গুৱাহাটী তাৰকাগৃহ অসমৰ গুৱাহাটীত অৱস্থিত জ্যোতিৰ্বিজ্ঞানৰ শিক্ষা আৰু গৱেষণা কেন্দ্ৰ। ই অসম আৰু সমগ্ৰ উত্তৰ ভাৰতৰে জ্যোতিৰ্বিজ্ঞান সংক্ৰান্তীয় এক বিশেষ কেন্দ্ৰ। ১৯৯৪ চনৰ ১৭ আগষ্টত গুৱাহাটী তাৰকাগৃহ স্থাপন কৰা হৈছিল।১ সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ভিতৰত গুৱাহাটী তাৰকাগৃহই প্ৰথম বিশেষ হাইব্ৰীড তাৰকাগৃহ প্ৰজেকশ্বন ব্যৱস্থা লাভ কৰিছিল। গোটেই ভৰতত প্ৰথমে এই প্ৰযুক্তি নতুন দিল্লীৰ নেহৰু তাৰকাগৃহত ব্যৱহাৰ হৈছিল আৰু গুৱাহাটী তাৰকাগৃহত দ্বিতীয়বাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
গুৱাহাটী তাৰকাগৃহ অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ে পৰিচালনা কৰে।
অৱস্থান
গুৱাহাটী তাৰকাগৃহ গুৱাহাটী চহৰৰ মাজ-মজিয়াৰ মহাত্মা গান্ধী পথত অৱস্থিত। ই ঐতিহাসিক দীঘলীপুখুৰীৰ পাৰত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিচেই কাষত অৱস্থিত।
বিশেষত্ব
গুৱাহাটী তাৰকাগৃহ ইয়াৰ স্থাপত্য আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে জনা যায়। ইয়াৰ বিশেষ গম্বুজ আৰু হেলনীয়া দেৱালে দিগন্ত বা দিকবলয়ৰ ক্ষেত্ৰ পৃথক কৰিছে। তাৰকাগৃহটোত জাপানীজ ছফ্টৱেৰ গ’ট’য়ে যোগান ধৰিছে।দৈনন্দিন প্ৰদৰ্শনীৰ বাদেও তাৰকাগৃহই নিয়মিতভাৱে সন্মিলন, কৰ্মশালা আৰু জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় বিভিন্ন আলোচনাচক্ৰ আৰু প্ৰদৰ্শনী, কুইজ আদি অনুষ্ঠিত কৰা হয়। ইয়াৰ লগতে ই বিভিন্ন মহাজাগতিক পৰিঘটনা যেনে সূৰ্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ আদিৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ আৰু স্থানীয় জনসাধাৰণৰ বাবে আকাশ নিৰীক্ষণ সম্পৰ্কীয় কাৰ্যসূচী অনুষ্ঠিত কৰে। তাৰকাগৃহৰ ভিতৰত এটা পুথিভঁৰালো আছে। বিশেষজ্ঞৰ দ্বাৰা নিয়মিত মহাকাশ নিৰীক্ষণ অনুষ্ঠানৰ উপৰিও, গম্বুজ আকৃতিৰ, মূৰৰ ওপৰৰ পৰ্দাত প্ৰদৰ্শন কৰা বিশেষ প্ৰদৰ্শনী অনুষ্ঠান, তাৰকাগৃহটোৰ মুখ্য আকৰ্ষণ। এই প্ৰদৰ্শনীসমূহ অসমীয়া, হিন্দী আৰু ইংৰাজীত উপলব্ধ।২
মডেল আৰু সঁজুলি
গুৱাহাটী তাৰকাগৃহত বিভিন্ন আকাৰৰ দূৰবীক্ষণ যন্ত্ৰ আছে। ইয়াৰ লগতে ইয়াত পলাৰ ছেটেলাইট লঞ্চ ভেহিকেল, ইণ্ডিয়ান ৰিমোট চেন্সছিং উপগ্ৰহ আৰু গুৱাহাটী তাৰকাগৃহৰ মডেল আছে।
প্ৰদৰ্শনীৰ সময়
তাৰকাগৃহৰ প্ৰতিটো প্ৰদৰ্শনীতে আসনৰ সংখ্যা ১৪১ খন। দিনৰ ১১ বজাত, ১.৩০ বজাত আৰু বিয়লি ৩ বজাত অসমীয়াত আৰু ১২ বজাত আৰু বিয়লি ৪ বজাত ইংৰাজী ভাষাত প্ৰদৰ্শনী প্ৰদৰ্শন কৰা হয়। প্ৰতি মাহৰ ১ তাৰিখ আৰু ১৫ তাৰিখে তাৰকাগৃহ বন্ধ ৰখা হয় আৰু ইয়াৰ প্ৰতিটো প্ৰদৰ্শনীৰ টিকটৰ মূল্য ৩০ টকা।
অসমৰ অন্যান্য তাৰকাগৃহ সমূহ
যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহ অসমৰ দ্বিতীয় তাৰকাগৃহ। ২০১৩ চনৰ ৬ জুলাই তাৰিখে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহটো উদ্বোধন কৰে।৩ তদুপৰি কোকৰাঝাৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰ, নলবাৰী আৰু উত্তৰ লক্ষিমপুৰ উপ-আঞ্চলিক তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰ আৰু মাজুলী, কলিয়াবৰ, আমিনগাঁও, বঙাইগাঁও, ডিফু আৰু শিলচৰত ছটা নতুন তাৰকাগৃহ নিৰ্মাণৰ ইতিমধ্যে পৰিকল্পনা কৰা হৈছে।৪
তথ্যসূত্ৰ
- ↑ Articles.timesofindia.indiatimes.com. (2011-06-04). Guwahati Planetarium has unique hybrid projection system - Times Of India. Times of Assam
- ↑ Facilities and Infrastructures Available. planetariumguwahati.assam.gov.in
- ↑ TI Trade. The Assam Tribune Online. Assamtribune.com
- ↑ New Planetariums. snt.assam.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৱাহাটী তাৰকাগৃহ” প্ৰবন্ধৰ সংশোধন ৫১০৮৪২ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।