অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাইকেল ফিংক

এডৱাৰ্ড মাইকেল ফিংক( ইংৰাজী: Edward Michael Fincke; জন্ম: ১৪ মাৰ্চ, ১৯৬৭) এজন আমেৰিকান মহাকাশচাৰী। পূৰ্বতে মহাকাশত সৰ্বাধিক সময় (৩৮১.৬ দিন) থাকি তেওঁ আমেৰিকাৰ হৈ অভিলেখ গঢ়িছিল। ২০১৫ চনৰ ১৬ অক্টোবৰত স্কট কেলিয়ে তেওঁৰ অভিলেখ ভংগ কৰিছিল।

হালনাগাদ: ২৩ জুন ২০২২ ২৪৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

এডৱাৰ্ড মাইকেল ফিংক( ইংৰাজী: Edward Michael Fincke; জন্ম: ১৪ মাৰ্চ, ১৯৬৭) এজন আমেৰিকান মহাকাশচাৰী। পূৰ্বতে মহাকাশত সৰ্বাধিক সময় (৩৮১.৬ দিন) থাকি তেওঁ আমেৰিকাৰ হৈ অভিলেখ গঢ়িছিল। ২০১৫ চনৰ ১৬ অক্টোবৰত স্কট কেলিয়ে তেওঁৰ অভিলেখ ভংগ কৰিছিল। ২০১৯ চনৰ জানুৱাৰী মাহত ফিংকক বয়িঙৰ চি.এছ.টি.-১০০ ষ্টাৰলাইনাৰৰ প্ৰথমখন ক্ৰুযুক্ত বিমানত উৰণৰ বাবে নিৰ্বাচিত কৰা হৈছিল।

ফিংকৰ জন্ম হৈছিল পেঞ্চিলভেনিয়াৰ পিটাৰ্চবাৰ্গত, কিন্তু তেওঁ উপকণ্ঠ অঞ্চল এমছৱৰ্থক তেওঁৰ গৃহ চহৰ বুলি ক'ব বিচাৰে। তেওঁ আমেৰিকাৰ বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া আৰু নাছাৰ এজন সক্ৰিয় মহাকাশচাৰী। এতিয়ালৈকে তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত বিমান অভিযন্তা আৰু কমাণ্ডাৰ হিচাপে দুটা ভ্ৰমণ সম্পূৰ্ণ কৰিছে। তেওঁ এটা স্পেচ শ্বাটল মিছন এছটিএছ-১৩৪ত মিছন বিশেষজ্ঞ হিচাপে উৰা মাৰিছিল। ফিংক জাপানী আৰু ৰাছিয়ান ভাষাত পাৰ্গত। অসমীয়া জীয়ৰী ৰেনিতা শইকীয়াৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছে, আৰু তেওঁলোকৰ তিনিটা সন্তান আছে; পুত্ৰ চন্দ্ৰ আৰু সূৰ্য্য আৰু কন্যা তৰালী।১

কেৰিয়াৰ

১৮৮৯ চনত এমআইটিৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ পিছত, ফিংকে পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ(বৰ্তমান ৰাছিয়া) মস্কো এভিয়েশন ইনষ্টিটিউটৰ সৈতে, গ্ৰীষ্মকালীন বিনিময় কাৰ্যসূচীত অংশ লয় য'ত তেওঁ পূৰ্বতে মহাজাগতিক বিজ্ঞান অধ্যয়ন কৰিছিল। ১৯৯০ চনত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ পিছত ফিংকে যুক্তৰাষ্ট্ৰৰ বায়ুসেনাত যোগ দিয়ে। তেওঁক কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছ বায়ুসেনা ঘাটিৰ বায়ুসেনাৰ মহাকাশ আৰু মিছাইল ব্যৱস্থা কেন্দ্ৰত নিযুক্তি দিয়া হৈছিল। তাত তেওঁ মহাকাশ ব্যৱস্থা অভিযন্তা আৰু মহাকাশ পৰীক্ষা অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৪ চনত কেলিফৰ্ণিয়াৰ এডৱাৰ্ডছ বায়ুসেনা ঘাটিৰ আমেৰিকাৰ বায়ুসেনা পৰীক্ষা পাইলট বিদ্যালয় সম্পূৰ্ণ কৰাৰ পিছত ফিংকে ফ্ল’ৰিডাৰ এগলিন বায়ুসেনা ঘাটিৰ ৩৯ নং উৰণ পৰীক্ষা স্কোয়াড্ৰনত যোগদান কৰে, য’ত তেওঁ বিভিন্ন ধৰণৰ বিমানৰ কাম যেনে পৰীক্ষামূলক কাৰ্যসূচী, এফ-১৬,এফ-১৫ উৰণ আদিৰ পৰীক্ষা অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১

তথ্যসূত্ৰ

  1. ↑ (2020). Michael Fincke Biography. NASA

সম্পৰ্কিত শ্ৰেণী

মহাকাশচাৰীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিআমেৰিকান মহাকাশচাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইকেল ফিংক” প্ৰবন্ধৰ সংশোধন ৩২৫০৪৩ (২৩ জুন ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।