আমেৰিকান লেখক
৪৪ প্ৰবন্ধ
-
আৰ্নেষ্ট হেমিংৱে
আৰ্নেষ্ট হেমিংৱে (Ernest Hemingway) এগৰাকী আমেৰিকান সাংবাদিক, ঔপন্যাসিক, চুটি গল্প লেখক আৰু খেলুৱৈ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইলিনই প্ৰদেশৰ অ’ক পাৰ্কত ১৮৯৯ চনৰ জুলাই মাহৰ ২১ তাৰিখে হেমিংৱেৰ জন্ম হয়। তেওঁৰ দেউতাক পেছাত এজন চিকিৎসক আছিল।
-
এজৰা পাউণ্ড
এজৰা পাউণ্ড (Ezra Pound) হৈছে এগৰাকী আমেৰিকান কবি আৰু সমালোচক।
-
ছিডনী শ্বেলডন
ছিডনী শ্বেলডন (Sidney Sheldon; ১৯১৭ - ২০০৭) এগৰাকী একাডেমী বঁটা বিজয়ী আমেৰিকান সাহিত্যিক আছিল। বিশ বছৰজুৰি টিভিৰ লগত জড়িত হৈ থকা কালত তেওঁ দ্য পাৰ্টী ডিউক শ্বো (১৯৬৩-৬৬), আই ড্ৰীম অৱ জিনি (১৯৬৫-৭০), হাৰ্ট টু হাৰ্ট (১৯৭৯-৮৪) আদি অনুষ্ঠান সৃষ্টি কৰে যদিও ৫০ বছৰীয়া হৈ মাষ্টাৰ অৱ দ্য গেম (১৯৮২), দ্য…
-
ঝুম্পা লাহিড়ী
নিলাঞ্জনা সুদেষ্ণা "ঝুম্পা" লাহিড়ী (জন্ম ১১ জুলাই, ১৯৬৭) এগৰাকী প্ৰখ্যাত আমেৰিকান সাহিত্যিক। চুটিগল্প, উপন্যাস আৰু প্ৰবন্ধ লেখাসমূহৰ বাবে সুপৰিচিত লাহিড়ীয়ে শেহতীয়াকৈ ইটালীয় ভাষাতো সাহিত্যচৰ্চা কৰিবলৈ লৈছে।
-
ৱিলিয়াম এছ. বাৰ’জ
ৱিলিয়াম এছ. বাৰ’জ (William Burroughs; ৫ ফেব্ৰুৱাৰী – ২ আগষ্ট ১৯৯৭) আমেৰিকাৰ বিট আন্দোলনৰ চুটিগল্পকাৰ আৰু ঔপন্যাসিক। তেওঁৰ জন্ম ১৯১৪ চনৰ ৫ ফেব্ৰুৱাৰীত আৰু মৃত্যু ১৯৯৭ চনৰ ২ আগষ্টত।
-
ষ্টিফেনি মেয়াৰ
ষ্টিফেনি মেয়াৰ (Stephenie Meyer; née Morgan;; জন্ম: ২৪ ডিচেম্বৰ, ১৯৭৩) এগৰাকী আমেৰিকান ঔপন্যাসিক তথা প্ৰযোজক। তেওঁ ঘাইকৈ ভেম্পায়াৰ ৰোমাঞ্চ শৃংখলা টোৱাইলাইটৰ বাবে জনাজাত।
-
ৰিচাৰ্ড উইলিয়াম টিম
ড॰ ৰিচাৰ্ড উইলিয়াম টিম (Richard William Timm; ২ মাৰ্চ ১৯২৩ – ১১ ছেপ্টেম্বৰ ২০২০) এগৰাকী আমেৰিকান জীৱবিজ্ঞানী, খ্ৰীষ্টান যাজক, শিক্ষাবিদ, গৱেষক আৰু সমাজকৰ্মী আছিল। তেওঁ নটৰ ডেম কলেজৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তদুপৰি ১৯৭০ চনৰ পৰা ১৯৭১ চনলৈ কলেজৰ অধ্যক্ষৰ আসন শুৱনি কৰিছিল।
-
কাৰ্ল চাগান
কাৰ্ল এডৱাৰ্ড চাগান (Carl Sagan; ৯ নৱেম্বৰ, ১৯৩৪ – ২০ ডিচেম্বৰ, ১৯৯৬) এজন প্ৰখ্যাত আমেৰিকান জ্যোতিৰ্বিজ্ঞানী, ব্ৰহ্মাণ্ডতত্ত্ববিদ, জ্যোতিৰ্পদাৰ্থবিদ আৰু সাহিত্যিক। তদুপৰি তেওঁ এগৰাকী বিজ্ঞান প্ৰচাৰক আৰু জ্যোতিৰ্বিজ্ঞানকে ধৰি প্ৰাকৃতিক বিজ্ঞানসমূহৰ সমন্বয়সাধক আছিল।
-
ছিলভিয়া প্লাথ
ছিলভিয়া প্লাথ (Sylvia Plath;; জন্ম: ২৭ অক্টোবৰ, ১৯৩২; মৃত্যু: ১১ ফেব্ৰুৱাৰী, ১৯৬৩) এগৰাকী আমেৰিকান কবি, ঔপন্যাসিক আৰু চুটি গল্প লেখক। কবিতাৰ মাধ্যমেৰে কনফেচনেল পয়েট্ৰিৰ ধাৰাটো আগবঢ়াই নিয়াৰ বাবে প্লাথক বিশেষ শ্ৰেয় প্ৰদান কৰা হয়।
-
টনি মৰিছন
টনি মৰিছন (Toni Morrison; জন্ম নাম: ক্লই আৰ্ডেলিয়া ৱ'ফোৰ্ড; ১৮ ফেব্ৰুৱাৰী ১৯৩১ – ৫ আগষ্ট ২০১৯) এগৰাকী আমেৰিকান ঔপন্যাসিক, সাহিত্যিক, সম্পাদক, শিক্ষক আৰু অধ্যাপক। তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক আছিল। ১৯৭০ চনত তেওঁৰ প্ৰথম উপন্যাস "দা ব্লুৱেষ্ট আই" প্ৰকাশিত হৈছিল।
-
মায়া এঞ্জেলো
মায়া এঞ্জেলো (Maya Angelou;; জন্মনাম: মাৰ্গেৰিটা এনি জনছন; জন্ম: ৪ এপ্ৰিল, ১৯২৮- মৃত্যু: ২৮ মে’, ২০১৪) এগৰাকী আমেৰিকান কবি, আত্মজীৱনীকাৰ আৰু নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী।
-
জাৰেড ডায়মণ্ড
জাৰেড মেছন ডায়মণ্ড (Jared Mason Diamond; জন্ম ১০ ছেপ্টেম্বৰ, ১৯৩৭) হৈছে এগৰাকী আমেৰিকান ভূগোলবিদ, ইতিহাসবিদ, নৃতত্ত্ববিদ, পক্ষীবিদ। দ্যা থাৰ্ড ছিম্পাঞ্জী (১৯৯১); পুলিৎজাৰ বঁটাৰে সন্মানীত গানছ্, জাৰ্মছ্ এণ্ড ষ্টিল (১৯৯৭); কলাপ্স (২০০৫), দ্য ৱৰ্ল্ড আনটিল য়েছটাৰডে (২০১২), আৰু আপহিভেল (২০১৯) হৈছে…
-
টিমথী ডেক্সটাৰ
টিমথী ডেস্কটাৰ (Timothy Dexter; ২২ জানুৱাৰী ১৭৪৭ – ২৩ অক্টোবৰ ১৮০৬) এগৰাকী আমেৰিকান ব্যৱসায়ী আছিল, যাক তেওঁৰ লেখনী, খামখেয়ালী তথা মুৰ্খতাৰ বাবে জনা যায়।
-
ডেল কাৰ্নেগী
ডেল কাৰ্নেগী (Dale Carnegie, ২৪ নৱেম্বৰ, ১৮৮৮ – ১ নৱেম্বৰ, ১৯৫৫) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী লেখক আৰু প্ৰবক্তা আছিল। তেওঁ আত্ম-উন্নয়ন, বিক্ৰয়গুণ, কৰ্পোৰেট প্ৰশিক্ষণ, ৰাজহুৱা কথন আৰু আন্তঃ-ব্যক্তিগত দক্ষতা আদি বিষয়ক পাঠ্যক্ৰমসমূহৰ বিকাশ ঘটাইছিল।
-
ভাৰতী মুখাৰ্জী
ভাৰতী মুখাৰ্জী (Bharati Mukherjee; জুলাই ২৭, ১৯৪০ - জানুৱাৰী ২৮, ২০১৭) হ'ল এগৰাকী ভাৰতীয় আমেৰিকান লেখক আৰু বাৰ্কলেৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক। তেওঁ কেইবাখনো উপন্যাস, চুটি গল্প সংকলন আৰু তথ্যভিত্তিক সাহিত্য লিখিছে।
-
মাৰ্ক টোৱেইন
ছেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ(৩০ নৱেম্বৰ,১৮৩৫- ২১ এপ্ৰিল ১৯১০) বা ছদ্মনামেৰে জনাজাত মাৰ্ক টোৱেইন আছিল এজন আমেৰিকান সাহিত্যিক আৰু হাস্যৰসিক। তেখতে দা এড্ভেন্সাৰ্ছ অৱ টম ছয়াৰ (১৮৭৬) আৰু এড্ভেন্সাৰ্ছ অৱ হাকল্বেৰী ফিন (১৮৮৫) উপন্যাস দুখনৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল।
-
এছ. মিত্ৰা কলিতা
এছ. মিত্ৰা কলিতা এগৰাকী সাংবাদিক, সংবাদমাধ্যম ব্যৱস্থাপক আৰু দুখন কিতাপৰ লেখিকা। তেওঁৰ প্ৰথমখন কিতাপ Suburban Sahibs নিউ জাৰ্চিত অভিবাসীসকলে কেনেদৰে আমেৰিকাৰ ৰূপান্তৰ ঘটালে সেই বিষয়ে আৰু দ্বিতীয়খন My Two Indias হৈছে গ্লোবেলাইজেচন সম্পৰ্কীয় এটা অৰ্থনৈতিক আত্মজীৱনী।
-
চল বেলো
চল বেলো (SAUL BELLOW) হৈছে আমেৰিকাৰ এগৰাকী শ্ৰেষ্ঠ ঔপন্যাসিক।
-
চিত্ৰা বেনাৰ্জী দিৱাকাৰুণী
চিত্ৰা বেনাৰ্জী দিৱাকাৰুণী (Chitra Banerjee Divakaruni, জন্মতে: চিত্ৰলেখা বেনাৰ্জী, ২৯ জুলাই, ১৯৫৬)) হৈছে এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান লেখিকা আৰু কবি। ইয়াৰ লগতে তেখেত হৈছে হিউষ্টন বিশ্ববিদ্যালয়ৰ সৃষ্টিশীল লিখন কাৰ্যসূচীৰ 'বেটি আৰু জিন মেকডেভিদ প্ৰফেছাৰ অৱ ৰাইটিং'।
-
ছুজেন কেইন
ছুজেন হ'ৰ'ৱিটজ্ কেইন (Susan Horowitz Cain) (জন্ম ১৯৬৮) হৈছে এগৰাকী আমেৰিকান লেখিকা, প্ৰবক্তা আৰু "কোৱাইট্" (Quiet: The Power of Introverts in a World That Can't Stop Talking) নামৰ অ-কাহিনীমূলক গ্ৰন্থখনৰ লেখিকা।
-
টেয়া অ’ব্ৰেট
টেয়া অ’ব্ৰেট (ইংৰাজী: Téa Obreht; জন্মগত নাম: টেয়া বাজৰাক্টায়েভিচ; ৩০ ছেপ্টেম্বৰ ১৯৮৫) এগৰাকী আমেৰিকান ঔপন্যাসিকা। তেওঁ তেওঁৰ প্ৰথম উপন্যাস দ্য টাইগাৰ্ছ ৱাইফৰ বাবে ২০১১ চনত অৰেঞ্জ প্ৰাইজ ফৰ ফিকচন লাভ কৰিছিল।
-
ডেন ব্ৰাউন
ডেনিয়েল গেৰাৰ্ড "ডেন" ব্ৰাউন (Dan Brown, জন্ম:২২ জুন,১৯৬৪ চন) এজন আমেৰিকান ৰহস্য ঔপন্যাসিক। ২০০৩ চনত প্ৰকাশ পোৱা উপন্যাস দ্য ডা ভিঞ্চি কোড ৰ বাবে তেওঁ বিখ্যাত।
-
পাৰ্ল এচ বাক
পাৰ্ল এচ বাক ( Pearl S Buck) এগৰাকী আমেৰিকান লেখিকা আৰু ঔপন্যাসিক আছিল। পাৰ্ল বাক এজন মিছনাৰীৰ জীয়ৰী আছিল আৰু তেওঁৰ জীৱনৰ বেছিভাগ সময় প্ৰায় চল্লিছ বছৰৰো অধিক কাল চীনত অতিবাহিত কৰিছিল। দেউতাকৰ মৃত্যুৰ পাছত তেওঁ চীনৰ ঝেনজিয়াঙত অতিবাহিত কৰিছিল।
-
লুইচ গ্লিক
লুইচ এলিজাবেথ গ্লিক (Louise Elisabeth Glück;; জন্ম: ২২ এপ্ৰিল, ১৯৪৩) এগৰাকী আমেৰিকান কবি আৰু লেখক। ২০২০ চনত তেওঁক "তেওঁৰ নিৰ্ভুল কাব্যিক কণ্ঠস্বৰ যি সাধাৰণ সৌন্দৰ্যৰে ব্যক্তিগত অস্তিত্বক সাৰ্বজনীন ৰূপ দিয়ে" বাবে সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হয়।
-
ৰবিন কুক
ৰবাৰ্ট ব্ৰায়ান "ৰবিন" কুক (জন্ম ৪ মে', ১৯৪০) এজন আমেৰিকান চিকিৎসক আৰু লেখক। চিকিৎসা সম্পৰ্কীয় থ্ৰিলাৰ উপন্যাসৰ বাবে তেখেত প্ৰখ্যাত। তেখেতৰ কেইবাখনো কিতাপে নিউ য়ৰ্ক টাইম্ছ বে'ষ্টচেলাৰ তালিকাত স্থান পাইছে। ৰিডাৰ্ছ ডাইজেষ্টতো তেখেতৰ কেইবাখনো কিতাপে স্থান পাইছে।
-
আমাণ্ডা গেফটাৰ
আমাণ্ডা গেফটাৰ (জন্ম ১৬ আগষ্ট ১৯৮০) এগৰাকী আমেৰিকান বিজ্ঞান লেখিকা, ২০১৪ চনত লিখা ট্ৰেছপাছিং অন আইনষ্টাইনছ লন নামৰ কিতাপখনৰ বাবে উল্লেখযোগ্য। এই কিতাপখনে ফিজিক্স ৱৰ্ল্ডৰ ২০১৫ চনৰ বছৰৰ শ্ৰেষ্ঠ কিতাপৰ বঁটা লাভ কৰে।
-
উৰ্বশী বৈদ
উৰ্বশী বৈদ ( ইংৰাজী: Urvashi Vaid; ৮ অক্টোবৰ, ১৯৫৮ – ১৪ মে', ২০২২) এগৰাকী ভাৰতীয়-আমেৰিকান উকীল আৰু লেখিকা। তেওঁ লিংগ আৰু যৌনতা আইন বিশেষজ্ঞ হিচাপে সামাজিক ন্যায়ৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পৰামৰ্শদাতা আছিল।
-
এন এপলবাম
এন এলিজাবেথ এপলবাম (Anne Elizabeth Applebaum),জন্ম: ২৫ জুলাই, ১৯৬৪) এগৰাকী আমেৰিকীয় সাংবাদিক আৰু ইতিহাসবিদ। সাম্যবাদৰ ইতিহাস, মধ্য আৰু পূব ইউৰোপৰ নাগৰিক সমাজৰ বিকাশৰ বিষয়ে তেওঁ লিখা-মেলা কৰিছে। তেওঁৰ পোলেণ্ডৰ নাগৰিকত্বও আছে।
-
এমিলী গিলম’ৰ অল্ডেন
এমিলী গিলম’ৰ অল্ডেন (ইংৰাজী: Emily Gillmore Alden; ছদ্মনাম: ই. জি. এ.; ২১ জানুৱাৰী, ১৮৩৪ – ৬ জুন, ১৯১৪) এগৰাকী আমেৰিকান লেখিকা আৰু শিক্ষাবিদ আছিল। চল্লিছ বছৰ ধৰি অল্ডেন মণ্টিচেলো চেমিনাৰীৰ অনুষদৰ সদস্য আছিল আৰু প্ৰায় পঞ্চাশ বছৰ ধৰি তেওঁ বিদ্যালয়খনৰ কবি আছিল।
-
এলিছ কলাৰ
এলিছ কলাৰ (১৩ ছেপ্টেম্বৰ, ১৯২৫ – ২১ জুলাই, ২০২০) আছিল এগৰাকী আমেৰিকান লেখিকা আৰু শিক্ষাবিদ।