জোহৰা ৰাছেখ কাছানিয়ান ( Zohra Rasekh Kashanian; ৭ ফেব্ৰুৱাৰী ১৯৬৯ – মাৰ্চ ২০২৫) আছিল এগৰাকী আফগান চিকিৎসক, মহিলা অধিকাৰ কৰ্মী আৰু লেখিকা। দ্য তালিবানছ ৱাৰ অন উইমেন: এ হেল্থ এণ্ড হিউমেন ৰাইটছ ক্ৰাইচিছ ইন আফগানিস্তান নামৰ প্ৰতিৱেদনৰ সহ-লেখিকা হিচাপে গ্ল’বেল ৱাচ গ্ৰুপ (জি ডব্লিউ জি), ফিজিচিয়ানছ ফৰ হিউমেন ৰাইটছ আৰু ইউনাইটেড নেচনছ কমিটি অন দ্য এলিমিনেচন অৱ ডিচক্ৰিমিনেচন এগেইনষ্ট উইমেনৰ সদস্য আছিল।
জীৱনী
১৯৬৯ চনৰ ৭ ফেব্ৰুৱাৰীত আফগানিস্তানৰ কাবুলত জন্মগ্ৰহণ কৰিছিল ৰাছেখৰ। ১৬ বছৰ বয়সত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গুচি যায়।১ তেওঁ আমেৰিকাৰ ৱাশ্বিংটন ডি চিৰ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ত জনস্বাস্থ্যৰ বিষয়ে অধ্যয়ন কৰিছিল।২ ২০০৬ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰপৰা মহিলা আৰু নিৰাপত্তাৰ প্ৰমাণ-পত্ৰ লাভ কৰে।
ৰাছেখ বষ্টনস্থিত ফিজিচিয়ানছ ফৰ হিউমেন ৰাইটছ (পিএইচআৰ)ৰ জ্যেষ্ঠ স্বাস্থ্য গৱেষক আছিল।৩৪৫৬ ১৯৯৮ আৰু ১৯৯৯ চনত আফগানিস্তানত আৰু চুবুৰীয়া দেশ পাকিস্তানৰ শৰণাৰ্থী শিবিৰত থকা প্ৰায় ২০০ গৰাকী আফগানী মহিলাৰ সাক্ষাৎকাৰ লোৱাৰ পাছত৫৭ ২ মাহ কটোৱাৰ পিছত৮ ৰাছেখে দ্য তালিবানৰ মহিলাৰ ওপৰত যুদ্ধ: আফগানিস্তানত স্বাস্থ্য আৰু মানৱ অধিকাৰ সংকট নামৰ প্ৰতিৱেদনখনৰ সহ-লেখক।৩৪ গৱেষণা ভ্ৰমণৰ সময়ত তেওঁক "ৰাজহুৱা স্থানত হাতৰ গাঁঠি উন্মুক্ত হোৱাৰ বাবে ধাতুৰ তাঁৰ লৈ এজন যুৱকে খেদি আহিছিল।"৪৯ ৰাছেখে তেওঁৰ কামৰ জৰিয়তে তালিবানৰ শাসনৰ অধীনত বাস কৰা মহিলাসকলৰ বিৰুদ্ধে বৈষম্যমূলক নীতি চিনাক্ত কৰে, যেনে ঘৰৰ বাহিৰত সকলো সময়তে বোৰ্কা পিন্ধিবলৈ দাবী কৰা,আৰু লগতে দাবী কৰে যে ৯৫% মহিলাই মহিলাৰ ওপৰত তালিবানৰ নীতিক তুচ্ছজ্ঞান কৰে।১০ তেওঁ ৰিপ'ৰ্ট কৰিছিল যে পাকিস্তানৰ শিবিৰত বাস কৰা মহিলাসকলৰ হতাশা, স্থানচ্যুতিৰ কষ্ট আৰু আনুষংগিক স্বাস্থ্যজনিত সমস্যাৰ হাৰ অধিক আছিল।১১
২০০২ চনত ৰাছেখে উইমেন ফৰ আফগান উইমেন: শ্বাটাৰিং মিথছ এণ্ড ক্লেইমিং দ্য ফিউচাৰ নামৰ গ্ৰন্থখনত অৰিহণা যোগায়।১২ লৰেইন শ্বেইনবাৰ্গৰ তথ্যচিত্ৰ শ্ৰাউড অৱ চাইলেন্স: জেণ্ডাৰ এপাৰ্টেইড ইন আফগানিস্তানৰ প্ৰথম ৰাজহুৱা প্ৰদৰ্শনতো তেওঁ অংশগ্ৰহণ কৰে।১৩
তালিবানৰ পতনৰ পিছত ২০০৩ চনত আফগানিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে ৰাছেখক আফগানিস্তানত লিংগ পৰিক্ৰমা, স্বাস্থ্য আৰু মানৱ অধিকাৰ বিষয়ৰ এটা কাৰ্যালয়ৰ সঞ্চালক হিচাপে আমন্ত্ৰণ জনায়।১৪১৫ ৰাছেখ অলাভজনক সংস্থা গ্ল'বেল ৱাচ গ্ৰুপ (GWG)ৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়াও আছিল,২১৬ এইড আফগানিস্তান ফৰ এডুকেচনৰ অধ্যক্ষ আছিল,১৭ আৰু ৰাষ্ট্ৰসংঘৰ মহিলাৰ বিৰুদ্ধে বৈষম্য নিৰ্মূলকৰণ সমিতিৰ (CDEAW) উপ-সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।২১৬১৮
২০২৫ চনৰ মাৰ্চ মাহত ৰাছেখৰ মৃত্যু হয়।১৬১৭
তথ্যসূত্ৰ
- ↑ (2001-09-21). America's New War: Life in Kabul. CNN Transcripts
- ↑ Zohra Rasekh. Roya Institute for Global Justice
- ↑ (2000-02-21). War on Women. Wilson Center
- ↑ (1998-08-05). Rasekh, Zohra. Fresh Air Archive: Interviews with Terry Gross
- ↑ (2000). Working Woman. MacDonald Communications Corporation. পৃ. 66
- ↑ Milczarek-Desai, Shefali. (2018-12-14). Hearing Afghan Women's Voices: Feminist Theory's Re-Conceptualization of Women's Human Rights. Arizona Journal of International and Comparative Law
- ↑ Skaine, Rosemarie. (2010-06-28). The Women of Afghanistan Under the Taliban. McFarland. ISBN 978-0-7864-8174-3
- ↑ (1999). Women's International Network News. Women's International Network. পৃ. 52
- ↑ Mansbach, Richard W.; Rhodes, Edward. (2000). Global Politics in a Changing World: A Reader. Houghton Mifflin. পৃ. 419. ISBN 978-0-395-84970-5
- ↑ (1997). Women Lawyers' Journal. Women Lawyers' Club. পৃ. 8
- ↑ Ponzetti, James J. (2003). International Encyclopedia of Marriage and Family. Macmillan Reference USA. পৃ. 47. ISBN 978-0-02-865672-4
- ↑ Mehta, Sunita. (2002-10-04). Women for Afghan Women: Shattering Myths and Claiming the Future. Palgrave Macmillan. ISBN 978-1-4039-6017-7
- ↑ (2002). Ms. Magazine. Ms. Magazine Corporation. পৃ. 70
- ↑ (2003-10-17). Returning Home to Help. The Washington Post
- ↑ Round Table on Afghan Women's Issues. Bureau of Public Affairs
- ↑ Haidari, M. Ashraf. (2025-03-13). Honoring the Legacy of Zohra Rasekh: A Champion of Human Rights and Displaced Women. Displaced International
- ↑ We are deeply saddened to share that our dear Zohra Rasekh Kashanian, former chair of AAFE, has passed on... Aid Afghanistan for Education
- ↑ Farhoumand-Sims, Cheshmak. (2009). CEDAW and Afghanistan. Journal of International Women's Studies. Bridgewater State University. পৃ. 136-156
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোহৰা ৰাছেখ কাছানিয়ান” প্ৰবন্ধৰ সংশোধন ৫৭৯০৯৪ (১৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।