ডেনিছ পাৰনেল চুলিভান (Dennis Parnell Sullivan, জন্ম: ১২ ফেব্ৰুৱাৰী ১৯৪১) এগৰাকী আমেৰিকান গণিতজ্ঞ। তেওঁ বীজগণিতীয় ট'প'লজী, জ্যামিতিক ট'প'লজী আৰু গতিশীল প্ৰণালীৰ বিষয়ে গৱেষণাৰ বাবে জনাজাত। তেওঁ চিটি ইউনিভাৰ্চিটি অৱ নিউয়ৰ্ক গ্ৰেজুৱেট চেণ্টাৰত এলবাৰ্ট আইনষ্টাইন আসনৰ অধ্যাপক আৰু ষ্টনি ব্ৰুক বিশ্ববিদ্যালয়ৰ এজন বিশিষ্ট অধ্যাপক। তেওঁ ২০১০ চনত গণিতৰ উল্ফ বঁটা লাভ কৰিছিল। ২০২২ চনত তেওঁক আবেল বঁটা প্ৰদান কৰা হয়।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৪১ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে মিচিগানৰ পোৰ্ট হুৰনত ডেনিছ চুলিভানৰ জন্ম হৈছিল। ১ তাৰ পিছতে তেওঁলোকৰ পৰিয়াল হিউষ্টনলৈ গুচি যায়।২
প্ৰথমতে তেওঁ ৰাসায়নিক অভিযান্ত্ৰিক অধ্যয়নৰ বাবে ৰাইচ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল। কিন্তু বিশেষভাৱে অনুপ্ৰেৰিত গাণিতিক উপপাদ্যৰ সন্মুখীন হোৱাৰ পিছত তেওঁৰ অভিযান্ত্ৰিক শিক্ষাৰ দ্বিতীয় বছৰত গণিতলৈ তেওঁৰ মূল বিষয় সলনি কৰিছিল।৩
তেওঁ ১৯৬৩ চনত ৰাইচ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৬৬ চনত প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা ত্ৰিভুজআকৃতিৰ সমতুল্যতাৰ ওপৰত উইলিয়াম বাউণ্ডেৰৰ তত্ত্বাৱধানত গৱেষণা কৰি পিএইছডি ডিগ্ৰী লাভ কৰে।২
কৰ্মজীৱন
চুলিভানে ১৯৬৬ চনৰ পৰা ১৯৬৭ চনলৈ নেটো ফেল'শ্বিপত ৱাৰউইক বিশ্ববিদ্যালয়ত কাম কৰিছিল। তেওঁ ১৯৬৭ চনৰ পৰা ১৯৬৯ লৈ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেত মিলাৰ ৰিচাৰ্চ ফেল' আৰু তাৰ পিছত ১৯৬৯ চনৰ পৰা ১৯৭৩ চনৰ ভিতৰত মেচাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজীত স্লোয়ান ফেল' আছিল। তেওঁ ১৯৬৭-১৯৬৮, ১৯৬৮-১৯৭০ আৰু পুনৰ ১৯৭৫ চনত ইনষ্টিটিউট ফৰ এডভান্সড ষ্টাডিৰ এজন ভিজিটিং স্কলাৰ আছিল।৪
চুলিভান ১৯৭৩ চনৰ পৰা ১৯৭৪ চনলৈ পেৰিছ-চুড বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক আছিল। আৰু তাৰ পিছত ১৯৭৪ চনত ইনষ্টিটিউট ডেচ হাউটছ এটুডেছ চাইণ্টিফিকছ (আইএইচইএছ)ত স্থায়ী অধ্যাপক পদত নিযুক্তি লাভ কৰিছিল। ৫ ১৯৮১ চনত তেওঁ নিউয়ৰ্কৰ চিটি ইউনিভাৰ্চিটিৰ গ্ৰেজুৱেট চেণ্টাৰত বিজ্ঞানৰ এলবাৰ্ট আইনষ্টাইন আসনত (গণিত) অধিষ্ঠিত হয়৬ আৰু আইএইচইএছত তেওঁৰ দায়িত্ব অৰ্ধ-সময়ৰ নিযুক্তিলৈ হ্ৰাস কৰে। তেওঁ ১৯৯৬ চনত ষ্টনি ব্ৰুক বিশ্ববিদ্যালয়ৰ গণিত অনুষদত যোগদান কৰে আৰু পৰৱৰ্তী বছৰত আইএইচইএছ ত্যাগ কৰে।৭
চুলিভান চাইমন্স জ্যামিতি আৰু পদাৰ্থ বিজ্ঞান কেন্দ্ৰ প্ৰতিষ্ঠাত জড়িত আছিল আৰু ইয়াৰ ট্ৰাষ্টী পৰিষদৰ সদস্য।৮ তেওঁ গণিতজ্ঞ মইৰা চাছৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে।৩
বঁটা আৰু সন্মান
- ১৯৭১: জ্যামিতিত অছৱাল্ড ভেবলেন বঁটা৯
- ১৯৮১: প্ৰিস্ক এলি কাৰ্টান, ফৰাচী বিজ্ঞান একাডেমী
- ১৯৮৩: সদস্য, ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী১০
- ১৯৯১: সদস্য, আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সেছ১১
- ১৯৯৪: কিং ফয়জল আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান বঁটা
- ২০০৪: ৰাষ্ট্ৰীয় বিজ্ঞান পদক
- ২০০৬: জীৱনজোৰা কৃতিত্বৰ বাবে ষ্টীল পুৰস্কাৰ[6]
- ২০১০: "বীজগণিতীয় ট'প'লজী আৰু কনফৰ্মেল ডাইনামিকছত তেওঁৰ অৱদানৰ বাবে" গণিতত ওল্ফ পুৰস্কাৰ১২
- ২০১২: আমেৰিকান মেথমেটিকেল চছাইটিৰ সভ্য১৩
- ২০১৪: গণিতত বলজান বঁটা (তাত্ত্বিক বা প্ৰায়োগিক)২১৪
- ২০২২: আবেল বঁটা২১৫
তথ্যসূত্ৰ
- ↑ Phillips, Anthony. (2005). Graphs and patterns in mathematics and theoretical physics. Proceedings of Symposia in Pure Mathematics. American Mathematical Society. পৃ. xiii. ISBN 0-8218-3666-8
- ↑ Chang, Kenneth. (March 23, 2022). Abel Prize for 2022 Goes to New York Mathematician. The New York Times
- ↑ Desikan, Shubashree. (March 23, 2022). Abel prize for 2022 goes to American mathematician Dennis P. Sullivan. The Hindu
- ↑ (December 9, 2019). Dennis P. Sullivan. Institute for Advanced Study
- ↑ Dennis Sullivan, Mathematician. Institut des Hautes Études Scientifiques
- ↑ (April 29, 2017). Science Faculty Spotlight: Dennis Sullivan. Graduate Center, CUNY
- ↑ (March 23, 2022). Dennis Parnell Sullivan Awarded the 2022 Abel Prize for Mathematics. Stony Brook University
- ↑ (March 23, 2022). Dennis Sullivan Awarded the 2022 Abel Prize in Mathematics. Simons Center for Geometry and Physics
- ↑ Oswald Veblen Prize in Geometry
- ↑ National Academy of Sciences
- ↑ American Academy of Arts and Sciences
- ↑ Wolf Prize Winners Announced. Israel National News
- ↑ List of Fellows of the American Mathematical Society, retrieved August 5, 2013
- ↑ Kehoe, Elaine. (January 2015). Sullivan Awarded Balzan Prize. Notices of the American Mathematical Society. পৃ. 54–55
- ↑ 2022: Dennis Parnell Sullivan · The Abel Prize. abelprize.no
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেনিছ চুলিভান” প্ৰবন্ধৰ সংশোধন ৬৩৭২১৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।