পাথৰিঘাট (পূৰ্বতে পথৰুঘাট), অসমৰ দৰং জিলাৰ অন্তৰ্গত এখন ৰাজহ চক্ৰ। এই ঠাই মঙ্গলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত। ১৮৯৪ চনত হোৱা ওতিহাসিক কৃষক বিদ্ৰোহ "পথৰুঘাটৰ ৰণ"ৰ বাবে এই ঠাই বিখ্যাত। ১৮৯৪ চনৰ ২৮ জানুৱাৰীত বৰ্ধিত কৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰায় ১৪০ জন কৃষক পুলিচৰ নিৰ্বিচাৰ গুলীত নিহত হৈছিল। বহু লোক আহতও হৈছিল। সেইবাবে পাথৰিঘাটক অসমৰ জালিয়নৱালাবাগ বুলি আখ্যা দিয়া হয়।১২ ২০০০ চনৰ পৰা প্ৰতিবছৰে ২৯ জানুৱাৰীত সেনাবাহিনীয়ে এই স্থানত সন্মান প্ৰদৰ্শন কৰি আহিছে আৰু ১৪০ জন মৃতকৰ স্মৃতিত শ্বহীদ স্তম্ভ স্থাপন কৰিছে।
তথ্যসূত্ৰ
- ↑ (January 29, 2012). Patharughat to pay tribute to martyrs of freedom struggle. Times of India
- ↑ Barua, Deepali. (1994). Urban History of India: (a Case Study). Mittal Publications. পৃ. 149. ISBN 8170995388
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাথৰিঘাট” প্ৰবন্ধৰ সংশোধন ৩৮১৭১৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।