঞতা কম আৰু লিখিব পৰাকৈ কোনো শক্তিশালী ব্যক্তিগত দৃষ্টিভংগীও নাই। জন বি. ৱাটছনৰ আচৰণবাদৰ সৈতে পৰিচয় হোৱাৰ পিছত তেওঁ মনোবিজ্ঞানৰ স্নাতক অধ্যয়নৰ দিনে অগ্ৰসৰ হয় আৰু আচৰণবাদৰ নিজা সংস্কৰণৰ বিকাশ ঘটায়।১৬

পিছৰ জীৱন

১৯৩১ চনত স্কিনাৰে হাৰ্ভাৰ্ডৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে আৰু তাতে কিছু বছৰ গৱেষক হিচাপে কাম কৰে। ১৯৩৬ চনত তেওঁ মিনিয়াপলিছৰ মিনেছ'টা বিশ্ববিদ্যালয়লৈ শিক্ষকতা কৰিবলৈ যায়।১৭ ১৯৪৫ চনত তেওঁ ইণ্ডিয়ানা বিশ্ববিদ্যালয়লৈ যায়,১৮ আৰু তাত তেওঁ ১৯৪৬ চনৰ পৰা ১৯৪৭ চনলৈকে মনোবিজ্ঞান বিভাগৰ অধ্যক্ষ হিচাপে কাম কৰে, তাৰ পিছত ১৯৪৮ চনত হাৰ্ভাৰ্ডলৈ অধ্যাপক হিচাপে পুনৰ ঘূৰি আহে। ১৯৭৩ চনত স্কিনাৰ দ্বিতীয় মানৱতাবাদী ইস্তাহাৰৰ অন্যতম স্বাক্ষৰকাৰী আছিল।১৯

১৯৩৬ চনত স্কিনাৰে ইভন "ইভ" ব্লুৰ (Yvonne "Eve" Blue) সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুগৰাকী কন্যা জুলি (পিছলৈ ভাৰ্গাছ) আৰু ডেব'ৰা (পিছলৈ বুজান; বেৰী বুজানে বিয়া কৰাইছিল)ৰ জন্ম হয়।২০২১ ১৯৯৭ চনত ইভনৰ মৃত্যু হয়,২২ আৰু তেওঁক মেছাচুচেটছৰ কেম্ব্ৰিজৰ মাউণ্ট অবাৰ্ন কবৰস্থানত সমাধিস্থ কৰা হয়।১৬

১৯৭০ চনত স্কিনাৰৰ সামাজিক কাৰ্যকলাপ বৃদ্ধি পাইছিল, ১৯৭৪ চনত অৱসৰ লোৱাৰ পিছতো তেওঁ মৃত্যুৰ আগলৈকে সক্ৰিয়ভাবে কাম কৰি গৈছিল। ১৯৮৯ চনত স্কিনাৰ লিউকিমিয়া ৰোগত আক্ৰান্ত হয় আৰু ১৯৯০ চনৰ ১৮ আগষ্টত মেছাচুচেটছৰ কেম্ব্ৰিজত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ দহ দিন আগতে তেওঁক আমেৰিকান চাইক'লজিকেল এছ'চিয়েচনে আজীৱন কৃতিত্বৰ বঁটা প্ৰদান কৰিছিল আৰু তেওঁৰ কাম সম্পৰ্কে ভাষণ দিছিল।২৩

তথ্যসূত্ৰ

  1. ↑ Smith, L. D.; Woodward, W. R. (1996). B. F. Skinner and Behaviorism in American Culture. Lehigh University Press. ISBN 978-0-934223-40-9
  2. ↑ Skinner, B. F. (1948). ((Walden Two)). Macmillan Publishers. ISBN 0-87220-779-X
  3. ↑ Skinner, B. F. (1972). ((Beyond Freedom and Dignity)). Vintage Books. ISBN 978-0-553-14372-0
  4. ↑ Skinner, Burrhus Frederic. History of Behavior Analysis
  5. ↑ Swenson, Christa. (May 1999). Burrhus Frederick Skinner. History of Psychology Archives
  6. ↑ Schacter, Daniel L.; Gilbert, Daniel T.; Wagner, Daniel M. (2011). Psychology. Worth Publishers. পৃ. 17. ISBN 978-1-4292-3719-2
  7. ↑ Skinner, B. F. (1974). About Behaviorism. Random House. ISBN 0-394-71618-3
  8. ↑ Skinner, B. F. (1938). ((The Behavior of Organisms)). Appleton-Century-Crofts. ISBN 1-58390-007-1
  9. ↑ Ferster, Charles B.; Skinner, B. F. (1957). Schedules of Reinforcement. Appleton-Century-Crofts. ISBN 0-13-792309-0
  10. ↑ Smith, Nathaniel G.; Morris, Edward K. (2021). Full Bibliography. B. F. Skinner Foundation Also available as a PDF
  11. ↑ Skinner, B. F. (1958). ((Verbal Behavior)). Copley Publishing Group. ISBN 1-58390-021-7
  12. ↑ Haggbloom, Steven J.; Warnick, Renee; Warnick, Jason E. (June 1, 2002). The 100 most eminent psychologists of the 20th century. Review of General Psychology. পৃ. 139–52
  13. ↑ Skinner, B. F. (1967). A History of Psychology in Autobiography. Appleton-Century-Crofts. পৃ. 387–413
  14. ↑ Mahoney, Michael J. (October 1991). B. F. Skinner: A Collective Tribute. Canadian Psychology. পৃ. 628–635
  15. ↑ Skinner, B. F. (1976). Particulars of My Life. Knopf. ISBN 978-0-394-40071-6
  16. ↑ Bjork, Daniel W. (2013). B. F. Skinner: A Life. American Psychological Association. ISBN 978-1-55798-416-6
  17. ↑ Establishment History. University of Minnesota
  18. ↑ Vargas, Julie. Biographical Information. B. F. Skinner Foundation
  19. ↑ Humanist Manifesto II. American Humanist Association
  20. ↑ Skinner, Deborah. About Skinner. Horses by Skinner
  21. ↑ Buzan, Deborah Skinner. (March 12, 2004). I was not a lab rat. The Guardian
  22. ↑ Skinner, Yvonne, 1911-1997. Papers of Yvonne Skinner, ca.1916-1977: A Finding Aid. Harvard University Library
  23. ↑ The Famous People. (2017). B. F. Skinner biography

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিমনোবিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বি. এফ. স্কিনাৰ” প্ৰবন্ধৰ সংশোধন ৬৩১১৪২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।