অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

দীপৰ বিল

দীপৰ বিল (Dipor Bil) হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। ই ১৯৫০ চনৰ এক ভূমিকম্পত সম্পূৰ্ণ পাহাৰ তল গৈ সৃষ্টি হৈছিল। ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলক অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ বুলি ঘোষণা কৰা হয়।

হালনাগাদ: ১৯ মে’ ২০২৬ ৪০২ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

দীপৰ বিল (Dipor Bil) হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। ই ১৯৫০ চনৰ এক ভূমিকম্পত সম্পূৰ্ণ পাহাৰ তল গৈ সৃষ্টি হৈছিল। ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলক অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ বুলি ঘোষণা কৰা হয়।১ ইয়াৰ উপৰিও, বাৰ্ড লাইফ ইণ্টাৰনেচনেল (Bird Life International)-এ দীপৰ বিলক অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা (Important Bired Area) বুলি চিহ্নিত কৰিছে।

ইতিহাস

ইতিহাসে দাবী কৰা মতে, দীপৰ বিল পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল আৰু মেঘালয় ৰাজ্যৰ শাসনকৰ্তা (ৰায়ব্ৰাই চিয়েম) ইয়াত শাসন কৰিছিল বুলি জনা যায়। আহোম আৰু মোগলৰ দিনত দীপৰ বিলখনত জাহাজ মেৰামতি আৰু বয়-বস্তু উঠা-নমা কৰা ঠাই হিচাপে ব্যৱহৃত হৈছিল। ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলক উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰামচৰ অঞ্চল বুলি ঘোষণা কৰা হয়।

অৱস্থিতি আৰু পৰিবহণ

দীপৰ বিলৰ দ্ৰাঘিমাংশ হৈছে ২৬.৬ মিনিট ৮ ছেকেণ্ড আৰু অক্ষাংশ হৈছে ১১.৩১ মিনিট ২ ছেকেণ্ড। ই সমুদ্ৰ পৃষ্ঠৰ পৰা ৫৪ মিটাৰ ওপৰত অৱস্থিত। ই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ (দক্ষিণ পশ্চিম গুৱাহাটী) পৰা প্ৰায় ১৩ কিঃমিঃ দূৰত অৱস্থিত। জালুকবাৰী-খানাপাৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্ৰ-পূব দিশত আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা উত্তৰ দিশত ই অৱস্থিত। ই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা প্ৰায় ৫ কিঃমিঃ দূৰত অৱস্থিত। ইয়াৰ কাষদি উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ অন্তৰ্গত ব্ৰডগজ ৰেল আলিটো পাৰ হৈ গৈছে।১

পৰিসীমা

দীপৰ বিলৰ চাৰিসীমা হৈছে: পূব: বশিষ্ঠ বাহিনী নদী আৰু ভৰলু নদী উত্তৰ: অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু জালুকবাৰী পশ্চিম: কালমনি নদী আৰু আজাৰা দক্ষিণ: খাচী জয়ন্তীয়া পাহাৰ আৰু চেৰাপুঞ্জী (প্ৰায় ৩৫ কিঃমিঃ দূৰত্বত অৱস্থিত)১

ভূতত্ত্ব

দীপৰ বিলৰ জলাহভূমি ৪.১৪ বৰ্গ কিঃমিঃ এলেকা বিস্তৃত। ইয়াৰ গভীৰতা প্ৰায় ৬ মিটাৰ আৰু খৰালি ইয়াৰ গভীৰতা ১.৫ মিটাৰলৈ হ্ৰাস পায়।

দীপৰ বিল জৈৱিক আৰু প্ৰাকৃতিক দুয়ো ফালৰ পৰা অতি গুৰুত্বপূৰ্ণ। কাৰণ, ই হ’ল প্ৰাকৃতিকভাৱে পানী সংৰক্ষিত এলেকা। তদুপৰি জৈৱিক জীৱ, প্ৰব্ৰজনকাৰী চৰাইৰ লগতে কিছুমান প্ৰজাতিৰ চৰাই দীপৰ বিললৈ অহা দেখা যায়। বাৰ্ড লাইফ ইণ্টাৰনেচনেল (Bird Life International)-এ দীপৰ বিলক অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা বুলি চিহ্নিত কৰিছে।১

জলবিজ্ঞান

বশিষ্ঠ নদী, কালমনি নদী আৰু বৰষুণৰ পানীয়েই দীপৰ বিলৰ পানীৰ প্ৰধান উৎস। খনাজান বাহিনীয়ে দীপৰ বিলক ব্ৰহ্মপুত্ৰ নদীৰ লগত সংযোগ কৰাইছে। জলবায়ুৰ উষ্ণতা ১০.৬ ডিগ্ৰী ছেলছিয়াছৰ পৰা ৩২ ডিগ্ৰী ছেলছিয়াছৰ ভিতৰত থাকে। শীত কালত দীপৰ বিলৰ পৰিসৰ কমি যোৱাৰ ফলত স্থানীয় বাসিন্দা সকলে বিলৰ পলসুৱা মাটিত খেতি কৰে।১

উদ্ভিদ আৰু জীৱ জন্তু

দীপৰ বিলত জলীয় গছ-গছনি যেনে: পানীমেটেকা, জলীয় ঘাঁহ, পদুম, পানীত ওপঙি থকা ঘাঁহ আদি গ্ৰীষ্ম কালত দেখা যায়। শুকান ঠাইবিলাকত সাধাৰণতে শীতকালি জলীয় আৰু অৰ্ধজলীয় গছ-গছনি দেখা যায়।১

পক্ষী অভয়াৰণ্য

দীপৰ বিলক চৰকাৰে পক্ষী অভয়াৰণ্য ঘোষণা কৰাৰ পাছত তাত গুলীচালনা আৰু চৰাই ধৰাটো আইন অনুসৰি নিষিদ্ধ। অভয়াৰণ্যখনত চৰাই নিৰীক্ষণ আৰু নিৰাপত্তাৰ উদ্দেশ্যে বিলৰ পাৰত এটা ৱাটচ টাৱাৰ স্থাপন কৰা হৈছে৷

তথ্যসূত্ৰ

  1. ↑ ৰনৌজ কুমাৰ গগৈ, মনৌৰঞ্জন মজুমদাৰ. (২০১২). জলাহভূমি দীপৰ বিল. দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা. পৃ. পৃষ্ঠা: ৮, ৯

সম্পৰ্কিত শ্ৰেণী

গুৱাহাটীঅসমৰ পৰ্যটনস্থলীহ্ৰদবিলঅসমৰ জলাশয়অসমৰ সংৰক্ষিত অঞ্চল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপৰ বিল” প্ৰবন্ধৰ সংশোধন ৬০৭২৭৮ (১৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।