অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

শুৱালকুছি

শুৱালকুছি (Sualkuchi) অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত এখন লোকপিয়ল নগৰ। ই গুৱাহাটীৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত। শুৱালকুছিত অসংখ্য হাতেবোৱা কাপোৰৰ উদ্যোগ থকা বাবে ইয়াক "অসমৰ মানচেষ্টাৰ" (Manchester of Assam) বুলি কোৱা হয়।

হালনাগাদ: ১ আগষ্ট ২০২৬ ৩২০ শব্দ · ২ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

শুৱালকুছি (Sualkuchi) অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত এখন লোকপিয়ল নগৰ। ই গুৱাহাটীৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদ নদীৰ উত্তৰপাৰে অৱস্থিত। শুৱালকুছিত অসংখ্য হাতেবোৱা কাপোৰৰ উদ্যোগ থকা বাবে ইয়াক "অসমৰ মানচেষ্টাৰ" (Manchester of Assam) বুলি কোৱা হয়।১ কামৰূপ জিলাৰ এই খণ্ডটোৰ মাটিকালি প্ৰায় ৯০ বৰ্গকিলোমিটাৰ।

ইতিহাস:

প্ৰাক্-আহোম যুগৰ পৰাই বিখ্যাত শুৱালকুছিৰ ইতিহাস সম্পৰ্কে আহোম বুৰঞ্জীত কিছু ঐতিহাসিক তথ্য পোৱা যায়। চাওফা ছ্যুচেংফা (১৬০৩-১৬৪১) ওৰফে প্ৰতাপ সিংহৰ দিনত বৰবৰুৱা বিষয়বাব খোৱা মোমাই তামুলী বৰবৰুৱাই যিসমূহ উল্লেখযোগ্য কাম কৰিছিল তাৰ ভিতৰত শুৱালকুছিত তাঁতী কিছুমানক স্থাপন কৰা কাৰ্য্য উল্লেখযোগ্য। হৰকান্ত বৰুৱা সদৰামিনৰ আসাম বুৰঞ্জীত এই সম্পৰ্কে উল্লেখ আছে যে, "ও কামৰূপতো দক্ষিণপাৰৰ পৰা আৰু আন ঠাইৰো তাঁতীসকলক নি শুৱালকুছিত পাতিলে।"২ এই সম্পৰ্কে ৰক্তিম ৰঞ্জন শইকীয়াই তেওঁৰ প্ৰাক্-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস নামৰ গ্ৰন্থখনত লিখিছে যে, "ইয়াৰ পৰা নামনি অসমক লৈ মোমাই তামুলীৰ পৃথক অৰ্থনৈতিক পৰিকল্পনা থকাৰ কথা অনুমান কৰিব পাৰি। কিন্তু কিছুদিনৰ পাছত কামৰূপ পুনৰ মোগলে দখল কৰাত বোধ হয় এই জল্পনা-কল্পনাৰ ওৰ পৰিছিল।"৩ মনকৰিবলগীয়া কথা যে, চাওফা ছ্যুপাতফা ওৰফে গদাধৰ সিংহ(১৬৮১-১৬৯৬)ৰ আগলৈকে সময়ে-সময়ে গুৱাহাটী খণ্ড মোগলৰ অধীনলৈ গৈছিল। মোগলৰ অধীনতো এই শুৱালকুছিয়ে বাণিজ্যিক বিকাশৰ সুবিধা পাইছিল। ইয়াৰ পাছতে আহোম ৰজা গদাধৰ সিংহই ইটাখুলি ৰণত মোগলক শেষ বাৰৰ বাবে পৰাস্ত কৰাৰ পাছত পুনৰ আহোমৰ অধীনত শুৱালকুছিয়ে বাণিজ্যিক কেন্দ্ৰ ৰূপে প্ৰসিদ্ধি লাভ কৰে। অষ্টাদশ শতিকাৰ মাজভাগত অসমলৈ অহা Jean Baptiste Chevalier নামৰ ভ্ৰমনকাৰীজনে তেওঁৰ গ্ৰন্থত সেই সময়ত শুৱালকুছিয়ে পাট কাপোৰৰ বাবে প্ৰসিদ্ধি লাভ কৰাৰ কথা উল্লেখ কৰি থৈ গৈছে।৪

ৰেচম কেন্দ্ৰ

শুৱালকুছি অসমৰ প্ৰধান ৰেচম কেন্দ্ৰ। ইয়াত তৈয়াৰ হোৱা মুগা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), এৰী ৰেচম আৰু পাটৰ কাপোৰ বিখ্যাত। এইবোৰ কাপোৰেৰে তৈয়াৰ কৰা মেখেলা চাদৰ আৰু অসমৰ গামোচাৰ অসমৰ বাদেও ভাৰতৰ আন ঠাইতো চাহিদা আছে।১

১১শ শতিকাত পাল ৰাজবংশৰ ৰজা ধৰ্মপালে ২৬টা বোৱনী পৰিয়ালক তাঁতীকুছিৰ পৰা শুৱালকুছিলৈ লৈ আহিছিল। ১৭শ শতিকাত মোগল সাম্ৰাজ্যক পৰাস্ত কৰি শানসকলে শুৱালকুছি দখল কৰাৰ পিছত ইয়াত বয়নশিল্প গঢ় লৈ উঠিবলৈ ধৰে। ১৯৩০ চনমানলৈকে কেৱল তাঁতী জনগোষ্ঠীৰ মাজত সীমাবদ্ধ এই শিল্প লাহে লাহে আনবোৰ জনগোষ্ঠীৰ লোকেও গ্ৰহণ কৰিবলৈ ধৰে।১

ভৌগোলিক তথ্য

শুৱালকুছি স্থানাংকত অৱস্থিত।৫ ঠাইখনৰ গড় উচ্চতা 35 মিটাৰ।

জনগাঁথনি

২০০১ চনৰ ভাৰতৰ লোকপিয়লমতে শুৱালকুছিৰ জনসংখ্যা ১৪,১২৯জন। পুৰুষ আৰু মহিলা দুয়োৰে হাৰ ৫০%। লোকসকলৰ গড় স্বাক্ষৰতাৰ হাৰ ৮২% যিটো ভাৰতৰ ৰাষ্ট্ৰীয় গড় ৫৯.৫%তকৈ বেছি। পুৰুষৰ স্বাক্ষৰতাৰ হাৰ ৮৮% আৰু মহিলাৰ ৭৬%। শুৱালকুছিৰ জনসংখ্যাৰ ৬%ৰ বয়স ছয়বছৰতকৈ কম।

বনাঞ্চল

শুৱালকুছিৰ ওচৰত শুৱালকুছি বনাঞ্চল অৱস্থিত। কেটেলা পহু, সুগৰী পহু, শহা পহু, শিহু, ৰিচাছ বান্দৰ আদিৰ লগতে ইয়াত স্থানীয় আৰু পৰিভ্ৰমী চৰাই পোৱা যায়।৬

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Sualkuchi. Assaminfo.com
  2. ↑ ভূঞা,সূৰ্য্যকুমাৰ(সম্পা.) হৰকান্ত সদৰামিনৰ আসাম বুৰঞ্জী, পৃ.৪০
  3. ↑ শইকীয়া, ৰক্তিম ৰঞ্জনঃ প্ৰাক্-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস, পৃ.৩৪২
  4. ↑ Dutta Baruah, Caroline & Deloche, Jean (Trans.): Adventure of Jean Baptiste Chevalier in Eastern India (1752-1765), p.199
  5. ↑ Falling Rain Genomics, Inc - Sualkuchi
  6. ↑ Incredible India- Sualkuchi. Govt. of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁওকামৰূপ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শুৱালকুছি” প্ৰবন্ধৰ সংশোধন ৬২২৫১৯ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।