অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জামিলা আফগানী

জামিলা আফগানী (Jamila Afghani) (জন্ম-১৯৭৬ চনত কাবুলত)এগৰাকী নাৰীবাদী আৰু আফগানিস্তানৰ মহিলাৰ অধিকাৰ আৰু শিক্ষা কৰ্মী। তেওঁ নূৰ এডুকেচনেল এণ্ড কেপাচিটি ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালিকা। তেওঁ আফগান মহিলা নেটৱৰ্ক (AWN) নামৰ সংস্থাটোৰ কাৰ্যবাহী সদস্যও।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জামিলা আফগানী (Jamila Afghani) (জন্ম-১৯৭৬ চনত কাবুলত)১এগৰাকী নাৰীবাদী আৰু আফগানিস্তানৰ মহিলাৰ অধিকাৰ আৰু শিক্ষা কৰ্মী। তেওঁ নূৰ এডুকেচনেল এণ্ড কেপাচিটি ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালিকা। তেওঁ আফগান মহিলা নেটৱৰ্ক (AWN) নামৰ সংস্থাটোৰ কাৰ্যবাহী সদস্যও। ২০২২ চনত জামিলা আফগানীক মানৱতাক জাগ্ৰত কৰাৰ বাবে সপ্তম বাৰ্ষিক অৰোৰা বঁটাৰে সন্মানিত কৰা হয়।

শিশু অৱস্থাত আফগানী পলিঅ'ত আক্ৰান্ত হৈছিল আৰু ৰোগৰ জটিলতাৰ বাবে খোজ কাঢ়িবলৈ কৃত্ৰিম সহায়ৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।২ চৈধ্য বছৰ বয়সত ছোভিয়েট যুদ্ধৰ সময়ত তেওঁৰ মূৰত গুলী লাগিছিল।২

আফগানীয়ে ১৯৯০ চনত আফগান গৃহযুদ্ধৰ সময়ত কাবুলৰ পৰা পলায়ন কৰি পেছৱাৰত বসতি স্থাপন কৰে।৩ আফগানীয়ে পেছৱাৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৪ আফগানীৰ প্ৰথম কাম আছিল পাকিস্তানৰ আফগান শৰণাৰ্থী শিবিৰৰ সমাজকৰ্মী হিচাপে।৫ তেওঁ শিবিৰসমূহৰ মহিলাসকলক কোৰআন শিক্ষাৰ জৰিয়তেও সাক্ষৰ হোৱাত সহায় কৰিছিল।৫

আফগানীয়ে কয় যে মহিলাসকলে শিক্ষা লাভৰ ক্ষেত্ৰত অন্যতম ডাঙৰ বাধা হৈছে মহিলা শিক্ষকৰ অভাৱ।৬ ২০০১ চনত আফগানীয়ে মহিলা আৰু শিশুৰ শিক্ষাৰ সুবিধাৰ বাবে NECDO প্ৰতিষ্ঠা কৰে।৪ এনইচিডিঅ'ই সাংকেতিক ভাষাও শিকায়, আৰু সংঘাত সমাধান আৰু লিংগ সমস্যাৰ বিষয়ে শিক্ষা দিয়ে।২ মহিলা আৰু কিশোৰীৰ ওচৰলৈ যোৱাৰ উদ্ভাৱনীমূলক উপায় সৃষ্টিৰ বাবে এনইচিডিঅ' পৰিচিত। উদাহৰণস্বৰূপে, তেওঁলোকে কিশোৰীৰ বাবে এটা পুথিভঁৰাল সৃষ্টি কৰিছিল৷ কিন্তু তেওঁলোকে কিশোৰীক পুথিভঁৰালটোলৈ আনিবলৈ ল'ৰাক নিযুক্তি দিছিল৷ তেওঁলোকে অনা প্ৰতি পাঁচগৰাকী ছোৱালীৰ প্ৰতি ল'ৰাসকলক পুৰস্কাৰ প্ৰদান কৰিছিল।৩ তেওঁৰ সংস্থাই ২২খন প্ৰদেশৰ প্ৰায় ৫০,০০০ মহিলাক সেৱা আগবঢ়ায়।৭

তথ্যসূত্ৰ

  1. ↑ Dubensky, Joyce S. (2007). Peacemakers in action: profiles in religious peacebuilding. Tanenbaum Center for Interreligious Understanding. পৃ. 250. ISBN 978-1-107-15296-0
  2. ↑ Jamila Afghani. N-Peace Awards. N-Peace Network
  3. ↑ Oates, Lauryn. (2005). Catalyst For Change: Jamila Afghani. Herizons. পৃ. 9
  4. ↑ Mills, Margaret; Kitch, Sally. (November 2005). Afghan Women Leaders Speak. Mershon Center for International Security Studies. Ohio State University
  5. ↑ Jamila Afghani. Tanenbaum's Peacemakers in Action
  6. ↑ Kitch, Sally L. (2014). Contested Terrain: Reflections with Afghan Women Leaders. University of Illinois Press. পৃ. 26. ISBN 978-0252038709
  7. ↑ Weingarten, Elizabeth. (3 June 2015). How to Promote Women's Rights, in Afghanistan and Around the World. Foreign Policy

সম্পৰ্কিত শ্ৰেণী

আফগান মহিলা সমাজকৰ্মীসমাজকৰ্মীনাৰীবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জামিলা আফগানী” প্ৰবন্ধৰ সংশোধন ৬৩১৭৯৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।