ছুজেন হ'ৰ'ৱিটজ্ কেইন (Susan Horowitz Cain)১ (জন্ম ১৯৬৮) হৈছে এগৰাকী আমেৰিকান লেখিকা, প্ৰবক্তা আৰু "কোৱাইট্" (Quiet: The Power of Introverts in a World That Can't Stop Talking) নামৰ অ-কাহিনীমূলক গ্ৰন্থখনৰ লেখিকা। এই বিশেষ গ্ৰন্থখনৰ মতে- পাশ্চাত্য সংস্কৃতিয়ে অন্তৰ্মুখী মানুহৰ বৈশিষ্ট্য আৰু সামৰ্থ্যসমূহৰ অৱমূল্যায়ণ কৰাৰ লগতে ভুলো বুজি আহিছে। ২০১২ চনত প্ৰকাশিত এই গ্ৰন্থখনে "নিউ ইয়ৰ্ক টাইমছ্"ৰ বেষ্ট-চেলাৰ তালিকাত তিনি বছৰতকৈও অধিক কাল অন্তৰ্ভুক্ত হৈ আছিল। কিতাপখন ৩৬টা অন্য ভাষালৈও অনূদিত হৈছে। ২৩
ছুজেন কেইন নীৰৱ বিপ্লৱ কোম্পানীটোৰ (Quiet Revolution Company) সহ-প্ৰতিষ্ঠাপক। ২০১৫ চনত স্থাপিত হোৱা এই বিশেষ উদ্দেশ্য-ভিত্তিক কোম্পানীটোৱে শিশুৰ প্ৰতিপালন, শিক্ষা, কৰ্মস্থলীৰ পৰিৱেশৰ লগতে জীৱনশৈলীৰ ক্ষেত্ৰতো বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ২০১৬ চনত কেইনে লিখা কোৱাইট পাৱাৰ গ্ৰন্থখনে অন্তৰ্মুখী শিশু আৰু কিশোৰক লক্ষ্য কৰিছে। তদুপৰি তেওঁলোকৰ শিক্ষক আৰু অভিভাৱকসকলক উদ্দেশ্যিও কিতাপখনে দিহা-পৰামৰ্শ আগবঢ়াইছে। ৪
শিক্ষা
১৯৮৯ চনত প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত(ইংৰাজী) স্নাতক ডিগ্ৰী অৰ্জন কৰে। ১৯৯৩ চনত তেখেতে হাৰ্ভাড আইন বিদ্যালয়ৰ পৰা "জুৰিছ ডক্তৰ" ডিগ্ৰী অৰ্জন কৰে।
কৰ্মজীৱন
ক্লিয়েৰি গোটিলেব ষ্টিন এণ্ড হেমিল্টনত কেইনে সাতটা বছৰ ধৰি এটৰ্নী(মুক্তিয়াৰ) হিচাপে কাম কৰে,৫ তাৰপিছত দ্য নেগোছিয়েছন কোম্পানীৰ মালিক আৰু অধ্যক্ষ হৈ আলোচনা-পৰামৰ্শবিদহিচাপে সেৱা আগবঢ়ায়।৬ উডহাল ইনষ্টিটিউট ফ'ৰ এথিকেল লিডাৰশ্বিপ নামৰ এটা শিক্ষামূলক অলাভজনক প্ৰতিষ্ঠানতো তেখেতে সভ্য আৰু শিক্ষক হিচাপে সেৱা আগবঢ়ায়।৬
ঘৰত পৰিয়ালৰ মাজত নীৰৱতাৰ মাজতে থাকি লিখাৰ কামত মনোনিৱেশ কৰিবৰ বাবে কেইনে তেওঁৰ কৰ্পোৰেট কেৰিয়াৰ ত্যাগ কৰে।৭
কোৱাইট্ৰ পৃষ্ঠভূমি আৰু প্ৰেৰণা
'', April 16, 2012 publication re Cain's April 9 talk.</ref>কেইনৰ নিজা ছুটকেছত কিতাপ থাকে।]]
কেইনে কয় যে-যদিহে তেওঁ এগৰাকী লেখিকা নহ'লহেঁতেন, তেন্তে এগৰাকী গৱেষক মনোবিজ্ঞানী হ'লহেঁতেন।৮ কেইনে ৰাজহুৱা বক্তৃতা দিবলৈ কিছু সমস্যাৰ সমুখীন হৈছিল। সেইটো অসুবিধাই তেওঁক অন্তৰ্মুখিতাৰ বিষয়ে লিখিবলৈ উৎসাহিত কৰিলে।৭
আইনজীৱী(মুক্তিয়াৰ) হৈ কৰ্ম সম্পাদন কৰি থাকোঁতেও কেইন লক্ষ্য কৰিছিল যে তেওঁৰ প্ৰতিষ্ঠানটোত কৰ্মৰত লোকসকলে কেইনৰ লেখিয়া ব্যক্তিৰ বৈশিষ্ট্যবোৰ তেওঁলোকৰ বৃত্তিত সদব্যৱহাৰ কৰিছিল। আৰু তেওঁলোকে সেই বৈশিষ্ট্যসমূহৰ কোনো ব্যাখ্যাও আগবঢ়োৱা নাছিল।৯ পৰৱৰ্তী সময়ত তেওঁ উপলব্ধি কৰিলে যে- অন্তৰ্মুখিতা আৰু বৰ্হিমুখিতা সম্বন্ধীয় ধাৰণাই পৰিচয়গত দিশত সাঙোৰ খাই থকা কিছুমান প্ৰশ্নৰ এটা ভাষা হৈ পৰিল-যাৰ এতিয়ালৈকে অভাৱ দেখা গৈছিল। ৯
কেইনৰ অনুভৱ যে- 'কোৱাইট্' গ্ৰন্থখনৰ বাবে দৰকাৰ হোৱা উদ্যমখিনি সম্ভৱতঃ আহিছিল ১৯৬৩ চনৰ নাৰীবাদী কিতাপ "The Feminine Mystique"ৰ আঁৰত থকা বাসনা আৰু ক্ৰোধৰ পৰা৮ কেইনে বৰ্তমান সময়ৰ অন্তৰ্মুখী মানুহৰ লগত সেই সময়ৰ নাৰীসকলৰ তুলনা কৰিব বিচাৰে যাৰ বিপুল পৰিমাণৰ প্ৰতিভা অব্যৱহৃত হৈ পৰি আছিল।৮ তেওঁৰ মত-অধিকাংশ অন্তৰ্মুখী মানুহেই উপলব্ধি নকৰে যে-তেওঁলোকৰ মনে নিবিচৰা কিছুমান কামত নিয়োজিত হৈ তেওঁলোকে ধাৰাবাহিকভাৱে নিজৰ সময়বোৰ পাৰি কৰিছে। এইবোৰে কামকেই তেওঁলোকে আজীৱন কৰি কটাইছে। কেইনে সেইসকল মানুহৰ মনত এক অধিকাৰ প্ৰোথিত কৰিব বিচাৰে যাৰ দ্বাৰা শক্তিমান হৈ তেওঁলোকে নিজে বিচৰা মানুহজন হ'ব বিচাৰে। ১০
অন্তৰ্মুখী শিশুৰ অভিভাৱক আৰু শিক্ষকৰ লগত কাম কৰিবলৈ কেইন ইচ্ছুক হৈ পৰিছিল। ইয়াৰ উপৰিও কৰ্মস্থলীৰ পৰিৱেশো তেওঁ সংশোধন কৰিব বিচাৰিছিল। তেওঁ এক নতুন ধৰণৰ "সামূহিক চিন্তন"ৰ (Group Think) পোষকতা কৰিছিল, যাৰ আধাৰ হ'ব গভীৰ চিন্তা আৰু একক পৰ্যবেক্ষণ। ৮
কোৱাইট্, কোৱাইট্ পাৱাৰ আৰু কোৱাইট জাৰ্ণেল
সাত বছৰজোৰা এক প্ৰচেষ্টাৰ অন্তত, কেইনৰ প্ৰথমখন কিতাপ Quiet: The Power of Introverts in a World That Can't Stop Talking প্ৰকাশিত হয়-২০১২ চনৰ ২৪ জানুৱাৰি তাৰিখে। ১১
২০১৬ চনত কেইনে সহ-লেখিকা হিচাপে কাম কৰা Quiet Power: The Secret Strengths of Introverts গ্ৰন্থখন প্ৰকাশিত হয়। এই কিতাপখন অন্তৰ্মুখী শিশু আৰু কিশোৰক কেন্দ্ৰ কৰি লিখা হৈছিল। লগতে কিতাপখনে তেওঁলোকৰ অভিভাৱক আৰু শিক্ষকসকলকো লক্ষ্য কৰি লৈছিল।১২
২০১৮ চনত, কেইনে বিগ আইডিয়া ক্লাবত এগৰাকী তত্ত্বাৱধায়ক হিচাপে কাম কৰে। তেওঁৰ সহযোগী আছিল মেলকম গ্লেডৱেল, আডাম গ্ৰাণ্ট আৰু ডেনিয়েল পিংক। তেওঁলোকে মনোবিজ্ঞান, ব্যৱসায়, সুখ আৰু উৎপাদনশীলতা সম্বন্ধীয় গ্ৰন্থৰ ওপৰত গুৰুত্ব দিব বিচাৰিছিল। ১৩ ২০২০ চনৰ ৩১ মাৰ্চত, কেইনে Quiet Journal: Discover Your Secret Strengths and Unleash Your Inner Power, পত্ৰিকাখন প্ৰকাশ কৰে। এই পত্ৰিকাখনৰ প্ৰথমটো ভাগত স্ব-মূল্যায়ন আৰু দ্বিতীয়টো ভাগে স্ব-জ্ঞান আৰু প্ৰয়োজনীয় কৰ্মক সন্নিৱিষ্ট কৰিছিল। ১৪
কোৱাইট্ ৰিভ'লিউশ্যন কোম্পানী
২০১৪ চনত কেইনে প্ৰদান কৰা দ্বিতীয়টো টেড টকত কোৱাইট ৰিভ'লিউছন কোম্পানীটো প্ৰতিষ্ঠা কৰাৰ আনুষ্ঠানিক ঘোষণা কৰিছিল। এই প্ৰতিষ্ঠানে কাৰ্যালয়ৰ গাঁথনিক এনেভাৱে ৰূপান্তৰ কৰিবলৈ ইচ্ছুক যে কৰ্মচাৰীৰ মনোযোগিতা আৰু গোপনীয়তা অটুট থাকে, যাতে একধৰণৰ নীৰৱ নেতৃত্বৰে প্ৰতিষ্ঠানটো বিকাশশীল লৈ উঠে। প্ৰতিষ্ঠানটোৱে অন্তৰ্মুখী দলপতিসকলক প্ৰশিক্ষণ আৰু অন্তৰ্মুখী শিশুসকলক সৱলীকৰণৰ বাঞ্ছা কৰে। ১৫১৬ ইয়াৰ লগতে কৰ্মচাৰীসকলৰ ব্যৱস্থাপনাৰ হেতু কিছুমান প্ৰশিক্ষণ সঁজুলি আৰু কাৰ্যসূচী প্ৰস্তুতকৰণত প্ৰতিষ্ঠানটোৱে অগ্ৰাধিকাৰ দিব। ১৭
বঁটা আৰু সন্মান
- ২০১২, ফেব্ৰুৱাৰি: কোৱাইট্ গ্ৰন্থই নিউ ইয়ৰ্ক টাইমছৰ বেষ্ট চেলাৰৰ তালিকাত(পকাবন্ধা, অ-কাহিনীমূলক কিতাপ) চতুৰ্থ স্থান দখল কৰে। ১৮
- ২০১২: কেইনৰ প্ৰথমটো টেড ভিডিঅ'ৱে অইন টেড ভিডিঅ'ৰ তুলনাত সোনকালেই প্ৰথম মিলিয়ন দৰ্শন লাভ কৰে,১৯ আৰু ন মাহৰ ভিতৰত সেই ভিডিঅ'টোৱে সৰ্বকালৰ সৰ্বাধিক দৰ্শনপ্ৰাপ্ত টেড ভিডিঅ'ৰ তালিকাত ৯৮% পাৰচেণ্টাইলত(১৩৮০ৰ ভিতৰত ২০) প্ৰৱেশ কৰে। ২০
- ২০১২, ডিচেম্বৰ: কোৱাইট্ গ্ৰন্থখনে "২০১২ৰ শ্ৰেষ্ঠ"ৰ ভিত্তিত প্ৰস্তুত কৰা বহুকেইখন তালিকাতে ঠাই দখল কৰে।
- ২০১২, ডিচেম্বৰ: ২০১২ বৰ্ষৰ প্ৰিন্সটনৰ প্ৰাক্তন শিক্ষাৰ্থী নিউজমেকাৰৰ তালিকাত স্থান দখল কৰে।
- ২০১৩, ফেব্ৰুৱাৰি: হাৰ্ভাৰ্ড বিজনেছ ৰিভিঅ'ৰ মিটছ্ জোৱেলে কেইনৰ টেড টকটোক "আপোনাৰ ব্যৱসায়ক নতুনকৈ কল্পনা কৰিবলৈ সহায় কৰা দহটা টেড টক" ৰ তালিকাভুক্ত কৰে।২১
- ২০১৩, এপ্ৰিল: টোষ্টমাষ্টাৰছ ইণ্টাৰনেছনেলে কেইনক ২০১৩ চনৰ "গোল্ডেন গেভেল বঁটা" প্ৰদান কৰে। ২২
- ২০১৩, ছেপ্টেম্বৰ:কেইনে হাৰ্ভাড আইন বিদ্যালয়ৰ পৰা "Celebration 60" বঁটা লাভ কৰে। ২৩
- ২০১৪, মাৰ্চ: কেইন "TED All-Stars"ত অন্তৰ্ভুক্ত হয়, আৰু টেডৰ ত্ৰয়োদশ জন্মবাৰ্ষিকী সন্মিলনীত দ্বিতীয়বাৰৰ কাৰণে বক্তৃতা প্ৰদান কৰে। ২৪
- ২০১৪, মে': Inc. আলোচনীয়ে কেইনক "নেতৃত্ব আৰু ব্যৱস্থাপনাৰ ৫০ গৰাকী বিশেষজ্ঞ"ৰ তালিকাত স্থান দিয়ে। ২৫
- ২০১৫: বিশ্বজুৰি কোৱাইট্ৰ বিশ লাখতকৈও অধিক কপি বিক্ৰী হয়। ১৫
- ২০১৬, মে': কোৱাইট্ পাৱাৰ-গ্ৰন্থখনে "দ্য নিউ ইয়ৰ্ক টাইমছ্"ৰ বেষ্ট চেলাৰ তালিকাত (শিশুৰ মধ্যম শাখাৰ পকাবন্ধা শ্ৰেণী) চাৰি নম্বৰ স্থানেৰে যাত্ৰাৰম্ভ কৰে। ২৬
- ২০১৮,নৱেম্বৰ: লিংকড্ ইনে প্ৰস্তুত কৰা ২০১৮ চনৰ "২০টা শীৰ্ষ কণ্ঠ"ৰ তালিকাত স্থান লাভ কৰে।২৭
বাহ্যিক সংযোগ
- আনুষ্ঠানিক ৱেবছাইট
- ছুজেন কেইন, "মেকাৰছ্:ৱমেন হু মেক আমেৰিকা"ৰ দ্বাৰা প্ৰযোজিত''
- archiveটেডত ছুজেন কেইন
- C-SPANৰ নেটৱৰ্কত ছুজেন কেইনৰ উপস্থিতি, সংগ্ৰহ
তথ্যসূত্ৰ
- ↑ Women Transforming Our Communities and the World, Harvard Law School "Leaders for Change" (conference Program of Events), Sept. 27–29, 2013, bottom of p. 13
- ↑ www.quietrev.com/quiet-the-book/
- ↑ books.google.co.in/books/about/Quiet.html?id=Dc3
- ↑ আৰ্কাইভ কপি
- ↑ Gibson, Lydialyle. (March–April 2017). Quiet, Please - Susan Cain foments the 'Quiet Revolution'. Harvard Magazine
- ↑ "Education/Fellows" and "Staff/Faculty" of The Woodhull Institute. Downloaded and archived 2012-06-02
- ↑ Warner, Judith, Inside Intelligence: "Susan Cain’s ‘Quiet’ Argues for the Power of Introverts", The New York Times Sunday book review, published Friday February 10, 2012. ● Cain's same-day reply to Warner's review, ThePowerOfIntroverts.com, February 10, 2012
- ↑ Glor, Jeff (interviewer), "Quiet: The Power of Introverts in a World That Can't Stop Talking, by Susan Cain", CBS News authorTALK, January 26, 2012
- ↑ Ronson, Jon (RSA interviewer), "Susan Cain and Jon Ronson on The Power of Introverts", Australian Broadcasting Corporation "Big Ideas", audio and video published June 4, 2012
- ↑ Bielski, Zosia, "Giving introverts permission to be themselves", The Globe and Mail, January 26, 2012
- ↑ "Quiet: The Power Of Introverts In A World That Can't Stop Talking", OpenISBN.com entry for
- ↑ Nadworny, Elissa. (February 18, 2016). How Parents And Teachers Can Nurture The 'Quiet Power' Of Introverts. NPR (National Public Radio)
- ↑ Chen, Connie. (May 14, 2018). This book subscription curated by popular nonfiction authors like Malcolm Gladwell and Susan Cain lets you discover the 'next big idea' before everyone else. Business Insider
- ↑ (April 2020). Quiet Journal: Discover Your Secret Strengths and Unleash Your Inner Power. Goodreads
- ↑ Weller, Chris, “How the patron saint of introverts is quietly revolutionising American culture”, Business Insider (Australia), August 25, 2015
- ↑ Cain, Susan (speaker), "Susan Cain’s 2014 TED Talk | Announcing the Quiet Revolution", textual transcript of TED talk published March 29, 2014
- ↑ Sellers, Patricia. (June 3, 2015). The secret power of introverts. Fortune Article entitled "Soft Power" in the June 15, 2015 print edition
- ↑ The New York Times Best Seller listfor February 12, 2012 Hardcover Non-Fiction.
- ↑ Morais, Richard C., "In Praise of Introverts and Depressives", Barron's, April 3, 2012
- ↑ TED talks (sorted by) Most viewed (WebCite archive of 2012-11-08), TED.com, November 8, 2012
- ↑ Joel, Mitch, "10 TED Talks to Help You Reimagine Your Business", Harvard Business Review, February 27, 2013
- ↑ "2013 International Convention | Golden Gavel Award", Toastmasters International, April 2013
- ↑ Leaders for Change, Harvard Law School, September 27–29, 2013, page 13 ("7pm-9pm") lists recipients. • Books News Desk staff, "QUIET Author Susan Cain Receives Harvard Law School's 'Celebration 60' Award", Broadway World, October 8, 2013
- ↑ May, Kate Torgovnick, "Introducing the TED All-Stars: 50+ speakers who’ll return to the stage at TED2014", TED, March 10, 2014
- ↑ Haden, Jeff, "Top 50 Leadership and Management Experts", Inc. May 12, 2014
- ↑ (May 22, 2016). Best Sellers / Children’s Middle Grade Hardcover. The New York Times
- ↑ Roth, Daniel. (November 13, 2018). LinkedIn Top Voices 2018: Influencers. LinkedIn
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছুজেন কেইন” প্ৰবন্ধৰ সংশোধন ৬১১০২৪ (৩ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।