অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

জয়সাগৰ পুখুৰী

জয়সাগৰ পুখুৰী (Joysagar Tank) অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এক ঐতিহাসিক পুখুৰী। জয়সাগৰ পুখুৰীক জয়সাগৰ বৰপুখুৰী বুলিও জনা যায়। জয়সাগৰ পুখুৰীৰ পাৰত জয় দৌল, শিৱ দৌল, দেৱী ঘৰ (দেৱী দৌল বুলিও জনা যায়), ঘনশ্যাম দৌল অৱস্থিত।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৪৬৭ শব্দ · ৩ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

জয়সাগৰ পুখুৰী (Joysagar Tank) অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এক ঐতিহাসিক পুখুৰী। জয়সাগৰ পুখুৰীক জয়সাগৰ বৰপুখুৰী বুলিও জনা যায়।১২ জয়সাগৰ পুখুৰীৰ পাৰত জয় দৌল, শিৱ দৌল, দেৱী ঘৰ (দেৱী দৌল বুলিও জনা যায়), ঘনশ্যাম দৌল অৱস্থিত।৩৪

ইতিহাস

আহোম স্বৰ্গদেউ চুখ্ৰংফাৰ ৰাজত্বকালত এই পুখুৰীটো খন্দোৱা হৈছিল। ১৬৯৭ চনৰ ডিচেম্বৰ মাহত স্বৰ্গদেউ চুখ্ৰংফায়ে ৪৫ দিনৰ অন্তত ৰংপুৰৰ ৰাজধানীত জয়সাগৰ পুখুৰীৰ খনন সম্পূৰ্ণ কৰিছিল। কথিত আছে যে লাই ৰুদ্ৰসিংহ স্বৰ্গদেৱে মাতৃ সতী জয়মতীৰ স্মৃতি ৰক্ষাৰ্থে জেৰেঙা পথাৰত ১৬১৯ শকৰ আঘোণ মাহৰ তিনিদিন যোৱাত জয়সাগৰ পুখুৰী খান্দিবলৈ আৰম্ভ কৰে। ১৬৯৮ চনৰ মাৰ্চ/এপ্ৰিল মাহৰ আশে-পাশে মহাজনসকলৰ এখন সভা অনুষ্ঠিত কৰি ৩ মাহ খনন কৰাৰ পিছত পুখুৰীটো পৱিত্ৰ কৰা হয় আৰু ইয়াৰ নাম জয়সাগৰ ৰখা হয়। এই জয়সাগৰ পুখুৰীৰ পৰা ৰংপুৰৰ তলাতল ঘৰলৈ পানী যোগান ধৰা হৈছিল আৰু ইয়াৰ দৈঘ্য ২ কিলোমিটাৰমান আছিল। ৰাজকীয়ভাৱে খন্দোৱা যিবিলাক পুখুৰী ১০০(এশ)জন বৈদিক পুৰোহিতক আনি ধন-সোণ, দান-দক্ষিণা দি উৎসৰ্গা কৰোৱাইছিল সেই পুখুৰীবিলাকে সাগৰ আখ্যা পাইছিল। যিবিলাক পুখুৰী এশতকৈ কম বৈদিক ব্ৰাহ্মণ আনি উৎসৰ্গা কৰোৱাইছিল সেইবিলাকে পুখুৰী আখ্যা পাইছিল। তাৰ পৰৱৰ্তী বছৰত ৰুদ্ৰ সিংহয়ে বিষ্ণু, শিৱ, দুৰ্গা আৰু সূৰ্য্যৰ বাবে উৎসৰ্গিত জয়সাগৰ পুখুৰীৰ পাৰত মন্দিৰ নিৰ্মাণ কৰে। কিছুমান বুৰঞ্জীত কোৱা হৈছে যে ৰুদ্ৰ সিংহয়ে মাতৃৰ নাম জয়মতী কুঁৱৰীক স্মৰণ কৰি এই সাগৰ সদৃশ পুখুৰীটো নিৰ্মাণ কৰিছিল। কথিত আছে যে ৰুদ্ৰসিংহই তেওঁৰ মাতৃ সতী জয়মতীৰ স্মৃতিত এটা সোণৰ প্ৰতিমা সজাইছিল। পুখুৰীটোৰ পাৰৰ সৈতে মাটিকালি ৩১৮ একৰ আৰু পানীৰে আৱৰা এলেকা ১৫৫ একৰ। ইয়াৰ জলপৃষ্ঠ১৪ ফুট দ'। প্ৰতি বছৰে ইয়ালৈ বিভিন্ন পৰিভ্ৰমী চৰাইৰ আহে। ই এছিয়াৰ আটাইতকৈ ডাঙৰ মানৱসৃষ্ট পুখুৰী।

স্বৰ্গদেউ চুণ্যেউফাৰ দিনত তেওঁ পৰ্বতীয়া গোসাঁইৰ বাবে ইয়াৰ পাৰত থকাৰ ব্যৱস্থা কৰিছিল। স্বৰ্গদেউ চুহিত্পংফাৰ দিনত মোৱামৰীয়া বিদ্ৰোহীসকলে অন্ধ চাৰিং ৰজাৰ পুত্ৰক জয়সাগৰৰ পশ্চিম পাৰত সমাধিস্থ কৰিছিল। ১৮০৬ চনত স্বৰ্গদেউ চুক্লিংফা জয়সাগৰৰ মন্দিৰ পৰিদৰ্শন কৰিছিল।৫

]]

দৌলসমূহ

জয় সাগৰৰ পাৰত অৱস্থিত জয় দৌল শ্ৰীকেশৱৰায় বিষ্ণু প্ৰতি উৎসৰ্গিত।৬ দেৱালত স্বৰ্গীয় গন্ধৰ্ব আৰু অপ্সৰাৰ প্ৰতিচ্ছবি আৰু সেই সময়ৰ সামাজিক জীৱনক প্ৰতিনিধিত্ব কৰা ভাস্কৰ্য যেনে পূৰ্বৰ আহোম স্বৰ্গদেউসকলৰ ক্ৰীড়া আৰু প্ৰিয় খেলা-ধূলা আদিৰে সজাই তোলা হৈছে। ইয়াত স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ ঘোঁৰাত উঠি থকা এটা মূৰ্তি খোদিত আছে। স্বৰ্গদেউ ৰুদ্ৰ সিংহই ১৬৯৯ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা শিৱ দৌল আৰু দেৱী দৌল ক্ৰমে জয়সাগৰ পুখুৰীৰ উত্তৰ আৰু পশ্চিম পাৰত অৱস্থিত। দেৱী দৌল পুখুৰীৰ উত্তৰ-পশ্চিম কোণত অৱস্থিত। জয়দৌলৰ দক্ষিণ পাৰত অৱস্থিত পঁকী ঘৰটো ভোগ ঘৰ। এই মন্দিৰসমূহৰ উপৰিও জয়সাগৰ পুখুৰীৰ দক্ষিণ-পশ্চিম পাৰত ইটাৰ দ্বাৰা নিৰ্মিত এটা সৰু মন্দিৰ আছে। সাধাৰণতে ঘনশ্যাম দৌল বা নাতি-গোঁসাই মন্দিৰ বুলি জনা যায়। এই দৌল সমূহ ইটা আৰু শিলৰ দ্বাৰা নিৰ্মিত।৭

পৰ্যটন

জয়সাগৰ পুখুৰী আৰু পাৰত অৱস্থিত শিৱসাগৰ মহাবিদ্যালয়
জয়সাগৰ পুখুৰী আৰু পাৰত অৱস্থিত শিৱসাগৰ মহাবিদ্যালয়ছবি: Hiranmoy Boruah · CC BY-SA 3.0

জয়সাগৰ পুখুৰীৰ উত্তৰ পাৰত অৱস্থিত দৌলসমূহত প্ৰতিদিনে বিভিন্ন প্ৰান্তৰ লোকে পূজা-অৰ্চনাৰ বাবে আহে। জয়সাগৰ শিৱসাগৰৰ অন্যতম বিখ্যাত পৰ্যটনস্থলী আৰু ইয়ালৈ দেশ-বিদেশৰ বৃহৎ সংখ্যক পৰ্যটকে ভ্ৰমণ কৰে।৮৯ শীতকালত জয়সাগৰ পুখুৰী শ শ পৰিভ্ৰমী চৰাইৰ বাসস্থান হৈ পৰে। এই সময়ছোৱাত চৰাই নিৰীক্ষণৰ বাবে বহুতো পক্ষীপ্ৰেমী ইয়ালৈ আহে।১

অৱস্থান

জয়সাগৰ পুখুৰী শিৱসাগৰ চহৰৰ পৰা প্ৰায় ৪ কিঃমিঃ নিলগত অৱস্থিত। ইয়াৰ নিকটৱৰ্তী ৰে'ল ষ্টেচন হৈছে শিৱসাগৰ টাউন ৰে'ল ষ্টেচন। ই যোৰহাট বিমানবন্দৰৰ পৰা প্ৰায় ৬০ কিঃমিঃ দূৰত্বত অৱস্থিত। শিৱসাগৰ চহৰৰ পৰা জয়সাগৰলৈ যাতায়াতৰ সু-ব্যৱস্থা আছে।

তথ্যসূত্ৰ

  1. ↑ Shiva Dol Sivasagar Assam - Popular Holy Tourist Destination in Assam. www.tourmyindia.com
  2. ↑ Rohith B. R. (Apr 28, 2016). Asia's second largest tank could dry up soon · Bengaluru News - Times of India. The Times of India
  3. ↑ Joysagar Sivasagar. Tour my India
  4. ↑ Joysagar tank and temple, Sibsagar. Native Planet
  5. ↑ Nityananda Gogoi, Geography of Medieval Assam. পৃ. 180
  6. ↑ Sibsagar. পৃ. 48
  7. ↑ Assam. Vikaspedia
  8. ↑ Outlook Traveller –Articles and Guide Books
  9. ↑ Elvis Ali Hazarika first Assamese to cross Catalina Channel

সম্পৰ্কিত শ্ৰেণী

অসমৰ পৰ্যটনস্থলীশিৱসাগৰ জিলাৰ পৰ্যটনস্থলীশিৱসাগৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়সাগৰ পুখুৰী” প্ৰবন্ধৰ সংশোধন ৬৩৭১৪৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।