অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাৰ্ক টোৱেইন

ছেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ(৩০ নৱেম্বৰ,১৮৩৫- ২১ এপ্ৰিল ১৯১০) বা ছদ্মনামেৰে জনাজাত মাৰ্ক টোৱেইন আছিল এজন আমেৰিকান সাহিত্যিক আৰু হাস্যৰসিক। তেখতে দা এড্‌ভেন্সাৰ্ছ অৱ টম ছয়াৰ (১৮৭৬) আৰু এড্‌ভেন্সাৰ্ছ অৱ হাকল্‌বেৰী ফিন (১৮৮৫) উপন্যাস দুখনৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল।

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২৬ ১,২৭৭ শব্দ · ৭ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ
ছেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ ডাকটিকট, ১৯৪০
ছেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ ডাকটিকট, ১৯৪০ছবি: U.S. Post Office · Public domain

ছেমুৱেল লেংহৰ্ণ ক্লিমেঞ্চ(৩০ নৱেম্বৰ,১৮৩৫- ২১ এপ্ৰিল ১৯১০)১ বা ছদ্মনামেৰে জনাজাত মাৰ্ক টোৱেইন আছিল এজন আমেৰিকান সাহিত্যিক আৰু হাস্যৰসিক। তেখতে দা এড্‌ভেন্সাৰ্ছ অৱ টম ছয়াৰ (১৮৭৬) আৰু এড্‌ভেন্সাৰ্ছ অৱ হাকল্‌বেৰী ফিন (১৮৮৫) উপন্যাস দুখনৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল।২ ইয়াৰে পিছৰখনক "মহান আমেৰিকান উপন্যাস" বুলি অভিহিত কৰা হয়। মাৰ্ক টোৱেইনে শৈশৱ কালছোৱা মিচৌৰী নদীৰ এখন সৰু বন্দৰ নগৰ হানিবালত পাৰ কৰে। এই সময়ৰ অভিজ্ঞতাই তেখেতক পিছলৈ লিখনিৰ অনুপ্ৰেৰণা দিয়ে।৩

হেলীৰ ধুমকেতুৱে দেখা দিয়াৰ সময়ত মাৰ্ক টোৱেইনৰ জন্ম হৈছিল। তেখেতে ভৱিষ্যতবাণী কৰিছিল যে তেখেতৰ মৃত্যুও তাৰ লগতে হ'ব। সঁচাকৈ হেলীৰ ধুমকেতুৱে পিছৰবাৰ দেখা দিয়াৰ এদিন পিছতে টোৱেইনৰ মৃত্যু ঘটে। টোৱেইনক সেই সময়ৰ "মহানতম আমেৰিকান হাস্যৰসিক" বুলি অভিহিত কৰা হৈছিল৪ আৰু ৱিলিয়াম ফক্‌নাৰে তেখেতক "আমেৰিকান সাহিত্যৰ জনক" বুলি সন্মান প্ৰদান কৰিছিল।৫

শৈশৱ আৰু যৌৱনকাল

মাৰ্ক টোৱেইনৰ পিতৃৰ নামজন মাৰ্চাল ক্লিমেঞ্চ আৰু মাতৃ জে’ন লেম্পটন ক্লিমেঞ্চ।৬৭ ফ্ল’ৰিডাত তেখেতেৰ জন্ম হৈছিল। টোৱেইনৰ চাৰি বছৰ বয়সত পৰিয়ালটো মিচিচিপি নদীৰ ওচৰৰ হানিবাল নামৰ এখন সৰু বন্দৰ নগৰলৈ আহি বাস কৰিবলৈ লয়।৮

এঘাৰ বছৰ বয়সতে তেখেতৰ পিতৃৰ মৃত্যু হয়।৯ তেতিয়া তেখেতে হানিবালত এটা ছপাশালৰ কামত যোগদান কৰে। ১৮৫১ চনৰ পিছত তেখেতে নিউয়ৰ্ক মহানগৰ, ফিলাডেলফিয়া আদি নগৰত ছপাশালত কাম কৰে। ১৮৫৯ চনত তেখেতে ভাপ জাহাজৰ নাবিক হ’বলৈ অনুজ্ঞাপত্ৰ লাভ কৰে।১০ পাছলৈ তেখেতে সোণৰ খনিত কাম কৰাৰ উপৰিও কিছুকাল সাংবাদিকতাও কৰে।১১ ১৮৭০ চনত মাৰ্ক টোৱেইন অ’লিভিয়া লেংডনৰ লগত বিবাহপাশত আবদ্ধ হয়। বাফেল'ত থকা সময়ত তেওঁলোকৰ পুত্ৰ লেংদনৰ ডিফথেৰিয়া ৰোগত মৃত্যু হয়। তেওঁলোকৰ চুজি, ক্লাৰা আৰু জিন নামৰ তিনিটি কন্যা সন্তানো আছিল।১২

লেখক জীৱন

মাৰ্ক টোৱেইনে লেখকজীৱনৰ আৰম্ভণিতে খুহুতীয়া গদ্য লিখিছিল যদিও পিছলৈ তেখেত মানৱতাৰ বিচিত্ৰতাৰ এজন শক্তিশালী লেখক, সমালোচক হৈ পৰে। নাবিক জীৱনৰ অভিজ্ঞতাৰ পৰা তেখেতে ‘মাৰ্ক টোৱেইন’(পানীৰ গভীৰতা বুজাবলৈ ব্যৱহৃত শব্দ) ছদ্মনাম গ্ৰহণ কৰে। ১৮৬৫ চনত নিউইয়ৰ্ক ছেটাৰডে প্ৰেছত তেখেতৰ প্ৰথম লেখা ‘The Celebrated Jumping Frog of Calaveras County’ প্ৰকাশ পায়। তাৰ পিছত তেখেতৰ হাস্যমধুৰ ভ্ৰমণ কাহিনী ‘The Innocents Abroad or The New Pilgrims' Progress’ আৰু ‘Roughing It’ প্ৰকাশ পায়। ইয়াৰ পিছৰ গ্ৰন্থ ‘ The Gilded Age: A Tale of Today’ আছিল তেখেতৰ উপন্যাস ৰচনাৰ প্ৰথম প্ৰয়াস। তাৰ পিছত শৈশৱৰ স্মৃতিৰে সংপৃক্ত গ্ৰন্থ ‘Old Times on the Mississippi’ আৰু ‘Life on the Mississippi’ প্ৰকাশ হয়। ইয়াৰ লগে লগে লেখক আৰু বক্তা হিছাপে মাৰ্ক টোৱেইনৰ জনপ্ৰিয়তা বাঢ়ি আহে। ১৮৭৬ চনত তেখেতৰ এখন জনপ্ৰিয় উপন্যাস ‘The Adventures of Tom Sawyer’ প্ৰকাশ পায়। ১৮৮৪ চনত তেখেতৰ শ্ৰেষ্ঠ উপন্যাস হিছাপে সমাদৃত ‘ Adventures of Huckleberry Finn’ প্ৰকাশ পায় যাক আমেৰিকাৰ প্ৰথম মহৎ উপন্যাস বুলিও কোৱা হয়। তেখেতৰ আন আন জনপ্ৰিয় কিতাপ আছিল- ‘The Prince and the Pauper’, ‘A Connecticut Yankee in King Arthur's Court’, ‘Pudd'nhead Wilson’, ‘Personal Recollections of Joan of Arc’ আদি। মাৰ্ক টোৱেইনৰ আত্মজীৱনীৰ প্ৰথম খণ্ড তেখেতৰ ইচ্ছা অনুসৰি তেখেতৰ মৃত্যুৰ এশ বছৰ পিছত ১৯১০ চনৰ নৱেম্বৰত প্ৰকাশ পায়।

শেষ জীৱন আৰু মৃত্যু

১৮৯৬ চনত জীয়ৰী চুজিৰ মৃত্যুৰ পিছত মাৰ্ক টোৱেইন বিষাদগ্ৰস্ত হৈ পৰে। তাৰ পিছত ১৯০৪ চনত পত্নী অ’লিভিয়া আৰু ১৯০৯ চনত আনজনী জীয়ৰী জিনৰ লগতে নিকট বন্ধু হেনৰী ৰজাৰ্ছৰো মৃত্যুৱে তেখেতৰ বিষণ্ণতা গভীৰ কৰি তোলে।১৩ ১৯০৬ চনত তেখেতে আত্মজীৱনী লিখা আৰম্ভ কৰে। ১৯০৭ চনত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে তেখেতক সন্মানজনক ডক্টৰেট উপাধি প্ৰদান কৰে। ১৯০৯ চনত হৃদৰোগত এইগৰাকী লেখকৰ মৃত্যু ঘটে।

অতিৰিক্ত পঠন

  • Lucius Beebe. Comstock Commotion: The Story of the Territorial Enterprise and Virginia City News. Stanford University Press, 1954 ISBN 112218798X
  • Louis J. Budd, ed. Mark Twain, Collected Tales, Sketches, Speeches & Essays 1891–1910 (Library of America, 1992) (ISBN 978-0-94045073-8)
  • Ken Burns, Dayton Duncan, and Geoffrey C. Ward, Mark Twain: An Illustrated Biography. New York: Alfred A. Knopf, 2001 (ISBN 0-3754-0561-5)
  • Gregg Camfield . The Oxford Companion to Mark Twain. New York: Oxford University Press, 2002 (ISBN 0-1951-0710-1)
  • Guy Cardwell, ed. Mark Twain, Mississippi Writings (Library of America, 1982) (ISBN 978-0-94045007-3)
  • Guy Cardwell, ed. Mark Twain, The Innocents Abroad & Roughing It (Library of America, 1984) ISBN 978-0-94045025-7
  • James M. Cox. Mark Twain: The Fate of Humor. Princeton University Press, 1966 (ISBN 0-8262-1428-2)
  • Everett Emerson. Mark Twain: A Literary Life. Philadelphia: University of Pennsylvania Press, 2000 (ISBN 0-8122-3516-9)
  • Shelley Fisher Fishkin, ed. A Historical Guide to Mark Twain. New York: Oxford University Press, 2002 (ISBN 0-1951-3293-9)
  • Susan K. Harris, ed. Mark Twain, Historical Romances (Library of America, 1994) (ISBN 978-0-94045082-0)
  • Hamlin L. Hill, ed. Mark Twain, The Gilded Age and Later Novels (Library of America, 2002) ISBN 978-1-93108210-5
  • Jason Gary Horn. Mark Twain: A Descriptive Guide to Biographical Sources. Lanham, Md.: Scarecrow Press, 1999 (ISBN 0-8108-3630-0)
  • William Dean Howells. My Mark Twain. Mineloa, New York: Dover Publications, 1997 (ISBN 0-486-29640-7)
  • Fred Kaplan. The Singular Mark Twain: A Biography. New York: Doubleday, 2003 (ISBN 0-3854-7715-5)
  • Justin Kaplan. Mr. Clemens and Mark Twain: A Biography. New York: Simon and Schuster, 1966 (ISBN 0-6717-4807-6)
  • J. R. LeMaster and James D. Wilson, eds. The Mark Twain Encyclopedia. New York: Garland, 1993 (ISBN 0-8240-7212-X)
  • Jerome Loving, Mark Twain: The Adventures of Samuel L. Clemens (University of California Press; 2010) 491 pages, ISBN 9780520252578; Draws on newly discovered archival materials in a detailed biography
  • Bruce Michelson. Mark Twain on the Loose. Amherst: University of Massachusetts Press, 1995 (ISBN 0-8702-3967-8)
  • K. Patrick Ober . Mark Twain and Medicine: "Any Mummery Will Cure." Columbia: University of Missouri Press, 2003 (ISBN 0-8262-1502-5)
  • Albert Bigelow Paine. Mark Twain, A Biography: The Personal and Literary Life of Samuel Langhorne Clemens. Harper & Bros., 1912. ISBN 1847029833
  • Ron Powers. Dangerous Water: A Biography of the Boy Who Became Mark Twain. New York: Da Capo Press, 1999. ISBN 0306810867
  • Ron Powers. Mark Twain: A Life. New York: Random House, 2005. (0-7432-4899-6)
  • R. Kent Rasmussen. Critical Companion to Mark Twain: A Literary Reference to His Life and Work. Facts On File, 2007. Revised edition of Mark Twain A to Z ISBN 0816062250
  • R. Kent Rasmussen, ed. The Quotable Mark Twain: His Essential Aphorisms, Witticisms and Concise Opinions. Contemporary Books, 1997 ISBN 0809229870
  • Anonymous. (1873). Cartoon portraits and biographical sketches of men of the day. Tinsley Brothers. পৃ. 122

বহিঃ সংযোগ

মাৰ্ক টোৱেইনৰ কৰ্মৰাজী

Academic studies

জীৱন

তথ্যসূত্ৰ

  1. ↑ The Mark Twain House Biography
  2. ↑ (30 November 2011). Mark Twain remembered by Google with a doodle. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ Lindborg, Henry J. Adventures of Huckleberry Finn
  4. ↑ Obituary (New York Times)
  5. ↑ Jelliffe, Robert A. (1956). Faulkner at Nagano. Kenkyusha, Ltd
  6. ↑ "Inventing Mark Twain". 1997. New York Times
  7. ↑ Kaplan, Fred. (2007). The Singular Mark Twain. Doubleday. ISBN 0-385-47715-5. Cited in Excerpt: The Singular Mark Twain. About.com: Literature: Classic
  8. ↑ Mark Twain, American Author and Humorist
  9. ↑ John Marshall Clemens. State Historical Society of Missouri
  10. ↑ Life on the Mississippi, chapter 15
  11. ↑ Comstock Commotion: The Story of the Territorial Enterprise and Virginia City News, Chapter 2
  12. ↑ (November 21, 1962, Wednesday). Mrs. Jacques Samossoud Dies; Mark Twain's Last Living Child; Released 'Letters From Earth'. New York Times
  13. ↑ The Mark Twain House

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিআমেৰিকান লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্ক টোৱেইন” প্ৰবন্ধৰ সংশোধন ৬৩৬৩৮৮ (২০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।