অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

পাষ্টানা দূৰানী

পাষ্টনা দূৰানী (Pashtana Durrani; জন্ম-১৯৯৭) এগৰাকী আফগান নাৰীবাদী, কৰ্মী আৰু শিক্ষাবিদ। তেওঁ LEARN Afghanistan ৰ প্ৰতিষ্ঠাপক। বিশেষকৈ ছোৱালীৰ শিক্ষা আৰু মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি আফগান শিশু আৰু মহিলাসকলক শিক্ষা প্ৰদানৰ বাবে উৎসৰ্গিত ই আছিল দেশৰ প্ৰথমটো ডিজিটেল স্কুল নেটৱৰ্ক।

হালনাগাদ: ১ মাৰ্চ ২০২৫ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

পাষ্টনা দূৰানী (Pashtana Durrani; জন্ম-১৯৯৭) এগৰাকী আফগান নাৰীবাদী, কৰ্মী আৰু শিক্ষাবিদ। তেওঁ LEARN Afghanistan ৰ প্ৰতিষ্ঠাপক। বিশেষকৈ ছোৱালীৰ শিক্ষা আৰু মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি আফগান শিশু আৰু মহিলাসকলক শিক্ষা প্ৰদানৰ বাবে উৎসৰ্গিত ই আছিল দেশৰ প্ৰথমটো ডিজিটেল স্কুল নেটৱৰ্ক।১২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৯৭ চনত পাকিস্তানৰ ছ’ৰখাব শৰণাৰ্থী শিবিৰত জন্মগ্ৰহণ কৰা দুৰ্ৰানীৰ পৰিয়ালে ১৯৯০ চনৰ শেষৰ ফালে গৃহযুদ্ধ আৰু তালিবানৰ উপস্থিতিৰ বাবে আফগানিস্তানৰ পৰা পলায়ন কৰে।২ পাকিস্তানৰ কুৱেটাৰ কাষৰ শৰণাৰ্থী শিৱিত এটাত দূৰাণীৰ জন্ম হৈছিল৷২৩ শৰণাৰ্থী হিচাপে ডাঙৰ-দীঘল হোৱা দুৰাণীৰ পৰিয়ালে শিক্ষাক গভীৰভাৱে মূল্য দিছিল৷ তেওঁলোকে এই মূলমন্ত্ৰ গ্ৰহণ কৰিছিল: “আপুনি ভোকত থাকিব পাৰে, কিন্তু এদিন নিশিকাকৈ এটা দিনো অতিবাহিত কৰিব নোৱাৰে।”৪

২০০১ চনত তেওঁৰ পিতৃ এজন জনজাতীয় নেতাই শৰণাৰ্থী শিবিৰত এখন ছোৱালীৰ বিদ্যালয় স্থাপন কৰে, য’ত তেওঁৰ মাক আৰু খুড়ীয়েকে পঢ়ুৱাইছিল। এই পদক্ষেপে সাংস্কৃতিক আৰু যোগাযোগৰ বাধাৰ মাজতো স্থানীয় ছোৱালীক শিক্ষা প্ৰদান কৰিছিল, যাৰ ফলত দুৰাণীক শিক্ষাৰ প্ৰতি আজীৱন দায়বদ্ধতা জগাই তুলিছিল।৪

২০১৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা সম্পূৰ্ণ কৰাৰ পিছত দুৰাণীয়ে আফগানিস্তানলৈ উভতি আহে।৪ ২১ বছৰ বয়সত পিতৃৰ মৃত্যুৰ পিছত তেওঁ পৰিয়ালৰ নেতৃত্ব গ্ৰহণ কৰে আৰু তেওঁৰ জনগোষ্ঠীয়ে প্ৰদান কৰা খান (শিৰোনাম) হিচাপে নিৰ্বাচিত হয়, যিটো ভূমিকা তেওঁ সৰু ভাতৃৰ বয়স হোৱালৈকে গ্ৰহণ কৰিছিল।৫৬

চমু জীৱনী

২০১৮ চনত দূৰানীয়ে LEARN Afghanistan নামৰ এটা বেচৰকাৰী সংস্থা প্ৰতিষ্ঠা কৰে যিয়ে ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে আফগান শিশু আৰু মহিলাসকলক শিক্ষা প্ৰদান কৰে।২৪ ২০২১ চনত তালিবানে আফগানিস্তান দখল কৰাৰ সময়ত লাৰ্নে সমগ্ৰ দক্ষিণ আফগানিস্তানত ১৮খন ডিজিটেল বিদ্যালয় পৰিচালনা কৰিছিল, য'ত ১০,০০০ তকৈ অধিক ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়া হৈছিল আৰু ৮০ জনতকৈ অধিক শিক্ষকক ডিজিটেল সাক্ষৰতাৰ প্ৰশিক্ষণ দিয়া হৈছিল।৫''৭

সংস্থাটোৱে ছোৱালীৰ স্বাস্থ্যকো অগ্ৰাধিকাৰ দিয়ে, ৭০০ গৰাকী ছোৱালীক ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ব্যৱস্থাপনাৰ প্ৰশিক্ষণ দিয়ে।

২০২১ চনৰ আগষ্ট মাহত কাবুলৰ পতনৰ পিছত দূৰানীয়ে আত্মগোপন কৰে।৪লাৰ্ন আফগানিস্তানে অধিগ্ৰহণৰ এমাহৰ ভিতৰতে গোপনে হৈ থাকিলেও পুনৰ কাৰ্যকলাপ আৰম্ভ কৰে।৪

২০২১ চনত তালিবানৰ পুনৰুত্থানৰ লগে লগে লাৰ্নে পাঁচখন প্ৰদেশত ভূগৰ্ভস্থ বিদ্যালয় চলোবলৈ আৰম্ভ কৰে৷ উল্লেখযোগ্য বিপদৰ সত্ত্বেও দৈনিক শ শ ছোৱালীক শিক্ষা প্ৰদান কৰি থকা হৈছিল।২৮ ২০২৪ চনৰ ভিতৰত এই নেটৱৰ্ক ছটা প্ৰদেশ অন্তৰ্ভুক্ত কৰি সম্প্ৰসাৰিত হয়৷ কান্দাহাৰ, হেলমাণ্ড, দৈকুণ্ডি, সমংগন, হেৰাট, আৰু বামিয়ানত ভূগৰ্ভস্থ বিদ্যালয়সমূহে সামূহিকভাৱে ৬৫০+ ছাত্ৰ-ছাত্ৰীক গোপন অভিযানৰ অধীনত শিক্ষা প্ৰদান কৰে।৯

তালিবানে অধিগ্ৰহণৰ সময়ত দূৰানীয়ে আফগানিস্তানৰ আমেৰিকান বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰি আছিল।১ ২০২১ চনৰ অক্টোবৰ মাহত বাধ্যত পৰি নিৰ্বাসন লোৱাৰ সময়ত তেওঁ আমেৰিকালৈ স্থানান্তৰিত হয়।১০ ২০২১ চনৰ নৱেম্বৰ মাহত তেওঁ ৱেলেছলি কলেজৰ ভিজিটিং ফেলো হয়, য'ত তেওঁ মানৱীয় সাহায্যৰ বিতৰণ কেনেকৈ উন্নত কৰিব পাৰি আৰু আৰ্থিক দুৰ্নীতি কেনেকৈ হ্ৰাস কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।১২০২৩ চনত তেওঁৰ ভূমিকা আন্তৰ্জাতিক স্কোলাৰ ইন ৰেচিডেন্সলৈ পৰিৱৰ্তিত হয়৷ তেওঁ শিক্ষা আৰু মাতৃ স্বাস্থ্যৰ পদক্ষেপৰ জৰিয়তে আফগান মহিলা আৰু ছোৱালীক সহায় কৰাৰ কাম অব্যাহত ৰাখে।২৮

তথ্যসূত্ৰ

  1. ↑ Idaszak, Josh. (Spring 2022). In Exile, but Undaunted. Wellesley Magazine
  2. ↑ Pashtana's Diary. LEARN
  3. ↑ (2023-02-07). My Organization Empowers Girls Through Education — By Running Underground Schools in Afghanistan. Global Citizen
  4. ↑ Kumar, Ruchi. (2023-03-09). The Afghan woman running covert schools under the Taliban's nose. The National
  5. ↑ (2023-06-07). This Afghan Activist Is Fighting for Girls’ Education Despite Living in Exile. Global Citizen
  6. ↑ Sappenfield, Mark. (2024-02-15). She fled the Taliban, but leads efforts to help educate Afghan girls. Christian Science Monitor
  7. ↑ (March 3, 2023). LAST TO EAT, LAST TO LEARN. Kirkus Reviews
  8. ↑ Pashtana Durrani Website
  9. ↑ LEARN Afghan Website
  10. ↑ Abé, Nicola. (2022-03-28). Afghanistan und Bildung: »Es ist unwürdig, dass diese Mädchen weinen müssen, damit die Welt hinsieht«. Der Spiegel

সম্পৰ্কিত শ্ৰেণী

আফগান মহিলা সমাজকৰ্মীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাষ্টানা দূৰানী” প্ৰবন্ধৰ সংশোধন ৪৮৪৫০৮ (১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।