আফগান মহিলা সমাজকৰ্মী
৪৭ প্ৰবন্ধ
-
মুকাদাছা আহমদজাই
মুকাদাছা আহমদজাই Muqadasa Ahmadzai,(জন্ম-১৯৯২/১৯৯৩) ২০১৮ চনৰ আফগান সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এগৰাকী আফগান সমাজ কৰ্মী, ৰাজনীতিবিদ আৰু কবি। N-Peace বঁটা লাভ কৰা মুকাদাছাই ২০২১ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হৈছিল।
-
মেৰিয়ান অ'গ্ৰেডী
মেৰিয়ান অ'গ্ৰেডী (Marianne O'Grady) এগৰাকী আমেৰিকান শিক্ষয়িত্ৰী আৰু কেয়াৰ ইণ্টাৰনেশ্যনেলৰ আফগানিস্তানৰ উপ-দেশীয় পৰিচালক৷ তেওঁ কৈছিল যে কাবুলৰ পতনত তালিবানে "লাখ লাখ মানুহক অশিক্ষিত কৰিব নোৱাৰে" (২০২১)৷ তেওঁ আশা কৰিছিল যে মহিলাসকলে আন মহিলা আৰু কিশোৰীক শিকাই থাকিব, যদিও তেওঁলোকক "দেৱালৰ আঁৰত"…
-
মেৰী আক্ৰামী
মেৰী আক্ৰামী (Mary Akarami, ১৯৭৫ বা ১৯৭৬ (বয়স ৪৮–৪৯) আফগান মহিলা দক্ষতা বিকাশ কেন্দ্ৰৰ পৰিচালিকা। ২০০১ চনৰ বন সন্মিলনত তেওঁ আফগান নাগৰিক সমাজক প্ৰতিনিধিত্ব কৰিছিল। ২০০৩ চনত আফগান মহিলা দক্ষতা বিকাশ কেন্দ্ৰই আফগানিস্তানৰ কাবুলত প্ৰথম মহিলা আশ্ৰয় শিবিৰ মুকলি কৰে।
-
মৰিয়ম ৰায়েদ
মৰিয়ম ৰায়েদ (Maryam Rayed) হৈছে মানৱ অধিকাৰৰ এগৰাকী আফগান সমৰ্থক৷ আফগানিস্তানৰ মহিলা আৰু যুৱক-যুৱতীসকলৰ সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি শান্তি, স্বাধীনতা আৰু সমতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ পৰিচিত।
-
লালেহ ওচমানী
লালেহ ওচমানী (Laleh Osmany, জন্ম-১৯৯২) আফগানিস্তানৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী৷ তেওঁ আফগানিস্তানত মহিলাৰ নাম ৰাজহুৱাভাৱে ব্যৱহাৰ নকৰা পৰম্পৰাটোৰ বিৰোধিতা কৰি ছ’চিয়েল মিডিয়া অভিযান #WhereIsMyNameৰ আৰম্ভ কৰিছিল। তেওঁৰ কামৰ বাবে ২০২০ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত স্বীকৃতি লাভ কৰে।
-
শুক্ৰিয়া আচিল
শুক্ৰিয়া আচিল (Shukria Asil) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী। ২০০৯ চনত শিক্ষা মন্ত্ৰালয়ে তিনিগৰাকী শিক্ষয়িত্ৰীৰ বিষয়ে নেতিবাচক তথ্য প্ৰকাশ কৰিছিল আৰু তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল৷ কিন্তু শুক্ৰিয়া আচিলে তাৰ বিৰুদ্ধে যুঁজ দি মহিলা শিক্ষককেইগৰাকীৰ বৰ্খাস্তকৰণ প্ৰতিহত কৰিবলৈ সক্ষম হয়।
-
শ্বাফিকা কুৰেইছি
শ্বাফিকা কুৰেইছি (Shafiqa Quraishi) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী।২০১০ চনৰ পৰা তেওঁ এগৰাকী আৰক্ষী কৰ্ণেল আৰু আফগানিস্তানৰ স্বৰাজ মন্ত্ৰালয়ৰ ভিতৰত লিংগ, মানৱ আৰু শিশু অধিকাৰৰ সঞ্চালিকা।
-
শ্বাফিকা হাবিবি
শ্বাফিকা হাবিবি (Shafiqa Habibi) আফগানিস্তানৰ এগৰাকী সাংবাদিক, টেলিভিছন এংকৰ, কৰ্মী, ৰাজনীতিবিদ। মহিলা সাংবাদিকসকলক সহায় কৰাৰ বাবে কৰাৰ বাবে, আৰু ২০০৪ চনত আফগানিস্তানৰ উপ-ৰাষ্ট্ৰপতিৰ বাবে আব্দুল ৰছিদ দস্তুমৰ ৰানিং মেট হিচাপে প্ৰাৰ্থীত্ব লাভ কৰাৰ বাবে তেওঁ পৰিচিত।
-
সূৰয়া পাকজাদ
সূৰয়া পাকজাদ (Suraya Pakzad) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী। ১৯৯৮ চনত তেওঁ ভইচ অৱ ৱমেন সংস্থা প্ৰতিষ্ঠা কৰে৷ সংস্থাটোৱে কিশোৰীসকলক পঢ়া-শুনাৰ দিশে আগুৱাই নিয়ে৷ পাছলৈ তেওঁলোকে মহিলাসকলক আশ্ৰয়, পৰামৰ্শ আৰু চাকৰিৰ প্ৰশিক্ষণ প্ৰদান কৰে। তালিবানৰ বাবেই এই সংগঠনটোৱে ২০০১ চনলৈকে গোপনে কাম কৰিছিল।
-
সোনিতা আলিজেদাহ
সোনিতা আলিজেদাহ (Sonita Alizadeh,জন্ম-১৯৯৬)এগৰাকী আফগান ৰেপাৰ আৰু সমাজকৰ্মী যি বলপূৰ্বক বিবাহৰ বিৰুদ্ধে কণ্ঠস্বৰ প্ৰকাশ কৰি আহিছে। আলিজেদাহে প্ৰথমে দৃষ্টি আকৰ্ষণ কৰিছিল যেতিয়া তেওঁ "ব্ৰাইডছ ফৰ চেল" নামৰ ভিডিঅ'টো মুকলি কৰিছিল, য'ত তেওঁ কন্যাক পৰিয়ালে বিয়াত বিক্ৰী কৰাৰ বিষয়েত ৰেপ সংগীত কৰিছিল।
-
সোৰায়া টাৰ্জি
সোৰায়া টাৰ্জি (Soraya Tarzi) (২৪ নৱেম্বৰ ১৮৯৯ – ২০ এপ্ৰিল ১৯৬৮) আফগানিস্তানৰ ৰাণী আৰু সম্ৰাট আমানুল্লাহ খানৰ পত্নী হিচাপে আছিল। ৰাণী হিচাপে তেওঁ সেই সময়ত বিশ্বৰ অন্যতম প্ৰভাৱশালী মহিলা হৈ পৰিছিল। অমানুল্লাহ খানৰ আধুনিকীকৰণ সংস্কাৰত বিশেষকৈ মহিলাৰ মুক্তিৰ ক্ষেত্ৰত তেওঁ মুখ্য ভূমিকা পালন কৰিছিল।
-
সোৰায়া পাৰ্লিকা
সোৰায়া পাৰ্লিকা (Soraya Parlika, ১৯৪৪-২০১৯) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী আৰু ৰাজনীতিবিদ (পিপলছ ডেম'ক্ৰেটিক পাৰ্টি অৱ আফগানিস্তান) আছিল। ১৯৭৮ চনত আৰু ১৯৭৯–১৯৮১ চনত আফগানিস্তানৰ ডেম’ক্ৰেটিক উইমেনছ অৰ্গেনাইজেচন (DOAW)ৰ অধ্যক্ষ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
-
হালিমা ছাদাম কৰিমী
হালিমা ছাদাফ কৰিমি (Halima Sadaf Karimi) এগৰাকী আফগান ৰাজনীতিবিদ৷ ইয়াৰ লগতে তেওঁ সংসদৰ প্ৰাক্তন সদস্য। হালিমা ছাদাম কৰিমী আফগানিস্তানৰ উত্তৰ জৌজজান প্ৰদেশত জন্মগ্ৰহণ কৰিছিল। ৰাজনীতিৰ ক্ষেত্ৰত সক্ৰিয়তাৰে জড়িত হোৱাৰ আগতে তেওঁ অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল।
-
হোছাই আহমদজাই
হোছাই আহমদজাই (Hosai Ahmadzai) এগৰাকী আফগান সংবাদ পৰিৱেশক। ২০২১ চনত কাবুলৰ পতনৰ পিছত তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰ দিনকেইটাত তেওঁ আফগানিস্তানত থকা মাত্ৰ দুগৰাকী মহিলা বাতৰি পৰিবেশকৰ ভিতৰত অন্যতম আছিল।
-
হোমেইৰা কাদেৰী
১৯৮০ চনত জন্মগ্ৰহণ কৰা হোমেইৰা কাদেৰী (Homeira Qaderi) এগৰাকী আফগান লেখিকা, মহিলা অধিকাৰৰ সমৰ্থক আৰু পাৰ্চী সাহিত্যৰ অধ্যাপিকা৷ তেওঁ বৰ্তমান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ইনষ্টিটিউট অৱ এডভান্সড ৰিচাৰ্চত ৰবাৰ্ট জি জেমছ স্কোলাৰ সভ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।২০১৪ চনত ভাৰতৰ নতুন দিল্লীৰ…
-
ৰংগিনা হামিদি
ৰংগিনা হামিদি (Rangina Hamidi; জন্ম:- ১৯৭৮) এগৰাকী আফগান-আমেৰিকান লেখিকা, শিক্ষাবিদ, সমাজ-কৰ্মী আৰু ৰাজনীতিবিদ। আফগানিস্তানত মহিলাৰ অধিকাৰৰ বক্তা হিচাপে সুপৰিচিত আৰু আফগানিস্তানৰ ছোৱালী আৰু মহিলা সবলীকৰণৰ বাবে বিভিন্ন সামাজিক প্ৰকল্পত তেওঁ জড়িত হৈ আছে।
-
ৱাজমা ফ্ৰ'গ
ৱাজমা ফ্ৰ'গ (Wazhma Frogh) এগৰাকী আফগান মহিলা অধিকাৰ কৰ্মী।