ডেভিড বেকাৰ (David Baker; জন্ম: ৬ অক্টোবৰ, ১৯৬২) এজন আমেৰিকীয় জৈৱ ৰসায়নবিদ আৰু গণনামূলক জীৱবিজ্ঞানী৷ তেওঁ মাংসসাৰৰ ডিজাইন আৰু ইয়াৰ ত্ৰিমাত্ৰিক গঠনৰ ভৱিষ্যদ্বাণী কৰা পদ্ধতিটোৰ পথ প্ৰদৰ্শক। তেওঁ জৈৱ ৰসায়ন বিজ্ঞানৰ হেনৰিটা আৰু অব্ৰি ডেভিছ এনডাউড অধ্যাপক, হাৱাৰ্ড হিউজ চিকিৎসা প্ৰতিষ্ঠানৰ অনুসন্ধানকাৰী৷ ইয়াৰ উপৰি ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ জিনম বিজ্ঞান, জৈৱ অভিযান্ত্ৰিকী, ৰাসায়নিক অভিযান্ত্ৰিকী, কম্পিউটাৰ বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানৰ এডজাণ্ট অধ্যাপক। কম্পিউটেচনেল প্ৰটিন ডিজাইনৰ ক্ষেত্ৰত কৰা কামৰ বাবে তেওঁক ২০২৪ চনৰ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটাৰ আধা অংশ প্ৰদান কৰা হয়।১২
বেকাৰ আৰু তেওঁৰ সমসাময়িক ব্যক্তিসকলে বিকশিত কৰা কৃত্ৰিম বুদ্ধিমত্তাৰ কাৰ্যসূচীয়ে এতিয়া প্ৰটিনৰ গঠন ভৱিষ্যদ্বাণীৰ সমস্যাটো বহুলাংশে সমাধান কৰিছে।৩৪বেকাৰ ইউনাইটেড ষ্টেটছ নেচনেল একাডেমী অৱ চাইন্সেছৰ সদস্য আৰু ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ প্ৰটিন ডিজাইনৰ পৰিচালক।৫ তেওঁ বাৰটাকৈও অধিক জৈৱ প্ৰযুক্তি কোম্পানী সহ-প্ৰতিষ্ঠা কৰিছে৷ ২০২৪ চনত টাইম আলোচনীয়ে প্ৰথমবাৰলৈ প্ৰকাশ কৰা স্বাস্থ্যৰ ক্ষেত্ৰত ১০০ জন আটাইতকৈ প্ৰভাৱশালী লোকৰ তালিকাত বেকাৰক অন্তৰ্ভুক্ত কৰিছিল।৬
জীৱন
১৯৬২ চনৰ ৬ অক্টোবৰত ৱাশ্বিংটনৰ ছিয়াটলৰ এটা ইহুদী পৰিয়ালত পদাৰ্থবিজ্ঞানী মাৰ্শ্বেল বেকাৰ আৰু ভূপদাৰ্থবিজ্ঞানী মাৰ্চিয়া (জন্মতে-ব'ৰ্জিন) বেকাৰৰ ঘৰত ডেভিদ বেকাৰে জন্মগ্ৰহণ কৰে।৭৮ তেওঁ ছিয়াটলৰ গাৰ্ফিল্ড হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৯
১৯৮৪ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডেভিদ বেকাৰে স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৯ চনত বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা ৰেণ্ডী শ্বেকমেনৰ পৰীক্ষাগাৰত জৈৱ ৰসায়ন বিজ্ঞানত ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু প্ৰধানকৈ প্ৰটিন পৰিবহণ আৰু ইষ্টৰ সৰবৰাহৰ দিশত তেওঁ কাম কৰে।১০ ১৯৯৩ চনত তেওঁ ছান ফ্ৰান্সিস্কোৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত ডেভিদ এগাৰ্ডৰ সৈতে জৈৱ পদাৰ্থ বিজ্ঞানৰ প'ষ্ট ডক্টৰেট প্ৰশিক্ষণ সম্পূৰ্ণ কৰে।
১৯৯৩ চনত বেকাৰে ইউনিভাৰ্চিটি অৱ ৱাশ্বিংটন স্কুল অৱ মেডিচিনৰ জৈৱ ৰসায়ন বিভাগত অধ্যাপক হিচাপে যোগদান কৰে। ২০০০ চনত তেওঁ হাৱাৰ্ড হিউজ মেডিকেল ইনষ্টিটিউটৰ অনুসন্ধানকাৰী হয়।১১ ২০০৯ চনত বেকাৰ আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছৰ সভ্য নিৰ্বাচিত হয়।১২ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰে আন এগৰাকী জৈৱ ৰসায়নবিদ হেনেল ৰুওহোলা-বেকাৰৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়। দম্পতীটোৰ দুটা সন্তান আছে।
গৱেষণা
বেকাৰ প্ৰধানকৈ প্ৰটিনৰ গঠন তথা কাৰ্য্যৰ ডিজাইন আৰু ভৱিষ্যদ্বাণীৰ বাবে বিকাশ কৰা গণনামূলক পদ্ধতিৰ বাবে জনাজাত৷ সমান্তৰালভাৱে তেওঁ এটা সক্ৰিয় পৰীক্ষামূলক জৈৱ ৰসায়ন গোট তদাৰক কৰে।৭ তেওঁ ৬০০ৰো অধিক বৈজ্ঞানিক গৱেষণা পত্ৰ লিখিছে।
বেকাৰৰ গোটটোৱে এব ইনচিঅ' (ab initio) প্ৰটিন গঠন ভৱিষ্যদ্বাণীৰ বাবে ৰ'জেটা এলগৰিদম বিকশিত কৰে৷ যাক পৰৱৰ্তী পৰ্যায়ত প্ৰটিনৰ ডিজাইন কৰিব পৰা সঁজুলি, ৰ'জেটা@হোম এটা বিস্তৃত কম্পিউটিং প্ৰকল্প, ৭১৩১৪আৰু কম্পিউটাৰ গেম ফল্ডিটলৈ সম্প্ৰসাৰিত কৰা হৈছে।১৫১৬ ১৭ বেকাৰে জৈৱ আণৱিক গঠনৰ ভৱিষ্যদ্বাণী আৰু ডিজাইন চফট্ ৱেৰ বিকশিত কৰা লেব আৰু গৱেষকৰ সংঘ ৰ'জেটা কমনছৰ পৰিচালক হিচাপে কাম কৰিছিল। বেকাৰৰ গোটে নিয়মিতভাৱে CASP গঠন ভৱিষ্যদ্বাণী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে৷ এব ইনিচিঅ' পদ্ধতিত বিশেষজ্ঞ হোৱাৰ উপৰি তেওঁলোক ৰ'জেটা প্ৰট'কলৰ অ-স্বয়ংক্ৰিয় আৰু স্বয়ংক্ৰিয় দুয়োটা ভিন্নতাতে জড়িত হৈছে।১৮১৯
বেকাৰৰ গোটটো প্ৰটিন ডিজাইনৰ ক্ষেত্ৰতো সক্ৰিয়৷৭২০ তেওঁলোকে Top7 ডিজাইন কৰাৰ বাবে বিখ্যাত, যিটো এটা নতুন ভাঁজযুক্ত প্ৰথম কৃত্ৰিম প্ৰটিন।২১
২০১৭ চনত বেকাৰৰ ইনষ্টিটিউট ফৰ প্ৰটিন ডিজাইনে ওপেন ফিলান্থ্ৰপিৰ পৰা ১১ মিলিয়ন ডলাৰতকৈও অধিক ধনৰাশি লাভ কৰে৷২২২৩ ইয়াৰ পিছত তেওঁলোকে ২০২১ চনত অতিৰিক্ত ৩০ লাখ ডলাৰ অনুদান লাভ কৰে।২৪
বেকাৰে কেইবাটাও জৈৱ প্ৰযুক্তি কোম্পানী সহ-প্ৰতিষ্ঠা কৰিছে, য'ত ২০০১ চনত এলি লিলিৰ সহযোগী কোম্পানীয়ে অধিগ্ৰহণ কৰা প্ৰস্পেক্ট জিনমিক্স,২৫ ২০২৩ চনত এষ্ট্ৰাজেনেকাই অধিগ্ৰহণ কৰা আইকোছাভেক্স,২৬ ছানা বায়'টেকন'লজি, লাইল ইমিউন'থেৰাপিউটিক্স, আৰু জাইৰা থেৰাপিউটিক্স আদি অন্তৰ্ভুক্ত।
বঁটা
ডেভিদ বেকাৰে লাভ কৰা কেইটামান গুৰুত্বপূৰ্ণ বঁটা হৈছে-
- অভাৰটন বঁটা (২০০২)২৭
- নেন'প্ৰযুক্তিবিদ্যাৰ ফেইনমেন বঁটা ২৮
- নিউকম ক্লিভলেণ্ড বঁটা (২০০৪) ২৯
- জৈৱপদাৰ্থ বিজ্ঞানৰ চেকলাৰ আন্তৰ্জাতিক বঁটা (২০০৮) ৩০
- উইলি বঁটা (২০২২) ৩১
- বিবিভিএ ফাউণ্ডেচন আদি "জীৱবিজ্ঞান আৰু জৈৱ চিকিৎসা" শাখাত ফ্ৰণ্টিয়াৰছ অৱ ন'লেজ বঁটা (২০২২) ৩২
- জীৱন বিজ্ঞানৰ ব্ৰেকথ্ৰু বঁটা (২০২১) ৩৩
- ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা (২০২৪)১২
বক্তৃতা
২০১৯ চনৰ এপ্ৰিল মাহত বেকাৰে কানাডাৰ ভেংকুৱাৰত টেড২০১৯ত "নতুন প্ৰটিন ডিজাইনৰ জৰিয়তে আমি সমাধান কৰিব পৰা পাঁচটা প্ৰত্যাহ্বান" শীৰ্ষক বক্তৃতা প্ৰদান কৰে।৩৪
বাহ্যিক সংযোগ
- David Baker online talk: "Crowd Sourcing Protein Folding: Rosetta@Home and FoldIt"
- David Baker online seminar: "Introduction to Protein Design"
- David Baker online seminar: "Design of New Protein Functions"
তথ্যসূত্ৰ
- ↑ The Nobel Prize in Chemistry 2024. Nobel Media AB
- ↑ Press release: The Nobel Prize in Chemistry 2024. NobelPrize.org
- ↑ (December 16, 2021). Protein structures for all. Science. American Association for the Advancement of Science
- ↑ (June 26, 2024). How AI Revolutionized Protein Science, but Didn’t End It. Quanta Magazine. Simons Foundation
- ↑ UW to Establish Institute for Protein Design. University of Washington
- ↑ Henshall, Will. (May 2, 2024). David Baker. Time
- ↑ Howes, Laura. Protein wrangler, serial entrepreneur, and community builder. Chemical & Engineering News
- ↑ JINFO. Jewish Nobel Prize Winners in Chemistry. www.jinfo.org
- ↑ Smith, Jenn. (2024-10-09). David Baker, a UW professor who grew up in Seattle, wins Nobel Prize. The Seattle Times
- ↑ Baker, David. (1989). Reconstitution of Intercompartmental Protein Transport in Yeast Extracts
- ↑ David Baker, PhD. hhmi.org. Howard Hughes Medical Institute
- ↑ Book of Members, 1780–2010: Chapter B. American Academy of Arts and Sciences
- ↑ (2018). Fuzzy Logic Augmentation of Neural and Optimization Algorithms: Theoretical Aspects and Real Applications. Springer. পৃ. 455. ISBN 9783319710075
- ↑ Bonneau, Richard; Ruczinski, Ingo; Tsai, Jerry. (August 2002). Contact order and ab initio protein structure prediction. Protein Science. পৃ. 1937–1944
- ↑ Hand, E. (2010). Citizen science: People power. Nature. পৃ. 685–687
- ↑ Cooper, S.; Khatib, F.; Treuille, A. (2010). Predicting protein structures with a multiplayer online game. Nature. পৃ. 756–760
- ↑ Marshall, Jessica. (January 22, 2012). Victory for crowdsourced biomolecule design. Nature Publishing Group
- ↑ Dimaio, F.; Terwilliger, T. C.; Read, R. J. (2011). Improved molecular replacement by density- and energy-guided protein structure optimization. Nature. পৃ. 540–3
- ↑ Qian, B.; Raman, S.; Das, R. (2007). High-resolution structure prediction and the crystallographic phase problem. Nature. পৃ. 259–64
- ↑ Zimmer, Carl. (December 26, 2017). Scientists Are Designing Artisanal Proteins for Your Body. The New York Times
- ↑ Kuhlman, Brian; Dantas, Gautam; Ireton, Gregory C. (November 21, 2003). Design of a Novel Globular Protein Fold with Atomic-Level Accuracy. Science. পৃ. 1364–1368
- ↑ (2018-04-04). Open Philanthropy awards $11.3 million to the Institute for Protein Design. Institute for Protein Design
- ↑ (November 2017). University of Washington — Universal Flu Vaccine and Computational Protein Design (David Baker and Neil King). Open Philanthropy
- ↑ University of Washington — Protein Design Research (David Baker). Open Philanthropy
- ↑ Hamilton, David. (2001). Structural GenomiX to Acquire Research Firm Prospect Genomics
- ↑ Soper, Taylor. (December 12, 2023). AstraZeneca will pay up to $1.1B to acquire Icosavax, a Univ. of Washington biotech spinout. GeekWire
- ↑ 2002 Overton Prize Winner – David Baker. iscb.org. International Society for Computational Biology
- ↑ Winners of the 2004 Feynman Prizes in Nanotechnology. foresight.org
- ↑ Newcomb Cleveland Prize Recipients. aaas.org
- ↑ Leila Gray. (November 24, 2008). University of Washington biochemist David Baker to receive 2008 Sackler International Prize in Biophysics for discoveries in protein folding. University of Washington
- ↑ The Wiley Prize in Biomedical Sciences. wiley.com
- ↑ BBVA Foundation Frontiers of Knowledge Award 2022
- ↑ Breakthrough Prize – Winners Of The 2021 Breakthrough Prizes In Life Sciences, Fundamental Physics And Mathematics Announced. breakthroughprize.org
- ↑ (June 17, 2019). 5 challenges we could solve by designing new proteins
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেভিদ বেকাৰ” প্ৰবন্ধৰ সংশোধন ৬২৪৮৩৭ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।