অসমৰ পৰ্যটনস্থলী
৬৮ প্ৰবন্ধ
-
দৈজিং উৎসৱ
দৈজিং উৎসৱ (Dwijing Festival) বা আই নদী উৎসৱ হৈছে চিৰাং জিলাৰ আই নদীৰ পাৰত হাগ্ৰামা দলঙৰ কাষত অনুষ্ঠিত এক বাৰ্ষিক নদী উৎসৱ। উৎসৱটো প্ৰতিবছৰে ১২ দিন ধৰি (২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈকে) উদ্যাপন কৰা হয়।
-
নাককাটি পাহাৰ
নাককাটি পাহাৰ অসমৰ বঙাইগাঁও জিলাত অৱস্থিত এখন পৰ্যটনীয় পৰ্বত অঞ্চল। ই প্ৰাকৃতিক সৌন্দৰ্য, উচ্চ শৃংগ আৰু ট্ৰেকিঙৰ বাবে জনপ্ৰিয় স্থান হিচাপে পৰিগণিত হৈছে। এই পাহাৰৰ বিৰল আকৃতি — যাৰ এক পাৰ্শ্ব যেন “কটা নাক”ৰ দৰে দেখা যায়, যাক ইয়াৰ নামৰ উৎস বুলি ধৰা হয়।
-
পানীমূৰ
পানীমূৰ (Panimur) অসমৰ ডিমা হাছাও জিলাত অৱস্থিত এটি দৰ্শনীয় স্থান। ঠাইখন পানীমূৰ জলপ্ৰপাতৰ বাবে বিখ্যাত, যাক উত্তৰ-পূবৰ নায়াগ্ৰা (Niagara of Northeast) বুলিও কোৱা হয়। জলপ্ৰপাতটো কপিলী নদীৰ দ্বাৰা গঠিত হয়। নদীখন শিলাময় ভূখণ্ডৰ ওপৰেৰে বৈ যোৱাৰ ফলত এটা বহল জলপ্ৰপাতৰ সৃষ্টি হয়।
-
বিজ্ঞান নগৰী, গুৱাহাটী
বিজ্ঞান নগৰী, গুৱাহাটী অসমৰ গুৱাহাটীৰ উপকণ্ঠ অঞ্চল টেপেচিয়া, সোণাপুৰত অৱস্থিত এটা বৃহৎ বিজ্ঞান শিক্ষা আৰু প্ৰদৰ্শনী কেন্দ্ৰ। ২০২৬ চনৰ ১০ মাৰ্চত উদ্বোধন কৰা এই কেন্দ্ৰটো উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ বিজ্ঞান কেন্দ্ৰ হিচাপে পৰিগণিত হয়।
-
বুঢ়া-বুঢ়ী থান
বুুুঢ়া-বুঢ়ী থান (Bura-Buri Than) হৈছে অবিভক্ত গোৱালপাৰা জিলাৰ এক এক ধৰ্মীয় পৰ্যটনস্থলী। এই থান ব্ৰহ্মপুত্ৰৰ দাঁতিতে অৱস্থিত।
-
শিকদামাখা
শিকদামাখা অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ উমছৱাই উপত্যকাত অৱস্থিত এখন পাহাৰীয়া গাঁও। গাঁওখন আমৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত আৰু বৈঠালাংছ' বিধানসভা সমষ্টিৰ সৈতে জড়িত। শিকদামাখা ইয়াৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, প্ৰাকৃতিক সৌন্দৰ্য আৰু তিৱা সাংস্কৃতিক পৰম্পৰাৰ বাবে পৰিচিত।
-
শৰাইঘাট ৰণ স্মৃতি উদ্যান
শৰাইঘাট ৰণ স্মৃতি উদ্যান উত্তৰ গুৱাহাটীৰ আগিয়াঠুৰিত আছে। উদ্যানখন ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে লাগি আছে। এই উদ্যানখন গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই সজোৱা। এই উদ্যানখন শৰাইঘাট ৰণৰ স্মৃতিত সজোৱা যিখন ৰণ আহোম আৰু মোগলৰ মাজত ১৬৭১ চনত হৈছিল। উদ্যানখনৰ ভিতৰত চাৰিজন যুঁজাঁৰুৰ ব্ৰঞ্জৰ মূৰ্তি আছে।
-
সৰলপাৰা
সৰলপাৰা এফ.ভি (Saralpara) অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এখন গাঁও। এই গাঁওখন কোকৰাঝাৰ চহৰৰ পৰা ৫৬ কিলোমিটাৰ (৩৫ মাইল) দূৰৈত, ভাৰত-ভূটান সীমান্তৰ ওচৰত অৱস্থিত। সৰলপাৰা ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবে পৰিচিত।