অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টেয়া অ’ব্ৰেট

টেয়া অ’ব্ৰেট (ইংৰাজী: Téa Obreht; জন্মগত নাম: টেয়া বাজৰাক্টায়েভিচ; ৩০ ছেপ্টেম্বৰ ১৯৮৫) এগৰাকী আমেৰিকান ঔপন্যাসিকা। তেওঁ তেওঁৰ প্ৰথম উপন্যাস দ্য টাইগাৰ্ছ ৱাইফৰ বাবে ২০১১ চনত অৰেঞ্জ প্ৰাইজ ফৰ ফিকচন লাভ কৰিছিল।

হালনাগাদ: ১৭ জুন ২০২৬ ৪৮০ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

টেয়া অ’ব্ৰেট (ইংৰাজী ভাষা: Téa Obreht; জন্মগত নাম: টেয়া বাজৰাক্টায়েভিচ; ৩০ ছেপ্টেম্বৰ ১৯৮৫) এগৰাকী আমেৰিকান ঔপন্যাসিকা।১২৩ তেওঁ তেওঁৰ প্ৰথম উপন্যাস দ্য টাইগাৰ্ছ ৱাইফৰ বাবে ২০১১ চনত অৰেঞ্জ প্ৰাইজ ফৰ ফিকচন লাভ কৰিছিল।৪৫

জীৱনী

টেয়া অ’ব্ৰেটৰ জন্ম ১৯৮৫ চনৰ শৰৎকালত বেলগ্ৰেডত হৈছিল। তেওঁ মাক মায়াৰ একমাত্ৰ সন্তান আছিল। তেওঁৰ দেউতাক এজন বচনীয়ান (Bosniak) লোক আছিল যদিও তেওঁ কেতিয়াও পৰিয়ালটোৰ সৈতে জড়িত নাছিল। পিতৃ অবিহনে ডাঙৰ-দীঘল হোৱাৰ বাবে তেওঁ ককা-আইতাকৰ খুব নলে-গলে লগা আছিল। বিশেষকৈ জাৰ্মান মূলৰ শ্লোভেনিয়ান ককাক ষ্টিফান আৰু বচনীয়ান আইতাক জাহিদাৰ সৈতে তেওঁৰ ঘনিষ্ঠতা আছিল।

দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত,৬ অ’ব্ৰেটে ২০০৯ চনত কৰ্নেল বিশ্ববিদ্যালয়ৰ সৃজনশীল লিখনী পাঠ্যক্ৰমৰপৰা কাল্পনিক সাহিত্যত MFA ডিগ্ৰী লাভ কৰে।৭

অ’ব্ৰেটৰ লিখনি দ্য নিউয়ৰ্কাৰ, জোৱেট্ৰ’প: অল-ষ্ট’ৰী, হাৰ্পাৰ্ছ মেগাজিন, দ্য নিউয়ৰ্ক টাইমছ আৰু দ্য গাৰ্ডিয়ানৰ লগতে বিভিন্ন গল্প সংকলনত প্ৰকাশ পাইছে।৮৯

সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত অ’ব্ৰেটে তেওঁৰ লিখনীত কলম্বিয়ান ঔপন্যাসিক গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ, যুগোশ্লাভিয়াৰ নোবেল বিজয়ী ইভো আন্দ্ৰিচ, ৰেমণ্ড চেণ্ডলাৰ, আৰ্নেষ্ট হেমিংৱে, ইছাক ডিনেচেন, ৰাছিয়ান লেখক মিখাইল বুলগাকভ আৰু শিশু সাহিত্যিক ৰোল্ড ডালৰ প্ৰভাৱৰ কথা উল্লেখ কৰিছে।১০

অ’ব্ৰেট আইৰিছ লেখক ডেন শ্বিহানৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১১১২

দ্য টাইগাৰ্ছ ৱাইফ

মূল প্ৰবন্ধ: দ্য টাইগাৰ্ছ ৱাইফদ্য টাইগাৰ্ছ ৱাইফ ২০১০ চনত উইডেনফেল্ড এণ্ড নিকোলছনৰদ্বাৰা প্ৰকাশিত হৈছিল।১৩ ই বলকানৰ এখন নামবিহীন দেশৰ পটভূমিত বৰ্তমান আৰু আধা শতিকা আগৰ কাহিনীৰে সমৃদ্ধ এখন উপন্যাস। ইয়াত এগৰাকী যুৱ চিকিৎসকৰ নিজৰ ককাকৰ সৈতে থকা সম্পৰ্ক আৰু ককাকে তেওঁক কোৱা কাহিনীসমূহ প্ৰদৰ্শন কৰা হৈছে। এই কাহিনীসমূহ এজন "অমৰ মানুহ" (deathless man)ৰ বিষয়ে যিয়ে তেওঁক বিভিন্ন সময়ত বিভিন্ন ঠাইত লগ পাইছিল আৰু যি কেতিয়াও বৃদ্ধ নহয়; লগতে ককাকৰ শৈশৱৰ গাঁৱৰ এগৰাকী বধিৰ-মূক ছোৱালীৰ কাহিনী যিয়ে চিৰিয়াখানাৰপৰা পলাই অহা এটা বাঘৰ সৈতে বন্ধুত্ব কৰিছিল। এই উপন্যাসখনৰ বেছিভাগ অংশ তেওঁ কৰ্নেল বিশ্ববিদ্যালয়ত থকাৰ সময়তে লিখা হৈছিল, আৰু ২০০৯ চনৰ জুন মাহত দ্য নিউয়ৰ্কাৰত ইয়াৰ একাংশ উদ্ধৃত কৰা হৈছিল।১৪ এগৰাকী বিশ্ববিদ্যালয়ৰ সাংবাদিকে উপন্যাসখনৰ সাৰাংশ দিবলৈ কোৱাত অ’ব্ৰেটে উত্তৰ দিছিল, "এয়া বলকানৰ এক কাল্পনিক প্ৰদেশত ঘটা এটা পাৰিবাৰিক কাহিনী। এয়া এগৰাকী মহিলা কথক আৰু চিকিৎসক ককাকৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে। বলকানৰ এই সকলোবোৰ যুদ্ধৰ সময়ত চিকিৎসকসকল আৰু মৃত্যুৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ এক কাহিনী।" ৫

দ্য টাইগাৰ্ছ ৱাইফ-এ ২০১১ চনত (২০১০ চনৰ প্ৰকাশনৰ বাবে) ব্ৰিটিছ অৰেঞ্জ প্ৰাইজ ফৰ ফিকচন লাভ কৰিছিল। ১৯৯৬ চনত স্থাপিত হোৱা আৰু সমগ্ৰ বিশ্বৰ মহিলাৰ লিখনীত "উৎকৃষ্টতা, মৌলিকতা আৰু সুলভতা"ক স্বীকৃতি দিয়া এই বাৰ্ষিক বঁটাটো লাভ কৰা অ’ব্ৰেট আছিল সৰ্বকনিষ্ঠ বিজয়ী।১৫ ২০১১ চনৰ শেষৰফালে তেওঁ সেই বছৰৰ আমেৰিকাৰ নেশ্যনেল বুক এৱাৰ্ড ফৰ ফিকচনৰ বাবেও চূড়ান্ত প্ৰতিযোগী আছিল।১৬

ইনলেণ্ড

ইনলেণ্ড ২০১৯ চনত পেংগুইন ৰেনডম হাউচৰদ্বাৰা প্ৰকাশিত হৈছিল।১৭ ই ১৯ শতিকাৰ শেষৰফালৰ আমেৰিকান পশ্চিমৰ পটভূমিত ৰচিত।১৮

দ্য মৰ্নিংছাইড

অ’ব্ৰেটৰ তৃতীয় উপন্যাস দ্য মৰ্নিংছাইড ২০২৪ চনত প্ৰকাশিত হয়।১৯

বঁটা আৰু সন্মান

বৰ্ষগ্ৰন্থবঁটাবিভাগফলাফলতথ্যসূত্ৰ
২০১১দ্য টাইগাৰ্ছ ৱাইফডিলান থমাছ বঁটা—২০
গ্যালাক্সি নেশ্যনেল বুক এৱাৰ্ডছআন্তঃৰাষ্ট্ৰীয় লেখক
নেশ্যনেল বুক এৱাৰ্ডকাল্পনিক সাহিত্য (Fiction)
অৰেঞ্জ প্ৰাইজ—২১
ৱাটাৰষ্টোনছ ১১—২২
২০১২এণ্ড্ৰু কাৰ্নেগী মেডেল ফৰ এক্সিলেন্সকাল্পনিক সাহিত্য২৩
চিবিচি বুকী এৱাৰ্ডছআন্তঃৰাষ্ট্ৰীয় কাল্পনিক সাহিত্য
ক্ৰফৰ্ড বঁটা—২৪
ইণ্ডিজ চয়েছ বুক এৱাৰ্ডছপ্ৰাপ্তবয়স্কৰ প্ৰথম গ্ৰন্থ (Adult Debut)
২০২০ইনলেণ্ডএণ্ড্ৰু কাৰ্নেগী মেডেল ফৰ এক্সিলেন্সকাল্পনিক সাহিত্য২৫
ডিলান থমাছ বঁটা—২৬২৭
২০২১আন্তঃৰাষ্ট্ৰীয় ডাবলিন সাহিত্য বঁটা—২৮
জইচ কেৰল অ’টছ সাহিত্য বঁটা—২৯
২০২৪দ্য মৰ্নিংছাইডজইচ কেৰল অ’টছ সাহিত্য বঁটা—৩০
২০২৫ক্লাইমেট ফিকচন প্ৰাইজ—৩১

গ্ৰন্থপঞ্জী

উপন্যাস

  • Obreht, Téa. (2011). দ্য টাইগাৰ্ছ ৱাইফ. উইডেনফেল্ড এণ্ড নিকোলছন. ISBN 9780297859017৩২
  • Obreht, Téa. (2019). ইনলেণ্ড. ৰেনডম হাউচ. ISBN 9780812992861৩৩
  • Obreht, Téa. (2024). দ্য মৰ্নিংছাইড. ৰেনডম হাউচ. ISBN 9781984855503৩৪৩৫৩৬

চুটিগল্প

  • Obreht, Téa. (Aug 2009). The Laugh. The Atlantic
  • Obreht, Téa. (Summer 2010). The Sentry. The Guardian

প্ৰবন্ধ আৰু প্ৰতিবেদন

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ward, Victoria. (8 June 2011). Orange Prize won by relative unknown Téa Obreht. The Daily Telegraph
  2. ↑ (8 June 2011). Orange Prize for Fiction awarded to Tea Obreht. BBC Online
  3. ↑ (9 June 2011). Serbian-American author wins Orange. The Irish Times
  4. ↑ Schillinger, Liesl. (11 March 2011). A Mythic Novel of the Balkan Wars. The New York Times
  5. ↑ Hamilton, Ted (25 March 2009). "Student Artist Spotlight: Tea Bajraktarevic" (interview). Cornell Daily Sun. Archived 7 March 2012. Retrieved 12 April 2014
  6. ↑ McGrath, Charles. (14 March 2011). 'The Tiger's Wife' Brings Téa Obreht Acclaim. The New York Times
  7. ↑ Minzesheimer, Bob. (10 March 2011). New Voices: Tea Obreht, The Tiger's Wife. USA Today
  8. ↑ "20 Under 40 Q.&A.: Téa Obreht" (interview). The New Yorker. June 14, 2010. Retrieved 28 March 2011
  9. ↑ "Biography" . Téa Obreht (teaobreht.com). Retrieved 28 March 2011
  10. ↑ Codinha, Cotton (20 July 2009). "I Dreamed of Africa" (interview). The Atlantic. Retrieved 28 March 2011
  11. ↑ Gilmartin, Sarah. (10 February 2018). Restless Souls by Dan Sheehan review – friendship, memory and human capacity for endurance. The Irish Times
  12. ↑ Luscombe, Belinda. (13 August 2019). 'I Put 1,400 Pages in the Trash.' The Tiger's Wife Author Téa Obreht on Killing Two Books to Create Her New Novel. TIME Magazine
  13. ↑ "Tiger's wife". WorldCat. Retrieved 12 April 2014. "View all editions and formats" shows that others were published 2011 and later
  14. ↑ Lee, Stephan (4 March 2011). "Téa Obreht, author of 'The Tiger's Wife', on craft, age, and early success" (interview). Entertainment Weekly. Retrieved 28 March 2011
  15. ↑ "Téa Obreht wins 2011 Orange Prize for Fiction" (2011 archive, contemporary). Orange Prize for Fiction (orangeprize.co.uk). Archived 10 February 2013. Retrieved 12 April 2014
  16. ↑ "National Book Awards – 2011". National Book Foundation. Retrieved 12 April 2014. Contemporary archive including video record of Obreht reading from The Tiger's Wife
  17. ↑ Inland: A Novel. Penguin Random House
  18. ↑ Chapman, Ryan. (May 25, 2025). 'Nobody in This Book Is Going to Catch a Break': Téa Obreht on "Inland". Longreads
  19. ↑ The Morningside by Téa Obreht: 9781984855503 · PenguinRandomHouse.com: Books. PenguinRandomhouse.com
  20. ↑ (October 20, 2011). Dylan Thomas Prize 2011 shortlist is announced. BBC News
  21. ↑ (8 June 2011). Orange Prize for Fiction awarded to Tea Obreht. BBC News
  22. ↑ (20 January 2011). Waterstone's unveils debut authors book list. BBC News
  23. ↑ Booklist Online: Leading Book Discovery. www.booklistonline.com
  24. ↑ admin. (2012-01-24). 2012 Crawford Award Announced. Locus Online
  25. ↑ Longlist · Andrew Carnegie Medals for Excellence. www.ala.org
  26. ↑ (8 April 2020). Dylan Thomas Prize 2020 shortlist announced. Books+Publishing
  27. ↑ 2020 shortlist. ছুৱানছি বিশ্ববিদ্যালয়
  28. ↑ IGO. (2020-12-07). Inland. Dublin Literary Award
  29. ↑ 2021 Joyce Carol Oates Prize Longlist Announced. New Literary Project
  30. ↑ Longlist Announced for 2024 Joyce Carol Oates Prize. New Literary Project
  31. ↑ 2025 Prize. The Climate Fiction Prize
  32. ↑ Schillinger, Liesl. (2011-03-11). The Tiger's Wife. The New York Times
  33. ↑ Meyer, Lily. (2019-08-15). 'Inland' Creates A New Myth Of The Old West. NPR
  34. ↑ Chan, Jessamine. (2024-03-18). Book Review: 'The Morningside,' by Téa Obreht. The New York Times
  35. ↑ Charles, Ron. (2024-03-19). With 'The Morningside,' Téa Obreht builds a city of strange tales. Washington Post
  36. ↑ (2024-08-11). The Reenchantment of the Ordinary World. Los Angeles Review of Books
  37. ↑ অনলাইন সংস্কৰণৰ শীৰ্ষক হৈছে "David Attenborough’s exploration of nature’s marvels and brutality"।

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান লেখকআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেয়া অ’ব্ৰেট” প্ৰবন্ধৰ সংশোধন ৬১২৭২৭ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।