আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি
৩১৭ প্ৰবন্ধ
-
এনি ওৱাৰেণ গিল
এনি ৱাৰেন গিল (১৮৬২ – ২ মাৰ্চ ১৯৩০) এগৰাকী ব্ৰিটিছ নাৰ্ছ আছিল যিয়ে ১৯২৭ চনত কলেজ অৱ নাৰ্চিঙৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
এনি মৌড নৰ্টন বেটেল
এনি মৌড নৰ্টন বেটেল (Annie Maude Norton Battelle) (২৬ জানুৱাৰী, ১৮৬৫ - ২৩ মাৰ্চ, ১৯২৫) এগৰাকী ভোটাধিকাৰী আৰু লোকহিতৈষী আছিল। ১৯১৮ চনত স্বামীৰ মৃত্যুৰ পিছত ৰিপাব্লিকান দলৰ বেটেলে ৰাজনৈতিকভাৱে অতি সক্ৰিয় হৈ পৰে।
-
এমা ষ্টোন
এমিলি জিন "এমা" ষ্টোন (Emily Jean "Emma" Stone; জন্ম: ৬ নৱেম্বৰ, ১৯৮৮) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ দুটা একাডেমী বঁটা, দুটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, আৰু দুটা গোল্ডেন গ্ল’ব বঁটা এতিয়ালৈকে লাভ কৰিছে।
-
এমি চুজান ব্ৰুকমেন
এমি চুজান ব্ৰুকমেন (জন্ম ১৯৬৫) জৰ্জিয়া ইনষ্টিটিউট অৱ টেকন'লজিৰ স্কুল অৱ ইন্টাৰেক্টিভ কম্পিউটিং আৰু জিভিইউ চেণ্টাৰৰ সৈতে জড়িত এগৰাকী অধ্যাপিকা। অনলাইন সম্প্ৰদায় আৰু শিক্ষণ বিজ্ঞানৰ ক্ষেত্ৰত তেওঁৰ অগ্ৰণী গৱেষণাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
এমি মেডিগান
এমি মেৰী মেডিগান (জন্ম ১১ ছেপ্তেম্বৰ, ১৯৫০) এগৰাকী আমেৰিকীয় অভিনয়-শিল্পী৷ মঞ্চ আৰু পৰ্দাত -উভয় মঞ্চতে কৰা কামৰ বাবে পৰিচিত মেডিগানে প্ৰাইমটাইম এমি বঁটাৰ মনোনয়নৰ উপৰি একাডেমী বঁটা, অভিনেত্ৰী বঁটা আৰু গোল্ডেন গ্ল’ব বঁটা লাভ কৰিছে।
-
এমি ৰীডাৰ
এমি ৰীডাৰ (জন্ম ২৫ আগষ্ট, ১৯৮০), পূৰ্বতে এমি ৰীডাৰ হেডলী নামেৰে পৰিচিত এগৰাকী আমেৰিকান কমিক গ্ৰন্থৰ শিল্পী আৰু লেখিকা যিয়ে ফুলছ গোল্ড, মেডাম ছানাডু, বেটউমেন, আৰু মুন গাৰ্ল এণ্ড ডেভিল ডাইনোছৰৰ দৰে শিৰোনামৰ কামৰ বাবে পৰিচিত।
-
এমিলি আৰ্মষ্ট্ৰং
এমিলি মাৰ্চিয়া আৰ্মষ্ট্ৰং (Emily Marcia Armstrong; জন্ম: ৬ মে', ১৯৮৬) এগৰাকী আমেৰিকান গায়িকা আৰু গীটাৰিষ্ট। তেওঁ ডেড ছাৰাৰ সহ-প্ৰতিষ্ঠাপক আছিল৷ ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত লিংকিন পাৰ্ক পুনৰ সংঘবদ্ধ হোৱা মুহূৰ্তত তেওঁ মুখ্য গায়িকা হিচাপে পৰিচিত হয়৷ বেণ্ডটোৰ এই পুনৰ্মিলন তেওঁলোকৰ দীৰ্ঘদিনীয়া মুখ্য…
-
এমিলি বেৰিংগাৰ
এমিলি ডানিং বেৰিংগাৰ (Emily Barringer; ২৭ ছেপ্টেম্বৰ, ১৮৭৬ - ৮ এপ্ৰিল, ১৯৬১) বিশ্বৰ প্ৰথম মহিলা এম্বুলেন্স চাৰ্জন আৰু অস্ত্ৰোপচাৰৰ আৱাস নিশ্চিত কৰা প্ৰথম মহিলা আছিল। নিউয়ৰ্কৰ স্কাৰছডেলত এডউইন জেমছ ডানিং আৰু ফ্ৰান্সিছ গোৰ লেংৰ ঘৰত এমিলি ডানিঙৰ জন্ম হৈছিল।
-
এলিক্স আৰ্ল
এলিক্স এশ্লী আৰ্ল (জন্ম: ১৬ ডিচেম্বৰ ২০০০) এগৰাকী আমেৰিকান ছচিয়েল মিডিয়া ব্যক্তিত্ব। তেওঁ টিকটকত "গেট ৰেডী উইথ মি" ভিডিঅ' পোষ্ট কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল, য'ত তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ সবিশেষ শ্বেয়াৰ কৰে।
-
এলিচ ৰ'গফ
এলিচ নিকল ৰ’গফ (ইংৰাজী: Alice Rogoff, জন্ম ১০ নৱেম্বৰ ১৯৫১) এগৰাকী আমেৰিকান বাতৰি কাকত প্ৰকাশকাৰী কাৰ্যনিৰ্বাহী, সমাজসেৱী, লেখিকা আৰু বিমান চালক।
-
এলিছন কাফেৰ
এলিছন কাফেৰ এগৰাকী আমেৰিকান একাডেমিক যিয়ে নাৰীবাদী, কুইয়াৰ, আৰু অক্ষমতা তত্ত্বৰ বিশেষজ্ঞ। ২০১৯ চনৰ হিচাপত তেওঁ অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ নাৰীবাদী অধ্যয়নৰ সহযোগী অধ্যাপিকা। তেওঁ ফেমিনিষ্ট, কুইয়াৰ, ক্ৰিপ নামৰ কিতাপখনৰ লেখিকা।
-
এলিছা কাৰ্ছন
এলিছা কাৰ্ছন (ইংৰাজী: Alyssa Carson; জন্ম: ১০ মাৰ্চ, ২০০১) এগৰাকী আমেৰিকান মহাকাশ অনুৰাগী যিয়ে বহুতো মহাকাশ শিবিৰত অংশগ্ৰহণ কৰিছে আৰু নাছাৰ প্ৰতিটো দৰ্শনাৰ্থী কেন্দ্ৰ ভ্ৰমণ কৰিছে।
-
এলিছিয়া নাইটেকি
এলিছিয়া নাইটেকি/নিʼটেট্স্কি (২ জানুৱাৰী ১৯৪২ – ৫ ছেপ্টেম্বৰ ২০২১) আছিল এগৰাকী আমেৰিকান লেখিকা আৰু ব্ৰেণ্টলি বিশ্ববিদ্যালয়, ৱালথাম, মেছাচুছেট্ছৰ ইংৰাজী সাহিত্যৰ অধ্যাপিকা।
-
এলিজা মাইৰি
এলিজা মাইৰি (Eliza Myrie, জন্ম: ১৯৮১) এগৰাকী দৃশ্যমান শিল্পী। তেওঁ বৰ্তমান চিকাগো চহৰত বাস কৰে। তেওঁ বিভিন্ন দৃশ্যমান কলা যেনে ভাস্কৰ্য, অংশগ্ৰহণকাৰী স্থাপনা কলা, ৰাজহুৱা কলা আৰু ছপা কলা আদিৰ লগত জড়িত।
-
এলিজাবেথ বাফম চেচ
এলিজাবেথ বাফম চেচ (Elizabeth Buffum Chace) (১৮০৬ চনৰ ৯ ডিচেম্বৰ – ১৮৯৯ চনৰ ১২ ডিচেম্বৰ) ১৯ শতিকাৰ মাজভাগৰ পৰা শেষলৈকে দাসত্ব বিৰোধী, নাৰীৰ অধিকাৰ আৰু কাৰাগাৰ সংস্কাৰ বিৰোধী আন্দোলনৰ এগৰাকী আমেৰিকান কৰ্মী আছিল। ২০০২ চনত তেওঁ ৰোড আইলেণ্ড হেৰিটেজ হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।
-
এলিন বাৰ্নছডাল
লুইছ এলিন বাৰ্নছডাল (Aline Barnsdall) আমেৰিকাৰ এগৰাকী তেলৰ উত্তৰাধিকাৰী আছিল, যি লছ এঞ্জেলছৰ হলিহক হাউছৰ বাবে ফ্ৰেংক লয়ড ৰাইটৰ ক্লায়েণ্ট হিচাপে বেছিকৈ পৰিচিত আছিল, যিটো এতিয়া চহৰখনৰ বাৰ্নছডাল আৰ্ট পাৰ্কৰ কেন্দ্ৰবিন্দু।
-
এলিন’ৰ মেকউইলিয়ামছ চেম্বাৰলেন
এলিন'ৰ "এলা" কলিয়াৰ মেকউইলিয়ামছ চেম্বাৰলেন (Eleanor McWilliams Chamberlain)( জন্ম ছেপ্টেম্বৰ ১৮৪৮; মৃত্যু জুলাই ১৯৩৪) এগৰাকী আমেৰিকান মহিলা অধিকাৰ কৰ্মী আৰু সাংবাদিক আছিল যি ফ্ল'ৰিডাত মহিলাৰ ভোটাধিকাৰ আন্দোলন আৰম্ভ কৰাৰ কৃতিত্ব লাভ কৰে।
-
এলেক্স কুপাৰ
এলেক্সান্দ্ৰা কুপাৰ (জন্ম ২১ আগষ্ট ১৯৯৪) এগৰাকী আমেৰিকান প’ডকাষ্টাৰ, যিয়ে স্পটিফাইত সাপ্তাহিক কমেডী আৰু পৰামৰ্শমূলক প’ডকাষ্ট কল হাৰ ডেডীৰ সহ-নিৰ্মাতা আৰু পৰিচালনা কৰে। ২০২১ চনত টাইম মেগাজিন-এ তেওঁক প’ডকাষ্টিং জগতৰ "সম্ভৱতঃ আটাইতকৈ সফল মহিলা" বুলি অভিহিত কৰিছিল।
-
কনৰাড মুৰে
কনৰাড ৰবাৰ্ট মুৰে ( Conrad Robert Murray; জন্ম: ১৯ ফেব্ৰুৱাৰী, ১৯৫৩) এজন গ্ৰেনেডিয়ান-ট্ৰিনিদাদীয়-আমেৰিকান প্ৰাক্তন চিকিৎসক আৰু দোষী সাব্যস্ত হোৱা অপৰাধী। ২০০৯ চনত মাইকেল জেকচনৰ মৃত্যুৰ সময়ত তেওঁ জেকচনৰ ব্যক্তিগত চিকিৎসক আছিল।
-
কাউণ্টি কিউলেন
কাউণ্টি কিউলেন (Countee Cullen) আছিল এগৰাকী আমেৰিকান কবি, ঔপন্যাসিক, শিশু লেখক আৰু নাট্যকাৰ। তেওঁ বিশেষকৈ হাৰ্লম নৱজাগৰণৰ সময়ত সুপৰিচিত আছিল। নিজৰ কবি পৰিচিতিক এজন 'নিগ্ৰো কবি' হিচাপে সীমাবদ্ধ ৰাখিব নিবিচৰা আমেৰিকাৰ কৃষ্ণাঙ্গ কবিগৰাকীয়েই হ'ল কাউণ্টি কিউলেন।
-
কালী (চিত্ৰশিল্পী)
কালী ( Kali) (১৮ ডিচেম্বৰ, ১৯১৮ – ২০ জুন, ১৯৯৮) পোলেণ্ডত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান চিত্ৰশিল্পী আছিল আৰু তেওঁৰ ষ্টাইলাইজড প্ৰতিকৃতিৰ বাবে পৰিচিত আছিল। তেওঁক পোলেণ্ডৰ অন্যতম গুৰুত্বপূৰ্ণ মহিলা চিত্ৰশিল্পী হিচাপে বৰ্ণনা কৰা হৈছে।
-
কাৰ্ল ৰজাৰ্ছ
কাৰ্ল ৰেনচম ৰজাৰ্ছ (ইংৰাজীঃ Carl Ransom Rogers; 8 জানুৱাৰী 1902-4 ফেব্ৰুৱাৰি 1987) এজন আমেৰিকান মনোবিজ্ঞানী আছিল যি মানৱতাবাদী মনোবিজ্ঞান অন্যতম প্ৰতিষ্ঠাপক আছিল আৰু বিশেষকৈ তেওঁৰ ব্যক্তি-কেন্দ্ৰিক মনোচিকিৎসা বাবে জনাজাত আছিল।
-
কিট্টি অ’নীল
কিট্টি লিন অ’নীল ( Kitty Linn O'Neil; ২৪ মাৰ্চ ১৯৪৬- ২ নবেম্বৰ ২০১৮) এগৰাকী আমেৰিকান ষ্টাণ্টৱুমেন আৰু অটো ৰেচাৰ আছিল। বিভিন্ন স্পীড ৰেকৰ্ডৰ বাবে তেওঁক পৃথিৱীৰ সবাতোকৈ বেগী মহিলা বুলি প্ৰায়ে উল্লেখ কৰা হৈছিল। ২০১৯ চনলৈ তেওঁৰ মহিলা স্পীড ৰেকৰ্ড কোনেও ভংগ কৰিব পৰা নাছিল।
-
কুইণ্টা ব্ৰানছন
কুইণ্টা ব্ৰানছন (জন্ম: ২১ ডিচেম্বৰ ১৯৮৯) এগৰাকী আমেৰিকান অভিনেত্ৰী, কৌতুক অভিনেতা, লেখিকা আৰু প্ৰযোজক। তেওঁ এবিচি কমেডী ধাৰাবাহিক এৰট এলিমেণ্টৰী (২০২১–বৰ্তমান)-ৰ স্ৰষ্টা, কাৰ্যবাহী প্ৰযোজক আৰু সহ-লেখিকা। এই ধাৰাবাহিকখনত তেওঁ দ্বিতীয় শ্ৰেণীৰ শিক্ষয়িত্ৰী জেনিন টিগছৰ চৰিত্ৰত অভিনয় কৰিছে।
-
কেথলিন বেৰী
কেথলিন বেৰী (Kathleen Barry; জন্ম: ২২ জানুৱাৰী, ১৯৪১) এগৰাকী আমেৰিকান সমাজবিজ্ঞানী আৰু নাৰীবাদী আছিল। আন্তঃৰাষ্ট্ৰীয় মানৱ যৌন সৰবৰাহৰ ওপৰত গৱেষণা আৰু কিতাপ প্ৰকাশ কৰাৰ পিছত তেওঁ ৰাষ্ট্ৰসংঘৰ এন জি অ' ক'লিচন এগেইনষ্ট ট্ৰেফিকিং ইন উইমেন (CATW)ৰ সহ-প্ৰতিষ্ঠাপক হয়।
-
কেনি ৰজাৰচ্
কেনেথ ৰে ৰজাৰ্ছ জন্মগত নাম কেনেথ ডোনাল্ড ৰজাৰ্ছ। জন্ম হৈছিল ২১ আগষ্ট, ১৯৩৮ চনত আৰু মৃত্যু হৈছিল ২০ মাৰ্চ, ২০২০ চনত। তেওঁ এগৰাকী আমেৰিকাৰ গায়ক আৰু গীতিকাৰৰ লগতে অভিনেতাও আছিল। ২০১৩ চনত তেওঁক কাণ্ট্ৰী মিউজিক হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।
-
কেমেৰ'ণ দিয়াজ
কেমেৰ'ণ মিচেল ডিয়াজ(জন্ম ৩০ আগষ্ট,১৯৭২) হ'ল এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। ১৯৯০ৰ দশকত তেওঁ দ্য মাস্ক,মাই বেষ্ট ফ্ৰেইণ্ডছ ৱেডিং আৰু দেয়াৰ্ছ চামথিং এবাউট মেৰী আদি ছবিত অভিনয় কৰি চৰ্চা লাভ কৰে।
-
কেলি কুউকো
কেলি ক্ৰীষ্টিন কুউকো (Kaley Christine Cuoco, জন্ম ৩০ নৱেম্বৰ, ১৯৮৫) এগৰাকী আমেৰিকান অভিনেত্ৰী। এবিচিৰ চিটকম ৮ চিম্পল ৰুলছ (২০০২–২০০৫)ত ব্ৰিজেট হেনেছি, চিবিএছ চিটকম দ্য বিগ বেং থিয়ৰী (২০০৭–২০১৯)ত পেনি আৰু এইচবিঅ' মেক্সৰ কমেডী থ্ৰিলাৰ দ্য ফ্লাইট এটেণ্ডেণ্ট (২০২০–২০২২)ৰ শীৰ্ষ চৰিত্ৰ হিচাপে আগবঢ়োৱা…
-
কেৰী উইলিয়ামছ ক্লিফৰ্ড
কেৰী উইলিয়ামছ ক্লিফৰ্ড (Carrie Williams Clifford) আছিল এগৰাকী লেখিকা, ক্লাব মহিলা আৰু আমেৰিকাৰ মহিলা অধিকাৰ আৰু নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী।
-
কোৱেণ্টিন টাৰাণ্টিনো
কোৱেণ্টিন জেৰম টাৰাণ্টিনো (Quentin Tarantino, জন্ম ২৭ মাৰ্চ, ১৯৬৩) এজন আমেৰিকীয় চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা আৰু লেখক। তেওঁৰ ছবিসমূহৰ বৈশিষ্ট্য হৈছে চিত্ৰাংকিত হিংসা, প্ৰায়ে বহু অশ্লীল শব্দৰ বৰ্ধিত সংলাপ আৰু জনপ্ৰিয় সংস্কৃতিৰ উল্লেখ।