অসম পৰ্যটন উন্নয়ন নিগম (Assam Tourism Development Corporation) বা এটিডিচি অসম চৰকাৰৰ এক ৰাজ্যিক মালিকানাধীন নিগম। ই পৰ্যটন সঞ্চালকালয়ৰ সৈতে অসম পৰ্যটন বিভাগৰ অংশ হিচাপে পৰ্যটন সেৱা আৰু উন্নয়নৰ সৈতে সম্পৰ্কিত। ১৯৮৮ চনৰ ৯ জুনত অসমৰ ৰাজ্য চৰকাৰে নিগম স্থাপন কৰিছিল।১২ এটিডিচিৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ পল্টন বজাৰত অৱস্থিত আৰু সমগ্ৰ অসমত ইয়াৰ জিলা কাৰ্যালয় আছে। ইয়াৰ আনুষ্ঠানিক শ্লোগান হৈছে "Awesome Assam" (অসাধাৰণ অসম)।৩
ইতিহাস
১৯৫৮ চনত অসম চৰকাৰৰ পৰ্যটন বিভাগ স্থাপন কৰা হৈছিল। ১৯৬২ চনত কাজিৰঙাত এটা তথ্য কাৰ্যালয় খোলা হয় আৰু ১৯৬৫ চনত শিৱসাগৰত এটা তথ্য কাৰ্যালয় খোলা হয়।৪
১৯৮৭ চনত সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত অসমৰ প্ৰথম পৰ্যটন নীতি গ্ৰহণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ২৪ লাখ টকা মূলধনেৰে এটিডিচি গঠন কৰা হৈছিল। একে বছৰতে ৰাজ্য চৰকাৰে পৰ্যটনক উদ্যোগ হিচাপে ঘোষণা কৰিছিল।৪
৭০-ৰ দশকৰ মাজভাগত অসম পৰ্যটনে কাজিৰঙা আৰু অন্যান্য স্থানত অৰণ্য, বননি, বনশ্ৰী, এমভি আৰু জলপৰী ইত্যাদিৰ মালিকীস্বত্ব লাভ কৰিছিল। অসম পৰ্যটন উন্নয়ন নিগম গঠন হোৱাৰ পিছত অসম পৰ্যটনৰ কিছু সংখ্যক সম্পত্তি পৰিচালনা কৰিবলৈ এটিডিচিক হস্তান্তৰ কৰা হৈছিল। আৰম্ভণিৰে পৰা, এটিডিচিয়ে "প্ৰশান্তি" ব্ৰেণ্ড নামৰ সৈতে বহুতো পৰ্যটক ল'জ, যাত্ৰীনিবাস, পাৰ্ক আৰু ৱেচাইড পৰিচালনা কৰিছিল। ২০০৯ চনত গুৱাহাটীত এটা "পৰ্যটক আগমন তথা অভ্যৰ্থনা কেন্দ্ৰ" মুকলি কৰা হৈছিল। এই কেন্দ্ৰক বৰ্তমান "অসম পৰ্যটন ভৱন" বুলি জনা যায়। ২০১২ চনত এটিডিচিয়ে এক যুটীয়া উদ্যোগত এমভি মহাবাহু নামৰ বিলাসী ক্ৰুজসেৱা আৰম্ভ কৰিছিল।৫
পৰিচালনা
অসম পৰ্যটনে অসমৰ বিভিন্ন ঠাইত ৫০তাতকৈ অধিক ল'জ, ৱেচাইড সুবিধা, ৰেষ্টুৰেণ্ট, পাৰ্ক, ৰ'পৱে, বিনোদন পাৰ্ক আদি পৰিচালনা কৰে। ইয়াৰ ভিতৰত পৰ্যটন সঞ্চালকালয়ে আঠটা ল'জ চলায় আৰু অসম পৰ্যটন উন্নয়ন নিগমে পোনপটীয়াকৈ সাতটা লজ পৰিচালনা কৰে। বাকী সম্পত্তিবোৰ ব্যক্তিগত পক্ষক লীজত দিয়া হয়।৬

নিগমৰ গোলাঘাট আৰু নগাঁও জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰ সম্পত্তিবোৰৰ ভিতৰত আছে:
- অৰণ্য টুৰিষ্ট লজ
- কাজিৰঙা টুৰিষ্ট লজ (পৰ্যটন বিভাগৰ অধীনত বননি, বনশ্ৰী, কুঞ্জবন)
- জুপুৰীঘৰ কেম্পিং চাইট
- জোনাকী কাৰেং (অভ্যৰ্থনা কেন্দ্ৰ)
- প্ৰশান্তি কটেজ
- ৰাইনোৰিকা (ৱেচাইড)
- জিএল ৰিজৰ্ট, জখলাবন্ধা (ৱেচাইড এমেনিটি)
- তৃপ্তিৰে এসাঁজ, আমনি (ৱেচাইড এমেনিটি)
- টেনজ ৱাটাৰ স্পৰ্টছ (কলীয়াভোমোৰা ৰিক্ৰিয়েচনেল পাৰ্ক)
- ডাউন টাউন ৰিজৰ্ট
- চামগুৰি বিল পৰ্যটন প্ৰকল্প
প্ৰশান্তি লজ আৰু অন্যান্য স্থানৰ পৰ্যটন কমপ্লেক্সবোৰৰ ভিতৰত উল্লেখযোগ্যসমূহ:
- বৰপেটা
- বৰপেটা ৰোড
- ভালুকপুং
- ডিগবৈ
- গোলাঘাট
- গড়মূৰ, মাজুলী
- গুৱাহাটী
- কামাখ্যা
- নলবাৰী
- পবিতৰা
- শিলচৰ
- শিৱসাগৰ (পৰ্যটন বিভাগ)
- তেজপুৰ
- তিনিচুকীয়া
সমগ্ৰ অসমৰ ১৫ খনতকৈও অধিক উদ্যান আৰু ৰেষ্টুৰেণ্ট নিগমৰৰ অধীনত লীজত চলে। ৰেড ৰিভাৰ ট্যুৰচ এণ্ড ট্ৰেভেলছ হৈছে ইয়াৰ ভ্ৰমণ শাখা। এই শাখাযে কাজিৰঙা ভ্ৰমণ, চহৰ ভ্ৰমণ আৰু তীৰ্থভ্ৰমণৰ দৰে অনুকূলিত আৰু পৰিচালিত ভ্ৰমণ পৰিচালনা কৰে।৭
বাহ্যিক সংযোগ
- ৱিকিপৰ্যটনত অসম
- অসম পৰ্যটনৰ চৰকাৰী ৱেবছাইট
- অসম পৰ্যটন উন্নয়ন নিগম লিমিটেড
তথ্যসূত্ৰ
- ↑ About ATDC. Assam Tourism
- ↑ As per notified in Tourism Policy 1987
- ↑ Assam to aggressively promote brand entity "Awesome Assam". The Economic Times
- ↑ Kangki Megu. (2007). Development Issues in North-East Region. Mittal Publications. পৃ. (23) 235. ISBN 81-8324-198-0
- ↑ MV MAHABAAHU. Reader Offers Ltd
- ↑ ATDC Property. ATDC
- ↑ Red River – A unit of Assam Tourism Development Corporation. ATDC
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম পৰ্যটন উন্নয়ন নিগম” প্ৰবন্ধৰ সংশোধন ৪১৬৮৬৩ (৪ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।