মাৰিয়া বাশ্বিৰ (Maria Bashir) তেখেত আফগানিস্তানত বাস কৰা এগৰাকী প্ৰচিকিউটৰ আৰু দেশখনত এনে পদত অধিষ্ঠিত হোৱা একমাত্ৰ মহিলা৷ ১ আফগান অসামৰিক সেৱাৰ সৈতে পোন্ধৰ বছৰতকৈ অধিক অভিজ্ঞতাৰে সমৃদ্ধ হৈ তেওঁ তালিবান, দুৰ্নীতিগ্ৰস্ত আৰক্ষী, মৃত্যুৰ ভাবুকি, ব্যৰ্থ হত্যাৰ চেষ্টা - এই সকলোবোৰ দেখিছে। তালিবানৰ সময়ত তেওঁক কাম কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল, যেতিয়া তেওঁ নিজৰ বাসগৃহত অবৈধভাৱে কিশোৰীক স্কুলীয়া শিক্ষাৰ প্ৰদান কৰিছিল৷ আৰু যেতিয়া মহিলাসকলক ৰাজপথত পুৰুষৰ দ্বাৰা অনাহকত দেখা পোৱাটো অবৈধ আছিল। তালিবানৰ পৰৱৰ্তী যুগত তেওঁক পুনৰ সেৱালৈ আমন্ত্ৰণ জনোৱা হয় আৰু ২০০৬ চনত হেৰাট প্ৰদেশৰ মুখ্য প্ৰচিকিউটৰ জেনেৰেল হিচাপে তেওঁক নিযুক্তি দিয়া হয়।১দুৰ্নীতি আৰু মহিলাৰ ওপৰত অত্যাচাৰ নিৰ্মূল কৰাত তেওঁ সৰ্বাধিক গুৰুত্ব দিছিল৷ ২০১০ চনত তেওঁ অকলেই প্ৰায় ৮৭টা গোচৰ চম্ভালিছিল।২
তেওঁৰ কামক স্বীকৃতি দি আমেৰিকাৰ বিদেশ বিভাগে তেওঁক দ্য ইণ্টাৰনেশ্যনেল উইমেন অৱ ক'ৰেজ বঁটা প্ৰদান কৰে যিটো বছৰি বিশ্বৰ এনে মহিলাসকলক প্ৰদান কৰা হয় যিসকলে নেতৃত্ব, সাহস, সম্বল আৰু আনৰ বাবে ত্যাগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে, বিশেষকৈ মহিলাৰ অধিকাৰৰ প্ৰসাৰৰ বাবে, প্ৰায়ে নিজৰ জীৱনৰ প্ৰতি বিপদত পৰা।৩ বছিৰে ২০১১ চনৰ টাইম ১০০ তও স্থান লাভ কৰিছিল, যিটো টাইমে ৰচনা কৰা বিশ্বৰ ১০০ জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ বাৰ্ষিক তালিকা।২
তথ্যসূত্ৰ
- ↑ Corbin, Jane. (Aug 16, 2009). What are we fighting for. BBC
- ↑ Baker, Aryn. (Apr 21, 2011). The 2011 Time 100: Maria Bashir, Law enforcer. Time
- ↑ Office of the Spokesperson. (Mar 4, 2011). International Women of Courage Award recipients - 2011. United States Department of State
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰিয়া বাশ্বিৰ” প্ৰবন্ধৰ সংশোধন ৪৮৭০৮১ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।