এঞ্জেলা ঘায়ুৰ (Angela Ghayour) এগৰাকী আফগান শিক্ষাবিদ আৰু মহিলাৰ অধিকাৰৰ সমৰ্থক। ইৰাণত শিশু শৰণাৰ্থী হিচাপে আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছত তেওঁ আন শৰণাৰ্থী শিশুসকলক সাক্ষৰতা আৰু সংখ্যা বিজ্ঞান শিকোৱা আৰম্ভ কৰে। তেওঁ আফগানিস্তান এডুকেচন একচন প্ৰতিষ্ঠা কৰিছিল।
চমু জীৱন
ঘায়ৌৰৰ জন্ম হৈছিল হেৰাট, আফগানিস্তানত৷ তেওঁ ইৰাণত শৰণাৰ্থী হিচাপে প্ৰথম বছৰবোৰত আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। ২০০২ চনত আফগানিস্তানলৈ উভতি অহাৰ পিছত তেওঁ হেৰাট বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে, আৰু পাৰ্চী সাহিত্যত ডিগ্ৰী লাভ কৰে। আফগান শ্ৰেণীকোঠাত তেওঁৰ অভিজ্ঞতা আৰু শিক্ষাৰ ওপৰত তালিবানৰ শাসনৰ প্ৰভাৱে তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছিল।১
২০২১ চনত তালিবান ক্ষমতালৈ ঘূৰি অহাৰ মাজতে তেওঁ হেৰাট অনলাইন স্কুল প্ৰতিষ্ঠা কৰে আৰু পিছলৈ আফগানিস্তান এডুকেচন একচন (AEA) নামৰ ব্ৰিটেইন ভিত্তিক দাতব্য সংস্থা প্ৰতিষ্ঠা কৰে।২৩ এই সংস্থাই শৈক্ষিক সম্পদ আৰু গুণগত শিক্ষাৰ সুবিধা প্ৰদান কৰে, চলি থকা প্ৰত্যাহ্বানৰ মাজতো আফগান ছোৱালী আৰু মহিলাসকলক সবলীকৰণ কৰে।৪২০২১ চনত বিবিচিয়ে তেওঁক তেওঁলোকৰ ১০০ মহিলাৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি দিয়ে।৫
তথ্যসূত্ৰ
- ↑ (2022-03-07). An online school brings Afghan girls hope — Assembly · Malala Fund. Assembly
- ↑ (2021-11-04). The Woman Defying The Taliban On Girls' Education. The Organization for World Peace
- ↑ Ghayour, Angela. (2021-12-02). 'When the Taliban returned, I set up a free online school to help thousands of girls in Afghanistan'. The Telegraph
- ↑ (2021-11-03). The teacher defying the Taliban on girls' education
- ↑ (2021-12-07). BBC 100 Women 2021: Who is on the list this year?
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এঞ্জেলা ঘায়ৌৰ” প্ৰবন্ধৰ সংশোধন ৪৮৩৩৮০ (২৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।