অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চল বেলো

চল বেলো (SAUL BELLOW) হৈছে আমেৰিকাৰ এগৰাকী শ্ৰেষ্ঠ ঔপন্যাসিক।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২১ ১৯২ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

চল বেলো (SAUL BELLOW) হৈছে আমেৰিকাৰ এগৰাকী শ্ৰেষ্ঠ ঔপন্যাসিক।

জন্ম আৰু বংশ পৰিচয়

চল বেলোৰ জন্ম হয় ১৯১৫ চনৰ ১০ জুলাইত কিউবেকৰ(কানাডা) লেচিন নামৰ ঠাইত। ১ তেওঁৰ পিতৃৰ নাম আব্ৰাহাম আৰু মাতৃৰ নাম লিজা।

শিক্ষা

  1. ১৯৩৩ চনত চিকাগো বিশ্ববিদ্যালয়ত ভৰ্ত্তি হয়। তাত দুবছৰ পঢ়ি নৰ্থ ওৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়লৈ গুচি যায়।
  2. ১৯৩৭ চনত সমাজবিদ্যা আৰু নৃতত্ত্ব চূড়ান্ত ডিগ্ৰী লয়। ২

কৰ্মজীৱন

বেলো এনচাইক্লোপিডিয়া অব ব্ৰিটানিকাৰ সম্পাদকীয় দপ্তৰৰো এজন সদস্য আছিল।

সাহিত্যৰাজি

উপন্যাস

  1. ডাংলিং মেন (১৯৪৪)
  2. দা ৱিকটিম (১৯৪৭)
  3. চেইজে দা ডে (১৯৫৯)
  4. হাজোৰ্গ (১৯৬৪)
  5. হেন্দাৰচন দি ৰেইন কিং (১৯৫৯)
  6. এডভেঞ্চাৰচ অফ এঞ্জি মাৰ্চ (১৯৫৯)
  7. এ থেফ্ট (১৯৮৯)
  8. দা অক্টোল (১৯৯৭)৩

নাটক

দা লাষ্ট এনালেছিছ (১৯৬৫)

চুটিগল্প

  1. ছামথিং টু ৰিমেম্বাৰ মি বাই:থ্ৰী টেলচ (১৯৯১)
  2. কলেক্টএড স্তৰিচ (২০০১)৪

বঁটা আৰু সন্মান

  1. ১৯৫৪ চনত কল্পকাহিনীৰ ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা লাভ কৰে।
  2. ১৯৬৫ চনত কল্পকাহিনীৰ ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা লাভ কৰে।
  3. ১৯৭১ চনত কল্পকাহিনীৰ ৰাষ্ট্ৰীয় গ্ৰন্থ বঁটা লাভ কৰে।
  4. ১৯৭৬ চনত চল বেলোই সাহিত্যত নোবেল বঁটা লাভ কৰে।
  5. ১৯৭৬ চনত সাহিত্যকমৰ বাবে বেলোকে পুলিৎজাৰ বঁটা লাভ কৰে।
  6. ১৯৮৮ চনত ৰাষ্ট্ৰীয় কলা পদক লাভ কৰিবলৈ সক্ষম হয়।
  7. ১৯৯০ চনত আমেৰিকান চিঠিলৈ বিশিষ্ট অৱদানৰ বাবে নেচনেল বুক ফাউণ্ডেচনৰ জীৱনজোৰা পদক লাভ কৰে।
  8. ১৯৯৭ চনত ৰাষ্ট্ৰীয় ইহুদী বঁটা লাভ কৰে।
  9. ২০১০ চনত চিকাগো লিতাৰেৰী হল অফ ফেমত অন্তৰ্ভুক্ত কৰা হৈছে।৫

মৃত্যু

২০০৫ চনৰ ৫ এপ্ৰিল তাৰিখে তেখেতৰ মৃত্যু হয়।৬

তথ্যসূত্ৰ

  1. ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৮৫
  2. ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক,নৱকান্ত বৰদলৈ,প্ৰথম প্ৰকাশ:অক্টোবৰ,২০০০,পৃষ্ঠা-৮৫
  3. ↑ en.wikipedia.org/wiki/Saul_Bellow
  4. ↑ en.wikipedia.org/wiki/Saul_Bellow
  5. ↑ en.wikipedia.org/wiki/Saul_Bellow
  6. ↑ en.wikipedia.org/wiki/Saul_Bellow

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিআমেৰিকান লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চল বেলো” প্ৰবন্ধৰ সংশোধন ২৯৮১২৭ (১৭ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।